কলিতা জনগোষ্ঠী
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
| মুঠ জনসংখ্যা | |||
|---|---|---|---|
| ৭০ লাখ (অনুমাণিক) | |||
| উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | |||
| |||
| ভাষাসমূহ | |||
|
অসমীয়া ভাষা, কামৰূপীয় ভাষা | |||
| ধৰ্ম | |||
|
| |||
| সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী | |||
কলিতা (ইংৰাজী: Kalita) হৈছে উত্তৰ-পূব ভাৰত তথা অসমৰ এক প্ৰাচীন জনগোষ্ঠী।[1] পৌৰাণিক কামৰূপ ৰাজ্যৰ বাসিন্দা আছিল কলিতাসকল। কলিতাসকল প্ৰধানত অসমৰ কৃষিজীৱী জনগোষ্ঠী। অসমত বসবাস কৰি অহা ভূমিপুত্ৰ জনগোষ্ঠীটোৱে কৃষিকাৰ্য, কুমাৰ, কঁহাৰ, শিপিনী আদি কৰ্মৰ সৈতে জড়িত হৈ এক স্বগোষ্ঠীয় পৰিচয় বহন কৰি আহিছে। কলিতা নাৰীসকলে নিজৰ ঘৰৰ তাঁতশালত স্ব-জনগোষ্ঠীয় সাজ-পাৰ যেনে মেখেলা-চাদৰ, গামোচা, পুৰুষৰ বাবে কামিজ, এৰিচাঁদৰ আদি নিজে তৈয়াৰী কৰি লৈছিল। কলিতাসকলৰ অসমত এক সুকীয়া বৈশিষ্ট্য আৰু স্বজনগোষ্ঠীয় পৰিচয় অক্ষুণ্ণ আছে। নৃ-গোষ্ঠীয় বৈশিষ্ট্য অক্ষুণ্ণ ৰখাৰ বাবে অসমৰ ভূমিপুত্ৰ আদিবাসী কলিতাসকলে বৰ্ণশংকৰ প্ৰজন্ম সৃষ্টি কৰাৰ পক্ষপাতী নকৰে। সেয়েহে অন্য জাতি বা জনগোষ্ঠীৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিবলৈ খুব বেছি আগ্ৰহ প্ৰকাশ নকৰে যদিও কিছু বছৰৰপৰা কলিতাসকলে যথেষ্ট পৰিমাণে অন্য জনগোষ্ঠীৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰা দেখিবলৈ পোৱা গৈছে। এই জনগোষ্ঠীৰ লোকসকলে অসমৰ সমতল উভয় মুলুকতে বসবাস কৰা দেখিবলৈ পোৱা যায়। কঠোৰ পৰিশ্ৰম আৰু অধ্যয়নৰ জৰিয়তে কলিতা জনগোষ্ঠীৰ লোকসকলে অতি শান্তিপ্ৰিয়ভাৱে জীৱন-নিৰ্বাহ কৰে। নামনি অসমত উদ্যাপন কৰা কৃষিভিত্তিক উৎসৱ মহোহো, ভঠেলি আদি কলিতাসকলৰ মূল উৎসৱ। কলিতাসকলে আহোম ৰাজত্বকালতো বহু গুৰুত্বপূৰ্ণ পদবীত স্থান পাইছিল। আহোম ৰাজত্বকালত কৰ্ম-সূত্ৰে লাভ কৰা কেইবাটাও উপাধিও কলিতাসকলে ব্যৱহাৰ কৰা দেখা যায়।
অসমত স্থায়ীভাৱে নিবাস কৰিবলৈ লোৱা প্ৰথমটো আৰ্যমূলীয় জাতি বুলি কোৱা হয়। কৃষিকৰ্মই হৈছে আৰ্যৰ প্ৰাথমিক পৰিচয়, প্ৰথমাৱস্থাত উৰ্বৰ মটিৰ সন্ধানতে হয়তো আৰ্যসকল অসমলৈ প্ৰব্ৰজন কৰিছিল আৰু অনাৰ্যৰ লগত যুদ্ধ কৰি ভূমি অধিকাৰ সুৰক্ষিত কৰিছিল,আৰু তাৰ বহু পাছতহে ইয়ালৈ ব্ৰাহ্মণসকলৰ আগমন হয়,আচলতে নাঙলে মাটি চহাই খেতিবাতি কৰা পদ্ধতি,আৰ্যপুত্ৰ কলিতাসকলেই অসমলৈ আনে।
