সমললৈ যাওক

কানীয়াৰ কীৰ্ত্তন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কানীয়াৰ কীৰ্তনৰ পৰা পুনঃনিৰ্দেশিত)

'কানীয়াৰ কীৰ্ত্তন' হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা লিখিত এখন অসমীয়া নাটক। ১৮৬১ চনত কানীয়াৰ কীৰ্ত্তন প্ৰকাশিত হৈছিল। প্ৰকাশৰ তাৰিখৰপৰা 'কানীয়াৰ কীৰ্ত্তন' প্ৰথমখন আধুনিক অসমীয়া নাটক। আনহাতে গুণাভিৰাম বৰুৱাৰ দ্বাৰা ৰছিত 'ৰাম-নৱমী' নাটকখন ১৮৫৭ চনত লিখা হৈছিল, কিন্তু ছপা হৈ ওলাইছিল ১৮৭০ চনত।[1] কানীয়াৰ কীৰ্ত্তন নাটখনিত সেই সময়ত অসমত বহুল প্ৰচলিত কানি খোৱাৰ কুপ্ৰভাৱৰ বিষয়ে দেখুওৱা হৈছিল।[2]

কাহিনী সাৰাংশ

[সম্পাদনা কৰক]

নাটৰ কাহিনীভাগৰ সময় আহোম ৰজা পুৰন্দৰ সিংহৰ সময়ৰ। নাটকৰ চৰিত্ৰলিপিত পাণ নামে এগৰাকী গাভৰু, যিয়ে কানি খোৱাৰ বাবে ডেকাসকলক সূচল কৰি দিয়ে, তেখেত ৰজা পুৰন্দৰ সিংহৰ লিগিৰী বুলি উল্লেখ আছে।

ভদ্ৰেশ্বৰ বৰুৱা এগৰাকী সম্ভ্ৰান্ত অসমীয়া আৰু সোণাৰগাঁও মৌজামৌজাদাৰ। সেই সময়ত অসমত প্ৰচলিত কানিৰ তীব্ৰ বিৰোধিতা নকৰিলেও তেখেতে কানি খোৱাৰ ফলত হোৱা কুপ্ৰভাৱৰ বিষয়ে জ্ঞাত আৰু নিজে আঁতৰত থকাৰ উপৰিও কানিৰ বিৰোধী। তেখেতৰ সন্তান কীৰ্ত্তিচন্দ্ৰই কানিৰ প্ৰভাৱ বুজিও এবাৰ ব্যৱহাৰ কৰি চাওঁ বুলি কানি আৰু সমনীয়াৰ প্ৰভাৱত কানিৰ আসক্ত হৈ পৰে। কানিৰ আসক্তি আঁতৰাবলৈ ভদ্ৰেশ্বৰ আৰু পত্নী ললিতাই কীৰ্ত্তিচন্দ্ৰলৈ চন্দ্ৰপ্ৰভাক বিয়া কৰাই আনে। কিন্তু কীৰ্ত্তিচন্দ্ৰই কানি ব্যৱহাৰ কৰা অব্যাহত ৰাখে।

তৃত্বীয় অঙ্কত কীৰ্ত্তিচন্দ্ৰৰ পতন দেখুওৱা হয়। ইতিমধ্যে মাক-দেউতাকৰ মৃত্যু হয় আৰু মৌজাৰ দায়িত্বলৈ পিঠি দিয়া কীৰ্ত্তিচন্দ্ৰই কানিৰ আসক্তিৰ বাবে মৌজা হেৰুৱাব লগীয়া হয়। লাহে লাহে ঘৰৰ সৰু-সৰু সামগ্ৰী বেচি বা কেতিয়াবা মিছা কথা কৈও কানি খোৱাটো অব্যাহত ৰাখে। শেষত মিছা সাক্ষী দিয়াৰ অপৰাধত কীৰ্ত্তিচন্দ্ৰ ফাটেকলৈ যাবলগীয়া হয়।

ফাটেকতে কানিৰ অবিহনত কীৰ্ত্তিচন্দ্ৰৰ অসুখ হ'বলৈ আৰম্ভ কৰে আৰু কানি পানৰপৰা পোৱা দুখ আৰু শাস্তিৰ কথা উল্লেখ কৰি অনুশোচনা কৰে আৰু তাতেই তেখেতৰ মৃত্যু হয়।

