ভীষ্মকনগৰ সংগ্ৰহালয়ত ইতিহাসৰ চিহ্ন বিকল্প নাম
কুণ্ডিলনগৰ, সাধ্যপুৰ (শদিয়া) অৱস্থিতি
লোহিত জিলা , অৰুণাচল প্ৰদেশ , ভাৰত প্ৰকাৰ
আৱাসিক Length
৪.৫ কিলোমিটাৰ Width
২.৫ কিলোমিটাৰ ইতিহাস Material
ইটা, শিল, বালি, মাটি স্থাপনা
খ্ৰীষ্টীয় ৮ম শতিকা পৰিত্যক্ত
খ্ৰীষ্টীয় ১৬শ শতিকা
ভীষ্মকনগৰ (কুণ্ডিলনগৰ ৰূপেও জনাজাত) উত্তৰ পূব ভাৰত ৰ অৰুণাচল প্ৰদেশ ত অৱস্থিত এক প্ৰত্নতাত্ত্বিক ঐতিহ্যমূলক স্থান। ভীষ্মকনগৰ নামনি দিবাং উপত্যকা জিলাৰ ৰ'ইঙ ত অৱস্থিত। অসমৰ চুতীয়া ৰাজ্য ৰ ইতিহাস বিজড়িত এই ঠাই প্ৰত্নতাত্ত্বিক দৃষ্টিকোণৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ। [1]
১৯৭০ চনৰ দশকত প্ৰত্নতাত্ত্বিক গৱেষকসকলে নামনি দিবাং জিলাৰ ৰ'ইঙত এখন প্ৰাচীন নগৰৰ ভগ্নাৱশেষ উদ্ধাৰ কৰে। এই গৱেষকসকলেই অঞ্চলটোৰ নাম 'ভীষ্মকনগৰ' ৰাখে। সম্ভৱতঃ চুতীয়াসকলৰ কিম্বদন্তী ৰজা ভিৰমুক্কা (Bhirmukka ) নামৰ সংস্কৃতকৰণৰ জৰিয়তে ভীষ্মক শব্দৰ ব্যুৎপত্তি হ'ল। বুৰঞ্জীপ্ৰাপ্ত তথ্য অনুসৰি, মধ্যযুগত চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা বীৰপালে নিজকে ৰজা ভিৰমুক্কাৰ উত্তৰসুৰী হিচাপে পৰিচয় দিছিল।
দেওধাই বুৰঞ্জীৰ পাঠত পোৱা যায়,
“শদিয়া ক'ৰজাকু-দেশ চুতিকা-বংশ ভিৰমুক্কা ধাতু দ্ৰৱ্য টো লেভে না সত্ব জনপদন্য”
ঐতিহাসিকভাৱে, কুণ্ডিল নদীৰ পাৰত অৱস্থিত হোৱাৰ কাৰণে এই অঞ্চল কুণ্ডিল-নগৰ হিচাপে জনাজাত আছিল। ইয়াৰ লগতে, সাধ্যপুৰ ৰ অধিপতি (সাধ্যপুৰ-ঈশ্বৰ) নামৰ পৰা "সাধ্যপুৰা" নামৰ উদ্ভৱ হয়। আনহাতে, টাই বুৰঞ্জী অনুসৰি ইয়াৰ নাম "চে-লুং" (অসমীয়া অৰ্থ: বৰ-নগৰ, ইংৰাজী অৰ্থ:Great City)।
ভীষ্মকনগৰ বৰ্তমানৰ অৰুণাচল প্ৰদেশ ৰ নামনি দিবাং উপত্যকা জিলাৰ অংশ। এই পৌৰাণিক নগৰখনৰ পৰিসৰ ২৫০০ একৰ ক্ষেত্ৰ জুৰি বিস্তৃত।
প্ৰত্নতাত্ত্বিক দিশৰ পৰা ভীষ্মকনগৰ এক গুৰুত্বপূৰ্ণ প্ৰাচীন স্থান। এই নগৰখন খ্ৰীষ্টীয় ৮ম শতিকাত এগৰাকী চুতীয়া ৰজাৰ দ্বাৰা নিৰ্মিত হৈছিল আৰু পৰৱৰ্তীকালত ৰত্নধ্বজপাল নামৰ (গৌৰীনাৰায়ণ নামেৰেও প্ৰখ্যাত) আন এগৰাকী চুতীয়া ৰজাৰ পৃষ্ঠপোষকতাত পুনৰ নিৰ্মিত হৈছিল। [2] ভীষ্মকনগৰ চুতীয়া ৰাজ্য ৰ শক্তিকেন্দ্ৰ আছিল বুলি ঠাৱৰ কৰা হয়। অদুপৰি, এই স্থানত উদ্ধাৰ হোৱা ভগ্নাৱশেষ আৰু ধ্বংসস্তুপসমূহ খ্ৰীষ্টীয় ১১শ শতিকাৰ পৰা ১৫শ শতিকাৰ মাজৰ হিচাপে চিহ্নিত কৰা হৈছে। [3] ভীষ্মকনগৰক সাধ্যপুৰী (অথবা স্বাধ্যপুৰী) হিচাপেও জনা যায়, আৰু ই চুতীয়া সাম্ৰাজ্যৰ ৰাজনৈতিক প্ৰাণকেন্দ্ৰ আছিল। [4] মহেশ্বৰ নেওগৰ মতে, সম্ভৱতঃ চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে ইয়াৰ মেৰামতিৰ কাম হাতত লৈছিল, কিয়নো শ্ৰী শ্ৰী লক্ষ্মী-নাৰায়ণ নামাংকিত ইটা সেই স্থানত উদ্ধাৰ হৈছিল।[5] আনহাতে, কুণ্ডিল নদীৰ পাৰত অৱস্থিত হোৱাৰ বাবে এই স্থান কুণ্ডিলনগৰ নামেৰেও প্ৰখাযত।
