সমললৈ যাওক

অসমীয়া সাহিত্যৰ অৰুণোদয় যুগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
‘অৰুণোদই’ আলোচনী
‘অৰুণোদই’ আলোচনী

১৮৪৬ চনত শিৱসাগৰৰ পৰা বেপ্তিষ্ট মিছনেৰীসকলৰ উদ্যোগত ‘অৰুণোদই’ নামৰ আলোচনী প্ৰকাশ পায়। এই আলোচনীক কেন্দ্ৰ কৰি অসমীয়া ভাষাই আধুনিক ৰূপ লাভ কৰে। ইয়াৰ আৰম্ভণি অৰ্থাৎ ১৮৪৬ চনৰ পৰা ১৮৮৮ চনলৈকে এই সময়চোৱাক অৰুণোদয় যুগ বুলি কোৱা হয়।[1] অৰুণোদয় যুগত সাহিত্যৰ যোগেদি অসমৰ সাহিত্য সংস্কৃতিৰ পৰিমণ্ডল অধিক সমৃদ্ধিশালী আৰু প্ৰশস্ত হৈ উঠে। এই যুগটোত খ্ৰীষ্টিয়ান লেখকসকলৰ উপৰি আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত আদি অখ্ৰীষ্টিয়ান লেখকসকলে অসমীয়া ভাষা-সাহিত্যক এক নতুন আলোকময় পথৰ সন্ধান দিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অসমীয়া ভাষাৰ ক্ৰমবিৱৰ্তনৰ ইতিহাসত ঊনবিংশ শতিকাৰ কালছোৱা একপ্ৰকাৰৰ অনিশ্চয়তাৰ কাল বুলি কোৱা হয়। ড° নগেন শইকীয়াৰ মতে মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণত জৰ্জড়িত আৰু তথা নিশকটীয়া হোৱা অসম ১৮২৬ খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যোৱাৰ পিছৰ দুটা দশক অসমীয়া ভাষাৰ বাবে মৰ-আঁউসী স্বৰূপ।[2] ঊনবিংশ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছসকলৰ শাসনে অসমৰ সাংস্কৃতিক আৰু জাতীয় জীৱনধাৰলৈ পৰিৱৰ্তন আনিলে। ইংৰাজে দেশ লোৱাৰ পিছত দেশৰ ৰাজনৈতিক অৱস্থা বহু পৰিমাণে সুস্থিৰ হৈছিল যদিও চৰকাৰৰ ভাষা-নীতিৰ ফলত অসমীয়া ভাষাৰ বিকাশৰ পথ বহুদিনলৈ ৰুদ্ধ হৈছিল। ১৮৩৬ চনত অসমীয়া ভাষা অসমৰ সমাজ জীৱনৰ পৰা অপসাৰিত হ’ল আৰু স্কুল, কলেজ, কাছাৰী আদি সকলোতে বঙলা ভাষাই আধিপত্য বিস্তাৰ কৰিলে। ১৮৭৩ চনত অসমীয়া ভাষাই স্থানীয় ভাষাৰূপে স্বীকৃতি লাভ নকৰালৈকে এই ছয়ত্ৰিশ বছৰত অসমীয়া ভাষাত চৰ্চাৰ অভাৱ আৰু বঙলা ভাষাৰ বিস্তাৰৰ ফলত অসমীয়া ভাষাৰ আখৰ জোঁটনি, শব্দাৱলীৰ ব্যৱহাৰ আদিৰ ক্ষেত্ৰত এক অনিশ্চয়তাই দেখা দিলে।[3] এই সময়তে অসমত খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ অহা মিছনেৰীসকলে অসমীয়া ভাষাৰ ব্যাকৰণ, অভিধান আদি ৰচনা কৰি পোন প্ৰথমে স্কুল আদালতৰ পৰা নিৰ্বাসিত হোৱা অসমীয়া ভাষাক পুনঃ প্ৰতিষ্ঠাৰ বাবে চেষ্টা চলালে। ১৮৪৬ চনত শিৱসাগৰৰ ‘মিশ্যন প্ৰেছ’ৰ পৰা ওলোৱা অৰুনোদই কাকতে সেইসময়ত অসমৰ জাতীয় জীৱনত এক বৌদ্ধিক জাগৰণ সৃষ্টি কৰি অসমীয়া ভাষা আৰু সাহিত্যক শক্তিশালী কৰে। অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ পৃথিৱীত অৰুনোদইয়ে ধৰ্মমুক্ত ধাৰাৰ প্ৰৱৰ্তন কৰিছিল বুলি বহুতো লোকে মত প্ৰকাশ কৰে। কিন্তু অৰুনোদইৰ অন্যান্য ভূমিকাও আছিল; যিবোৰৰ সৈতে বাৰ্তালোচনীখনৰ প্ৰচাৰমূলক চৰিত্ৰ সম্পৃক্ত। প্ৰযুক্তি বিজ্ঞানৰ অৱদান, মুদ্ৰণ যন্ত্ৰক কেনেকৈ অসমীয়া ভাষাত ধৰ্মপ্ৰচাৰৰ কামত ব্যৱহাৰ কৰিব পাৰি তাৰ শিক্ষা অসমীয়াই পোন প্ৰথমে অৰুনোদইৰ পৰাই লাভ কৰে।[4]

