চৰ্যাপদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চৰ্যাপদৰ পৃষ্ঠা

চৰ্যাপদ হৈছে ৮ম-১২শ শতিকামানত ৰচিত মূলতঃ বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত । চৰ্যাপদসমূহক অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হৈছে। বতৰ্মান সময়ত বিভিন্ন গৱেষণাৰ অন্তত চৰ্যাপদসমূহত অসমীয়া ভাষাৰ উপৰি বঙলা, উৰিয়া, হিন্দী, মৈথেলী আদি ভাষাৰো আদি কালৰ নিদশৰ্ন ৰক্ষিত হৈছে বুলি প্ৰমাণিত হৈছে। এই চৰ্যাপদসমূহ পোন প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰে হৰপ্ৰসাদ শাস্ত্ৰীয়ে। চৰ্যাপদৰ ভাষাক "সন্ধ্যাভাষা" বা "আলো-আঁধাৰি ভাষা" বুলি অভিহিত কৰা হয় । বৰ্তমান ২৩ জন সিদ্ধাচৰ্যৰ দ্বাৰা ৰচিত ৫০ টা চৰ্যা পোৱা যায় ।

উদ্ধাৰ[সম্পাদনা কৰক]

কলিকতাৰ এচিয়াটিক ছচাইটিৰ পুথি সংগ্ৰহৰ কামত হৰপ্ৰসাদ শাস্ত্ৰী কেইবাবাৰো নেপাললৈ গৈছিল। ইয়াৰে ১৯০৭ চনত তৃতীয়বাৰৰ বাবে নেপাললৈ যাওঁতে তাৰে ৰাজ দৰবাৰৰ গ্ৰন্থাগাৰত ৰক্ষিত কেইখনমান নতুন পুথি বিচাৰি পায়। সেইকেইখন হ’ল চৰ্যাচৰ্যবিনিশ্চয়, সৰোজবজ্ৰৰ দোহাকাষ আৰু কৃষ্ণাচাৰ্যৰ দোহাকোষ। এই তিনিখন পুথিৰ লগতে আগৰবাৰ যাওঁতে সংগ্ৰহ কৰি অনা ডাকাণৰ্ৱ নামৰ পুথিখন একেলগ কৰি ১৯১৬ খ্ৰীষ্টাব্দত ‘হাজাৰ বছৰেৰ পুৰাণ বাংলা ভাষাৰ বৌদ্ধ গান ও দোহা’ নামেৰে ছপা কৰি উলিয়ায়। প্ৰকাশক আছিল বঙ্গীয় সাহিত্য পৰিষদ। উল্লেখ্য যে হৰপ্ৰসাদ শাস্ত্ৰীযে পোৱা চৰ্যাচৰ্যবিনিশ্চয় পুথিখন মূল পুথি নাছিল। এইখন আছিল আচাৰ্য মুনিদত্তই লিখা এখন টীকা পুথিহে। পুথিখনৰ কতো চৰ্যাচৰ্যবিনিশ্চয় নামটোত উল্লেখ নথকাৰ পৰা অনুমান কৰা হয় যে এই নামটো শাস্ত্ৰীদেৱে নিজেই দিছিল। মুনিদত্তই লিখা টীকা পুথিখনত অৱশ্যে চযৰ্যানীতিকোষবৃত্তি নামটো আছো আৰু ইয়াৰ লগতে মূল চৰ্যাখিনিও সন্নিবিষ্ট আছিল। উল্লেখ্য যে চৰ্যাগীতৰ তিববতী অনুবাদৰ প্ৰথম সন্ধান লাভ কৰে ড° সুনীতি কুমাৰ চট্টোপাধ্যায়এ। পৰৱৰ্তীকালত ড° প্ৰবোধ চন্দ্ৰ বাগচী, নীলৰতন সেন আদিযে চৰ্যাপদ সম্পৰ্কে গৱেষণা কৰি বিভিন্ন নতুন নতুন তথ্যৰ সম্ভেদ দিযে। ড° বাগচীৰ গৱেষণাৰ কালতেই চৰ্যাগীতৰ সম্পূৰ্ণ তিববতী অনুবাদটি আৱিষ্কৃত হয় আৰু তাৰ পৰাই সংস্কৃত টীকাকাৰৰ নাম যে মুনিদত্ত আছিল সেয়া গম পোৱা যায়।

তিববতী অনুবাদৰ পৰা গম পোৱা যায় যে আচাৰ্য মুনিদত্তই এশটা গানৰ কোষ-গ্ৰন্থৰ পৰা একাৱন্নটা গান বাচি লৈ টীকা ব্যাখ্যা কৰিছিল। তাৰে এটা টীকা পৰৱৰ্তীকালৰ কোনো লিপিকাৰৰ হাতত হোৰাল আৰু সেইটি বাদ দিযেই মুনিদত্তৰ টীকাখন নকল কৰি উলিয়ায়। অৱশ্যে নেপালত উদ্ধাৰ হোৱা পুথিখনত (চৰ্যাগীতিকোষ)ৰ শেষৰ পাতখিলা আৰু মাজৰ কেইখিলামান পাত নাই (৬৯ খন পাত আছে)। সবৰ্মুঠ তিনিটা সম্পূৰ্ণ আৰু এটাৰ আধা অংশৰ মূল পাঠৰ লগতে টীকা অংশ নাছিল।

ৰচনাশৈলী[সম্পাদনা কৰক]

হৰপ্ৰসাদ শাস্ত্ৰীযে চৰ্যাচৰ্যবিনিশ্চয় পুথিখনৰ গানবোৰক বৌদ্ধ কীতৰ্ন, বৌদ্ধ সংকীতৰ্ন বুলি অভিহিত কৰিছো। অৱশ্যে টীকাকাৰে চৰ্যাৰ উপৰি "গীত" আৰু "পদ" শব্দ দুটাও উল্লেখ কৰিছে। এই গীতসমূহৰ ভাষাৰ লগত নব্য ভাৰতীয় আযৰ্ভাষাৰ অন্তগৰ্ত মৈথিলী, বঙালী আৰু অসমীয়া ভাষাৰ মিল দোখা যায়। সেযে বিভিন্ন ভাষাৰ পণ্ডিতসকলে নিজৰ নিজৰ ভাষাৰ সম্পত্তি বুলি এই চৰ্যাপদসমূহক চিহ্নিত কৰিছে। ড° বাণীকান্ত কাকতিয়েও ইয়াৰ ধবনিতাত্ত্বিক আৰু ৰপতাত্ত্বিক দিশসমূহ ফঁহিয়াই অসমীয়া ভাষাৰ লগত যে মিল আছো সেয়া প্ৰমাণ কৰি গৈছো। এই পুথিখনত সবৰ্মুঠ ২৩ জন সিদ্ধাচৰ্যৰ দ্বাৰা ৰচিত গীত সন্নিবিষ্ট হৈছে। উল্লেখ্য যে এওঁলোক ৮৪ জন তান্ত্ৰিক সিদ্ধাচাৰ্যৰ অন্তৰ্ভুক্ত৷ তেওঁলোকৰ নামসমূহ হল কাহ্নপাদ (১৩ টা চৰ্যা), ভূসুকপাদ (৮টা), সৰহপাদ, (৪ টা), কুক্কুৰীপাদ, (৩ টা), লুইপাদ, শৱৰপাদ, শান্তিপাদ (এইসকলৰ দুটা), বিৰয়াপাদ, গুঞ্জৰীপাদ, চাটিল্লপাদ, কম্বলাম্বৰপাদ, ডোম্বীপাদ, মহীধৰপাদ, বীণাপাদ, আৰ্যদেৱপাদ, ঢেণ্ঢনপাদ, দাৰিকপাদ, ভাদেপাদ, তাড়কপাদ, কংকনপাদ, জয়নন্দীপাদ, ধামপাদ, তন্ত্ৰীপাদ (তেওঁলোকৰ এটাকৈ চৰ্যা)। ইয়াৰে লুইপাদ, সৰহপাদ, মীননাথ, শান্তিপাদ, ডোম্বীপাদ, ঢেণ্ঢনপাদ, মহীধৰপাদ আদিক কামৰূপৰ লগত বিশেষ সম্পৰ্ক থকা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিব খোজো। এওঁলোকৰ বাহিৰেও চৰ্যাপদ, ইউডীপাদ, মীননাথ, আচাৰ্য বিনাওক, ধোকৰীপাদ, বিৰুপাক্ষপাদ, তিলোপাদ আদি সিদ্ধাচাযৰ্ৰ নামো টীকাত উল্লেখ আছে।

