কৈৱৰ্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

সংস্কৃত শব্দ ‘কৈৱৰ্ত’ৰ পৰা ‘কেওঁট’ শব্দৰ সৃষ্টি হৈছিল । অনাৰ্য্য আৰু অষ্ট্ৰিক প্ৰজাতিৰ লোক এই কেওঁটসকল কৰ্ম অনুযায়ী পিছলৈ ‘জালোৱা কেওট’ আৰু ‘হালোৱা কেওট’ আদি উপগোটত বিভক্ত হৈছিল । উদাহৰণ স্বৰুপে,খেতি বাতি কাম কৰা বা খেতি বাতিৰ বাবে সজুলি বনোৱা লোক সকল হালৈ কেওঁট হ'ল আৰু পুৰনি কালত জীৱিকাৰ বাবে মাছ ধৰা কামৰ বাবে যিসকলে জাল, খালৈ আদি বনাই নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল তেওঁলোক হ'ল জাল কেওঁট । ‘হুজুৰী’, 'পাঠক', 'দাস' আৰু 'নায়ক' উপাধীৰ এই লোক সকল ‘জালোৱা কেওট’ সম্প্ৰদায়ৰ লোক হয় বুলি বহুতো তথ্যৰ দ্বাৰা প্ৰমান পোৱা যায় । পুৰনি কালত এই লোক সকল নামনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু আন নদী বা বীলৰ আশে পাশে বাস কৰিছিল । নলবাৰী জিলাৰ বৰভাগ,বুকিয়া, বৰগাছা আদি ঠাইত এও লোক বেছিকৈ পোৱা গৈছিল । কিন্ত বানপানীৰ কাৰণে তেওঁলোক পিছলৈ অসমৰ বিভিন্ন ঠাইলৈ নিজৰ বাসস্থান সলালে । নামনি অসমৰ কামৰুপ জিলাৰ মিৰ্জা, ডিমৌ, নলবাৰী জিলাৰ বৰগাছা, কমাৰকুছি, দৰংজিলাৰ মংগলদৈ, বাগছা জিলাৰ খাগ্ৰাবাৰী,তামুলপুৰ, বৰপেতা জিলা আদি ঠাইত হুজুৰী উপাধিৰ লোকসকলৰ বসতি দেখা যায় ।প্ৰধানত 'হুজুৰী', 'হাজৰীকা', 'পাঠক', 'নায়ক' আৰু 'দাস' উপাধীৰ লোক সকল একে শ্ৰেণীৰ । উপগোট হিচাপে এওলোক জাল কেওঁট সম্প্ৰদায়ৰ বা জনগোষ্ঠীৰ খিলঞ্জীয়া অসমীয়া লোক হয় ।

অষ্ট্ৰিকসকলৰ অসম আগমণ[সম্পাদনা কৰক]

অষ্ট্ৰিকসকলৰ অসম আগমণ সম্পাদনা কৰক অসমলৈ প্ৰথম আহে অষ্ট্ৰিক প্ৰজাতিৰ লোক, তাৰপাছত আহে দ্ৰাবিড়, তাৰ পাছত আহে মংগোলীয়সকল আৰু তাৰ পাছত আহে আৰ্যসকল।

অষ্ট্ৰিকসকলৰ অসম আগমণ সম্পাদনা কৰক অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল দক্ষিন-পুব এছিয়াৰ পথেদি অসমত প্ৰৱেশ কৰিছিল। এই প্ৰজাতিৰ লোকসকল আছিল চুটি-চাপৰ আৰু ক্ষীণ, গাৰ বৰণ ক'লা। চুলিৰ ৰং তামবৰণীয় আৰু কেঁকোৰা। মূৰবোৰ দীঘল, নাক চেপেটা আৰু বহল। মুখ সৰু আৰু থেক। এই মানুহবোৰৰ বৰ ঘন দাঢ়ি-গোঁফ আৰু শৰীৰত বহুত নোম আছিল। সাধাৰণতে পাহাৰৰ নামনি অংশত বা নামনি অসমত এই লোকসকলে বাস কৰিছিল। এনে আকাৰ-প্ৰকাৰৰ পুৰণি মানুহ এতিয়া পাবলৈ নাই। অসমৰ কেতবোৰ জাতি জনজাতি যেনে কেওঁট, চাওতাল, কুকি, মণিপুৰী, কছাৰী, মেঘালয়ৰ খাছি, জয়নতিয়া আৰু অৰুণাচল প্ৰদেশৰ ৱাংচু নামেৰে এটা জনজাতিৰ মাজত অষ্ট্ৰিক প্ৰজাতিৰ লোকসকলৰ কিছু মিল দেখা যায়। পণ্ডিতসকলৰ মতে, অষ্ট্ৰিকসকল হয়তো অসমৰ মাজেদি আহি উত্তৰ বংগ বা নেপাল আদি ঠাইলৈ গৈছিল নাইবা তেওঁলোকৰ ভালেমান লোক ইয়াতে ৰৈ গৈছিল আৰু পাছত মংগোলীয়সকল আহি অসম সোমোৱাত তেওঁলোকৰ সৈতে এই লোকসকল মিলি গৈছিলআৰু আৰু এতিয়া তেওঁলোকৰ মংগোলীয় লক্ষণেই বেছি। অষ্ট্ৰিকসকলেই অসমলৈ অহা প্ৰথম লোক বুলি ভাৱিবৰ থল আছে। কোনো কোনো পণ্ডিতৰ মতে মংগোলীয়সকল অসমলৈ অহাৰ আগতে দক্ষিণ ভাৰতৰ দ্ৰাবিড় জাতিৰ এচাম লোক অসমলৈ আহিছিল যেনে দুম বা নাদিয়াল আৰু তেওঁলোক ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰিছিল। পাছত মংগোলীয়সকল অহাত এওঁলোকে মংগোলীয়সকলৰ লগত মিলি পৰিল আৰু এতিয়া তেওঁলোকৰ মংগোলীয় লক্ষণেই বেছি। দুম বা নাদিয়াল সকলকো কৈৱৰ্ত বুলি মানা হয় যদিও আছলতে কেওঁট সকল হে প্ৰকৃত কৈৱৰ্ত আৰু অষ্ট্ৰিক-মংগোলীয় মুলৰ লোক।