কনকলাল বৰুৱাই কৈছে যে আৰ্য্যৰ এটা শাখা প্ৰথমে উত্তৰ-পূবৰপৰা অসমত প্ৰৱেশ কৰিছিল আৰু সেই আদিম আৰ্য্যসকলৰ বংশধৰসকলেই হৈছে বৰ্তমান সময়ৰ অসমীয়া কলিতাসকল। মাধুৰ্যমণ্ডিত বৰুৱাই আল্পচ পৰ্বতমালাৰ দাঁতিৰ দ্যনুৱ নদীৰ পাৰৰ পৰা বৰ্তমানৰ ইৰাক-ইৰাণত তেতিয়া বৰ্তি থকা আচিৰীয়া সভ্যতা অতিক্ৰম কৰি মকৰান পৰ্বতৰ দাঁতিয়েদি সিন্ধু নদী উপত্যকাত থিতাপি লৈছিল বুলি ক'ব খোজে। এওঁলোকেই হৈছে একমাত্ৰ "পূৰ্ববৈদিক আৰ্যজাতি" যি সৰ্বপ্ৰথমে অসমলৈ আৰ্য সংস্কৃতি কঢ়িয়াই আনিছিল।"[2] মাধুৰ্যমণ্ডিত বৰুৱাৰ মতে, হিমাচল প্ৰদেশৰ কুল্লু উপত্যকা বা কুলুট ৰাজ্যৰ পৰা অহাৰ বাবেই প্ৰাচীন অসমত এই ক্ষত্ৰিয় জাতিটো কলিতা নামেৰে জনাজাত আছিল। আনকি, বৰুৱাই কৰতোৱা নদীৰ নামাকৰণো কুলট>কুলত>>কুলুতোয়া শব্দৰ পৰাই উৎপত্তি হোৱা বুলি কলিতা জাতিৰ ইতিহাস গ্ৰন্থত সাক্ষ্য প্ৰমাণেৰে সাব্যস্ত কৰিছে। [3] কলিতাসকল হৈছে অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনগোষ্ঠী। শংকৰলাল বৰুৱাই উল্লেখ কৰিছে যে ধৰ্মপালৰ ৰাজত্বকালত (১০৯৫–১১২০) কলিতাসকল উত্তৰ ভাৰতৰপৰা অসমলৈ আহিছিল। ড° বি এছ গুহে গুজৰাটৰ "আলপাইন নগৰ ব্ৰাহ্মণ"ৰ পৰম্পৰা বৈশিষ্ট্য আদিৰ লগত উত্তৰ-পূব ভাৰতৰ আলপাইন আৰ্যসকলৰ সাদৃশ্য বিচাৰি পাইছিল। কামৰূপ ৰজা ভাস্কৰবৰ্মনৰ নিধানপুৰ ভূমি অনুদানত (৬ম শতিকা খ্ৰীষ্টাব্দ) উল্লেখ কৰা উপাধিসমূহৰ সৈতে তেওঁ কলিতাসকলক যুক্ত কৰিব খোজে।" ১৫-১৬ শতিকাত কলিতাসকলৰ অসমত এখন নিজা স্বাধীন দেশ আছিল।[4] অষ্টাদশ শতিকাত ৰচিত চক্ৰপাণি বৈৰাগীৰ 'গুৰুচৰিত কথা'ত মহাপুৰুষ ভবাণীপুৰীয়া গোপাল আতাৰ পিতৃভিঠা বুলি কলিতা দেশৰ প্ৰসংগ আনিছে।[5] প্ৰথমবাৰলৈ জাতিবাচকভাবে ১৬৫৭ খৃ. বৰপেটা সত্ৰৰ তামৰ ফলিত কলিতা শব্দৰ প্ৰয়োগ কৰা হৈছিল। তাৰ পাছলৈ দৈত্যাৰি ঠাকুৰকৃত শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেব চৰিতকে আদি কৰি বিভিন্ন লেখ ফলি শাসনত ছেগা ছোৰোকাকৈ জাতিবাচক ৰূপে কলিতা শব্দৰ আহিছে।[6]
বাৰভূঞা কলিতাসকল
অসমত আদিভূঞা আৰু পশ্চিমীয়া ভূঞা বুলি দুই শ্ৰেণীৰ কলিতা-বাৰভূঞা পোৱা যায়। বৰ্তমানৰ অসম, উত্তৰ বংগ আৰু বাংলাদেশৰো সৰহভাগেৰে গঠিত (খৃঃ 650 ৰ পাছৰপৰা) পুৰণি কামৰূপ ৰাজ্যৰ ভাঙোনৰ সময়ছোৱাতে ভূঞাসকলৰ আদি থালটো উৎপত্তি হৈছিল। শালস্তম্ভ বংশৰ নৱম শতিকাৰ ৰজা বলবৰ্মন (তৃতীয়)ৰ ৰাজত্বকালতে মাটি ভগাই লোৱাৰ কাৰ্য খুব দেখিবলৈ পোৱা হৈছিল।