অনজৌ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনজৌ জিলা
—  অৰুণাচল প্ৰদেশৰ জিলা  —
অৰুণাচল প্ৰদেশত অনজৌৰ অৱস্থান
অৰুণাচল প্ৰদেশত অনজৌৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
স্থাপিত ১৬ ফেব্ৰুৱাৰী ২০০৪ (2004-02-16)
সদৰ হাৱাই
মহকুমা হায়ুলিয়াং, হাৱাই, মাঞ্চাল, গৈলিয়াং, ৱালং, কিবিথ’, চগ্লোগাম
চৰকাৰ
 - লোকসভা সমষ্টি অৰুণাচল পূব
 - বিধানসভা সমষ্টি হায়ুলি্যাং
মাটিকালি
 - মুঠ ৬,১৯০ কি.মি. 
(২,৩৯০ বৰ্গ মাইল)
উচ্চতা ১,২৯৬ মিটাৰ (৪,২৫১.৯৭ ফুট)
জনসংখ্যা (২০১১)[1]
 - মুঠ ২১,০৮৯ জন
 - জনঘনত্ব ৩.৪ প্ৰতি বৰ্গ কি.মি. 
(৮.৮ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৫৯.৪%[1]
 - লিংগ অনুপাত ৮০৫[1]
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

অনজৌ জিলা (Anjaw District, Pron:/ˈændʒɔ:/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন জিলা৷ ২০০৪ চনৰ ১৬ ফেব্ৰুৱাৰীত লোহিত জিলাৰ এটা অংশ পৃথক কৰি অনজৌ জিলা গঠন কৰা হয়৷ [2] এই জিলাখন ভাৰতৰ আটাইতকৈ পূব প্ৰান্তত অৱস্থিত জিলা৷[3] এই জিলাখনৰো আটাইতকৈ পূব সীমান্তত থকা গাওঁখনৰ নাম দং (Dong)৷[4] অনজৌ ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত দ্বিতীয় সৰ্বনিম্ন জনসংখ্যাৰ জিলা৷[5]

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

অনজৌ জিলাৰ উত্তৰে চীন৷ জিলাখনৰ সদৰ ঠাই হাৱাই (Hawai)৷ এই নগৰখন সাগৰ পৃষ্ঠৰ পৰা ১২৯৬ মিটাৰ উচ্চতাত লোহিত নদীৰ পাৰত অৱস্থিত৷ জিলাখনৰ অন্যন্য মূল নদীবোৰ হৈছে: লাম (Lam), টিদিং (Tidding), দালাই (Dalai), ক্ৰটি (Krowti), ডিচ্চু (Dichu), লাটি (Lati), ক্লুং (Klung), দাভ (Dav), তেলুৱা (Telua), আম্পানী (Ampani), চৰতি (Sarti) ইত্যাদি৷[3]

যাতায়াত[সম্পাদনা কৰক]

শেহতীয়াকৈ প্ৰস্তাৱিত মেকমোহন লাইনেৰে মাগ’ (Mago)- থিংবু (Thingbu) ৰ পৰা বিজয়নগৰ অৰুণাচল প্ৰদেশ ফ্ৰন্টিয়াৰ ঘাইপথ (Vijaynagar Arunachal Pradesh Frontier Highway) এই জিলাৰ মাজেৰে অতিক্ৰম কৰিব৷[6][7][8][9]

অৰ্থনীতি[সম্পাদনা কৰক]

জিলাখনৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ ইয়াত উৎপাদিত মূল শস্যবোৰ হৈছে গোমধান, কুনীধান (millet), ধান, মাহ, ইলাচী, কমলা, আপেল ইত্যাদি৷[10]

প্ৰশাসনিক বিভাগ[সম্পাদনা কৰক]

এই জিলাখনত অৰুণাচল প্ৰদেশৰ বিধানসভাৰ এটা সমষ্টি আছে: হায়ুলি্যাং (Hayuliang)৷ জিলাখন পূব অৰুণাচল লোক সভা সমষ্টিৰ অন্তৰ্গত৷[11]

জিলাখনৰ মহকুমাসমূহ হৈছে:

  • হায়ুলিয়াং (Hayuliang)
  • হাৱাই (Hawai)
  • মাঞ্চাল (Manchal)
  • গৈলিয়াং (Goiliang)
  • ৱালং (Walong)
  • কিবিথ’ (Kibithoo)
  • চগ্লোগাম (Chaglogam)