পোৰা-মাটিৰ ইটাৰে সজা এই এই দূৰ্গৰ শীৰ্ষভাগ অতি বৈশিষ্ট্যপূৰ্ণ আৰু চিত্তাকৰ্ষক। প্ৰাচীন স্থপতিবিদসকলৰ কলা-নৈপুণ্যৰ ই এক মনোমোহা নিদৰ্শন। আনকি, আধুনিক যুগতো এই দূৰ্গৰ স্থাপত্যক বিস্ময়কৰ কাৰুকলা হিচাপে চিহ্নিত কৰিব পাৰি।
নগৰখন প্ৰায় ১০ বৰ্গ কিল'মিটাৰ ক্ষেত্ৰত বিস্তৃত হৈ আছে। ই পূৱ, পশ্চিম আৰু দক্ষিণ দিশত ৪.৫ মিটাৰ উচ্চতাৰ আৰু ৬ মিটাৰ প্ৰস্থৰ ৬-৯ তৰপীয়া গ্ৰেণাইট আৰু ইটাৰ দেৱালেৰে পৰিৱেষ্টিত হৈ আছে।
[6] উত্তৰদিশত থকা মিছিমি পাহাৰে নগৰক এক প্ৰাকৃতিক সুৰক্ষা আৱেষ্টনী প্ৰদান কৰে। অৰুণাচল প্ৰদেশ চৰকাৰৰ যদিও বিশেষ প্ৰত্নতাত্ত্বিক খন্দন অনুসন্ধান সম্পন্ন হোৱা নাই, কিন্তু প্ৰাথমিক খননত তিনিখন টেংক, আৰু পূৱ আৰু পশ্চিম দিশত দুখন তোৰণৰ অৱস্থিতি পোৱা গৈছে। [7]
ভীষ্মকনগৰৰ কেন্দ্ৰীয় পৰিসৰ ১৮৬০ বৰ্গমিটাৰ কালিত বিস্তৃত। ইয়াত তিনিটা ভৱন, ছখন প্ৰৱেশদ্বাৰ আৰু দুটা বিস্তাৰ কক্ষ আছে। পৰিসৰৰ ভিতৰত ২ মিটাৰ উচ্চতাৰ শৈল দেৱাল অৱস্থিত। দূৰ্গৰ স্থাপত্য হৈছে মধ্যযুগীয় কলা-স্থাপত্যৰ নিদৰ্শন। উৎখননৰ সময়ত প্ৰাপ্ত মাটিৰ বাচন-বৰ্তন, পোৰামাটি(টেৰাক'টা)-ৰ মূৰ্তি, টেৰাক'টা ফলক আৰু আলংকাৰিক সজ্জা-খপৰাসমূহ (decorative tiles) বৰ্তমান সংৰক্ষিত হৈ আছে।
ভীষ্মকনগৰৰ ৪.৫ মিটাৰ উচ্চতাৰ দেৱালৰ একাংশ
ভীষ্মকনগৰৰ দেৱালৰ দৃশ্যাংশ
ৰাজপ্ৰাসাদৰ তিনিটা কোঠা, প্ৰতিটো প্ৰায় ৫০০০ বৰ্গফুট জোৰা
দূৰ্গীকৃত দেৱালৰ ভিতৰত আন এক গাঁথনি
ভীষ্মকনগৰৰ কেন্দ্ৰীয় অংশৰ গাঁথনি
চুতীয়া ৰাজ্যৰ অধিপতি লক্ষ্মীনাৰায়ণৰ নামাংকিত ভীষ্মকনগৰৰ দূৰ্গৰ এচপৰা ইটা
ভীষ্মকনগৰৰ পৰিসৰৰ এটা ভৱনৰ ভেটি
ভীষ্মকনগৰত উদ্ধাৰ হোৱা মৃৎশিল্পৰ নমুনা
ভীষ্মকগৰৰ কেন্দ্ৰীয় ভৱনৰ অংশ
ভীষ্মকনগৰৰ কেন্দ্ৰীয় ভৱনৰ অন্য একাংশ
ভীষ্মকনগৰত উদ্ধাৰ হোৱা বিভিন্ন কলাকৃতি
↑ "Bhismaknagar" . Government of Arunachal Pradesh. http://arunachalpradesh.gov.in/bnagar.htm .
↑ "Bhismaknagar Fort" . India Mapped. http://www.indiamapped.com/monuments-in-india/bhismaknagar-fort/ । আহৰণ কৰা হৈছে: 24 January 2019 .
↑ Deori, Nabajit,Archaeological Heritage of Arunachal Pradesh ,p.8.
↑ Momin, Mignonette; Mawlong, Cecile A.; Qādrī, Fuz̤ail Aḥmad (2004) (en ভাষাত). Society and Economy in North-East India . Regency Publications. পৃষ্ঠা. 47. ISBN 9788189233402 . https://books.google.com/books?id=Djx131iEeYkC .
↑ Neog, Maheswar, A Ruling dynasty of Arunachal: Annals of the Bhandarkar Oriental Research Institute
Vol. 58/59, Diamond Jubilee Volume (1977-1978), p.817
↑ Gait, Edward. A history of Assam(2nd Edition) . 1962, p. 16.
↑ Raikar, Yashawant. Archeology in Arunachal Pradesh . 1980, p. 19.