১৮৪৬ খ্ৰীঃৰ জানুৱাৰী মাহৰ পৰা প্ৰকাশ পোৱা বৰ্তালোচনীখনৰ নামকৰণত ব্যৱহাৰ কৰা বানান অৰুনোদই, সেই একে ৰূপতেই ১৮৬১ খ্ৰীঃলৈ চলে। ১৮৬১ খ্ৰীঃত বানানৰ ৰূপটোৰ অলপ পৰিৱৰ্তন ঘটোৱা হয়; অৰ্থাৎ অৰুনোদইৰ পৰিৱৰ্তে অৰুণোদয় ৰূপৰে নতুনকৈ শব্দবিন্যাস কৰা হয়। এনেদৰেই এই বাৰ্তালোচনীখনে সাহিত্য-জগতলৈ ১৮৮০ খ্ৰীঃলৈকে অৱদান আগবঢ়ায়। গতিকে ১৮৪৬ খ্ৰীঃৰ পৰা ১৮৮০ খ্ৰীঃলৈকে অসমীয়া সাহিত্য জগতখন অৰুনোদই আৰু অৰুণোদয়ে নিয়ন্ত্ৰণ কৰা এই সুদীৰ্ঘ কালডোখৰক সাধাৰণতে অৰুণোদয় যুগ বোলা হয়। (শৰ্মা দলৈ, ১৯৯২, পৃ. ১০৯) অৰুণোদয় যুগত খ্ৰীষ্টিয়ান লেখকসকলৰ উপৰি আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত আদি অখ্ৰীষ্টিয়ান লেখকসকলে অসমীয়া ভাষা-সাহিত্যলৈ অৱদান আগবঢ়ায়। অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰি অসমীয়া সাহিত্যিকক এক নতুন পথৰ সন্ধান দিয়াৰ ক্ষেত্ৰত অৰুণোদয় যুগৰ সাহিত্যই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।[5]

কালানুক্ৰম

[সম্পাদনা কৰক]

প্ৰাৰম্ভিক কাল

[সম্পাদনা কৰক]

অখ্ৰীষ্টান লেখকসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন অন্যতম। ঢেকিয়াল ফুকনে প্ৰণয়ন কৰা গ্ৰন্থসমূহ হ’ল— অসমীয়া ল’ৰাৰ মিত্ৰ (দ্বিতীয় আৰু তৃতীয় খণ্ড, ১৮৪৯), ফুকন দেৱান কায়দা বন্দী (১৮৪৯-৫০), সদৰ দেৱানী নিষ্পত্তি (১৮৫০), Observation on the Administration of the Province of Assam (১৮৪৫), A Few Remarks on the Assamese Language and Vernacular Education in Assam (১৮৫৪) আদি।

