সমললৈ যাওক

ছিয়াং জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছিয়াং জিলা
Map
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
স্থাপিত ২৭ নৱেম্বৰ ২০১৫ (2015-11-27)
সদৰ পাংগিন
মহকুমা ব’লেং, পাংগিন, ৰুমগং, কায়িং
চৰকাৰ
  লোকসভা সমষ্টি অৰুণাচল পশ্চিম, অৰুণাচল পূব
  বিধানসভা সমষ্টি ৰুমগং-কায়িং, পাংগিন-ব’লেং

ছিয়াং জিলা (Siang District) উত্তৰ পূূূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। এই জিলাখন ২০১৫ চনৰ ২৭ নৱেম্বৰৰ দিনা পশ্চিম ছিয়াং জিলা আৰু পূব ছিয়াং জিলাৰ একাংশকৈ লৈ গঠন কৰা হয়।[1].

এই জিলাখনৰ নাম ব্ৰহ্মপুত্ৰ নদীৰ পৰা আহিছে যাক অৰুণাচল প্ৰদেশত ছিয়াং নামেৰে জনা যায়। জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ।

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

ভৌগোলিক ভাৱে ছিয়াং জিলাখন অৰুণাচল প্ৰদেশৰ ছিয়াং বেল্টৰ কেন্দ্ৰস্থলত অৱস্থিত। জিলাখনৰ সদৰ ঠাই পাংগিন (Pangin)। এই নগৰখন পাছিঘাটৰ পৰা ৮০ কিমি আৰু আলঙৰ পৰা ৩০ কিমি দুৰত্বত অৱস্থিত।

ছিয়াং জিলা গঠনৰ প্ৰস্তাৱ ২০১৩ চনৰ ২১ মাৰ্চৰ দিনা নবাম টুকীৰ অৰুণাচল প্ৰদেশ চৰকাৰে গ্ৰহণ কৰে।[2] ওঠৰ মাহৰ পিছত পাংগিং টাউন নতুন জিলাখনৰ সদৰ ঠাই হিচাপে চিহ্নিত কৰা হয়।[3][1]

এই জিলাত ব্যৱহৃত মূল ভাষাটো হৈছে চীন তিব্বতীয় মূলৰ আদি ভাষা

প্ৰশাসন

[সম্পাদনা কৰক]

এই জিলাৰ অস্থায়ী সদৰ হৈছে পাংগিন টাউন।[3]

জিলাখনৰ প্ৰশাসনৰ মূল কেন্দ্ৰ কেইটা হৈছে- ৰুমগং (Rumgong) কায়িং (Kaying) আৰু ব’লেং (Boleng)। জিলাখনত বৰ্তমান নখন জিলাপৰিষদৰ সদস্য আছে, যেনে- জ’মল’ ম’বুক (Jomlo Mobuk), ৰুমগং (Rumgong), কায়িং (Kaying), পায়ুম (Payum), ব’লেং (Boleng), ৰিগা (Riga), ৰিব’-পাৰগিং (Rebo-Perging), পাংগিন (Pangin) আৰু কেবাং (Kebang)।

জিলাখন চাৰিটা মহকুমাত বিভক্ত:

  • ব’লেং মহকুমা (Boleng Sub-Division): ব’লেং (Boleng), ৰিগা (Riga) আৰু ৰিব’-পাৰগিং (Rebo-Perging) চাৰ্কোল
  • পাংগিন মহকুমা (Pangin Sub-Division): পাংগিন (Pangin) আৰু কেবাং (Kebang) চাৰ্কোল
  • ৰুমগং মহকুমা (Rumgong Sub-Division): জ’মল’ ম’বুক (Jomlo Mobuk) আৰু ৰুমগং (Rumgong) চাৰ্কোল
  • কায়িং মহকুমা (Kaying Sub-Division): কায়িং (Kaying) আৰু পায়ুম (Payum)

এই জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ দুটা সমষ্টি আছে-

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Siang becomes 21st district of Arunachal". The Arunachal Times. 28 November 2015. Archived from the original on 31 March 2019. https://web.archive.org/web/20190331044433/https://arunachaltimes.in/archives/nov15%2028.html আহৰণ কৰা হৈছে: 4 December 2018.
  2. "Arunachal clears bill for four new districts". The Times of India. 22 March 2013. https://timesofindia.indiatimes.com/city/guwahati/Arunachal-clears-bill-for-four-new-districts/articleshow/19120040.cms.
  3. 1 2 Amar, Sangno (1 December 2014). "Tension over district headquarters simmers at Pangin-Boleng". The Arunachal Times. Archived from the original on 1 July 2017. https://web.archive.org/web/20170701084453/http://www.arunachaltimes.in/archives/dec14%2002.html আহৰণ কৰা হৈছে: 4 December 2018.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]