চৰ্যাপদসমূহ অধিকাংশই দহ শাৰীয়া, তাৰে ভিতৰত ১০, ২৮ আৰু ৫০ নং চৰ্যা চৌধ্য শাৰীৰ; ২১ আৰু ২২ বাৰ শাৰীৰ; ৩৯ নং ঊনৈশ শাৰীৰ; ১৪ নংটি সাত শাৰীৰ; ২৩ নং ছয় শাৰীৰ; ২৫ নম্বৰটিৰ চাৰিটা শাৰীৰ নমুনাত ছয়টামান শব্দ আছো আৰু ২৪, ৪৮ নম্বৰ চৰ্যা দুটি লুপ্ত। সাধাৰণতে মাত্ৰাবৃত্ত ছন্দত লিখা চৰ্যাসমূহত অন্ত্যানুপ্ৰাসৰ প্ৰযোগ বহুল। এই গীতসমূহ গাবৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছো সবৰ্মুঠ ১৭ টি ৰাগ— পটমঞ্জৰী, গৱড়া (গউড়া), অৰু, গুঞ্জৰী, দোৱক্ৰী, দোশাখ (দ্বেশাখ), ভৈৰৱী, কামোদ, ধানসী, ৰামক্ৰী, বৰাড়ী (বলাড্ডী), শীৱৰী, মল্লাৰী, মানসী, গৱুড়া, কাহ্নগুঞ্জৰী আৰু বঙ্গাল। ইয়াৰে প্ৰায়বোৰেই পুৰণি অসমীয়া গীতত পোৱা যায়। বৰগীতৰ দৰে চৰ্যাটো ভণিতা আছে আৰু প্ৰত্যেক পদৰ দ্বিতীয় চৰণটোত ধ্ৰং বা ধ্ৰৱ বুলি নিদেৰ্শ কৰা হৈছে।

বিষয়বস্তু[সম্পাদনা কৰক]

চৰ্যাপদসমূহৰ বিষয়বস্তু ৰহস্যময়ী। মূলতঃ নিৰ্বাণ লাভ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই ইয়াক ৰচনা কৰা হৈছে। নিৰ্বাণ মানে বাসনাৰ পৰা নিবৃত্তি লাভ। পাথিৰ্ৱ পৃথিৱীৰ অনিত্যতা জ্ঞান লাভ কৰি, অবিদ্যা-মোহ ধবংস কৰিব পাৰিলেই নিৰ্বাণ লাভ হয়। বৌদ্ধ ধমৰ্ৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ কাৰণে, নিৰ্বাণ লাভ কৰাৰ পথ দেখুৱাবৰ বাবে বিভিন্ন ধৰণৰ ৰপক, প্ৰতীক, দ্ব্যাথৰ্ক পাৰিভাষিক শব্দ, বিবিধ উপামা আদি ব্যৱহাৰ কৰি এই চৰ্যাসমূহ ৰচনা কৰা হৈছো। ইয়াৰ অৰ্থ শুদ্ধভাৱে অনুধাৱন কৰিবলৈ হ’লে গুৰুৰ সহায় লাগিবই। সেইবাবেই প্ৰথম চৰ্যটিত কোৱা হৈছে— ‘লুই ভণই গুৰু পুচিছঅ জান।।’ চৰ্যাবোৰৰ মাজোদি সহজীয়া ধমৰ্ৰ দাশৰ্নিক তত্ত্ব সম্বন্ধীয়, যোগ সম্বন্ধীয় আৰু তন্ত্ৰ সম্বন্ধীয় দিশ প্ৰতীকি ভাষাৰে অৱগত কৰা হৈছে।

চৰ্যাপদৰ ভাষা[সম্পাদনা কৰক]