ঢেকিয়াল ফুকনৰ Observation on the Administration of the Province of Assam মোফাত মিলচ চাহাবে ১৮৫৩ চনত অসম ভ্ৰমণ কৰিবলৈ আহোঁতে, তেওঁৰ ওৰত দাখিল কৰা স্মাৰকপত্ৰ। এই স্মাৰকপত্ৰখনত তেওঁ সমকালীন অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, প্ৰশাসনিক আদি অৱস্থাৰ লগতে অসমৰ ভাষা আৰু শিক্ষা সমস্যা দাঙি ধৰি সেইবোৰৰ নিৰাময়ৰ বাবে পৰামৰ্শ আগবঢ়াইছে। A Few Remarks on Assamese Language নামৰ ভাষাতত্ত্ব সম্পৰ্কীয় পুস্তিকাখন তেখেতে ৰচনা কৰি ১৮৫৫ খ্ৰীঃত ইয়াক A Native ছদ্মনামেৰে ছপা কৰি উলিয়াইছিল। ১৮৪৬ খ্ৰীঃৰ পৰাই ঢেকিয়াল ফুকনে অৰুনোদইত প্ৰবন্ধ পাতি লিখিবলৈ আৰম্ভ কৰিছিল। ১৮৪৭ খ্ৰীঃত অৰুনোদইত তেওঁৰ ”ইংলেণ্ডৰ বিৱৰণ” নামৰ ৰচনাখণ্ড প্ৰকাশ পায়। ঢেকিয়াল ফুকনে ৰচনা কৰা ফুকন দেৱান কায়দা বন্দী, সদৰ দেৱানী নিষ্পত্তি আৰু আইন ও ব্যৱস্থা সংগ্ৰহ এই তিনিখন গ্ৰন্থ শাসন, আইন, নীতি আৰু ব্যৱস্থা সম্বন্ধীয়। ঢেকিয়াল ফুকনৰ জাতীয় প্ৰেম, সাহিত্যানুৰাগ, উদাৰনৈতিক দৃষ্টিভংগী আৰু অধ্যয়নশীলতাৰ প্ৰতি লক্ষ্য কৰি অসমৰ গৱৰ্ণৰ জেনেৰেল এজেণ্ট আৰু কমিচনাৰ কৰ্ণেল হপকিনচন চাহাবে তেওঁক বংগৰ ৰামমোহন ৰায়ৰ লগত তুলনা কৰিছিল।

আনন্দৰাম ঢেকিয়াল ফুকনৰ উপৰি এই সময়ছোৱাত আৰু কেইবাগৰাকীও অসমীয়া লেখকে অসমীয়া ভাষা-সাহিত্যলৈ বিশিষ্ট বৰঙণি আগবঢাইছে। তেওঁলোকৰ ভিতৰত পূৰ্ণানন্দ শৰ্মা, দয়াৰাম চেতিয়া, বলৰাম ফুকন, কিনাৰাম সত্ৰিয়া, যজ্ঞৰাম দেওধাই বৰুৱা, কাতিৰাম গোঁহাই, জাতিৰাম গোহাঁই, ধৰ্মকান্ত গোহাঁই আদি অন্যতম। তেওঁলোকৰ কেইবাজনেও অসমীয়া কবিতাৰ প্ৰথ প্ৰদৰ্শক স্বৰূপ। অৰুনোদইৰ পাতত প্ৰকাশিত এইলানি কাবিতাৰ পৰাই অসমীয়া কবিতাই এক নতুন দিশলৈ গতি কৰে। পুৰণি কাব্যৰ ধৰ্মীয় বিষয়বস্তুৰ পৰা আঁতৰি আহি কানিৰ অপকাৰিতা বা কলিকতাৰ বিৱৰণৰ দৰে বিষয় এই কবিতাত প্ৰকাশ হৈছিল। কিনাৰাম সত্ৰিয়াই ‘কলিকতাৰ সুখিয়াতি’ত লিখিছে-

কল্কতা নগৰ জেইজন দেখা নাই
ম্ৰিতিকাৰ কলচিতে আচই লুকাই;
জেইজন দেখি আচে কল্কতা ভুৱন
চকুদ্বাৰা কৰিলেক অম্ৰিত ভোজন।

দয়াৰাম চেতিয়াই তেওঁৰ ‘চপাখানাৰ বিৱৰণ’ত আধুনিক প্ৰযুক্তিৰ মুদ্ৰণ যন্ত্ৰও কবিতাৰ বিষয় হিচাপে স্বীকৃতি দিছে।

