সমললৈ যাওক

ৰামমোহন ৰায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰাজা ৰামমোহন ৰায়ৰ পৰা পুনঃনিৰ্দেশিত)
ৰাজা ৰামমোহন ৰায়
জন্ম প্ৰায় ২২ মে' ১৭৭২
ৰাধানগৰ, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ২৭ ছেপ্টেম্বৰ, ১৮৩৩ (৬১ বছৰ)
ষ্ট্যাপলেটন, ব্ৰিষ্টল, ইংলেণ্ড
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জনা যায় বাংলাৰ নবজাগৰণ, ব্ৰাহ্মসমাজ

ৰামমোহন ৰায় (ইংৰাজী: Ram Mohan Roy) অথবা ৰাজা ৰামমোহন ৰায় (মে ২২, ১৭৭২ – ছেপ্টেম্বৰ ২৭, ১৮৩৩) প্ৰথম ভাৰতীয় ধৰ্মীয়-সামাজিক পুনৰ্গঠন আন্দোলন ব্ৰাহ্মসমাজৰ প্ৰতিষ্ঠাতা আৰু বঙালী দাৰ্শনিক। তৎকালীন ৰাজনীতি, জনপ্ৰশাসন, ধৰ্মীয় আৰু শিক্ষাক্ষেত্ৰত তেওঁ উল্লেখযোগ্য প্ৰভাৱ ৰাখিব পাৰিছিল। তেওঁ সতীদাহ প্ৰথা বিলুপ্ত কৰাৰ প্ৰচেষ্টাৰ বাবে সবাতোকৈ বেছি বিখ্যাত হৈছিল। এই সময়ত হিন্দু বিধবা নাৰীসকলে স্বামীৰ চিতাত সহমৰণে গৈছিল বা আত্মহুতি দিবৰ বাবে বাধ্য কৰা হৈছিল।

ৰামমোহন ৰায় কলকাতালৈ আগষ্ট ২০, ১৮২৮ চনত ইংলেণ্ড যাত্ৰাৰ আগে দ্বাৰকানাথ ঠাকুৰৰ লগত ব্ৰাহ্মসমাজ স্থাপন কৰে। পৰবৰ্তীকালত এই ব্ৰাহ্মসমাজে এক সামাজিক আৰু ধৰ্মীয় আন্দোলন আৰু বাংলাৰ পূনৰ্জাগৰণৰ পুৰোধা হিচাবে কাম কৰে।

শৈশৱ আৰু শিক্ষা

[সম্পাদনা কৰক]

