অসমীয়া গালি-গালাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া গালি-গালাজ, শাও-শপনি লোকভাষাৰ এক অংগ।[1] এইসমূহ সাধাৰণতে অসমৰ গাঁওসমূহত সহজ-সৰল মানুহৰ মাজত প্ৰথমে সৃষ্টি হৈছিল। এইসমূহ সমাজত মুকলিকৈ ব্যৱহাৰ কৰাটো অবাঞ্ছনীয় বুলি ধৰা হয়।[2] লোকসকলে খং-ৰাগ, সুখ-দুখ ইত্যাদি আৱেগসমূহ প্ৰকাশৰ বাবে এনে শব্দৰ ব্যৱহাৰ কৰিছিল।[3] সেয়ে ইয়াক গাঁৱলীয়া শব্দ বা ইতৰ শব্দ বুলিও কোৱা হয়। শাও-শপনি, গালি-গালাজে যাদুকৰী ক্ৰিয়া সম্পাদন কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। শাও-শপনি আৰু গালি-গালাজে সমাজ জীৱনৰ ৰুচিৰ পৰিচয় দিয়ে। লোক জীৱনে বিশ্বাস কৰে শাও-শপনি আৰু গালি-গালাজে অভিশাপৰ ভূমিকা পালন কৰে। শাও-শপনিৰ সৈতে বিভিন্ন শ্লীল আৰু অশ্লীল মুদ্ৰাভংগী অংগাংগীভাৱে সম্পৃক্ত। শাও-শপনিবোৰ বিভিন্নভাৱে শ্ৰেণী বিভাজন কৰিব পাৰি। এইসমূহ মানুহৰ মুখে মুখে চলি অহা। ইয়াক কোনো আনুষ্ঠানিক পদ্ধতিৰে শিকা নহয়। ইয়াৰ দ্বাৰা সমাজে মানুহৰ ব্যক্তিত্বৰ অনুমান কৰে। এই গালি বা শপনিবোৰ আক্ৰমণ সূচক। ই মানুহৰ মনঃস্তত্ত্বৰ ওপৰত ক্ৰিয়া কৰে। ইয়াৰ দ্বাৰা ব্যক্তিৰ আৱেগ অনুভূতিত প্ৰভাৱ পেলাব পাৰি।[4][5]

শ্ৰেণী বিভাজন

  • যৌন অংগ-প্ৰত্যংগৰ অৰ্থ সূচক
  • যৌন আচৰণগত
  • মনস্তাত্ত্বিক ক্ৰিয়া-প্ৰক্ৰিয়ামূলক
  • প্ৰতীকী
  • লোকনাট্যধৰ্মী
  • অশ্লীল গীত-পদ

ধাৰা

  • উজনি অসমৰ ইতৰ শব্দ
  • নামনি অসমৰ ইতৰ শব্দ

বিভিন্ন ইতৰ শব্দ আৰু অৰ্থ

  • ডাং : পুৰুষাংগ[6]
  • মতাডাং : পুৰুষসদৃশ নাৰী
  • কামোৰ : বিৰক্তিকৰ ব্যক্তি
  • কেলা : পুৰুষাংগ
  • নুন : পুৰুষাংগ
  • পুত : স্ত্ৰী অংগ
  • পৈ : পতি বা স্বামী
  • ফাপৰে খোৱা : কুৎসিত, অমসৃণ।
  • মাউৰ : মৰক
  • আব্বে : আৰে
  • জহৰা-জহৰী : জাৰজ
  • জেং : অশান্তি
  • বঙাল : বঙালী
  • কেঞা : মাৰোৱাৰী
  • চালা : খুলশালী
  • বেহুদা : অপ্ৰয়োজনীয়, অনৰ্থক, অঁকৰা
  • চুৱা চেলেকা : উচ্ছিষ্ট খোৱা
  • মাল : ছোৱালী, অদ্ভুত জীৱ