[7] কামৰূপ ৰাজ্যৰ পতনৰ পাছত তেওঁলোকৰে কিছুমান ক্ষমতাশালী সামন্তই আনৰ কৰতলীয়া হিচাপে বা কেতিয়াবা স্বাধীন ভাবেও একোটা সৰু সৰু এলেকাত ভূঞা নামেৰে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি শাসন কৰিছিল,তেওঁলোকেও নিজকে ক্ষত্ৰিয় বুলিছিল। অসমত আৰু এচাম গোটছেৰেক পশ্চিমীয়া কায়স্থ (কলিতা)[8] ভূঞা আছে যি চতুৰ্দশ শতিকাৰ শেষৰফালে কমতাৰ ৰাজা দুৰ্লভনাৰায়ণ[9]ৰ ৰাজত্বকালত কনৌজ আৰু বংগৰপৰা প্ৰব্ৰজিত হৈছিল। এইসকল ভূঞাৰ মাজতেই মহাপুৰুষ শংকৰদেৱৰ বংশধৰো আছিল। জাতিগতভাৱে কায়স্থ (কলিতা) আৰু ব্ৰাহ্মণ এই পশ্চিমীয়া ভূঞাসকলৰ বেছিভাগকেই প্ৰথমে কমতা ৰাজ্যত সংস্থাপিত কৰাৰ পাছত নিৰাপত্তাজনিত কাৰণতেই তেওঁলোক উজাই আহি কলিতা আদিভূঞাসকলৰ লগত মধ্য অসমৰ বিভিন্ন ঠাইত বসতি স্থাপন কৰিছিল। কিন্তু পিছলৈ বিভিন্ন কাৰণবশতঃ প্ৰায় সকলোবোৰ পশ্চিমীয়া ভূঞাই কোচ ৰাজ্যলৈ পুনঃপ্ৰবজিত হৈছিল [10] উল্লেখযোগ্য যে উজনি অসমত এইসকল ভূঞাৰ বিশেষ কোনো চিন-চাব নাই।[11] ইয়াতকৈ অধিক এইসকলৰ বিষয়ে জনা নাযায়। আহোম ৰাজত্বৰ সময়ত পৰাক্ৰমী কলিতা আদিভূঞাসকলক চুতীয়া কছাৰী কোচ আদিৰ ভূঞাৰ লগতে দমন কৰি ৰজাই শাসনত উপযুক্ত বিষয়-বাব দি সংস্থাপিত কৰিছিল। পুৰণি অসম বুৰঞ্জীসমূহৰ ঠায়ে ঠায়ে বাৰভূঞাৰ প্ৰসংগ বহুবাৰ আনিছে আৰু তাৰ সংজ্ঞাও দিছে এনেদৰে- ‘পাচে লাক্লি কওদেউ ২৪২৭ শকত(১৫০৫) বাৰভূঞাক বৰালে। বাৰভূঞাৰ অৰ্থ এই, এওঁলোক একৰকম হিন্দু। আকৌ আন এঠাইত এনেকৈ আছে- দেশত ৰজা নাইকিয়া হ’লে অথবা ৰজা থকা সময়তো তেওঁলোক ৪,৫,১০,১২ গ্ৰাম ততোধিক গাঁৱৰ অধিপতি আপুন এক্তাৰে হৈ দখল কৰে। সময়মতে স্বাধীন মত হৈ কোনো কোনো ৰজাৰ অধীন হৈ সেই গ্ৰামৰ কৰ-কাটল দিয়ে, ইয়াকে বাৰভূঞা বোলে। একেদৰে বাৰভূঞা চৰিতত আছে কিদৰে স্বৰ্গদেউসকলে ভূঞাৰ সতি-সন্ততিসকলক নিজ ৰাজ্যত থিতাপি লগোৱাৰ পিছত আহোম ৰাজচ’ৰাত মন্ত্ৰী ডা-ডাঙৰীয়া কেইজনৰ আসনৰ কাষতেই সেইসকলৰো বহাৰ চিন কৰি দিছিল। লাচাম কলিতা ভূঞাক কছাৰী ৰাজ্যৰ শাসনকৰ্তা(বৰচেতিয়া বা মৰঙীখোৱা গোহাঁই) পতাৰ পাছৰপৰাই আহোম ৰাজত্বত ভূঞাসকলৰ মৰ্যাদা আৰু স্থান সম্পৰ্কে কিছু সম্ভেদ পোৱা যায়। আহোম ৰাজ্যত এই কলিতা ভূঞাসকলৰ বাজে কিন্তু পশ্চিমীয়া কায়স্থ (কলিতা) ভূঞাক আহোম ৰজাই কেতিয়াবা আদৰেৰে সংস্থাপিত কৰাৰ কথাটোত বুৰঞ্জী নিমাত। পুৰণি অসম বুৰঞ্জীত এনেকৈ আছে- "স্বৰ্গদেৱ দিহিঙীয়া ৰজাই ৰটাটেমনি দখল কৰি বাৰভূঞাক উত্তৰ কোলত পাতিলেহি। ভূঞাৰ নাম উতৈ ১,তমাই ১, ৰাই ১, সঁকাই ১, কৌষিক ১, উজিৰ ১, লস্কৰ ১, চোমদাৰ ১, সনাতন ১, কেহো ১, ৰামভট ১, ভকতভূঞা ১। এই বৰ বাৰভূঞা আৰু এওঁলোকৰ প্ৰত্যেকৰে লগত চাৰিজনকৈ সৰু ভূঞা দি মুঠ ষাঠিজন ভূঞাক উত্তৰ পাৰে পাতিলে। ইয়াৰ ভিতৰৰ ডাঙৰ লাচাম কলিতা ভূঞাক স্বৰ্গদেৱে মৰঙিৰপৰা ১৫৩৬ খৃঃত ডিমাপুৰ দখল কৰি কছাৰী ৰজা ডেৰচোংফাক হত্যা কৰাৰ পাছত কছাৰীবিলাকৰ ওপৰত টুৰ্পা নাম দি মৰঙিৰ শাসনকৰ্তা বা মৰঙি খোৱা গোহাই পাতি বাঁহবড়িয়া চেটিয়া পাতিলে।" [12] Dr. JP Wade আৰু কছাৰী বুৰঞ্জীৰ মতে তেওঁৰ নাম চুৰ্পাহে আৰু কছাৰী বুৰঞ্জীয়ে তেওঁক বৰচেটিয়া বুলি কয়। এই বিষয়ে পুৰণি অসম বুৰঞ্জীত এনেকৈ আছে - "পাচে মোৰ পুথাও দিহিঙ্গীয়া ৰজা কাচেঙ্গ বড় পাত্ৰগোহাইক সেনাপতি পাতি উপায় কৰি তুৰ্বকক মৰালে। আত পাচে সেই বেলা ৰটাটেমনিৰ বাৰ ভূঞায়াই কলঙৰ কাখৰত ৰলহি। মদনগিৰি, ধৰ্মাই, চোমদাৰ, ৰামচন্দ্ৰ গিৰি, চন্দ্ৰ দলৈ, তামোলী দলৈ, বাহুদলৈ, বড় চোমদাৰ, এইসকল প্ৰমুখ্যে যুদ্ধক মনে আছে। ...পাচে দিহিঙ্গীয়া ৰজা বড় সন্দিকৈ সকলোবোৰে ভূঞায় যুদ্ধলৈ সলালৈ, আহিল। পাচে ভূঞাৎ সলা মাৰিলে। প্ৰথমে ৰনভঙ্গ হৈ আমাৰ হুহুকি আহি পৌষ মাস ১৪৬৩ শকত দুদিন পাচে যুদ্ধ কৰি ভূঞাক ভঙ্গাই মূৰ আনি মথাডাঙ্গত থলে। দুটা দৌল বান্ধিলে। ৰামচন্দ্ৰ গিৰি, দলিদখাঁ, প্ৰমুখো ভূঞাসকল সলাত লোকজন সহিতে দান্তে ধৰি দিহিঙ্গীয়া ৰজাত সৰণাগত হ'ল; লস্কৰো পৰিল ১৬, কটোয়াল পৰিল ১২, ঘোড়া পালে ৩০০, সেনা অনেক পৰিল। বজৰা নাও ৬০ পালে। সেই ভূঞাসকলক পুথাও দিহিঙ্গীয়া স্বৰ্গদেৱৰ আজ্ঞাএ বড়চেতিয়ায়ে উত্তৰ কোণে পাতিলে।" [13] তদুপৰি বাৰভূঞাক ছুহুংমুং স্বৰ্গদেউৱে তামোলী পাচনি আদি কৰি সময়ে সময়ে তেওঁলোকৰ বিভিন্ন আদৰ্শ গ্ৰহণ কৰি পদ্ধতিগতভাৱে নিজৰ বিশ্বস্তু কৰি লৈছিল।[14] তদুপৰি বাৰভূঞাৰ ভাই ভতিজাক মতাই আনিও স্বৰ্গদেউৱে নিজৰ খাটনিয়াৰ হিচাপে নিযুক্তি দিছিল।[15]
কলিতাসকৰ বৰ্ণ বিভাজন
অসমৰ কলিতাসকল জন্ম অনুসাৰে অতীজৰেপৰা বহুধা বিভক্ত। বৰ্মন শাসনৰ পাছত কামৰূপত কলিতা বাৰভূঞাসকলে কৰতলীয়া প্ৰান্তীয় এলেকাৰ শাসক হিচাপে নিজক ক্ষত্ৰিয় বুলিছিল। ভাস্কৰবৰ্মাৰ দিনত উত্তৰ ভাৰতৰপৰা আহ্ৰূত বিশেষকৈ ৰাজকাৰ্যত সহায়ৰ বাবে নিয়োজিত "কায়স্থ" পদটিত অধিষ্ঠিত হোৱা কলিতা জাতিৰ লোকসকলে পুৰুষানুক্ৰমে নিজকে কায়স্থ বুলি চিনাকি দিবলৈ ল'লে।[16] কলিতাসকলৰ যিটো থুলে ধৰ্মীয় আৰু মাঙ্গলিক অনুষ্ঠানত পৌৰোহিত্য কৰি পৰিচালনাৰে আগুৱাই নিলে, ত্ৰয়োদশ শতিকাত উত্তৰ ভাৰতীয় কায়স্থসকল ভূ-খণ্ডটোলৈ অহাৰ পূৰ্বে, সেই থুলটোৱেই কায়স্থৰূপে পৰিচিত হৈছিল। পৰৱৰ্তী পৰ্যায়ত ধৰ্মৰ গুৰি ধৰাৰ সমান্তৰালভাৱে সংস্কৃত পুথি সমূহৰ ভাষান্তৰ কৰি ৰচনা কৰাৰ কামটোতো এই লোকসকল নিয়োজিত হ'ল।