পশ্চিম ছিয়াং জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পশ্চিম ছিয়াং জিলা
—  অৰুণাচল প্ৰদেশৰ জিলা  —
অৰুণাচল প্ৰদেশত পশ্চিম ছিয়াংৰ অৱস্থান
অৰুণাচল প্ৰদেশত পশ্চিম ছিয়াংৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
সদৰ আল'
চৰকাৰ
 - লোকসভা সমষ্টি অৰুণাচল পশ্চিম, অৰুণাচল পূব
 - বিধানসভা সমষ্টি ৭ টা (লিৰ’ম্বা, লিকাবালি, বাচাৰ, পশ্চিম আলং, পূব আলং, ৰুমগং, মেচুকা)
মাটিকালি
 - মুঠ ৮,৩২৫ কি.মি. 
(৩,২১৪.৩ বৰ্গ মাইল)
জনসংখ্যা (২০১১)[1]
 - মুঠ ১,১২,২৭২ জন
 - জনঘনত্ব ১৩.৫ প্ৰতি বৰ্গ কি.মি. 
(৩৪.৯ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৬৭.৬%[1]
 - লিংগ অনুপাত 916[1]
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 28°24′N 94°33′E / 28.4°N 94.55°E / 28.4; 94.55স্থানাংক: 28°24′N 94°33′E / 28.4°N 94.55°E / 28.4; 94.55
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

পশ্চিম ছিয়াং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই আল' (পূৰ্বৰ আলং)৷ জিলাখনত ব্যৱহৃত মূল ভাষাসমূহ হৈছে আদি আৰু গাল’৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী আদি, মেম্বা আৰু খাম্বা জনজাতিৰ৷

ইতিহাস[সম্পাদনা কৰক]

১৯৮৯ চনত পশ্চিম ছিয়াং জিলাৰ একাংশৰে পূব ছিয়াং জিলা গঠন হয়৷[2] ১৯৯৯ চনৰ পৰা এই অংশ উজনি ছিয়াং জিলাৰ অন্তৰ্ভুক্ত হয়৷[2] এই জিলা ঐতিহাসিকভাৱে চুতীয়া ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল৷

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

পশ্চিম ছিয়াং জিলাৰ সদৰ ঠাই হৈছে আল (Aalo, পূৰ্বৰ আলং)৷ এই জিলাৰ মুঠ মাটিকালি ৮৩২৫ বৰ্গ কিলোমিটাৰ৷[3]

প্ৰশাসনিক বিভাগ[সম্পাদনা কৰক]

পশ্চিম ছিয়াং জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ সাতটা সমষ্টি আছে- লিৰ’ম্বা (Liromoba), লিকাবালি (Likabali), বাচাৰ (Basar), পশ্চিম আলং (Along West), পূব আলং (Along East), ৰুমগং (Rumgong), আৰু মেচুকা (Mechuka)৷ ইয়াৰে প্ৰথম ছখন অঞ্চল পশ্চিম অৰুণাচল লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু মেচুকা পূব অৰুণাচল লোকসভা সমষ্টিৰ অন্তৰ্গত৷[4]

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম ছিয়াং জিলাৰ মুঠ জনসংখ্যা ১১২,২৭২ জন৷[5] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১২৷[5] জিলাখনত জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১৩ জন৷[5] ২০০১-২০১১ দশকত এই জিলাৰ জনবসতি বৃদ্ধিৰ হাৰ আছিল ৮.০৪%৷ পশ্চিম ছিয়াং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৬ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৬৭.৬২%৷[5]

পশ্চিম ছিয়াং জিলাৰ সংখ্যগৰিষ্ঠ লোক আদি (Adi), মেম্বা (Memba) আৰু খাম্বা (Khamba) জনজাতিৰ৷

ভাষা[সম্পাদনা কৰক]

এই জিলাত ব্যৱহৃত ভাষাসমূহৰ ভিতৰত মূল ভাষা হৈছে চীন-তিব্বতীয় মূলৰ আদি ভাষা[6] আৰু গাল' ভাষা (Galo)৷[7]

জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]

এই জিলা জৈৱবৈচিত্ৰ্যৰ ক্ষেত্ৰত সমৃদ্ধ৷ এই জিলাত অৰণ্যত বহুতো আপুৰগীয়া জীৱ-জন্তু যেনে মিচমি টাকিন (Mishmi takin), বৰফৰ বাঘ (Snow leopard), ৰঙা পাণ্ডা (Red panda), সুগন্ধি পহু (Musk deer), ব্লাইথছ ট্ৰ’গ’পান (Blyth's Tragopan) আদি দেখা পোৱা যায়৷[8] তাৰোপৰি ইয়াত এই জিলাৰ অৰণ্যত এবিধ নতুন কেৰ্কেটুৱা প্ৰজাতি আৱিস্কাৰ হৈছে যাক Mechuka Giant Flying Squirrel (Petaurista mechukaensis) হিচাপে নামকৰণ কৰা হয়৷[9]

১৯৯১ চনত এই জিলাৰ ৫৫ বৰ্গ কিমি আগুৰি কানে বন্যপ্ৰাণী অভয়াৰণ্য (Kane Wildlife Sanctuary) গঠন কৰা হয়৷[10]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php. 
  2. 2.0 2.1 Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  3. Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Arunachal Pradesh: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1113. ISBN 978-81-230-1617-7. 
  4. "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011. 
  5. 5.0 5.1 5.2 5.3 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  6. M. Paul Lewis, ed. (2009). "Adi: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28. 
  7. M. Paul Lewis, ed. (2009). "Galo: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28. 
  8. Choudhury, Anwaruddin (2008) Survey of mammals and birds in Dihang-Dibang biosphere reserve, Arunachal Pradesh. Final report to Ministry of Environment & Forests, Government of India. The Rhino Foundation for nature in NE India, Guwahati, India. 70pp.
  9. Choudhury,Anwaruddin (2007).A new flying squirrel of the genus Petaurista Link from Arunachal Pradesh in north-east India. The Newsletter and Journal of the RhinoFoundation for nat. in NE India 7: 26–34, plates.
  10. Indian Ministry of Forests and Environment. "Protected areas: Arunachal Pradesh". Archived from the original on 23 August 2011. https://web.archive.org/web/20110823163836/http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm। আহৰণ কৰা হৈছে: 25 September 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]