সাধাৰণতে চৰ্যাপদত ব্যৱহাত ভাষাৰ ৰূপটি "পূৰ্বী অৱহটঠ্‌"। সিদ্ধাচাৰ্যসকলে দ্ব্যথৰ্ক পাৰিভাষিক শব্দ, নানান উপমা-প্ৰতীক ব্যৱহাৰ কৰি ইয়াৰ ভাষা অধিক ৰহস্যময়ী কৰি তুলিছে। হৰপ্ৰসাদ শাস্ত্ৰীয় ইয়াৰ ভাষাক "সন্ধ্যা ভাষা" আখ্যা দি মন্তব্য কৰিছে— ‘সন্ধ্যাভাষা মানে আলো-আঁধাৰি ভাষা, কতক আলো, কতক অন্ধকাৰ, খানিক বুঝা যায়, খানিক বুঝা যায় না।’ প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগদেৱেও ‘‘ .... ইচ্ছাকৃত জটিলতা বতৰ্মান, কাৰণ সেই ভাষা সাংকেতিক, যাৰে তাৰে বাবে নহয়, সি বোবা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইংগিত মাত্ৰ। বৃত্তিকাৰে সেই ভাষাক সন্ধ্যাভাষা বা সন্ধ্যাবচন, সন্ধ্যাসংকেত বা সন্ধ্যা যি ভাষাৰ অভীষ্ট মৰ্মাৰ্থ গভীৰভাৱে অনুধ্যান কৰিহে হৃদয়ঙ্গম কৰিব পৰা যায়।" বুলি মন্তব্য কৰিছে। আচাৰ্য মুনিদত্তইও ব্যাখ্যা কৰাৰ প্ৰসংগত সন্ধ্যাবচন, সন্ধ্যাসংকেত, সন্ধা এনে শব্দৰে গূঢ়তত্ব ব্যাখ্যা কৰিছে। গ্ৰন্থৰ পবিত্ৰতা, সাধন প্ৰণালীৰ গোপনীয়তা আৰু গূঢ়তত্বৰ গুৰুত্ব সন্ধ্যাভাষাত সততে ৰক্ষা কৰা হয়। সেয়ে ইয়াৰ ভাষা দ্ব্যথৰ্ক পাৰিভাষিক আৰু আলংকাৰিক। উল্লেখযোগ্য যে, সবৰ্সাধাৰণ জনগণে ব্যৱহাৰ কৰা ভাষাৰ মাধ্যমেৰেই ইয়াত ধমৰ্ৰ গূঢ়তত্ব ব্যাখ্যা কৰা হৈছে। আইসন চৰ্যা কুক্কুৰীপাএঁ গাই উ।
কোডি মাঝে একু হিঅহিঁ সমাইউ।। (২ নং চৰ্যা)

প্ৰধান কথাটি হ’ল এই কথ্য ভাষাটি আছিল প্ৰাচীন [কামৰূপ]], মগধ, উত্কল, গৌড় আদি ঠাইৰ উমৈহতীয়া কথ্য ভাষা। চৰ্যাত এই সকলো ঠাইৰে আঞ্চলিক ভাষিক বৈশিষ্ট্য মিহলি হৈ আছে। সেয়ে প্ৰত্যেকেই চৰ্যাসমূহ নিজৰ নিজৰ প্ৰাচীন সম্পত্তি বুলি দাবী কৰে। তদুপৰি চৰ্যাবোৰৰ মাজোদি সমকালীন সমাজ জীৱনৰ বিভিন্ন চিত্ৰ, যেনে তুলা বা কপাহ ধুনা কাৰ্য, শৱৰ, ডোম প্ৰভৃতি কৰ্মজীৱীৰ ব্যৱসায়িক ভিত্তি, মাছমৰা, বিবাহ পদ্ধতি, নাৱৰীয়া আদিৰ উল্লেখেৰে ঘৰুৱা চিত্ৰক, দৈনন্দিক কমৰ্ক ৰূপক হিচাপে ব্যৱহাৰ কৰি ধৰ্মতত্ত্বৰ ব্যাখ্যা আগবঢ়াইছে। এক কথাত ক’ব পাৰি যে চৰ্যাত ব্যৱহাৰিক জীৱনত সদায় দোখি থকা বা উপলব্ধি কৰা চিত্ৰৰ মাজোদি গভীৰ তাত্বিক কথা এটি সহজ-সৰলভাৱে উপস্থাপন কৰিবলৈ বিচৰা হৈছো।

ড° বাণীকান্ত কাকতিযে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্কৰ কথা ধবনিতাত্ত্বিক আৰু ৰপতাত্ত্বিক বিশ্লেষণেৰে ফঁহিয়াই দেখুৱাইছে। তলত তাৰে কেইটিমান উল্লেখ কৰা হ’ল—