  • চুতিয়া : বেইমান, অসামাজিক
  • তামাম : প্ৰচণ্ড, ভীষণ
  • নটী : নষ্ট ল'ৰা-ছোৱালী
  • বকেট : স্তন
  • বাল ছ'লি : বালৰ পো বা পুত্ৰ

বিভিন্ন গালি-শপনি

  • আ: আওমৰণে মৰ, আবিয়ৈ হৈ থাকিবি, আলষণী, আওকঠীয়াৰ জাত, আগমঙহ খাম, আফাল মাৰি দিম, আছাৰ মাৰি মাৰিম, আথান ভাঙিম, আঁকুহি পেলাম, আহুদি খুৱাই মাৰিম বাপেকে, আলাই জাবৰী, আওকঠীয়া ইত্যাদি।
  • ই: ইতৰ, ইটা মাৰি মাৰিম, ইফলীয়া কৰিম, ইতৰ জাত ইত্যাদি।
  • উ: উচটনি মাৰি নেদেখুৱাবি, উজলাটো/উজলাজনী, উতলা পানী ঢালিম, উদণ্ড, উদঙ্গীয়া জাত ইত্যাদি।
  • এ: একে চৰে দাঁত সৰাই দিম, একে মাৰে মাৰিম, একে ধাৰে দুছেও কৰিম, একে জোলোকাই যা, একেপাত চৰতে মাৰ বাপেৰ বিয়া দেখিবি ইত্যাদি।
  • ঐ: ঐ হাইজাত যোৱা, ঐ কলি, ঐ বনৰী, ঐ নৰকী, ঐ বগৰা, ঐ ঘৈণীয়েৰৰ মেখেলা চেলেকা, ঐ লোকৰ পৈয়েৰৰ লগত যোৱা, ঐ পঘাখোৱা, ঐ কুকুৰৰ পোৱালি, ঐ শগুণে নোখোৱা জাত, ঐ চপনীয়াৰ জাত, ঐ ৰসাতলে যোৱা, ঐ কেঁচাইখাইটি, ঐ শগুণে খোৱা, ঐ তেজখোৱা, ঐ নিলাজ, ঐ আওমৰণে মৰা, ঐ কলিজা খোৱা, ঐ কলেৰাত যোৱা, ঐ মৰতী, ঐ শনি, ঐ নাম কটা যোৱা, ঐ গ্ৰহণীত মৰা ইত্যাদি।
  • ক: কাম নকৰা গৰুটো, কলিজা খোৱা, কুকুৰৰ জাত, কলেৰা হৈ মৰিবি, কটা নিধক, কেঁচাইখাতী, কেঁচাই কেঁচাই চোবাম, কুকুৰৰ পুতেক, কাণতলীয়া চৰ দিম, কাপোৰ থুকুচা দি থুকুচিম ইত্যাদি।
  • খ: খাই পাত ফলা, খাই লৈ পাহৰা, খৰা শিয়ালৰ জাত, খেতৰৰ জাত, খঁকুৱা, খেকাৰ খোৱা, খটাসুৰ, খণ্ডমুণ্ড, খৰিকাত দিম, খাই পাত ফলা জাত, খুন্দা দিম, খেতৰ, খোঁচ মাৰি দিম, খোকোৰা কৰিম, খোজনীয়াৰ জাত ইত্যাদি।
  • গ: গোলামৰ জাত, গোলামৰ পুতেক, গেন্ধেলা, গেন্ধেলী, গজমূৰী, গোলামৰ সঁচ, গাধটো, গাহৰি, গৰু, গতা মাৰি দিম, গেলি মৰিবি, গাত জুই লাগি মৰিবি, গোমুৰ্খ, গৰল খুৱাই মাৰিম, গজমূৰীয়া, গুটীয়া সঁচ, গছকি মাৰিম, গেজেং মূৰা, গোৰ মাৰি মাৰিম, গোৰ দিম, গেলা ঘাত নিমখ সানিম, গাত পোক লাগি মৰিবি, গাত চোৰাত পাত সানিম ইত্যাদি।
