পাপুমপাৰে জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাপুমপাৰে জিলা
—  অৰুণাচল প্ৰদেশৰ জিলা  —
অৰুণাচল প্ৰদেশত পাপুমপাৰেৰ অৱস্থান
অৰুণাচল প্ৰদেশত পাপুমপাৰেৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
সদৰ য়ুপিয়া
চৰকাৰ
 - লোকসভা সমষ্টি অৰুণাচল পশ্চিম
 - বিধানসভা সমষ্টি ৩টা (ইটানগৰ, দৈমুখ, চাগালি)
মাটিকালি
 - মুঠ ২,৮৭৫ কি.মি. 
(১,১১০ বৰ্গ মাইল)
জনসংখ্যা (২০১১)[1]
 - মুঠ ১,৭৬,৩৮৫ জন
 - জনঘনত্ব ৬১.৪ প্ৰতি বৰ্গ কি.মি. 
(১৫৮.৯ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৮২.১%[1]
 - লিংগ অনুপাত ৯৫০[1]
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 27°09′00″N 93°43′12″E / 27.15°N 93.72°E / 27.15; 93.72স্থানাংক: 27°09′00″N 93°43′12″E / 27.15°N 93.72°E / 27.15; 93.72
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

পাপুমপাৰে জিলা (Pron:/ˌpæpəm ˈpæɹɪ or ˈpɑ:ɹeɪ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলা অৰুণাচল প্ৰদেশৰ আটাইতকৈ জনবহুল জিলা৷ জিলাখনৰ সদৰ ঠাই য়ুপিয়াত অৱস্থিত৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক নিচি জনজাতিৰ৷[2]

ইতিহাস[সম্পাদনা কৰক]

১৯৯৯ চনত নামনি সোৱণশিৰি জিলাৰ একাংশ পৃথক কৰি পাপুমপাৰে জিলা সৃষ্টি কৰা হৈছিল৷[3]

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

পাপুমপাৰে জিলাৰ সদৰ ঠাই য়ুপিয়া (Yupia)৷ এই জিলাৰ মুঠ মাটিকালি ২,৮৭৫ বৰ্গ কিলোমিটাৰ৷[4] অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ এই জিলাতে অৱস্থিত৷

মহকুমা[সম্পাদনা কৰক]

পাপুমপাৰে জিলাখন চাৰিটা মহকুমাত বিভক্ত: বালিজানম, দৈমুখ, কিমিন আৰু চাগালি (Sagalee)৷[5] ইয়াৰোপৰি জিলাখন পোন্ধৰটা প্ৰশাসনিক বৃত্তত বিভক্ত- বালিজান (Balijan), ইটানগৰ (Itanagar), নাহৰলগুণ (Naharlagun), দৈমুখ (Doimukh), তৰু (Toru), চাগালি (Sagalee), লেপ’ৰিয়াং (Leporiang), মেনিগ’ (Mengio), কিমিন (Kimin), বান্দৰদেৱা (Banderdewa), তাৰাচ’ (Tarasso), কাকৈ (Kakoi), গুমত’ (Gumto), পৰাং (Parang), আৰু চংদুপ’তা (Sangdupota)৷[6]

এই জিলাৰ অৰুণাচল বিধানসভাৰ তিনিটা সমষ্টি আছে: ইটানগৰ, দৈমুখ আৰু চাগালি৷[7] এই সকলোবোৰ অঞ্চল পশ্চিম অৰুণাচল লোক সভা সমস্টিৰ অন্তৰ্ভুক্ত৷ [8]

ইটানগৰ ৰাজধানী কমপ্লেক্স পৃথক সহউপায়ুক্তই পৰিচালনা কৰে৷[6] ইয়াৰ অন্তৰ্ভুক্ত প্ৰশাসনিক বৃত্ত তিনিটা: ইটানগৰ, নাহৰলগুণ আৰু বান্দৰদেৱা৷[9] ২০১৩ চনৰ জানুৱাৰী মাহত অৰুণাচল প্ৰদেশ চৰকাৰে এই ৰাজধানী কমপ্লেক্সৰ গঠনত অনুমোদন জনায়৷[10] বৰ্তমান এই অঞ্চলটো পৃথক জিলাৰ দৰে পৰিচালনা কৰা হয়৷[11] [12]

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি পাপুমপাৰে জিলাৰ মুঠ জনসংখ্যা ১৭৬,৩৮৫ জন৷[13] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯৪৷[13] পাপুমপাৰে জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৬১ জন৷ [13] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৪৪.৫৭%৷[13] পাপুমপাৰেৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৫০ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৮২.১৪%৷[13]

পাপুমপাৰে জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি (Nyishi) জনজাতিৰ লোক৷ তেওঁলোক পৰম্পৰাগতভাৱে দনী প’ল’ৰ অনুগামী৷[14]

জৈববৈচিত্ৰ্য[সম্পাদনা কৰক]

১৯৭৮ চনৰ পাপুম পাৰে জিলাৰ ১৪০ বৰ্গ কিলিমিটাৰ আগুৰি ইটানগৰ বন্যপ্ৰাণী অভয়াৰণ্য (Itanagar Wildlife Sanctuary) সৃষ্টি কৰা হয়৷[15]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php. 
  2. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  3. Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  4. Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Arunachal Pradesh: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1113. ISBN 978-81-230-1617-7. 
  5. "Papum Pare district: Subdivision & Blocks". papumpare.nic.in. https://papumpare.nic.in/subdivision-blocks/। আহৰণ কৰা হৈছে: 26 December 2018. 
  6. 6.0 6.1 "District Census Handbook, Papum Pare". Government of India. 16 June 2014. পৃষ্ঠা: 9. http://www.censusindia.gov.in/2011census/dchb/1204_PART_B_DCHB_PAPUM%20PARE.pdf. 
  7. "Papum Pare district: Constituencies". papumpare.nic.in. https://papumpare.nic.in/constituencies/। আহৰণ কৰা হৈছে: 26 December 2018. 
  8. "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. Archived from the original on 13 August 2011. https://web.archive.org/web/20110813085549/http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 2 May 2011. 
  9. "Itanagar Capital Complex". District Administration Itanagar Capital Complexitanagar.nic.in. http://itanagar.nic.in/atAGlance.html. 
  10. "Arunachal to get four new districts". timesofindia. 2013-01-16. Archived from the original on 2013-07-04. https://archive.today/20130704113703/http://articles.timesofindia.indiatimes.com/2013-01-16/guwahati/36373386_1_new-districts-changlang-west-siang। আহৰণ কৰা হৈছে: 2013-01-16. 
  11. "State Profile of Arunachal Pradesh". Ministry of Micro, Small and Medium Enterprises, Government of India. 2014. পৃষ্ঠাসমূহ: 12-15. Archived from the original on 2017-12-15. https://web.archive.org/web/20171215113041/http://dcmsme.gov.in/dips/state_wise_dips/STATE%20PROFILE%20OF%20ARUNACHAL%20%20PRADESH,%202015_14316.pdf। আহৰণ কৰা হৈছে: 2018-12-25. 
  12. "Districts". Government of Arunachal Pradesharunachalpradesh.gov.in. http://arunachalpradesh.gov.in/?page_id=822. 
  13. 13.0 13.1 13.2 13.3 13.4 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  14. http://papumpare.nic.in/
  15. Indian Ministry of Forests and Environment. "Protected areas: Arunachal Pradesh". Archived from the original on 23 August 2011. https://web.archive.org/web/20110823163836/http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm। আহৰণ কৰা হৈছে: 25 September 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]