পশ্চিম কামেং জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পশ্চিম কামেং জিলা
—  অৰুণাচল প্ৰদেশৰ জিলা  —
অৰুণাচল প্ৰদেশত পশ্চিম কামেংৰ অৱস্থান
অৰুণাচল প্ৰদেশত পশ্চিম কামেংৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
স্থাপিত ১ জুন ১৯৮০ (1980-06-01)
সদৰ বমডিলা
মহকুমা থ্ৰিজিন’, ৰূপা, বমডিলা
চৰকাৰ
 - লোকসভা সমষ্টি অৰুণাচল পশ্চিম
 - বিধানসভা সমষ্টি ৪টা (দিৰাং, কালাকটাং, থ্ৰিজিন’-বুঢ়াগাওঁ, বমডিলা)
মাটিকালি
 - মুঠ ৭,৪২২ কি.মি. 
(২,৮৬৫.৭ বৰ্গ মাইল)
জনসংখ্যা (২০১১)[1]
 - মুঠ ৮৭,০১৩ জন
 - জনঘনত্ব ১১.৭ প্ৰতি বৰ্গ কি.মি. 
(৩০.৪ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৬৯.৪%[1]
 - লিংগ অনুপাত ৭৫৫[1]
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

পশ্চিম কামেং জিলা (pronounced ˈkæmɛŋ) উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা৷ এই জিলাখনে অৰুণাচল প্ৰদেশৰ ৮.৮৬% মাটিকালি আগুৰি আছে৷ পশ্চিম কামেং জিলাৰ নাম জিলাখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ উপনৈ কামেং নদীৰ পৰা আহিছে৷ এই জিলাৰ সদৰ ঠাই বমডিলা৷ জিলাখনৰ মূল অধিবাসীসকল মনপা, মিজি, আকা, শ্বেৰডুকপেন আৰু বুগুন জনজাতিৰ লোক৷

ইতিহাস[সম্পাদনা কৰক]

কামেং জিলাৰ ভুখণ্ড ঐতিহাসিকভাৱে মিজি আৰু আকা জনজাতিৰ নেতাই শাসন কৰিছিল৷ দশম আৰু বাৰশ শতিকাত নিৰ্মিত ভালুকপুং দুৰ্গ আৰু সোতৰশ শতিকাত নিৰ্মিত দিৰাং দুৰ্গ আদিয়ে ইয়াৰ প্ৰমাণ দিয়ে৷

ব্ৰিটিছৰ আগমণৰ পিছত এই সমগ্ৰ অঞ্চলক নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেঞ্চী নাম দিয়া হয়৷ ১৯১৯ চনত ইয়াক বালিপাৰা ফ্ৰন্টিয়াৰ ট্ৰেক্ট (Balipara Frontier tract) হিচাপে অভিহিত কৰি অসমৰ চাৰদুৱাৰত ইয়াৰ সদৰ পতা হয়৷ ১৯৪৬ চনত বালিপাৰাৰ পৰা কামেং অংশ পৃথক কৰি চেলা চাব এজেঞ্চী (Sela Sub-Agency) নাম দিয়া হয় কিন্তু সদৰ চাৰদুৱাৰতে ৰখা হয়৷

ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত চেলা চাব এজেঞ্চীক কামেং ফ্ৰন্টিয়াৰ ডিভিজন নাম দিয়া হয়৷ ১৯৫৪ চনত ইয়াৰ সদৰ বমডিলালৈ স্থানান্তৰ কৰে৷ পৰৱৰ্তী কালৰ কামেং ফ্ৰন্টিয়াৰ ডিভিজনৰ নাম কামেং জিলা ৰখা হয়৷ ১৯৮০ চনৰ ১ জুনত এই কামেং জিলাক পৃথক কৰি পূব আৰু পশ্চিম কামেং নামেৰে দুখন জিলা সৃষ্টি কৰা হয়৷[2] পশ্চিম কামেং জিলাৰে একাংশ পৃথক কৰি ১৯৮৪ চনৰ ৬ অক্টোবৰত টাৱাং জিলা গঠন কৰা হয়৷[2]

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

ভালুকপুং, জিলাখনৰ এক মনোমোহা প্ৰাকৃতিক দৃশ্যৰাজিৰে ভৰপূৰ স্থান

পশ্চিম কামেং জিলাৰ মুঠ মাটিকালি ৭,৪৪২ বৰ্গ কিলোমিটাৰ৷[3] এই জিলাৰ উত্তৰে তিব্বত, পশ্চিমে ভূটান, উত্তৰ-পশ্চিমে টাৱাং জিলা আৰু পূবে পূব কামেং জিলা অৱস্থিত৷ জিলাখনৰ দক্ষিণে অসমৰ শোণিতপুৰ আৰু ওদালগুৰি জিলা

