কুৰুং কুমেই জিলা
কুৰুং কুমেই জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
![]() |
|
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ১ এপ্ৰিল ২০১১ |
সদৰ | ক’ল’ৰিয়াং |
মহকুমা | ন্যাপিন, ক’ল’ৰিয়াং, দামিন |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পশ্চিম |
- বিধানসভা সমষ্টি | ২ খন (ন্যাপিন আৰু ক’ল’ৰিয়াং) |
মাটিকালি | |
- মুঠ | ৬,০৪০ কি.মি.২ (২,৩৩২.১ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৮৯,৭১৭ জন |
- জনঘনত্ব | ১৪.৯ প্ৰতি বৰ্গ কি.মি. (৩৮.৫ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৫০.৭%[1] |
- লিংগ অনুপাত | ১০২৯[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 27°54′N 93°21′E / 27.9°N 93.35°Eস্থানাংক: 27°54′N 93°21′E / 27.9°N 93.35°E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
কুৰুং কুমেই জিলা (Kurung Kumey district, Pron:/kʊˈɹʌŋ kʊˈmi/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ ২২ খন জিলাৰ ভিতৰত অন্যতম৷ এই জিলাৰ সদৰ ঠাই ক’ল’ৰিয়াং (Koloriang)৷
নামৰ উৎস[সম্পাদনা কৰক]
কুৰুং কুমেই জিলাৰ নাম জিলাখনৰ মাজেৰে প্ৰবাহিত দুখন মূল নদী কুৰুং আৰু কুমেইৰ নামৰ পৰা আহিছে৷ কথিত আছে যে কুৰুং আৰু কুমেই দুগৰাকী বাই-ভনী আছিল৷ বিয়াৰ উপযুক্ত বয়সত কুৰুঙে মাক-দেউতাকৰ সন্মতি নোলোৱাকৈয়ে কোনো ডেকাৰ লগত পলায়ন কৰে৷ আনহাতে কুমেইয়ে মাক দেউতাকৰ ইচ্ছানুসাৰে বিয়া পাতে৷ মাক দেউতাকে কুৰুঙক বহুতো গালি গালাজ কৰে আৰু দেহলৈ ছাঁই দলিয়ায়৷ ফলত কুৰুং নৈ আজিও ছাঁই ৰঙী আৰু ঢ়ৌ তুলি গৰ্জন কৰি বৈ গৈছে৷ কিন্তু কুমেই নৈৰ পানী পৰিস্কাৰ আৰু শান্ত৷
ইতিহাস[সম্পাদনা কৰক]
কুৰুং কুমেই জিলা পূৰ্বতে ’নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ট্ৰেক্টছ’ৰ অন্তৰ্গত আছিল৷ ১৯৫৪ চনত জিলাখন সোৱণশিৰি ফ্ৰন্টিয়াৰ ডিভিজনৰ অন্তৰ্ভুক্ত হয় যাক বৰ্তমান নামনি সোৱণশিৰি জিলা নামেৰে জনা যায়৷ ২০১১ চনৰ এক এপ্ৰিলৰ দিনা এই জিলাক নামনি সোৱনশিৰি জিলাৰ পৰা পৃথক কৰি পূৰ্ণাংগ জিলাৰ মৰ্য্যদা দিয়া হয়৷[2]
প্ৰশাসনিক বিভাগ[সম্পাদনা কৰক]
কুৰুং কুমেই জিলাৰ মহকুমা আৰু চাৰ্কোল সমূহ হৈছে:
- ন্যাপিন মহকুমা (Nyapin Sub-Division): ন্যাপিন (Nyapin), ফাছাং (Phassang)
- ক’ল’ৰিয়াং মহকুমা (Koloriang Sub-Division): পাৰ্ছি-পাৰল’ (Parsi-Parlo) , ক’ল’ৰিয়াং (Koloriang), চাংগ্ৰাম (Sangram)
- দামিন মহকুমা (Damin Sub-Division): চাৰলি (Sarli), দামিন (Damin)
এই জিলাখনত অৰুণাচল প্ৰদেশ বিধান সভাৰ দুটা সমষ্টি আছে: ন্যাপিন আৰু ক’ল’ৰিয়াং৷ এই জিলা পশ্চিম অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰো অন্তৰ্গত৷[3]
জনসংখ্যা[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়ল অনুসৰি কুৰুং কুমেই জিলাৰ জনসংখ্যা ৮৯,৭১৭ জন৷[4] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৭৷[4] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ১৫ জন৷[4] ২০০১-২০১১ দশকত কুৰুং কুমেই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১১১.০১%[4] এই জিলাত প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০২৯ গৰাকী[4] আৰু সাক্ষৰতাৰ হাৰ ৫০.৬৭%৷[4]
জনসংখ্যা আৰু মাটিকালিৰ ফালৰ পৰা জিলাখনৰ সৰ্ববৃহৎ গাওঁখন হৈছে হিয়া গাওঁ (Hiya village)৷
কুৰুং কুমেই জিলাৰ সংখ্যাগৰিষ্ঠ লোক নিচি (Nyishi), বাংৰু (Bangru) আৰু পুৰইক (Puroik) জনজাতিৰ৷
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php.
- ↑ Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11.
- ↑ "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. Archived from the original on 13 August 2011. https://web.archive.org/web/20110813085549/http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011.
- ↑ 4.0 4.1 4.2 4.3 4.4 4.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
![]() |
উজনি সোৱণশিৰি জিলা | ![]() | |
![]() |
||||
![]() ![]() | ||||
![]() | ||||
পূব কামেং জিলা | পাপুমপাৰে জিলা | নামনি সোৱণশিৰি জিলা |
|