নামনি ছিয়াং জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নামনি ছিয়াং জিলা
—  অৰুণাচল প্ৰদেশৰ জিলা  —
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
স্থাপিত ২২ নৱেম্বৰ ২০১৭ (2017-11-22)
সদৰ লিকাবালি
চৰকাৰ
 - লোকসভা সমষ্টি অৰুণাচল পশ্চিম, অৰুণাচল পূব
 - বিধানসভা সমষ্টি ২ টা (লিকাবালি, নাৰি-কয়ো)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)

নামনি ছিয়াং জিলা (Lower Siang district, Pron:/ˈsjæŋ or ˈsɪæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১৭ চনৰ ২২ ছেপ্টেম্বৰৰ দিনা পূব ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলাৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল৷ নামনি ছিয়াং জিলাৰ অস্থায়ী সদৰ ঠাই লিকাবালি৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী গাল’ জনজাতিৰ৷

ইতিহাস[সম্পাদনা কৰক]

২০১৩ চনৰ ২১ মাৰ্চত সেইসময়ৰ মুখ্যমন্ত্ৰী নবাম টুকীৰ অধীনৰ অৰুণাচল প্ৰদেশ ৰাজ্যিক চৰকাৰে নামনি ছিয়াং জিলা সৃষ্টিৰ প্ৰস্তাৱটোত অনুমোদন জনায়৷[1] পূব ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলাৰ একাংশ লৈ এই নতুন জিলা সৃষ্টিৰ সিদ্ধান্ত লোৱা হয়৷[2]

জিলাখনৰ সদৰ ঠাইক লৈ কিছু মতবিৰোধ সৃস্টি হোৱাত এই সিদ্ধান্ত কাৰ্যকৰী কৰাত পলম হয়৷[3] অৱশেষত ২০১৭ চনৰ ২২ ছেপ্টেম্বৰত লিকাবালিক অস্থায়ী সদৰ হিচাপে গ্ৰহণ কৰি মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুয়ে জিলাখন গঠনৰ সিদ্ধান্ত কাৰ্য্যকৰী কৰে৷[4][5]

প্ৰশাসন[সম্পাদনা কৰক]

নামনি ছিয়াং জিলাখন লিকাবালি আৰু নাৰি-কয়ো (Nari-Koyu) বিধানসভা সমষ্টিৰে গঠিত৷

জনসংখ্যা[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা ৮০,৫৯৭ জন৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী গাল’ (Galo) জনজাতিৰ৷

ভাষা[সম্পাদনা কৰক]

জিলাখনত ব্যৱহৃত মূল ভাষা হৈছে গাল’৷ এই ভাষাটো চীন-তিব্বতীয় মূলৰ৷[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]