আনন্দৰাম ঢেকিয়াল ফুকনৰ উপৰি ১৮৪৬ আৰু ১৮৮৯ চনৰ মাজৰ কালছোৱাত দুজন লেখকে অসমীয়া সাহিত্যত উদাৰনৈতিক প্ৰগতিশীল মানৱতাবাদৰ প্ৰৱৰ্তন কৰে। তাৰে এজন হ’ল বাহিৰে ৰং চং, ভিতৰি কোৱাভাতুৰি আৰু কানীয়াৰ কীৰ্তনৰ লেখক হেমচন্দ্ৰ বৰুৱা আনজন হ’ল বিধৱা বিবাহৰ সমৰ্থক আৰু ৰাম-নৱমী নাটকৰ ৰচক গুণাভিৰাম বৰুৱা[6] অসমীয়া ভাষা-সাহিত্যৰ গুৰিয়ালস্বৰূপ হেমচন্দ্ৰ বৰুৱাৰ সাধনাই অৰুণোদয় যুগৰ অসমীয়া ভাষা-সাহিত্যৰ জগতখনলৈ এক নতুন ৰূপ আনে। হেমচন্দ্ৰ বৰুৱাৰ সংস্কাৰবাদী চিন্তা-চৰ্চাই এটি নতুন যুগৰ সূচনা কৰে। এইক্ষেত্ৰত ড° নগেন শইকীয়াই মন্তব্য কৰিছে—

‘‘Hem Chandra Barua, can be called a reformer of strong conviction. He laid the foundation stone of modern Assamese language, on the basis of which the language as well as the literature could flourish according to the necessity and demand.’’[7]

মধ্যম কাল

[সম্পাদনা কৰক]

হেমচন্দ্ৰ বৰুৱাই ১৮৫৯ অসমীয়া ভাষাৰ ব্যাকৰণ নাম দি অসমীয়া ভাষাৰ তৃতীয়খন ব্যাকৰণ প্ৰণয়ন কৰে। তেওঁ ১৮৯২ চনত পঢ়াশলীয়া অভিধান আৰু দুবছৰৰ পিছত সংক্ষিপ্ত হেমকোষ লিখি উলিয়ায়। হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ তেওঁৰ মৃত্যুৰ পিছত; অৰ্থাৎ ১৯০০ চনত প্ৰকাশ হৈ ওলাইছিল। মাৰ্জিত ৰূপত অসমীয়া ভাষাৰ স্থিৰীকৰণ কৰাত আৰু আধুনিক ৰচনাৰীতি প্ৰচাৰ কৰাত ঊনবিংশ শতিকাৰ অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত হেমচন্দ্ৰ বৰুৱাই সম্পাদনা কৰা অসমীয়া ইংৰাজী সাদিনীয়া কাকত আসাম নিউজৰ অৱদান গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। হেমচন্দ্ৰ বৰুৱাই সেই সময়ৰ সমাজত প্ৰচলিত গোড়ামী, অন্ধবিশ্বাস আৰু ভণ্ডামিৰ বিৰুদ্ধে যুঁজিবলৈ হাতত কলম তুলি লৈছিল। কানিৰ অপকাৰিতা সম্পৰ্কে অসমীয়া লোকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ বৰুৱাই কানীয়াৰ কীৰ্তন নাটক ৰচনা কৰিছিল। ঊনবিংশ শতিকাৰ ইংৰাজ শাসনাধীন অসমীয়া সমাজখন যি নানা বিষয়ক দোষ ত্ৰুটীয়ে অসুস্থ কৰি তুলিছিল তাৰ সংশোধন কামনা কৰি তেওঁ বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী ৰচনা কৰিছিল।