  • চ: চুৱাচেলেকা, চুৱাখোৱা, চন্দকা খোৱা, চপনীয়া জাত, চোৰৰ জাত, চুলি ছিঙিম, চৰিয়াই কাণ ছিঙিম, চুৱা পাতনি চেলেকা, চৰত মাৰ বাপেৰৰ বিয়া দেখিবি, চিপ দি মাৰিম, চুৱৰৰ পুতেক ইত্যাদি।
  • জ: জাগলত যোৱা, জুই লাগি মৰা, জুই লাগতি, জাপৰী, জহৰা, জহৰী, জহনীত যোৱা, জখিনী, জহনীজাতি, জীয়া জুইত পুৰি মাৰিম, জপৰাটো, জুই লাগি মৰিবি ইত্যাদি।
  • ট: টোকোনাৰ জাত, টুটকীয়া, টেটেৰা, টোকোনা, টং মৰা, টিটাটিঙ্গা, টোটক, টেটেৰী, টোটোৰা পৰ, টোলঙ্গনি খাই ফুৰা, টিটাটিঙ্গা, টিটিয়া, টিকিৰা, টোকোনা, টুকুৰা-টুকুৰ কৰিম, টেটুৱাই নিয়া, টিকা ফালিম, টিক্ চালি নকৰ, টকলা, টাকলী, টাটকীয়া, টনি জৰী বন্ধাদি বান্ধিম ইত্যাদি।
  • ঠ: ঠগৰী, ঠঁগতী, ঠগৰা, ঠেৰেঙ্গা লগাকৈ মাৰিম, ঠেহেৰা মাৰি থাক ইত্যাদি।
  • ড: ডাইনী, ডাঁহী, ডঁহা, ডাকিনী, ডাকু, ডাফলী, ডাল ডঙ্গুৱা, ডিঙি চেপি মাৰিম, ডকাইতৰ জাত, ডেঙ্গুৰ, ডাইনী, ইত্যাদি।
  • ঢ: ঢকা দিম, ঢাৰিয়ে নুৰিয়াদি নুৰিয়া, ঢঢৈয়া হ’বি, ঢেঁৰা, ঢেঁকেৰি, ঢেলা-চকুৱা, ঢেলপুঙ্গা দিবি, ঢোলোকা-ঢোলোকে পানী খোৱাম, ঢেপেচা, ঢেপেচী ইত্যাদি।
  • ত: তেজ মুই যা, তেজ খাইতী, তোৰ মুখ গেলিব, তোক নচঁচা কবলত দিম, তোক বাঢ়নীয়ে কোবাম, তেজ পিয়া জাত, তোৰ মুখত ছাই পৰক, তেজ খোৱাৰ জাত, তই মোৰ কেঞা আঙুলি লৰাব নোৱাৰ, তই মোৰ কেঞা আঙুলিৰ যোগ্য নহয়, তোৰ মুখত পোক লাগক, তেজ পিম, তুলা ধুনাদি ধুনিম, তোৰ সবংশে নাশ হওক, তিৰোতাৰ মেখেলা শুঙা, তপামূৰী, তপামূৰা, তিৰীমতী, তিৰোতা সেৰুৱা, তোৰ পিণ্ড দিবলৈ কোনো নাথাকক, তোৰ ভেটিত তিতা লাও গজক, ইত্যাদি।
  • থ: থিয় গোৰ খাবি, থেলামূৰি মাৰি দিম, থাকা চৰ দিম, থিয় কিল খাবি, থেকেঁচা মাৰিম, থুঁতৰি ভাঙিম, থুই কটা, থিয় গোৰ মাৰিম, থিয়ৈ থিয়ৈ নাঙঠ কৰিম, থপিয়াই দিম, থেঁতেলা খোৱা জাত, থোৰা চিগা জাত, থুপৰী, থুপৰা থাপৰ দিম ইত্যাদি।
