নামনি দিবাং উপত্যকা জিলা
নামনি দিবাং উপত্যকা জিলা | |
|---|---|
অৰুণাচল প্ৰদেশত নামনি দিবাং উপত্যকাৰ অৱস্থান | |
| দেশ | |
| ৰাজ্য | অৰুণাচল প্ৰদেশ |
| স্থাপিত | ১৬ ডিচেম্বৰ ২০০১ |
| সদৰ | ৰয়িং |
| মহকুমা | ৰয়িং, হুনিল, দাম্বুক |
| চৰকাৰ | |
| • লোকসভা সমষ্টি | অৰুণাচল পূব |
| • বিধানসভা সমষ্টি | ২টা (দাম্বুক, ৰয়িং) |
| কালি | |
• মুঠ |
৩,৯০০ বৰ্গকিমি (১,৫০০ বৰ্গমাইল) |
| জনসংখ্যা (2011)[1] | |
• মুঠ |
৫৪,০৮০ |
| • ঘনত্ব | ১৪/বৰ্গকিমি (৩৬/বৰ্গমাইল) |
| • নগৰ | 11,389 |
নামনি দিবাং উপত্যকা জিলা (Lower Dibang Valley district, Pron:/dɪˈbæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ভাৰতৰ জিলাসমূহৰ ভিতৰত এই জিলাখন দশম সৰ্বনিম্ন জনবসতিপূৰ্ণ জিলা হিচাপে স্বীকৃত৷[2]
ইতিহাস
[সম্পাদনা কৰক]নামনি দিবাং উপত্যকা জিলাৰ বৰ্তমানৰ ভূখণ্ড বাৰশৰ পৰা ষোল্লশ শতিকা চুতীয়া ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল৷ জিলাখনৰ ৰ'ইঙত অৱস্থিত ভীষ্মকনগৰৰ সৈতে চুতীয়া ৰাজ্যৰ ঐতিহ্য বিজড়িত হৈ আছে। ১৯৮০ চনৰ জুন মাহত লোহিত জিলাৰ একাংশ লৈ দিবাং উপত্যকা জিলা গঠন কৰা হয়৷[3] ২০০১ চনৰ ১৬ ডিচেম্বৰৰ দিনা দিবাং উপত্যকা জিলাক বিভক্ত কৰি উজনি আৰু নামনি দিবাং উপত্যকা জিলা দুখন সৃষ্টি কৰা হয়৷[3]
ভৌগোলিক অৱস্থান
[সম্পাদনা কৰক]প্ৰশাসন
[সম্পাদনা কৰক]এই জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ দুটা সমষ্টি আছে- দাম্বুক (Dambuk) আৰু ৰয়িং৷ দুয়োটা অঞ্চল পূব অৰুণাচল প্ৰদেশ লোকসভাৰ সমষ্টিৰ অন্তৰ্ভুক্ত৷[5]
জনসংখ্যা
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি নামনি দিবাং উপত্যকা জিলাৰ জনসংখ্যা ৫৪,০৮০ জন৷[1] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬৩০৷[1] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ১৪ জন৷[1] ২০০১-২০১১ দশকত জিলাখনত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৭.০১%৷[1] নামনি দিবাং উপত্যকা জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৯ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৬৯.১%।[1]
ভাষা
[সম্পাদনা কৰক]এই জিলাৰ ব্যৱহৃত মূল ভাষা সমূহ হৈছে আদি আৰু ইডু মিছমি (Idu Mishmi)৷
জৈৱবৈচিত্ৰ্য
[সম্পাদনা কৰক]১৯৮০ চনত নামনি দিবাং উপত্যকা জিলাৰ ২৮২ বৰ্গ কিলোমিটাৰ সামৰি মেহাও বন্যপ্ৰাণী অভয়াৰণ্য (Mehao Wildlife Sanctuary) গঠন কৰা হয়৷[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 6 "District at Glance". roing.nic.in. https://roing.nic.in/district-at-glance/.
- ↑ "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
- 1 2 Law, Gwillim (25 September 2001). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11.
- ↑ Official Website of the Lower Dibang Valley District
- ↑ "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. Archived from the original on 13 August 2011. https://web.archive.org/web/20110813085549/http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011.
- ↑ Indian Ministry of Forests and Environment. "Protected areas: Arunachal Pradesh". Archived from the original on 23 August 2011. https://web.archive.org/web/20110823163836/http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm। আহৰণ কৰা হৈছে: 25 September 2011.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আধিকাৰিক ৱেবছাইট
ৱিকিমিডিয়া কমন্সত নামনি দিবাং উপত্যকা জিলা সম্পৰ্কীয় মিডিয়া ফাইল।
| উজনি ছিয়াং জিলা | উজনি দিবাং উপত্যকা জিলা | |||
| পূব ছিয়াং জিলা | লোহিত জিলা | |||
| তিনিচুকীয়া জিলা, অসম |
| |||||||||||||||||||||||