উজনি সোৱণশিৰি জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উজনি সোৱণশিৰি জিলা
—  অৰুণাচল প্ৰদেশৰ জিলা  —
অৰুণাচল প্ৰদেশত উজনি সোৱণশিৰিৰ অৱস্থান
অৰুণাচল প্ৰদেশত উজনি সোৱণশিৰিৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
সদৰ দাপ'ৰিজ'
চৰকাৰ
 - লোকসভা সমষ্টি অৰুণাচল পশ্চিম
 - বিধানসভা সমষ্টি নাচ্চ’, তালিহা, দাপ'ৰিজ', ৰাগা, দুমপ’ৰিজ’
মাটিকালি
 - মুঠ ৭,০৩২ কি.মি. 
(২,৭১৫.১ বৰ্গ মাইল)
জনসংখ্যা (২০১১)[1]
 - মুঠ ৮৩,২০৫ জন
 - জনঘনত্ব ১১.৮ প্ৰতি বৰ্গ কি.মি. 
(৩০.৬ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৬৪.০%[1]
 - লিংগ অনুপাত ৯৮২[1]
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 28°18′N 94°00′E / 28.3°N 94°E / 28.3; 94স্থানাংক: 28°18′N 94°00′E / 28.3°N 94°E / 28.3; 94
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

উজনি সোৱণশিৰি জিলা (Pron:/su:bənˈsɪɹi/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা।

ইতিহাস[সম্পাদনা কৰক]

১৯৮৭ চনত পূৰ্ৱৰ সোৱণশিৰি জিলাক বিভক্ত কৰি উজনি আৰু নামনি সোৱণশিৰি জিলা হিচাপে দুখন জিলা গঠন কৰা হয়।[2]

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

উজনি সোৱণশিৰি জিলাৰ সদৰ ঠাই হৈছে দাপ'ৰিজ' (Daporijo)। জিলাখনৰ অন্যান্য উল্লেখযোগ্য নগৰ সমূহ হৈছে দুমপৰিজ’ (Dumporijo), তালিহা (Taliha), নাচ্চ’ (Nacho), চিয়াম (Siyum) আৰু মাৰ’ (Maro)।

এই জিলাৰ মুঠ মাটিকালি ৭০৩২ বৰ্গ কিলোমিটাৰ।[3]

অৰ্থনীতি[সম্পাদনা কৰক]

২০০৬ চনৰ ভাৰত চৰকাৰে উজনি সোৱণশিৰি জিলাক ভাৰতৰ আটাইতকৈ অনগ্ৰসৰ ২৫০খন জিলাৰ ভিতৰত অন্যতম বুলি ঘোষণা কৰে।[4] এই জিলা বৰ্তমান Backward Regions Grant Fund Programme (BRGF) পুঁজিৰ পৰা আবণ্টন লাভ কৰা অৰুণাচল প্ৰদেশৰ একমাত্ৰ জিলা।[4]

সমষ্টি[সম্পাদনা কৰক]

উজনি সোৱণশিৰি জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ পাঁচটা সমষ্টি আছে- নাচ্চ’ (Nacho), তালিহা (Taliha), দাপ'ৰিজ' (Daporijo), ৰাগা (Raga), আৰু দুমপ’ৰিজ’ (Dumporijo)। এই সমষ্টি কেইটা পশ্চিম অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ অন্তৰ্গত।[5]

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি উজনি সোৱণশিৰি জিলাৰ মুঠ জনসংখ্যা ৮৩,২০৫ জন।[6] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬২১।[6] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১২ জন।[6] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৫০.৩৪%।[6] উজনি সোৱণশিৰি জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮২ গৰাকী[6] আৰু সাক্ষৰতাৰ হাৰ ৬৩.৯৬%।[6]

জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক টাগিন (Tagin), নিচি (Nyishi) আৰু গাল’ (Galo) জনজাতিৰ।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php. 
  2. Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  3. Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Arunachal Pradesh: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1113. ISBN 978-81-230-1617-7. 
  4. 4.0 4.1 Ministry of Panchayati Raj (8 September 2009). "A Note on the Backward Regions Grant Fund Programme". National Institute of Rural Development. Archived from the original on 5 April 2012. https://web.archive.org/web/20120405033402/http://www.nird.org.in/brgf/doc/brgf_BackgroundNote.pdf। আহৰণ কৰা হৈছে: 27 September 2011. 
  5. "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011. 
  6. 6.0 6.1 6.2 6.3 6.4 6.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]