  • দ: দাংকাটি, দঁতুৱা, দগধা, দগৰি পিটিম, দলি মাৰি দিম, দস্যুৰ জাত, দাঁতিনী, দস্যুতা, দস্যুটো, দাদৰি খোৱাটো, দুৰাত্মা, দুষ্কৰ্মী, দেশান্তৰ কৰিম, দোতাচলীয়া, দন্দুৰী, দন্দুৰা, দাঁত ভাঙিম, দানৱ, দম নিদিবি, দাৰে মাছ বছা দি বাছিম ইত্যাদি।
  • ধ: ধনলোভী তিৰী, ধমনাটো, ধৰুৱা, ধৰফৰাই মৰিবি, ধৰ্মভ্ৰষ্টটো, ধানখেৰ জপা দি জাপিম, ধামনী, ধাদুমী, ধিতিঙ্গা, ধুবুনী জাত, ধুম কলা, ধূৰ্ত, ধৃতৰাষ্ট্ৰ নহ’বি, ধমনাটো, ধোঁৱা-খোৱা জাত, ধোদ, ধ্বজ ভঙ্গ দিয়াটো, ধোদোঙ্গা, ধোদৰ জাত, ধোদৰ পচলা, পপীয়াটো/জনী ইত্যাদি।
  • ন: নাৰদ, নাম নুমাব তোৰ, নাম কটা যোৱা, নিধক, নাক কাটি, নটিনী, নাগিনী, নাৰদীয়া, নাটেশ্বৰী, নাম নুমুৱা জাত, নমৰ কিয়, নাক কটা যোৱা, নষ্ট যোৱা, নৰক গামী হোৱা, নৰকনিত বাস কৰ, নাকী লগাম, নাকনী-কাণনী কৰিম, নৰকী, নাৰকী, নাস্তিকটো, নিছলা, নিঠৰুৱাটো, নিন্দুকটো, নিমূৰমূৰা, নিৰক্ষৰ, নিৰ্ব্বংশ হ, নিঃসন্তান হৈ থাকিবি, মিছামাছ কৰিম, নপুংসক, নিলাজ, নিলাজীৰ জাত, নেলু চেপিম, নেলু গচক মাৰি ধৰিম ইত্যাদি।
  • প: পগলা, পাতকী, পাপিষ্ঠ, পিটিকি পেলাম, পিশাচৰ জাত, পদূলি শুঙা, পৈয়েৰে মৰা, পাষণ্ড, পটেশ্বৰী, পখালি পেলাম, পটাগুটীত পিহিম, পাওকঠীয়া, পুলি পোনাই উঘালি, পপীয়া, পাপী, পৰকতি লৰা, পোহাৰী, পোহাৰী চুপতি, পেনেৰা, পেটুৱা, পোহৰ শুঙা, প্ৰতাৰক ইত্যাদি।
  • ব: বান্দৰ, বজৰুৱা, বাঘ ঢকা দিম, বখলা বখল কৰিম, বিধৰী, বনবাসত দিম, বীজ মৰ, বান্দৰ-কেকোঁৱা লগাম, বৈৰাগী হ, বনবাসত দিম, বলীয়া, বনৰীয়া, বলি কটা দিম, বগৰা জাত, বান্দৰী, বান্দী, বাৰেপৈয়াঁতী, ব্যভিচাৰী, বাঘ তেল খোৱা, বাঘৰ নেজ কটা, বাঘে খোৱা জাত, বইজাত, বাঘৰ মুখত যোৱা, বনৰী, বনৰীয়া, বুঢ়া শগুণ, বৰবিহ খোৱা, বুঢ়ী বাঢ়নীৰে কোবাম, বেশ্যা, বুকুত জুই লগা, বাৰেবনৰী, বাপেৰৰ পোকৰত আৰৈ চাউল ভাজি খোৱা, বুৰ্বক জাত, বঁহীয়াৰ জাত, বিটলীয়া, বেঙ্গা, বুঢ়া ঘৰৰ পোকৰ শুঙা, বাপেৰৰ মূৰটো, বাপেৰৰ মূৰ চোবোৱা, বাঁজী, বাৰাভাতেৰী, বৰ গেলা, বৰ বেমাৰী, বাঢ়নীৰ কোব খোৱা, বাপেৰ মাৰৰ মূৰ খোৱা, বৰ বেমাৰ হৈ মৰিবি, বেমাৰী, বাপেৰ মূৰত টেকেলি ভাঙি খোৱা ইত্যাদি।