  • হ্ৰস্ব আৰু দীৰ্ঘ বৰ্ণ অবিচাৰিতভাৱে ব্যৱহত, যেনে চুম্বি, চূম্বি, চূম্বী, পঞ্চ, পাঞ্চ।
  • অসমীয়াৰ দৰে চৰ্যাত কৰ্তা, কৰ্ম, কৰণ আৰু অধিকৰণ কাৰক বাক্যত বিভক্তিযুক্ত নোহোৱাকৈ ব্যৱহাৰ হয়, যেনে— বাঢ়ই সো তৰু সুভাসুভ পানী (৪৫ নং), কামৰ ণাঅ (২নং)।
  • অসমীয়াৰ দৰে স্ত্ৰী বিভক্তিৰ সম্বন্ধ পদৰ চিন ‘-ৰ’ ব্যৱহাৰ, হৰিণাৰ খুৰ, ডোম্বীৰ সঙ্গে।
  • স্ত্ৰী প্ৰত্যয় ‘ঈ’ আৰু ‘নী’ৰ ব্যৱহাৰ, যেনে— হৰিনী, দোৱী, জোইণি।
  • পুৰণি অসমীয়াত প্ৰচলিত তত্সম, অৰ্দ্ধ-তত্সম, তদ্ভৱ আৰু দেশী শব্দৰ ব্যৱহাৰ। যেনেঃ তত্সম শব্দ- অৱকাশ, অভাব, আকাশ, গগণ, চৰণ, নাটক, নায়ক; অৰ্দ্ধ-তত্সম শব্দ- গৰাহক < গ্ৰাহক, পৰস < স্পৰ্শ, পহাৰা < প্ৰহৰ; তৎভৱ শব্দ- সমধৰ < শশধৰ, সোণ < সুৱৰ্ণ, কামৰু < কামৰূপ; দেশী শব্দ- টাকলি, ভিডি, খাল, ঘাট ইত্যাদি।

পয়াৰ, অনুষ্টুভ, পাদাকুলক আদি মাত্ৰাবৃত্ত ছন্দসজ্জাৰে ৰচিত এই চৰ্যাবোৰৰ মাজোদি উদ্ভৱ কালৰ অসমীয়া ভাষাৰ সাহিত্যিক ৰূপ এটি ৰক্ষিত হৈছে।

প্ৰসংগ পুথি[সম্পাদনা কৰক]

  • কটকী, প্ৰফুল্ল (২০০৫); সাহিত্য সংজ্ঞা কোষ;জ্যোতি প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-১।
  • কাকতি, বাণীকান্ত (১৯৫৮);পুৰণি অসমীয়া সাহিত্য, লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী-১।
  • গোস্বামী, প্ৰফুল্লদত্ত (১৯৯৪);অসমীয়া জন-সাহিত্য, বাণী প্ৰকাশ, প্ৰাইভেট লিমিটেড, পাণবজাৰ, গুৱাহাটা - ১।
  • গোস্বামী, যতীন্দ্ৰনাথ (১৯৯৪); অসমীয়া সাহিত্যৰ চমু-বুৰঞ্জী, মণি-মাণিক প্ৰকাশ, পাণবজাৰ, গুৱাহাটা - ১।
  • গোস্বামী, হোমচন্দ্ৰ (১৯২৪);অসমীয়া সাহিত্যৰ চানেকি, কলিকতা বিশ্ববিদ্যালয়, কলিকতা।
  • চক্ৰৱৰ্তী, মঞ্জু; হাজৰিকা, কৰবী ডেকা (২০০৪); চৰ্যাপদ আৰু বৰগীত, বনলতা, নতুন বজাৰ, ডিব্ৰুগড়৷
  • নেওগ, ডিম্বেশ্বৰ (১৯৫৮);অসমীয়া সাহিত্যৰ বুৰঞ্জী, যোৰহাট।
  • নেওগ, মহোশ্বৰ (২০০০);অসমীয়া সাহিত্যৰ ৰপৰেখা, চন্দ্ৰ প্ৰকাশ, পানবজাৰ, গুৱাহাটী-১।
  • শৰ্মা, স্যতেন্দ্ৰনাথ (১৯৯৬); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী।
  • হাজৰিকা, পৰীক্ষিত (১৯৮৭);চৰ্যাপদ, ডালিমী প্ৰকাশ, ফটাশিল, আমবাৰী, গুৱাহাটী৷
  • হাজৰিকা, বিশ্বেশ্বৰ (২০০৩); অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা, অসম।
  • বন্দোপাধ্যায়, অসিত কুমাৰ (১৯৭৬); বাংলা সাহিত্যেৰ ইতিবৃত্ত, কলিকতা।
  • সেন, সুকুমাৰ (১৯৭৬); বাঙ্গালা সাহিত্যেৰ ইতিহাস (১ম খণ্ড), কলিকতা।
  • Baruah, Birinchi Kumar(1978);History of Assamese Literature ; Sahitya Akademi, New Delhi.
  • Baruah, Hem (1965), Assamese Literature; NBT, New Delhi.
  • Bhuyan, Surya Kumar (1956),Studies in the Literature of Assam; Lawyers Books Stall, Guwahati.
  • Kakati, Banikanta (1962),Assamese : Its Formation and Development; Lawyers Books Stall, Guwahati.
  • Kakati, Banikanta (1959), Aspects of Early Assamese Literature; Gauhati Universit