সুনীতি কুমাৰ চট্টোপাধ্যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
সুনীতি কুমাৰ চট্টোপাধ্যায়
জন্ম ২৬ নৱেম্বৰ, ১৮৯০
শিৱপুৰ, হাওৰা জিলা, বংগ, ব্ৰিটিছ ভাৰত
মৃত্যু ২৯ মে', ১৯৭৭ (৮৬ বছৰ)
কলকাতা, পশ্চিম বংগ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা ভাষাবিদ, সাহিত্যিক আৰু শিক্ষাবিদ
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ (১৯৫৫)
পদ্মবিভূষণ (১৯৬৩)
স্বাক্ষৰ


সুনীতি কুমাৰ চট্টোপাধ্যায় বা সুনীতি কুমাৰ চেটাৰ্জী (ইংৰাজী: Suniti Kumar Chatterji,২৬ নৱেম্বৰ ১৮৯০ - ২৯ মে' ১৯৭৭) এগৰাকী ভাৰতীয় ভাষাবিদ, শিক্ষাবিদ আৰু সাহিত্যিক আছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁক ভাষাচাৰ্য উপাধি প্ৰদান কৰিছিল। তেওঁ ১৯৭২ চনত গঠন হোৱা মেঘালয় ৰাজ্যৰ নাম নিৰ্ধাৰণ কৰিছে। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক শিক্ষা আৰু সাহিত্য শিতানত ১৯৫৫ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আৰু ১৯৬৩ চনত দেশৰ দ্বিতীয় সৰ্বোচ্চ সন্মান পদ্মবিভূষণ প্ৰদান কৰে।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৮৯০ চনৰ ২৬ নৱেম্বৰত হাওৰাৰ শিৱপুৰত সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ জন্ম হৈছিল। তেওঁ এগৰাকী সমৃদ্ধ কুলীন ব্ৰাহ্মণ পৰিয়ালয় জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ হৰিদাস চট্টোপাধ্যায় ইংৰাজ সকলৰ সদাগৰী কাৰ্যালয়ৰ কেৰাণী আছিল। তেওঁৰ আজুককা ভৈৰৱ চেটাৰ্জী বৰ্তমানৰ বাংলাদেশৰ পূব বংগৰ ফৰিদপুৰ জিলাৰ তেওঁৰ পৈতৃক গাঁৱৰ ঘৰৰ পৰা হুগলী জিলাৰ এখন গাঁৱলৈ প্ৰব্ৰজন কৰিছিল। ভৈৰৱ চেটাৰ্জী গোটেই দিন আন বহুতো কুলীন ব্ৰাহ্মণৰ দৰে মুখ্যতঃ বহুবিবাহ কৰাইছিল। চেটাৰ্জীৰ ককাদেউতাক ভৈৰৱৰ পুতেক ইশ্বৰচন্দ্ৰই বিদ্ৰোহ কালত উত্তৰ ভাৰতৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেৱা কৰিছিল। অৱসৰৰ পিছত তেওঁ কলিকতাত নিজৰ বাবে ঘৰ নিৰ্মাণ কৰিছিল আৰু হুগলী গাঁৱৰ পৰা পৰিয়ালৰ বাসগৃহ স্থানান্তৰিত কৰিছিল। ঈশ্বৰৰ পুত্ৰ হৰিদাস চেটাৰ্জী সুনীতি কুমাৰৰ পিতৃ আছিল।[2]

শিক্ষা[সম্পাদনা কৰক]

সুনিতি কুমাৰ এজন মেধাৱী শিক্ষাৰ্থী আছিল। ১৯০৭ চনত তেওঁ মুট্টি লাল ছিলৰ ফ্ৰী স্কুলৰ এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ স্কটিছ চাৰ্চ কলেজৰ পৰা বিশ্ববিদ্যালয়ৰ পূৰ্ব পৰীক্ষা এফএ তৃতীয় স্থানৰ সৈতে উত্তীৰ্ণ হৈছিল। তাৰপিছত তেওঁ কলকাতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা ইংৰাজী সাহিত্যত তেওঁৰ মুখ্য বিষয় হিচাপে নামভৰ্তি কৰিছিল আৰু ১৯১১ চনত ইয়াৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানত উত্তীৰ্ণ হৈছিল। তেওঁৰ শৈশৱৰ বন্ধু আছিল পাৱাৰ টুলছ এণ্ড এপ্লায়েন্স কোং লিমিটেডৰ প্ৰতিষ্ঠাতা বিখ্যাত উদ্যোগপতি নগেন্দ্ৰ নাথ দাস। ১৯১৩ চনত তেওঁ ইংৰাজী সাহিত্যত এম.এ. সম্পূৰ্ণ কৰে আৰু এইবাৰো তেওঁ প্ৰথম হয়। একে বছৰতে তেওঁক কলকাতাৰ বিদ্যাসাগৰ মহাবিদ্যালয়ত ইংৰাজীত প্ৰবক্তা নিযুক্ত কৰা হৈছিল। ইয়াৰ তেওঁৰ সহকৰ্মী আছিল শিশিৰ কুমাৰ ভাদুৰী।