  • ভ: ভেঁটিত তিতা লাও গজক, ভেটিত গেজেপনি হওক, ভেটিত লাও-কোমোৰা গজক, ভিকহু জাত, ভূতুনি, ভৰ বয়সত মাদলী ফুটিব, ভৰ বয়সত পৈয়েৰ মৰিব, ভৰ বয়সত ঘৈণী মৰিব, ভোদা, ভিকহুৰ পো, ভিকহুৰ জীয়েক, ভেটি উছন যাওক, ভ্ৰষ্ট, ভেটিত বন গজক, ভঙ্গুৱা, ভগনিয়াৰ জাত, ভঁজুৱা, ভগীয়া তিৰী, ভতুৱা, ভ্ৰষ্টাচাৰী, ভদ্ৰ-কালী তিৰী, ভৰিয়ে মূৰে কঢ়া, ভাওধৰা জাত, ভাঁৱৰী পকীয়াটো/জনী, ভাণ্ড, ভাত ভাৰী, ভাপত সিজাম, ভাবুৰী, ভিতৰ গুটি, ভীৰু, ভুকুৱাই মাৰিম, ভুটকুৰা, ভেঁকোলা, ভুৰুকিয়া, ভূতীয়াটো, ভৃত্য, ভিক্ষাৰীৰ জাত, ভেঙ্গুৰাটো, ভোটোঙ্গা, ভোটোহা, ভেমতী, ভেঁমেচি, ভাত মৰিব, ভিকাচন ভাগিব, ভেঁটি মৰ ইত্যাদি।
  • ম: মইমতটো/জনী, মাউৰত মৰা, মৰি হজম হ’বি, মৰিবলৈ ধৰা, মৰি নাথাক কিয়, মৰিবলৈ নেদেখা, মাৰ-বাপেৰৰ মূৰ খোৱা, মাৰ বাপেৰৰ বিয়া দেখুৱাম, মেখেলাৰে বান্ধিম, মেখেলাৰ তলতীয়া, মদাহী জাত, মৰিয়াৰ পঁইতা খোৱা পো, ম্লেচৰ জাত, মৰাটো, মতাছাৰী, মেখেলাৰে কোবাম, মেখেলা পিন্ধা জাত, মাৰৰ মূৰটো, মূতিবলৈও নাযাওঁ, মাৰ বাপেৰৰ মূৰত কঁঠাল ভাঙি খোৱা, মূৰ চোবোৱা, মতৰী, মাৰত মৰিবি, মতগৰ্বী, মদপী, মৰতী, মৰামূৱা, মহতিয়াই পেলাম, মহাপাপী, মহিষাসুৰৰ জাত, মহুৰা সূতা মেৰোৱাদি মেৰাম, মাইকী তলতীয়া, মাউৰীয়া, মূতি থৈ আহিমগৈ, মাগনীৰ জাত, মাতৃবৈৰীটো/জনী, মাৰি পেলাম, মাৰ ঘাত মাৰিম, মিছলীয়াৰ জাত, মিজিৰা, মুণ্ড ছিঙিম, মেটুৰা, মূৰ ফালিম, মুৰ্খ, মেতৰৰ জাত, মেমেৰা, মাউৰা, মেলেছৰ জাত, মোচোকা মাৰি ধৰিম, মোহাৰি পেলাম, মোৰত মৰিবি, মগজ নাইকিয়া জাত, মেখেলা শুঙা, মেকুৰী চকুৱাটো, ইত্যাদি।
  • য: যঁতেৰি ফেঁটী তিৰী, যখ, যখিনী, যমে নিনিয়াটো, যম ডাকিনী, যমে নেদেখাটো/জনী, যুতকীয়াটো, যদুবংশ ধ্বংস হ’ব, যমৰ ঘৰ দেখুৱাম, যোঁত জৰী বান্ধি পিটিম, যৌতুকীয়াত যোৱাটো, যখৰ জাত, যমৰ যাতনা দিম ইত্যাদি।