২২ মে, ১৭৭২ চনত হুগলী জিলাৰ ৰাধানগৰ গাঁৱত ৰামমোহন ৰায়ে এক সম্ভ্ৰান্ত কুলীন (বন্দোপাধ্যায়) ব্ৰাহ্মণবংশত জন্মগ্ৰহণ কৰে। তেওঁৰ বংশত অদ্ভুত বৈপৰীত্য লক্ষ্য কৰা যায়। প্ৰপিতামহ কৃষ্ণকান্ত ফাৰুখশিয়াৰে আমোলা বাংলাৰ সুবেদাৰৰ আমিনৰ কাৰ্য্য কৰিছিল। সেই সূত্ৰেই বোধ কৰোঁ এওঁলোকে 'ৰায়' পদবী ব্যবহাৰ। কৃষ্ণকান্তৰ কনিষ্ঠ পুত্ৰ ব্ৰজবিনোদ ৰামমোহনৰ পিতামহ। পিতা ৰামকান্ত। ৰামকান্তই তিনিবাৰ বিবাহ কৰিছিল। মধ্যমা পত্নী তাৰিণীৰ এগৰাকী কন্যা আৰু দুজন পুত্ৰ-জগমোহন ও ৰামমোহন। এওঁলোকৰ বংশ আছিল বৈষ্ণৱ, কিন্তু ৰামমোহনৰ মাতা আছিল ঘোৰ তান্ত্ৰিক ঘৰৰ কন্যা। ৰামকান্ত পৈতৃক এজমালি ভদ্ৰাসন এৰি পাৰ্শ্ববৰ্তী লাঙ্গুলপাড়া গাঁৱলৈ সপৰিয়ালে উঠি যায়। তেখেতৰ পিতৃ ৰামকান্ত ৰায় আছিল বৈষ্ণবী আৰু মাতৃ তাৰিণী দেবী আছিল শাক্ত। পোন্ধৰ-ষোল্ল বছৰ বয়সত তেওঁ গৃহত্যাগ কৰি নানাস্থানত ঘূৰি ফুৰে। কাশী আৰু পাটনাত কিছুকাল আছিল আৰু নেপাললৈকো গৈছিল। ইয়াৰ আগেয়ে তেওঁৰ লগত তন্ত্ৰশাস্ত্ৰৰ সুপণ্ডিত নন্দকুমাৰ বিদ্যালঙ্কাৰৰ (পাছত হৰিহৰানন্দ তীৰ্থস্বামী কুলাবধূত নামে পৰিচিত) যোগাযোগ হয়। ৰামমোহনৰ সংস্কৃতত বুৎপত্তি আছিল, তেওঁৰ বেদ-বেদান্তৰ অনুৰাগ নন্দকুমাৰৰ সহযোগিতাত হৈছিল। ব্ৰহ্ম-উপাসনাৰ প্ৰতিষ্ঠাত হৰিহৰানন্দ তেওঁৰ দক্ষিণ-হাত আছিল। বাৰাণসীৰ পৰা প্ৰথাগত সংস্কৃত শিক্ষাৰ পাছত তেও পাটনাৰ পৰা আৰবী আৰু পাৰ্ছী ভাষা শিকে। পাছত তেও ইংৰাজী, গ্ৰীক আৰু হিব্ৰু ভাষাও শিকে।

কৰ্ম-জীৱন

[সম্পাদনা কৰক]