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯১৪ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ বিভাগত ইংৰাজীৰ সহকাৰী অধ্যাপক পদত নিযুক্ত হয় আৰু ১৯১৯ চনলৈ এই পদত অধিষ্ঠিত থাকে। তেওঁ লণ্ডন বিশ্ববিদ্যালয়ত পঢ়িবলৈ বিদেশলৈ গৈছিল। তেওঁ ফনোলজি, ভাৰত-ইউৰোপীয় ভাষাবিজ্ঞান, প্ৰাকৃত, পাৰ্চী, পুৰণি আইৰিছ, গথিক আৰু অন্যান্য ভাষা অধ্যয়ন কৰিছিল। তাৰ পিছত তেওঁ পেৰিছলৈ গৈছিল আৰু ভাৰত-আৰ্য, স্লাভ আৰু ভাৰত-ইউৰোপীয় ভাষাবিদ্যা, গ্ৰীক আৰু লেটিনৰ ভাষাবিজ্ঞানৰ গৱেষণা কৰিছিল। তেওঁৰ শিক্ষক আছিল আন্তৰ্জাতিকভাৱে প্ৰশংসিত ভাষাবিদ জুলছ ব্লচ। ১৯২২ চনত ভাৰতলৈ উভতি অহাৰ পিছত তেওঁ কলিকতা বিশ্ববিদ্যালয়ত ভাৰতীয় ভাষাবিজ্ঞান আৰু ফোনেটিক্স বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৫২ চনত অৱসৰৰ পিছত তেওঁক অধ্যাপক এমিৰিটাছ হিচাপে নিযুক্ত কৰা হয়। পিছলৈ ১৯৬৫ চনত ভাৰতৰ মানৱিকিৰ ৰাষ্ট্ৰীয় গৱেষণা অধ্যাপক হিচাপে নিযুক্ত কৰা হয়।

সুনীতি কুমাৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে মালয়, চ্যাম, সুমাত্ৰা, জাভা আৰু বালিলৈ গৈছিল। তেওঁ এইবোৰ অঞ্চলত ভাৰতীয় কলা আৰু সংস্কৃতিৰ ওপৰত বক্তৃতা প্ৰদান কৰিছিল।[3] তেওঁ পশ্চিম বংগ বিধান পৰিষদৰ (১৯৫২-৫৮) অধ্যক্ষ আৰু সাহিত্য অকাডেমিৰ সভাপতি (১৯৬৯) আছিল।

ৰচনা সমগ্ৰ[সম্পাদনা কৰক]

তেওঁ বাংলা ভাষাৰ উৎপত্তি আৰু বিকাশৰ ৩ খণ্ডৰ কিতাপ লিখি বাংলা ভাষাৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দিছিল।

অন্যান্য উল্লেখযোগ্য গ্ৰন্থ সমূহ হৈছে: বেঙ্গলি ফোনেটিক ৰিডাৰ, কিৰাত জনকৃতি, ভাৰত-সংস্কৃতি(১৯৪৪), বাঙ্গালা ভাষাতত্ত্বেৰ ভূমিকা(১৯২৯), পশ্চিমেৰ যাত্ৰী(১৯৩৮), ইউৰোপ ভ্ৰমণ, জাতি সংস্কৃতি সাহিত্য(১৯৩৮), ভাৰতেৰ ভাষা ও ভাষা সমস্যা(১৯৪৪), সংস্কৃতি কী, দ্বীপময় ভাৰত(১৯৬৫), ৰবীন্দ্ৰ সঙ্গমে(১৯৬৫), শ্যামদেশ(১৯৬৫) ইত্যাদি।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তেওঁ ১৯৩৫ চনত ৰয়েল এছিয়াটিক চচাইটিৰ সভ্য নিৰ্বাচিত হৈছিল। ১৯৪৮ চনত তেওঁ হিন্দী ভাষাত তেওঁৰ বিশেষ অৱদানৰ বাবে সাহিত্য বাচস্পতি উপাধি লাভ কৰিছিল। ১৯৫০ চনত তেওঁ লণ্ডনৰ চচাইটি অফ আৰ্টছ এণ্ড চাইন্সেছৰ সদস্য নিৰ্বাচিত হৈছিল। তেওঁ ১৯৫২-১৯৫৮ চনত পশ্চিম বংগৰ বিধান পৰিষদৰ অধ্যক্ষ আছিল। ১৯৫৫ চনত তেওঁ অশ্লোৰ নৰৱেজীয় একাডেমীৰ সদস্য নিৰ্বাচিত হৈছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ আৰু ১৯৬৩ পদ্মবিভূষণ প্ৰদান কৰে। তেওঁক ১৯৬৬ চনত ভাৰতৰ ৰাষ্ট্ৰীয় অধ্যাপকৰ মৰ্যাদা দিয়া হৈছিল আৰু ১৯৬৯ চনত সাহিত্য অকাডেমিৰ সভাপতি পদ লাভ কৰিছিল। তেওঁ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা ভাষাচাৰ্য উপাধিও লাভ কৰিছিল।

মৃত্যু[সম্পাদনা কৰক]

১৯৭৭ চনৰ ২৯ মে তাৰিখত কলিকতাত সুনীতি কুমাৰৰ মৃত্যু হৈছিল। তেওঁৰ ঘৰৰ এটা ডাঙৰ অংশ 'সুধৰ্মা' ফেবইণ্ডিয়া দোকানলৈ ৰূপান্তৰিত কৰা হৈছে।

উল্লেখযোগ্য শিক্ষাৰ্থী[সম্পাদনা কৰক]

  • সুকুমাৰ সেন
  • সুকুমাৰী ভট্টাচাৰ্য

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf. 
  2. Badiuzzaman (2012). "Chatterji, Suniti Kumar". In Islam, Sirajul; Jamal, Ahmed A.. Banglapedia: National Encyclopedia of Bangladesh (Second সম্পাদনা). Asiatic Society of Bangladesh. http://en.banglapedia.org/index.php?title=Chatterji,_Suniti_Kumar. 
  3. Chakravarty 1961, p. 1

বাহ্যিক সংযোগ[সম্পাদনা কৰক]