[17] এনেকৈ কায়স্থ ৰাজবিষয়া,পৰম্পৰাগত কামৰূপীয়া ভাষাৰ চৰ্চা তথা শিক্ষা দিয়া,ৰাজ-অনুগ্ৰহ পোৱা,ধৰ্মীয় খাম কাজৰ সৈতে জড়িত কলিতাসকলৰ এটা ডাঙৰ থুলে নিজক কায়স্থ পৰিচয়ৰ লগত সংপৃক্ত কৰি ল'লে। অতীতত কোচ ৰজাসকলে কলিতা জাতিৰপৰাই ৰাজপুৰোহিত নিৰ্বাচন কৰিছিল,[উদ্ধৃতিৰ প্ৰয়োজন] পাছলৈ কোচৰজা বিশ্বসিংহৰ দিনতহে কলিতাৰ ঠাইত ব্ৰাহ্মণক নিয়োগ কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] এই ঘটনাৰ বাবে সমাজত কৰ্তৃত্ব আৰু শ্ৰেষ্ঠতাক লৈ এই উত্তৰ ভাৰতীয় ব্ৰাহ্মণসকলৰ লগত ইয়াৰ কলিতা,দেওধাই আদি কোচ পুৰোহিতসকলৰ বহুবছৰ ধৰি সংঘৰ্ষ চলি আছিল। কমতাধিপতি দুৰ্লভনাৰায়ণে আনয়ন কৰা কায়স্থসকলে কামৰূপত থিতাপি লোৱাৰ পৰৱৰ্তীকালত, ইতিপূৰ্বে ধৰ্মীয় কাম-কাজ আৰু পুৰোহিতালি কৰ্মৰে জড়িত ‘উত্তৰী' লোৱা কলিতাসকলেও নিজকে কায়স্থ বুলিবলৈ লয়। অৱশ্যে পুৰোহিত শ্ৰেণীৰ অনেক কলিতাই 'উত্তৰী' ধাৰণ কৰিও নিজকে কায়স্থ পৰিচয়ৰে সম্পৃক্ত নকৰাকৈও ৰৈ গৈছিল।[18] যদিও কলিতাসকলৰ নৃগোষ্ঠীয় পৰিচয় আলপাইন আৰ্য ক্ষত্ৰিয় তথাপি বৃহত্তৰ অসমীয়া সমাজ গঠনৰ উপলক্ষ্য্যতে হওক অথবা সময়ে সময়ে হৈ অহা বাহিৰা আক্ৰমণ বা শাসনৰ সময়তে হওক, পৰিৱেশজনিত সমাজিক একতাৰ উপৰি আৰ্য সাংস্কৃতিত বিনিময় আৰু সংমিশ্ৰণৰ বাবে হোৱা ক্ৰম বিৱৰ্তনৰ ফলশ্ৰুতিত এই জাতিত পদ্ধতিগতভাবে আন আৰ্য আৰু আৰ্যভিন্ন বহু মানুহো অন্তৰ্ভুক্ত হৈ পৰিল। কায়স্থসকলে বৰকলিতাকো তেওঁলোকৰ নামনাচত বুলি ঘোষণা কৰিব খোজে। কেৱল কামৰ ভাগ হিচাপে বেলেগ বেলেগ বৃত্তি গ্ৰহণ কৰি জীৱিকা নিৰ্বাহ কৰাৰ আছিলাতে কলিতাসকলক ভিন ভিন সম্প্ৰদায়ত বিভক্ত হ’ল।[উদ্ধৃতিৰ প্ৰয়োজন]
সামাজিক জীৱন
কলিতাসকল নিজে মূলতঃ কৃষিজীৱি যদিও অসমৰ জাতীয় জীৱনৰ অংগাংগী প্ৰতিটো বৃত্তি পৰম্পৰা ব্যৱস্থাত এই জাতিৰ প্ৰভাৱ আছে।[উদ্ধৃতিৰ প্ৰয়োজন] অতীজতে কোচসকলে ৰাজপুৰোহিত কলিতাসকৰপৰা নিৰ্বাচন কৰিছিল,পাছলৈ কোচৰজা বিশ্বসিংহৰ দিনতহে কলিতাসকলৰ ঠাইত ব্ৰাহ্মণসকলক নিয়োগ কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] আৰ্যপুত্ৰ কলিতাসকলে শঙ্কৰদেৱৰদ্বাৰা প্ৰৱৰ্তিত প্ৰচাৰিত একশৰণ হৰিনাম ধৰ্ম আঁকোৱালি লৈ মেধি, বুঢ়াভকত, ধৰ্মপ্ৰচাৰক, ধৰ্মাধিকাৰ আদি অনেক দায়িত্ব গ্ৰহণ কৰি অসমত মহাপুৰুষীয়া ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ভূমিকা লৈ আহিছে। তদুপৰি তেওঁলোকে আহোম, চুতীয়া, কোঁচৰ আদিৰ শাসনকালত ৰাজদূত, বিষয়া,পাইক হিচাপে কাম কৰিছিল। আহোম আৰু কোঁচ ৰাজ্যৰ অগ্ৰণী পদবীসমূহ ক্ৰমে বৰুৱা, ফুকন,চলিহা,বৰকাকতী, বৈৰাগী, খাটনিয়াৰ, ভূঞা,খাউণ্ড, ভাণ্ডাৰকায়স্থ(ভঁৰালী), কাকতি(বা কায়স্থ), নেওগ, তামূলী, খাৰঘৰীয়া আদি উপাধিবোৰ কলিতাসকলৰ মাজতো বিশেষভাৱে পোৱা যায়।