নাটকখনৰ বিভাগ

[সম্পাদনা কৰক]

'কানীয়াৰ কীৰ্ত্তন' নাটকখনত মুঠতে চাৰিটা অঙ্ক আছে। প্ৰথম অঙ্কত তিনিটা দৃশ্য, দ্বিতীয় অঙ্কত চাৰিটা, তৃত্বীয় অঙ্কত চাৰিটা আৰু শেষৰ চতুৰ্থ অঙ্কত তিনিটা দৃশ্য আছে। অৱশ্যে নাটখনত প্ৰতিটো দৃশ্যক দৰ্শন বুলি উল্লেখ কৰা হৈছে।[2]

১৮৬১ চনত 'বাবু উৎসৱানন্দ গোসাই' (Deputy Inspector of Schools)-ৰ সহায়ত 'কানীয়াৰ কীৰ্ত্তন' প্ৰথম প্ৰকাশ হৈ ওলাইছিল। ১৮৬৮ চনত এই নাটক খনৰ দ্বিতীয় প্ৰকাশ উলিওৱা হয়। দ্বিতীয় প্ৰকাশৰ আঁৰত এ.চি.কেম্পবেলৰ (Mr. A.C. Campbell, Personal Assistant to the Agent Governor General N.E. Frontier and Commissioner of Assam) সহায়ৰ কথা হেমচন্দ্ৰ বৰুৱাই উল্লেখ কৰিছে।[2] দ্বিতীয় প্ৰকাশৰ সময়ত মূল পাঠত কিছু সংশোধন কৰা হৈছিল।

১৮১৩ শকত 'কানীয়াৰ কীৰ্ত্তন'ৰ পঞ্চম তাঙ্গৰণ প্ৰকাশ কৰা হয়। এই তাঙৰণত এটা দৰ্শন নতুনকৈ যোগ দিয়া হৈছিল।[2]

লেখকৰ জীৱন কালত প্ৰকাশিত ষষ্ঠ তাঙৰণতো কিছু সংশোধনী কৰা হৈছিল বুলি উল্লেখ আছে।[2]

১৮৭০ শকত 'কানীয়াৰ কীৰ্ত্তন'ক বি.এ. শ্ৰেণীৰ দ্বিতীয় ভাষাৰ পাঠ্যৰূপে নিৰ্বাচিত কৰা হয়। ২০০৩ চনত স্নাতকোত্তৰ শ্ৰেণীৰ (অসমীয়া শাখাৰ) মনোনীত পাঠ্য কৰা হয়।[2]

বৰ্তমান বজাৰত 'কানীয়াৰ কীৰ্ত্তন'ৰ ২০০৩ চনৰ দ্বাদশ তাঙৰণ সহজতে পোৱা যায়। অৱশ্যে কিতাপখনৰ ভিতৰ পৃষ্ঠাত 'নতুন তাঙৰণ, ২য় প্ৰকাশ, ২০০৩ চন' বুলি উল্লেখিত আছে। [2]

ৰাইজৰ সঁহাৰি

[সম্পাদনা কৰক]

প্ৰথম অসমীয়া প্ৰকাশিত নাটক হিচাপে 'কানীয়াৰ কীৰ্ত্তন'-এ ৰাইজৰ সঁহাৰি পাবলৈ সক্ষম হৈছিল।[2]

মঞ্চায়ন

[সম্পাদনা কৰক]

'কানীয়াৰ কীৰ্ত্তন'ৰ মঞ্চায়ন হোৱা-নোহোৱাৰ বিষয়ে সবিশেষ তথ্য জানিবলৈ পোৱা নাযায়।

তথ্য উৎস

[সম্পাদনা কৰক]

[1] [2]

  1. 1.0 1.1 তীৰ্থনাথ শৰ্মা, ৰাম-নবমী নাটক, মূল গ্ৰন্থঃ (সঃ গজেন্দ্ৰনাথ গোস্বামী), গুণাভিৰাম বৰুৱাৰ ৰাম-নৱমী, বীণা লাইব্ৰেৰী, ২০০৭, ২য় প্ৰকাশ, পৃঃ ৭৭-৮৮
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 হেমচন্দ্ৰ বৰুৱা, কানীয়াৰ কীৰ্ত্তন, হেমকোষ প্ৰকাশন, নতুন তাঙৰণ (২০০৩), ২য় প্ৰকাশ