হেমচন্দ্ৰ বৰুৱাই ঊনবিংশ শতিকাৰ সৃষ্টিশীল অসমীয়া সাহিত্যৰ এগৰাকী প্ৰথিতযশা পঢ়াশলীয়া পুথিৰ ৰচয়িতা হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ঊনবিংশ শতিকাৰ নৱজাগৰণৰ সময়ত অসমত শিক্ষিত শ্ৰেণী প্ৰায় নাছিলেই। এই সময়ছোৱাত শিক্ষাৰ ক্ষেত্ৰত এটি গুৰুতৰ সমস্যা আছিল পাঠ্যপুথিৰ অভাৱ। ১৮৭৩ চনত অসমীয়া ভাষা পুনৰ অসমৰ স্কুল-কলেজত প্ৰৱৰ্তিত হোৱাত স্বাভাৱিকতে অসমীয়া পাঠ্যপুথিৰ অধিক প্ৰয়োজন হ’ল। এই অভাৱ পূৰণ কৰিবলৈ বাটকটীয়াৰ ভূমিকা পালন কৰে হেমচন্দ্ৰ বৰুৱাই। চৰ্চাৰ অভাৱত সেই সময়ত অসমীয়া ভাষাৰ অৱস্থা এনে হৈছিল যে, অসমীয়া ভাষাৰে পঢ়াশালিত অসমীয়া ল’ৰা-ছোৱালীক শিক্ষা দিয়াতো আকাশত চাং পতা কাম বুলি ফ্ৰেনচিছ জেনকিন্সে মন্তব্য কৰিছিল। এ জে মফাট মিলচে তেওঁৰ প্ৰতিবেদনত অসমত ভাষিক ৰাজত্বৰ পৰিৱৰ্তন ত্বৰান্বিত কৰিবলৈ অধিক পুথি প্ৰণয়নত গুৰত্ব দিছিল।[8] তেতিয়াৰ অসমীয়া ভাষাৰ চৰ্চাৰ প্ৰতিকূল পৰিৱেশৰ মাজতো স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক শিক্ষিত কৰি তুলিবলৈ নিভাঁজ অসমীয়া ভাষাৰে পাঠ্যপুথি প্ৰণয়নত হেমচন্দ্ৰ বৰুৱাই আত্মনিয়োগ কৰিছিল। স্কুলীয়া ছাত্ৰৰ উপযোগীকৈ তেওঁ আদিপাঠ, পাঠমালা, অসমীয়া ল’ৰাৰ ব্যাকৰণ আৰু পঢ়াশলীয়া অভিধান ৰচনা কৰিছিল।

শেষৰ কাল

[সম্পাদনা কৰক]

অৰুণোদয়-যুগৰ শেষৰ ফালে হেমচন্দ্ৰ-গুণাভিৰামৰ সৃষ্টিৰ প্ৰভাৱত অসমীয়া গদ্য জাতীয় সম্প্ৰীতি, জাতীয়তাবোধ আৰু মানৱোচিত আৰু সংস্কাৰাত্মক আদি গুণেৰে আপেক্ষিকভাৱে সবল হৈ উঠে।[9] গুণাভিৰাম বৰুৱাৰ অসমীয়া সাহিত্যলৈ প্ৰথম অৱদান হ’ল— ৰাম-নৱমী নাটক (১৮৫৭)। ১৮৮০ চনত ৰচনা কৰা গুণাভিৰাম বৰুৱাৰ উল্লেখযোগ্য সাহিত্য কৃতি হ’ল আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ প্ৰণয়ন। প্ৰাচীন কালৰ পৰা ব্ৰিটিছৰ ৰাজত্ব কাললৈকে ঐতিহাসিক বিচাৰ বিশ্লেষণ কৰি ৰচনা কৰা আসাম বুৰঞ্জী-খন তেওঁৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ। তেওঁৰ অন্যান্য ৰচনাসমূহৰ ভিতৰত ল’ৰা পুথি, কাব্য কুসুম, পদাৰ্থ-বিদ্যা, বিবাহ-ৰহস্য, ঘোষা-পুথি আদি অন্যতম। অৰুণোদয় যুগৰ অন্যতম অখ্ৰীষ্টিয়ান লেখক ৰমাকান্ত চৌধুৰী (১৮৪৬-১৮৮৯)। আধুনিক অসমীয়া কাব্যজগতৰ প্ৰথম বৰ্ণনাত্মক কাব্যৰ ৰচক। তেওঁৰ বংগৰ কবি মধুসূদন দত্তৰ অমিত্ৰাক্ষৰ ছন্দত ৰচিত মেঘনাদ বধ কাব্যৰ আৰ্হিত প্ৰথম অসমীয়া আধুনিক কাব্য অভিমন্যু বধ প্ৰণয়ন কৰে। অভিমন্যু বধ কাব্যৰ উপৰি ৰমাকান্ত চৌধুৰীয়ে সীতা-হৰণ আৰু ৰাৱণবধ নামৰ দুখন নাটক ৰচনা কৰি পৌৰাণিক নাটকৰো প্ৰথম ৰচক ৰূপে পৰিগণিত হৈছে।