  • ৰ: ৰাওমুঈ, ৰসাতলে যা, ৰটনি, ৰচকী, ৰক্ত পান কৰিম, ৰক্ত খাম, ৰক্তাক্ত কৰিহে এৰিম, ৰঙা-ৰাঙলী হ’ব, ৰজাৰ ডেমাকী নেদেখুৱাবি, ৰমলিয়াই নাথাক, ৰাইডাঙে পিটিম, ৰাওমূৱা, ৰাজ যক্ষ্মা হৈ মৰিবি, ৰাজদ্ৰোহীৰ জাত, ৰাৱণৰ জাত, ৰাহুটো, ৰেপ মাৰি দিম, ৰৌ ৰৌ নৰকত পৰিবি, ৰণত পৰি মৰিবি, ৰুগীয়া জাত ইত্যাদি।
  • ল: লুধুমী, লোকৰ পদূলি শুঙা, লোকৰ চৰুৰ জুতি লোৱা, লোকৰ পোকৰ শুঙা, লুতুৰা, লেউৰা কৰিবি, লগনীয়াৰ জাত, লিগিৰাটোলৈ চা, লঙ্কা ধ্বংস কৰিম, লম্পট, ল’ৰা যমে নিয়ক, লেংটি খুলি মাৰিম, লাজ নাইকিয়াৰ জাত, লাওখোলা উৰুৱাই দিম, লাও-লোৱা, লাহতী তিৰী, লিকচৌটো, লুটিয়াই লুটিয়াই পিটিম, লেহেতিয়া, লোধোমা ইত্যাদি।
  • শ: শিয়ালটো, শাখিনী, শগুণে খোৱা জাত, শটবটীয়া, শনিটো, শতৰুটো, শনাহী তিৰী, শোটোৰা পৰ, শৰাধ খাবলৈ যাম, শৰ মাৰি মাৰিম, শালত দি মাৰিম, শালচকুৱাটো, শিয়াল টেঙৰৰ জাত, শুকানী, শোটাই কোবাম ইত্যাদি।
  • স: সেঙ্গেটা লাগি মৰ, সাত পুৰুষৰ বিয়া দেখিবি, সতিৱৈ টো, সিয়ানৰ জাত, সন্নিপাত, সোঁ বয়সতে যাবি, সমুলঞ্চে ধ্বংস হ, স্থিৰতা নাইকিয়াবোৰ, সেলেকা দঁতীয়া, স্বাৰ্থপৰৰ জাত, সৌকাই কোবাম, সেপ চোবাই মৰিবি ইত্যাদি।
  • হ: হাইজাত যোৱা, হতশ্ৰী হ, হটঙ্গাটো, হটঙ্গী, হতমুৰ্খৰ জাত, হাৰামজাদা, হৰা কৰি মাৰিম, হনু ভাঙিম, হাঁতুৰীয়ে কোবাই মাৰিম, হাড় ডাল ডাল কৰিম, হাড় গুৰি কৰি পেলাম, হাড়ত বন গজিব, হাৰামী, হালোৱা ৰাখিম, হিংসাকুৰীয়াৰ জাত, হেঁচাৰ মাৰি দিম, হেঁচা মাৰি মাৰিম, হেঁপাটো, হেঁতামাৰি দি মাৰ দিম ইত্যাদি।

তথ্যসূত্ৰ

  1. দাস, প্ৰৱীণ চন্দ্ৰ. অসমীয়া ভাষা আৰু সাহিত্যৰ কথা. 
  2. "Definition of Profanity", Merriam-Webster Online Dictionary, retrieved on 2014-08-31.
  3. Marquis, A.N. (1940). "The Monthly Supplement: a current biographical reference service, Volumes 1-2". The Monthly Supplement (United States: A.N. Marquis) খণ্ড 1-2: 337. 
  4. মহেশ্বৰ নেওগ
  5. Dorson, R.M. Folk Literature of Assam. 
  6. দাস, মাণিক. অসমীয়া সাহিত্যৰ গতি-প্ৰকৃতি.