[উদ্ধৃতিৰ প্ৰয়োজন] অৱশ্যে ফুকন, বৰুৱা আদি উপাধিবোৰ আহোম, কলিতা আৰু ব্ৰাহ্মণসকলৰ মাজত সমানে পোৱা যায়। তদুপৰি বৰা, বৰুৱা, শইকীয়া, হাজৰিকা আৰু ৰাজখোৱা উপাধি সমূহ আহোম, চুতীয়া, কোঁচ আৰু কলিতাসকলৰ মাজত দেখা পোৱা যায়। বৈৰাগী আৰু খাউণ্ড -এই দুয়ো উপাধি আহোম ৰজাৰ ৰাজদূতসকলক প্ৰদান কৰা হৈছিল। এই উপাধি প্ৰদান কৰোঁতে কলিতাসকলক প্ৰাধান্য দিয়া হৈছিল।[19]আনহাতে প্ৰধানকৈ মোগল শাসিত পশ্চিম অসমত পাছলৈ ব্ৰিটিছ অসমতো কলিতাসকলে ৰাজহ বিভাগত আগস্থান পাইছিল। চিৰস্তাদাৰ,চৌধুৰী, তালুকদাৰ, মজিন্দাৰ, ঠাকুৰীয়া,তহবিলদাৰ,লহকৰ,চুবাদাৰ আদি উপাধিসমূহ ইয়াৰ উদাহৰণ। তদুপৰি কলিতা জনগোষ্ঠীৰ লোকসকলে বিভিন্ন সময়ত আন আন বৃত্তি বা কৰ্মত মনোনিৱেশ কৰাৰ কাৰণে তেওঁলোকক সমাজত ভিন ভিন নামেৰে জনা গৈছিল। বহুসময়ত তেনে কাম আৰু দায়িত্বৰ ওপৰতে ভিত্তি কৰি ভিন ভিন উপাধিও লাভ কৰিছিল। বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা কলিতাসকলে প্ৰায় ৯৩টা উপাধি ব্যৱহাৰ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] ইয়াৰ ভিতৰত মহন্ত, দত্ত, ভূঞা,পাগবন্ধা, কলিতা, দাস,বাৰিক, সেনাপতি,পাঠক, পাটগিৰি, পোদ্দাৰ, অধিকাৰী, বড়া, বৰ্মন, ডেকা, দিহিদাৰ, মেধী, পাটোৱাৰী, হুন্দুৰী, কায়স্থ,বৈৰাগী, সাউদ, বেজবৰুৱা, জৰামূৰীয়া,খনিকৰ,দৰবধৰা, ভকত,বাৰুকিয়াল,বৰদলৈ, ধনদিয়া, গায়ন, বায়ন, দেউৰী, নামতিয়াল, সূত্ৰধাৰ, পুৰকায়স্থ, ডাকোৱা আদিয়েই প্ৰধান। অৱাশ্যে ইয়াৰ বহু উপাধি কলিতাসকলৰ বাহিৰেও আন আন জনগোষ্ঠীৰ লোকেও ব্যৱহাৰ কৰা দেখা যায়। বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় প্ৰত্যেকটো মহকুমাতে এই জনগোষ্ঠী পোৱা যায়। কুলুতাচসকলৰ এটা ঠালো কলিতাসকলৰ অন্তৰ্ভুক্ত হৈছিল। কৌনজৰপৰা অহা কিছু লোক আৰু ইয়াৰ বহু পূৰ্বেই হিমালয়ৰ পাদদেশত থকা লোকসকলৰ বহু লোক বৃহত্তৰ কলিতাসকলৰ এক অংশৰ পূৰ্বপুৰুষ বুলিব পাৰি।