সমললৈ যাওক

ৰত্নেশ্বৰ মহন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰত্নেশ্বৰ মহন্ত
জন্ম ১৮৬৪
অসম
মৃত্যু ১৮৯৩
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

ৰত্নেশ্বৰ মহন্ত (ইংৰাজী: Ratneswar Mahanta) অসমীয়া সাহিত্যৰ প্ৰাক-ৰোমাণ্টিক যুগৰ এগৰাকী কবি আৰু প্ৰবন্ধকাৰ আছিল। ১৮৮৫-৮৬ চনত গুণাভিৰাম বৰুৱাই সম্পাদনা আৰু প্ৰকাশ কৰা আলোচনী 'আসাম বন্ধু'ত ৰত্নেশ্বৰ মহন্তৰ কেইবাটাও প্ৰবন্ধ আৰু কবিতা প্ৰকাশ হৈছিল। সেই সময়ত আন আন লেখক লেখিকা সকলৰ ভিতৰত ৰত্নেশ্বৰ মহন্তৰ ৰচনা সৰ্বাধিক আছিল। অৰুণোদয় যুগত খ্ৰীষ্টিয়ান লোক সকলৰ উপৰিও আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত আদি অখ্ৰীষ্টিয়ান লেখক সকলে অসমীয়া ভাষা-সাহিত্যলৈ অৱদান আগবঢ়াইছিল।

জন্ম আৰু বংশ পৰিচয়

[সম্পাদনা কৰক]

ৰত্নেশ্বৰ মহন্তৰ জন্ম হৈছিল ১৮৬৪ চনত গুৱাহাটীত।[1] ডিম্বেশ্বৰ নেওগৰ মতে, ৰত্নেশ্বৰ মহন্ত আউনীআটী সত্ৰৰপৰা প্ৰতিষ্ঠিত উত্তৰ লক্ষীমপুৰৰ বলিয়া গৰু সত্ৰৰ অধিকাৰ থানেশ্বৰ মহন্ত আৰু জয়ন্তী দেৱীৰ একমাত্ৰ পুত্ৰ৷ [2]

স্কুলীয়া শিক্ষা লাভ কৰে গুৱাহাটীত আৰু নগাঁৱৰ পৰা এনণ্ট্ৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হয় (পৰিয়ালৰ আৰ্থিক অৱস্থা বিশেষ ভাল নোহোৱাৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে)।[3]

চাকৰি জীৱন

[সম্পাদনা কৰক]

তেওঁ নগাঁৱৰ কাছাৰিত চাকৰি জীৱনৰ পাতনি মেলে।[4]

ছদ্মনাম

[সম্পাদনা কৰক]

জোনাকীত তেওঁ 'ৰাম দাস গোস্বামী' নামৰ ছদ্মনামত প্ৰবন্ধ লিখিছিল।[5]

সাহিত্যৰাজি

[সম্পাদনা কৰক]

কবিতা পুথি

[সম্পাদনা কৰক]

কবিতা হাৰ।[6]

  1. দ্ৰৌপদীৰ বেণীবন্ধন
  2. দ্ৰোপদীহৰণ
  3. হৰিশ্বন্দ্ৰ।[7]

প্ৰবন্ধ/নিবন্ধ

[সম্পাদনা কৰক]
  1. জয়মতী কুঁৱৰী আৰু লাঙ্গি গদাপাণি
  2. অনন্ত কন্দলি।[8]
  3. মনোবৃত্তি
  4. গাৰো বৃত্তান্ত[9]
  5. অসমীয়া আৰু বিদেশী সাজ [10]
  6. ঘৈণীৰ কৰ্তব্য আৰু স্ত্ৰী শিক্ষা[11]
  7. জান্তৱ জীৱন [12]
  8. ৰাম সৰস্বতী [13]
  9. অসমত মান [14]
  10. মোৱামৰীয়া বিদ্ৰোহ [15]
  11. কিতাপ বছা কমিটীৰ কিতাপ বাছনিঃ ‘জীৱনাদৰ্শ’[16]
  12. অসমৰ উন্নতি [17]
  13. ভাবনা [18]
  14. তুলাৰাম সেনাপতি [19]
  15. চুতীয়া [20]
  16. মনোবৃত্তি [21]
  17. বিবাহ [22]
  18. মিনাৱতী [23]