তৰুণ বয়সত তেওঁ কলকাতাত মহাজনৰ কাম কৰিছিল। ১৭৯৬ চনত ৰামমোহনে অৰ্থোপাৰ্জন কৰা আৰম্ভ কৰে। ১৮০৩ ৰ পৰা ১৮১৪ চন পৰ্য্যন্ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰী আছিল। কলকাতালৈ প্ৰায়ে আহিছিল আৰু নবাগত চিভিলিয়ানসকলৰ লগত পৰিচিত হৈ তেওঁলোকক নানা বিষয়ত সহায় কৰিছিল। এই সুযোগৰ সদ ব্যৱহাৰ কৰি তেওঁ ইংৰাজী শিকি লৈছিল। ব্ৰিটিশ ইষ্ট ইণ্ডিয়া কোম্পানিৰ কামত চিভিলিয়ান কৰ্মচাৰীসকলৰ মাজত জন ডিগবীৰ লগত তেওঁৰ সৰ্বাধিক ঘনিষ্ঠতা হয়। কোম্পানিৰ কামত ডিগবীৰ অধীনত তেওঁ দেৱানৰূপে ৰংপুৰত কাম কৰে ১৮০৩ ৰ পৰা ১৮১৪ চন পৰ্য্যন্ত। এই সময়ৰ মাজত তেওঁ দু'বাৰ ভূটান সীমান্তলৈ যায় কোম্পানীৰ হৈ কৰা দৌত্যকাৰ্য্যত ডিগবীৰ সাহচৰ্য্যত তেওঁৰ সমস্ত নূতন চিন্তা এই সময়ৰ মাজতেই পৰিপক্বতা লাভ কৰে। ১৮১৫ খ্ৰীষ্টাব্দৰ পৰা ৰামমোহন কলকাতাৰ স্থায়ী বাসিন্দা হয়, ইয়াৰ পৰাই প্ৰকাশ্যে তেওঁৰ সংস্কাৰ-প্ৰচেষ্টাৰ আৰম্ভ হয়। তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ ফাৰসী ভাষাত লিখা (ভূমিকা অংশ আৰবীত) তুহফাতুল মুবাহ হিন্দীন। কিতাপখনত একেশ্বৰবাদৰ সমৰ্থন আছে। ইয়াৰোপৰি একেশ্বৰবাদ (বা ব্ৰাহ্মবাদ) প্ৰতিষ্ঠা কৰাৰ কাৰণে বেদান্ত-সূত্ৰ আৰু তাৰ সমৰ্থনৰ উপনিষদৰবোৰ বঙালী অনুবাদ কৰি প্ৰচাৰ কৰি থাকিছিল। ১৮১৫ পৰা ১৮১৯ খ্ৰীষ্টাব্দৰ মাজত প্ৰকাশিত হয় বেদান্তগ্ৰন্থ, বেদান্তসাৰ, কেনোপনিষদ, ঈশোপনিষদ, কঠোপনিষদ, মাণ্ডূক্যোপনিষদ আৰু মুণ্ডকোপনিষদ। ৰক্ষণশীল ব্যক্তিসকল ক্ৰুদ্ধ হৈ তেওঁৰ লেখাৰ প্ৰতিবাদ দেখুৱাবলৈ ধৰিলে। এই সকলো প্ৰতিবাদ কটূক্তিপূৰ্ণ আৰু বিদ্বেষ ভাবাপন্ন। ৰামমোহনেও প্ৰতিবাদৰ প্ৰতিবাদ কৰিছিল কিন্তু যুক্তি আৰু ভদ্ৰভাষাত। প্ৰতিবাদ-কৰাসকলে সোনকালেই থমকি ৰৈছিল। প্ৰতিবাদ-কৰাসকলৰ মাজত প্ৰথম আৰু প্ৰধান আছিল মৃত্যুঞ্জয় বিদ্যালঙ্কাৰ, এওঁৰ গ্ৰন্থৰ নাম 'বেদান্তচন্দ্ৰিকা'। বেদান্তচন্দ্ৰিকা'ৰ প্ৰতিবাদত ৰামমোহন ভট্টাচাৰ্যেৰ উচিত বিচাৰ লিখি প্ৰতিবাদীসকলৰ মুখ বন্ধ কৰি দিছিল। 'বেদান্ত গ্ৰন্থ' প্ৰকাশৰ লগতে তেওঁ ব্ৰক্ষনিষ্ঠ একেশ্বৰ উপাসনাৰ পথ দেখুৱালে আত্মীয় সভা প্ৰতিষ্ঠা কৰি এই আত্মীয় সভাকেই পাছত তেওঁ ব্ৰাহ্মসমাজ নাম আৰু ৰূপ দিয়ে।

সতীদাহ আৰু ৰামমোহন ৰায়

[সম্পাদনা কৰক]

বেদান্ত-উপনিষদবোৰ উলিওৱাৰ সময়তেই তেওঁ সতীদাহ অশাস্ত্ৰীয় আৰু নীতিবিগৰ্হিত বুলি প্ৰমাণ কৰিবলৈ পুস্তিকা লিখে 'প্ৰবৰ্তক ও নিবৰ্তকৰ সংবাদ'। প্ৰতিবাদত পুস্তিকা ওলালে হল 'বিধায়ক নিষেধকৰ সংবাদ'। তাৰ প্ৰতিবাদত দ্বিতীয় আৰু তৃতীয় পুস্তিকা উলিওৱা হয়। এই বছৰেই ডিচেম্বৰ মাহত আইন কৰি সহমৰণ-ৰীতি নিষিদ্ধ কৰা হয়। তথাপিও গোড়াসকলে চেষ্টা কৰাত লাগিল যাতে পাৰ্লিয়ামেণ্টত বিষয়টি পুনৰ্বিবেচিত হয়। এই চেষ্টাত বাধা দিয়াৰ কাৰণে ৰামমোহন বিলাতলৈ যাবলৈ প্ৰস্তুত হ’ল।

ব্ৰহ্মসমাজ আৰু ৰামমোহন ৰায়

[সম্পাদনা কৰক]