[উদ্ধৃতিৰ প্ৰয়োজন] পণ্ডিত ড॰ বাণীকান্ত কাকতীদেৱে কলিতা এক জাতি বুলি অভিহিত কৰিছে। এই জাতিৰ অন্তৰ্গত দুই সম্প্ৰদায় আছে। তাৰ ভিতৰত বৰ-কলিতা আৰু সৰু-কলিতা। কিন্তু কলিতাসকলৰ মাজতেই বহু শ্ৰেণীবিভাগ আৰু উচ্চ-নীচৰ ভেদাভেদ আহিল। এনেকুৱা ভেদাভেদৰ কবলত পৰি কলিতাসকলৰ মাজত কিছু সম্প্ৰদায় বিভাজিত হ’ল। কেৱল কামৰ ভাগ হিচাপে বেলেগ বেলেগ বৃত্তি গ্ৰহণ কৰি জীৱিকা নিৰ্বাহ কৰাৰ আছিলাতে কলিতাসকলক ভিন ভিন সম্প্ৰদায়ত বিভক্ত কৰা হ’ল। এঁওলোকৰ কিছুমান আকৌ ভাৰতীয় সংবিধানৰ জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ আওঁতাত অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হ’ল। কিন্তু একে জীৱনশৈলিৰ গৰিষ্ঠসংখ্যক কলিতা লোক সাধাৰণ জাতিৰ আঁওতাত থাকি গ’ল। কলিতাসকল মূলত কৃষিজীৱি আছিল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোধৰণৰ খাদ্যশস্যৰ উৎপাদক আছিল এঁওলোক। খেতিৰ বাবে প্ৰয়োজনীয় সঁজুলিসমূহ এঁওলোকে নিজেই তৈয়াৰ কৰি লৈছিল। লোকসংস্কৃতিৰ ক্ষেত্ৰখনটো কলিতাসকল চহকী আছিল। কলিতাসকলৰ নিজা লোকবাদ্য, লোকনৃত্য, লোকাচাৰ, খাদ্যাভ্যাস, খেল-ধেমালি, গৃহ নিৰ্মাণ প্ৰণালী, লোকবিশ্বাস আৰু পৰম্পৰা আছে। ভথেলী আৰু ম’হোহো উৎসৱ হৈছে কলিতাসকলৰ দুটা উল্লেখযোগ্য উৎসৱ। ইয়াৰ উপৰি এওঁলোকৰ মাজত নিৰ্দিষ্ট কিছুমান পূজা-পাতল আৰু ধৰ্মীয় বিশ্বাস আছে। জয়পুৰীয়া কলিতা সমাজত থকা কালীপূজা ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। কলিতাসকলৰ নিজা এক জুপুৰি-ঘৰৰ আৰ্হি আছিল। বাঁহ,কাঠ্,বেত, ইকৰা, খাগৰী, খেৰ আদিৰে ঘৰ সজা কামাৰ লগতে মৃৎ শিল্প আৰু নৌকা শিল্পৰ কামটো এই কলিতাসকলে জড়িত। ঘৰৰ বাৰীৰ চাৰিওফালে চাৰিতা খাল খান্দি ঢাপ মাৰি লোৱাতো কলিতাসকলৰ নিয়ম। ইয়াৰ উপৰি কলিতাসকলৰ গোহালী, ভঁৰালঘৰ, ঢেকীশাল, বৰঘৰ, ৰান্ধানীশাল আৰু জুইশাল পতাৰ নিদিষ্ট নিয়ম আৰু পৰম্পৰা আছে।[উদ্ধৃতিৰ প্ৰয়োজন]
সমল ব্যক্তি
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
- মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ
- মণিৰাম দেৱান, স্বাধীনতা সংগ্ৰামী আৰু চাহ খেতিয়ক
- বকুল কায়স্থ
- মিত্ৰদেৱ মহন্ত
- অম্বিকাগিৰী ৰায়চৌধুৰী
- হৰিনাৰায়ণ দত্ত বৰুৱা
- নকুলচন্দ্ৰ ভূঞা
- বিমলা প্ৰসাদ চলিহা
- বিষ্ণুৰাম মেধি
- আনন্দৰাম বৰুৱা
- ড° বাণীকান্ত কাকতি
- ৰত্নকান্ত বৰকাকতী
- ডা° ভূমিধৰ বৰ্মন
- ৰঘুনাথ চৌধাৰী
- ৰায় বাহাদূৰ সূৰ্যকুমাৰ ভূঞা
- শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ
অধিক পঢ়ক
তথ্য সংগ্ৰহ
- ↑ Kangkan Kalita (6 October 2020). "Study traces Kalitas to Himachal in 4122 BC" The Times of India.