১৮৯৩ চনত ৰত্নেশ্বৰ মহন্তৰ মৃত্যু হয়।[24]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. https://www.sarothiasom.in/tag/%E0%A7%B0%E0%A6%A4%E0%A7%8D%E0%A6%A8%E0%A7%87%E0%A6%B6%E0%A7%8D%E0%A6%AC%E0%A7%B0-%E0%A6%AE%E0%A6%B9%E0%A6%A8%E0%A7%8D%E0%A6%A4/
  2. "ডিম্বেশ্বৰ নেওগৰ মতে, ৰত্নেশ্বৰ মহন্ত আউনীআটী সত্ৰৰপৰা প্ৰতিষ্ঠিত উত্তৰ লক্ষীমপুৰৰ বলিয়া গৰু সত্ৰৰ অধিকাৰ থানেশ্বৰ মহন্ত আৰু জয়ন্তী দেৱীৰ একমাত্ৰ পুত্ৰ৷". 
  3. অসমীয়া সাহিত্যৰ সমীক্ষত্মক ইতিবৃত্ত,ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ পুনৰ মুদ্ৰণ:২০১৮,পৃষ্ঠা নং:৩৬২
  4. অসমীয়া সাহিত্যৰ সমীক্ষত্মক ইতিবৃত্ত,ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ পুনৰ মুদ্ৰণ:২০১৮,পৃষ্ঠা নং:৩৬২
  5. অসমীয়া সাহিত্যৰ সমীক্ষত্মক ইতিবৃত্ত,ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ পুনৰ মুদ্ৰণ:২০১৮,পৃষ্ঠা নং:৩৬৩
  6. অসমীয়া সাহিত্যৰ সমীক্ষত্মক ইতিবৃত্ত,ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ পুনৰ মুদ্ৰণ:২০১৮,পৃষ্ঠা নং:৩৬২
  7. অসমীয়া সাহিত্যৰ সমীক্ষত্মক ইতিবৃত্ত,ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ পুনৰ মুদ্ৰণ:২০১৮,পৃষ্ঠা নং:৩৬৩
  8. অসমীয়া সাহিত্যৰ সমীক্ষত্মক ইতিবৃত্ত,ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ পুনৰ মুদ্ৰণ:২০১৮,পৃষ্ঠা নং:৩৬২
  9. ৰত্নেশ্বৰ মহন্ত ৰচনাৱলী, সম্পা. যোগেন্দ্ৰনাৰায়ণ ভূঞা, দ্বিতীয় প্ৰকাশঃ নৱেম্বৰ, ২০১৯, পৃষ্ঠা নংঃ ২৬৩">"গাৰো বৃত্তান্ত". 
  10. "অসমীয়া আৰু বিদেশী সাজ". 
  11. "ঘৈণীৰ কৰ্তব্য আৰু স্ত্ৰী শিক্ষা". 
  12. "জান্তৱ জীৱন". 
  13. "ৰাম সৰস্বতী". 
  14. "অসমত মান". 
  15. "মোৱামৰীয়া বিদ্ৰোহ". 
  16. "কিতাপ বছা কমিটীৰ কিতাপ বাছনিঃ ‘জীৱনাদৰ্শ’". 
  17. "অসমৰ উন্নতি". 
  18. "ভাবনা". 
  19. "তুলাৰাম সেনাপতি". 
  20. "চুতীয়া". 
  21. "মনোবৃত্তি". 
  22. "বিবাহ". 
  23. "মিনাৱতী". 
  24. অসমীয়া সাহিত্যৰ সমীক্ষত্মক ইতিবৃত্ত,ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ পুনৰ মুদ্ৰণ:২০১৮,পৃষ্ঠা নং:৩৬২