হেমচন্দ্ৰ-গুণাভিৰামৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ সেই সময়ছোৱাত যি কেইগৰাকীয়ে খণ্ড কবিতা আৰু বৰ্ণনাত্মক কাব্য ৰচনাৰে পাশ্চাত্য কাব্য কবিতাৰ ৰীতি-প্ৰকৃতিক অসমীয়া সাহিত্যলৈ আদৰি আনিলে সেইসকলৰ ভিতৰত ভোলানাথ দাস অন্যতম। বংগৰ কবি মাইকেল মধুসূদন দত্তৰ মেঘনাদ বধ কাব্যৰ আৰ্হিত ৰচিত সীতা-হৰণ কাব্য ভোলানাথ দাসৰ অসমীয়া সাহিত্যলৈ উল্লেখনীয় অৱদান। ভোলানাথ দাসৰ খণ্ড কবিতাসমূহে দুখন পুথিৰ মাজেদি প্ৰকাশ লাভ কৰিছে-এখনৰ নাম কবিতা মালা আৰু আনখনৰ নাম চিন্তা-তৰংগিনী। এই যুগটোৰ আন এগৰাকী লেখক ৰত্নেশ্বৰ মহন্তদেৱে তেওঁৰ ২৯ বছৰীয়া চুটি জীৱনকালৰ ভিতৰত অসমীয়া সাহিত্যলৈ বিভিন্ন দিশত বৰঙণি আগবঢাই গৈছে। তিনিখণ্ডত বিভক্ত তেওঁৰ কবিতাৰ পুথি কবিতাহাৰত প্ৰায় ডেৰ কুৰি কবিতা সন্নিৱিষ্ট আছে। ঐতিহাসিক তথ্যৰ অনুসন্ধান কৰি তেওঁ বহুতো প্ৰবন্ধ ৰচনা কৰিছে। ‘অসমীয়া আৰু বিদেশী সাজ’, ‘ৰাম সৰস্বতী’, ‘অনন্ত কন্দলী’, ‘গাৰোৰ বৃত্তান্ত’, ‘মোৱামৰীয়া বিদ্ৰোহ’ আদি কিছুমান অনুসন্ধানমূলক প্ৰবন্ধ তেওঁ ৰচনা কৰে।

এগৰাকী কথা-সাহিত্যিক ৰূপে অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত লম্বোদৰ বৰা নামো উল্লেখযোগ্য। তেওঁ ৰচনা কৰা দুখন পুথি হ’ল ল’ৰাবোধ আৰু জ্ঞানোদয়। লম্বোদৰ বৰাই মহাকবি কালিদাসৰ অভিজ্ঞান-শকুন্তলম্ নাটকৰ গদ্যানুবাদ কৰিছিল। এইসকল সাহিত্যিকৰ উপৰি কমলাকান্ত ভট্টাচাৰ্য, বলিনাৰায়ণ বৰা, পদ্মাৱতী দেৱী ফুকননী আদি কেইবাগৰাকীও সাহিত্যিকেও তেওঁলোকৰ সাহিত্যৰাজিৰে অসমীয়া সাহিত্যলৈ বৰঙনি আগবঢ়াই গৈছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

সহায়ক গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  1. চৌধুৰী, প্ৰসেনজিৎ (সম্পাঃ)(১৯৯৫); অৰুণোদই; গুৱাহাটীঃ ষ্টুডেণ্টচ ষ্ট’ৰচ।
  2. ঠাকুৰ, নগেন আৰু ডেকা, খগেশ সেন (সম্পাঃ)(২০০০); ভাষা চিন্তা-বিচিত্ৰা; গুৱাহাটীঃ পূবেৰুণ।
  3. ভট্টাচাৰ্য, বসন্ত কুমাৰ (২০০৬); অৰুণোদই যুগৰ সাহিত্য; গুৱাহাটীঃ চন্দ্ৰ প্ৰকাশ।
  4. শইকীয়া, নগেন (১৯৯৬); অসমীয়া কবিতা আৰু অন্যান্য বিষয়; গুৱাহাটীঃ চন্দ্ৰ প্ৰকাশ।
  5. শৰ্মা দলৈ, হৰিনাথ (১৯৯২); অসমীয়া গদ্য-সাহিত্যৰ গতিপথ; নলবাৰীঃসৰলা দেৱী।
  6. ভট্টাচাৰ্য, বীৰেন্দ্ৰ কুমাৰ (২০০৫); ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত এভূমুকি; গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদ।
  7. Saikia, N. (1988). Background of Modern Assamese Literature. Guwahati: Omsons Publication.
  8. Mills, A.J. Moffat (1984). Report on the Province of Assam. Guwahati: Publication Board Assam