- ↑ Col Ved Prakash (2007). "Encyclopaedia of North-East India, Volume 1". India, Northeastern. Atlantic Publishers & Dist. পৃষ্ঠা: 150. http://books.google.co.in/books?id=Ic4UCdaxbHIC&pg=PA150&dq=kalita++kshatriya+caste&hl=en&sa=X&ei=ZYI5VP_GOseiuQS144KABw&ved=0CDQQ6AEwAw#v=onepage&q=kalita%20%20kshatriya%20caste&f=false। আহৰণ কৰা হৈছে: 12 October 2014.
- ↑ মাধুৰ্যমণ্ডিত বৰুৱা। কলিতা জাতিৰ ইতিহাস। ৰেখা প্ৰকাশন, গুৱাহাটী। প্ৰথম প্ৰকাশ, ২০২০। পৃষ্ঠা ৯৮
- ↑ Pratap Chandra Choudhury (1988). "Assam-Bengal Relations from the Earliest Times to the Twelfth Century A.D". Assam (India). Spectrum Publications. পৃষ্ঠাসমূহ: 193,275. http://books.google.co.in/books?ei=dpE5VMudGMWTuATx34H4Aw&id=EE1uAAAAMAAJ&dq=kalita+rulers+in+assam&focus=searchwithinvolume&q=kalita। আহৰণ কৰা হৈছে: 12 October 2014.
- ↑ চক্ৰপাণি বৈৰাগী,গুৰুচৰিত কথা,সম্পা.মহেশ্বৰ নেওগ,পৃষ্ঠা.২০৭
- ↑ কলিতা জাতিৰ ইতিহাস,মাধুৰ্য্যমণ্ডিত বৰুৱা
- ↑ ] (Lahiri 1984, পৃষ্ঠা 62)
- ↑ গুৰুচৰিত কথা,চক্ৰপাণি বৈৰাগী,প্ৰথম অধ্যায়ৰ প্ৰথম পৃষ্ঠা। অৱশ্যে তেনেকৈ উল্লেখ থাকিলেও কায়স্থসকল (কলিতা) ক্ষত্ৰিয় বুলিহে বিবেচিত।
- ↑ কলিতা জাতিৰ ইতিবৃত্ত,পৃষ্ঠা ২৫২
- ↑ কলিতা জাতিৰ ইতিহাস,পৃষ্ঠা ২১২
- ↑ কমতা ৰজা দুৰ্লভনাৰায়ণে অনা ব্ৰাহ্মণ কায়স্থসকলক (কলিতা) কেৱল কোচ আৰু কামৰূপতে থাপিছিল। কাৰণ সেইসময়ত (উজনি)অসমত আহোমৰ ৰাজত্ব আছিল। এই নতুন ব্ৰাহ্মণ- কায়স্থসকলৰ (কলিতা) ভূঞা আছিল চণ্ডীবৰ কায়স্থ (কলিতা)। এইসকল কোনো নিদিষ্ট ঠাইতে স্থায়ীভাবে বসবাস কৰাৰ বিপৰীতে কছাৰী দফলা আদিৰ আক্ৰমণত বিভিন্ন ঠাইলৈ পলাই ফুৰিব লগা হৈছিল। আচলতে আহোম ৰাজ্যৰ স্থাপিত বাৰভূঞাসকল কলিতা জাতিৰহে আছিল।
- ↑ পুৰণি অসম বুৰঞ্জী পৃ: ৩৬
- ↑ Goswami, Hemchandra, "Purani Assam Buranji, p. 154,
- ↑ Tamuli Phukan, Kasinath, Assam Buranji, p. 20, "পাচে চুটিয়া ৰজাৰ পো ভাই সহিতে চুটিয়াক পাকৰি গুৰিত পাতিলে। পাচে লাক্নি কাতকেউ ১৪২৭ সঁকত বাৰভুঁয়াক বৰালে; সিহঁতৰ বচোআল টঙ্গালি হাচটি এইসকলৰ আদৰ্স ল’লে; সিহঁতৰ ল'ৰা কিচু সৰ্গদেৱে তামোলী পাঁচনিকৈ লগত ল'লে।"
- ↑ Bhuyan, S.K.,"Assam Buranji(SM)", p.11-13
- ↑ প্ৰথম কায়স্থ শব্দটি কলিতা ৰজা প্ৰথম ভাস্কৰবৰ্মা শাসনকালতে উদ্ধাৰ হোৱা নিধানপুৰ ফলিৰপৰা উদ্ধৃত কৰা হৈছে। তেওঁ কোনো পশ্চিমীয়া কায়স্থক এই দেশলৈ অনাৰ প্ৰমাণ পোৱা নাযায়। এতেকে আদি কায়স্থ বুলি কলিতাসকলকে বুজাব লাগিব।
- ↑ কলিতা জাতিৰ ইতিহাস,194
- ↑ কলিতা জাতিৰ ইতিহাস,পৃষ্ঠা ২০৬
- ↑ A History of Assam by Sir Edward Gait, page 124