নাহৰলগুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাহৰলগুন
—  নগৰ  —
নাহৰলগুন
নাহৰলগুনৰ অৱস্থান
অৰুণাচল প্ৰদেশ আৰু ভাৰত
স্থানাঙ্ক 27°06′11″N 93°42′03″E / 27.103029°N 93.700848°E / 27.103029; 93.700848
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
জিলা পাপুমপাৰে
জনসংখ্যা 36,158[1] (2011)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা


200 m (656 ft)

ক'ড
  • ফোন • +0360
    • যান-বাহনৰ নম্বৰ • AR

নাহৰলগুন (Naharlagun) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত এখন নগৰ৷

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

নাহৰলগুন সাগৰ পৃষ্ঠৰ পৰা ২০০ মিটাৰ উচ্চতাত অৱস্থিত৷ নগৰখন চাৰিওদিশে পৰ্বতেৰে আগুৰা৷ নগৰখনৰ জলবায়ু অৰ্ধ-ক্ৰান্তীয় (sub-tropical)৷

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি নাহৰলগুনৰ জনসংখ্যা ৩৬,১৫৮ জন৷ ইয়াৰে ১৮,০৯০ জন পুৰুষ আৰু ১৮,০৬৮ গৰাকী মহিলা৷[1] নাহৰলগুনৰ সাক্ষৰতাৰ হাৰ ৭২.৮% (পুৰুষৰ ৭৭.৫% আৰু মহিলাৰ ৬৮.১%)৷

যাতায়ত[সম্পাদনা কৰক]

নাহৰলগুন অৰুণাচল প্ৰদেশৰ প্ৰথমটো ৰে’লৱে ষ্টেচন নাহৰলগুন ৰে’লৱে ষ্টেচনেৰে দেশৰ অন্যান্য প্ৰান্তৰ লগত সংযুক্ত৷ এই নগৰৰ পৰা ডিব্ৰুগড় আৰু গুৱাহাটীৰ বিমানবন্দৰলৈ পৱন হংস (Pawan Hans)-ৰ দ্বাৰা পৰিচালিত হেলিকপ্টাৰ সেৱাও আছে৷ ঘাইপথেৰে এই নগৰৰ পৰা গুৱাহাটীলৈ দুৰত্ব ৩৮০ কিলোমিটাৰ৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Census of India Search details". censusindia.gov.in. http://www.censusindia.gov.in/pca/SearchDetails.aspx?Id=296790। আহৰণ কৰা হৈছে: 10 May 2015.