বেদান্তচন্দ্ৰিকাৰ প্ৰতিবা্দত ৰামমোহনে ভট্টাচাৰ্য্যৰ উচিত বিচাৰ লিখি প্ৰতিবাদীসকলৰ মুখ বন্ধ কৰি দিছিল। বেদান্ত গ্ৰন্থ প্ৰকাশৰ লগত তেওঁ ব্ৰক্ষনিষ্ঠ একেশ্বৰ উপাসনাৰ পথ দেখুৱালে আত্মীয় সভা প্ৰতিষ্ঠা কৰি। এই আত্মীয় সভাকেই পাছত তেওঁ ব্ৰাক্ষসমাজ নাম আৰু ৰূপ দিয়ে।

বিলাত যাত্ৰা

[সম্পাদনা কৰক]

১৮৩০ খ্ৰীষ্টাব্দৰ ১৯ নবেম্বৰত তেওঁ কলকাতাৰ পৰা বিলাতলৈ যাত্ৰা কৰে। দিল্লীৰ বাদশাহে তেওঁক 'ৰাজা' উপাধি দি দ্বায়িত্ব দিলে যে বিলাতলৈ গৈ ৰাজদৰবাৰত যেন বাদশাহৰ ভাত্ত বৃদ্ধিৰ সুপাৰিছ কৰে। ১৮৩১ খ্ৰীষ্টাব্দৰ ৮ এপ্ৰিলত ৰামমোহন লিভাৰপুল পালেগৈ। তাত সম্ভ্ৰান্ত আৰু বিদ্বানসমাজত তেওঁৰ প্ৰচুৰ সমাদৰ হৈছিল। ১৮৩২ খ্ৰীষ্টাব্দৰ শেষৰ ফালে কিছুদিনৰ কাৰণে তেওঁ ফ্ৰান্সলৈকো গৈছিল॥

সংস্কাৰসমূহ

[সম্পাদনা কৰক]

ৰামমোহন ৰায়ে একেশ্বৰবাদত বিশ্বাস কৰিছিল। এই বিশ্বাসৰ পৰাই তেওঁ ব্ৰাহ্মসমাজ ও ব্ৰাহ্মধৰ্ম প্ৰতিষ্ঠা কৰে। ৰামমোহন ৰায়ে সকলো ধৰ্মীয় আচাৰ অনুষ্ঠান নামানিছিল আৰু তাক প্ৰকাশ্যে প্ৰতিবাদ কৰিছিল। তেওঁ ভাবিছিল সকলো ধৰ্মীয় আচাৰ অনুষ্ঠান কুসংস্কাৰৰ বাদে একো নহয়। ৰামমোহন ৰায়ে বেদৰ বঙালী অনুবাদ প্ৰকাশ কৰি তেওঁৰ বক্তব্য প্ৰমাণ কৰে।

শেষ জীৱন

[সম্পাদনা কৰক]

ৰাম মোহন ৰায়ে ১৮৩১ চনত মুগল সাম্ৰাজ্যৰ দূত হিচাপে যুক্তৰাজ্য ভ্ৰমণ কৰে, তেওঁ ফ্ৰান্স ও পৰিদৰ্শন কৰিছিল। ১৮৩৩ চনত মেনিনজাইটিসত আক্ৰান্ত হৈ ব্ৰিষ্টলৰ ওচৰত ষ্টেপলেটনত মৃত্যুবৰণ কৰে। ব্ৰিষ্টলত আৰনচ্‌ ভ্যাল সমাধিস্থলত তেওঁক কবৰ দিয়া হয়। ১৯৯৭ চনত মধ্য ব্ৰিষ্টলত তেওঁৰ এটি মূৰ্তি স্থাপন কৰা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  • নগেন্দ্ৰনাথ চট্টপাধ্যায়, মহাত্মা ৰাজা ৰামমোহন ৰায়ৰ জীবন চৰিত, কলকাতা, ১৮৮১;
  • SD Collet, Life and Letters of Raja Rammohun Roy (2nd edition), Calcutta, 1914;
  • K Nag & D Burman (ed), The English Works of Rammohun Roy, Calcutta, 1945-48.
  • Sivanath Sastri, History of the Brahmo Samaj, 1911

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]