পশ্চিম কামেং জিলাৰ অধিকাংশ হিমালয় পৰ্বতৰ অংশ৷ এই জিলাৰ সৰ্বোচ্চ শিখৰ হৈছে কাংটে (Kangte)৷ পূব কামেং জিলাৰ দৰেই এই জিলাৰো জলবায়ু উত্তৰে তুন্দ্ৰা আৰু নৱেম্বৱৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই অঞ্চলত বৰফো পৰে৷

অৰ্থনীতি[সম্পাদনা কৰক]

এই জিলাৰ অধিকাংশ লোকে জুম খেতি কৰি জীৱন নিৰ্বাহ কৰে৷ বোৱাঁ-কটা আৰু হস্ত শিল্পৰ দৰে কিছু কুটীৰ শিল্পও এই জিলাত প্ৰচলিত৷

প্ৰশাসন[সম্পাদনা কৰক]

এই জিলা তিনিটা মহকুমাত বিভক্ত: থ্ৰিজিন’ (Thrizino), ৰূপা (Rupa) আৰু বমডিলা (Bomdila)৷ এই মহকুমা কেইটা পুনৰ বাৰটা প্ৰশাসনিক বৃত্তত বিভক্ত কৰা হৈছে: দিৰাং (Dirang), বমডিলা (Bomdila), কালাকটাং (Kalaktang), বালেমু (Balemu), ভালুকপুং (Bhalukpong), জামেৰী (Jameri), চিনচুং (Sinchung), নাফ্ৰা (Nafra), থ্ৰিজুন’ (Thrizino), ৰূপা (Rupa), থেম্বাং (Thembang) আৰু শ্বেৰগাওঁ (Shergaon)৷

জিলাখনত অৰুণাচল প্ৰদেশ বিধানসভাৰ চাৰিটা সমষ্টি আছে: দিৰাং, কালাকটাং, থ্ৰিজিন’-বুঢ়াগাওঁ আৰু বমডিলা৷ এই গোটেইবোৰ অঞ্চল পশ্চিম অৰুণাচল লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷[4]

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম কামেং জিলাৰ মুঠ জনসংখ্যা ৮৭,০১৩ জন৷[5] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৮৷[5] এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ১২ জন৷[5] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৬.৬৪%।[5] পশ্চিম কামেং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৭৫৫ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৬৯.৪%৷ [5]

ভাষা[সম্পাদনা কৰক]

পশ্চিম কামেং জিলাত পাঁচটা মূল জনজাতিৰ লোকে বাস কৰে: মনপা (মূলতঃ দিৰাং, ভোট (Bhut), লিছ (Lish) আৰু কালাকটাং মনপা (Kalaktang Monpa)-ত অঞ্চলত), মিজি (চাজ’লাং (Sajolang)), শ্বেৰডুকপেন (Sherdukpen), আকা (Hrusso), আৰু বুগুণ (Khowa)৷

পশ্চিম কামেং জিলাত ব্যৱহৃত মূল ভাষাবোৰ হৈছে:

  • পুৰ’ইক (Puroik) ভাষা
  • হ্ৰুছ’ (Hruso) ভাষা-আকাসকলৰ মাজত
  • মিজি (Miji) ভাষা
  • খ’-বৱা (Kho-Bwa) ভাষা
    • খ’ৱা (Khowa) ভাষা বুগুণ জনজাতিৰ
    • শ্বেৰডুকপেন (Sherdukpen) ভাষা
    • চাৰটাং (Sartang) ভাষা
    • লিছ (Lish) ভাষা
  • ব’ডিছ (Bodish) ভাষা
    • ব্ৰ’কপা (Brokpa) ভাষা
    • চাংলা (Tshangla) ভাষা

ধৰ্ম[সম্পাদনা কৰক]

পশ্চিম কামেং জিলাৰ অধিকাংশ লোক বৌদ্ধ ধৰ্মী যদিও আকা আৰু মিজি জনজাতিৰ কিছু লোক দ’নী পলৰ অনুগামী৷

জৈববৈচিত্ৰ্য[সম্পাদনা কৰক]

১৯৮৯ চনত পশ্চিম কামেং জিলাৰ ২১৭ বৰ্গ কিলোমিটাৰ আগুৰি ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য গঠন কৰা হয়৷[6] এই জিলাতে ১৯৮৯ চনত ১০০ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত চেচা অৰ্কিড অভয়াৰণ্য (Sessa Orchid Wildlife Sanctuary) গঠন কৰা হয়৷[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2014-01-07. 
  2. 2.0 2.1 Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2014-01-07. 
  3. Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Arunachal Pradesh: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1113. ISBN 978-81-230-1617-7. 
  4. "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. Archived from the original on 13 August 2011. https://web.archive.org/web/20110813085549/http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011. 
  5. 5.0 5.1 5.2 5.3 5.4 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  6. 6.0 6.1 Indian Ministry of Forests and Environment. "Protected areas: Arunachal Pradesh". Archived from the original on 23 August 2011. https://web.archive.org/web/20110823163836/http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm। আহৰণ কৰা হৈছে: 25 September 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]