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি অনজৌ জিলাৰ মুঠ জনসংখ্যা ২১,০৮৯ জন৷[12] ভাৰতৰ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা এই জিলাৰ স্থান ৬৩৯ তম৷[12] জিলাখনত জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত মাথোঁ তিনিজন৷[12] এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ২০০১-২০১১ দশকত ১৩.৭৭% আছিল৷ অনজৌৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৮০৫ জন[12] আৰু সাক্ষৰতাৰ হাৰ ৫৯.৪%৷[12]

অনজৌ জিলাৰ অধিবাসীসকল মূলতঃ মিছমি আৰু জাখৰিং (Zakhring) জনজাতিৰ লোক৷[13]

জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]

অনজৌ জিলা জৈৱবৈচিত্ৰ্য অত্যন্ত সমৃদ্ধ৷ এই জিলাৰ বহুতো আপুৰুগীয়া জীৱজন্তু যেনে মিচমি টাকিন (Mishmi takin), Red goral, Gongshan muntjac, Leaf muntjac আৰু চৰাই যেনে Sclater's Monal আদি দেখা পোৱা যায়৷ ইয়াত পোৱা পাইন প্ৰজাতি Pinus merkusii উত্তৰ-পূব ভাৰততে বিৰল৷[14] তাৰোপৰি ইয়াত flying squirrel-ৰ এবিধ নতুন প্ৰজাতিও আৱিষ্কাৰ হৈছে যাৰ নাম Mishmi Hills Giant Flying Squirrel, Petaurista mishmiensis.[15]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php. 
  2. Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  3. 3.0 3.1 "Anjaw District". Archived from the original on 14 November 2006. https://web.archive.org/web/20061114233621/http://lohit.nic.in/anjaw.htm। আহৰণ কৰা হৈছে: 2006-10-27. 
  4. * Gokhale, Nitin A. (20 August 2001). "Dong". Outlook India. http://www.outlookindia.com/article.aspx?212945। আহৰণ কৰা হৈছে: 2012-12-16. 
  5. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  6. "Top officials to meet to expedite road building along China border". Dipak Kumar Dash. timesofindia.indiatimes.com. http://timesofindia.indiatimes.com/india/Top-officials-to-meet-to-expedite-road-building-along-China-border/articleshow/44831871.cms। আহৰণ কৰা হৈছে: 27 October 2014. 
  7. "Narendra Modi government to provide funds for restoration of damaged highways". dnaindia.com. http://www.dnaindia.com/india/report-narendra-modi-government-to-provide-funds-for-restoration-of-damaged-highways-2020106। আহৰণ কৰা হৈছে: 27 October 2014. 
  8. "Indian Government Plans Highway Along Disputed China Border". Ankit Panda. thediplomat.com. http://thediplomat.com/2014/10/indian-government-plans-highway-along-disputed-china-border/। আহৰণ কৰা হৈছে: 27 October 2014. 
  9. "Govt planning road along McMohan line in Arunachal Pradesh: Kiren Rijiju". Live Mint. http://www.livemint.com/Politics/nqEwdXxkIgrSHPpTSzsFRN/Govt-planning-road-along-McMohan-line-in-Arunachal-Pradesh.html। আহৰণ কৰা হৈছে: 2014-10-26. 
  10. "Anjaw". indiangos.com. Archived from the original on 12 March 2007. http://www.indianngos.com/districts/anjaw.htm। আহৰণ কৰা হৈছে: 2006-10-27. 
  11. "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. Archived from the original on 13 August 2011. https://web.archive.org/web/20110813085549/http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011. 
  12. 12.0 12.1 12.2 12.3 12.4 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  13. "Zakhring". Ethnologue.com. Archived from the original on 11 November 2006. http://www.ethnologue.com/show_language.asp?code=zkr। আহৰণ কৰা হৈছে: 2006-10-27. 
  14. Choudhury, Anwaruddin (2008) Survey of mammals and birds in Dihang-Dibang biosphere reserve, Arunachal Pradesh. Final report to Ministry of Environment & Forests, Government of India. The Rhino Foundation for nature in NE India, Guwahati, India. 70pp.
  15. Choudhury,Anwaruddin (2009). One more new flying squirrel of the genus Petaurista Link, 1795 from Arunachal Pradesh in north-east India. The Newsletter and Journal of the RhinoFoundation for nat. in NE India 8: 26–34, plates.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

স্থানাংক: 27°55′30″N 96°20′53″E / 27.925°N 96.34806°E / 27.925; 96.34806