আনন্দৰাম ঢেকিয়াল ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
আনন্দৰাম ঢেকিয়াল ফুকন
জন্ম ২৪-০৮-১৮১৯ চন
গুৱাহাটী, অসম
মৃত্যু ১৬-০৬-১৮৫৯ চন
ছদ্মনাম আনন্দৰাম ঢেকিয়াল ফুকন
পেচা সহিত্যিক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

আনন্দৰাম ঢেকিয়াল ফুকনৰ (২৪/০৮/১৮১৯ - ১৬/০৬/১৮৫৯[1]) জন্ম গুৱাহাটীত। এখেতৰ আপ্ৰাণ চেষ্টাৰ ফলতেই সেই সময়ত চলি থকা বাংলা ভাষাৰ ঠাইত পুনঃ অসমীয়া ভাষা অসমত প্ৰৱৰ্তন কৰা হয়।[2] এখেতক আধুনিক যুগৰ অসমীয়া ভাষাৰ আদি লেখক বুলি ক’ব পাৰি।

জন্ম আৰু শিক্ষাজীৱন[সম্পাদনা কৰক]

আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল এটা সম্ভ্ৰান্ত পৰিয়ালত ১৮৩০ খ্ৰীষ্টাব্দত, গুৱাহাটীত। পিতৃ হলিৰাম ঢেকিয়াল ফুকন প্ৰথমে আহোম ৰজাৰ বিষয়া আছিল। ব্ৰিটিছ ৰাজৰ দিনত তেওঁ কামৰূপৰ সহকাৰী হাকিম পদত আছিল। হলিৰাম ঢেকিয়াল ফুকনে সংস্কৃত আৰু বাংলা ভাষাত দুখন কিতাপ লিখিছিল, এখনৰ বিষয় বস্তু আছিল কামাখ্যা আৰু আনখনৰ অসম। আনন্দৰাম ঢেকিয়াল ফুকন দুবছৰীয়া হওঁতে পিতৃৰ মৃত্যু হয়।

পাঁচ বছৰ বয়সত ঢেকিয়াল ফুকন উমানন্দৰ সংস্কৃত টোলত ভৰ্তি হয়। ককাদেউতাক পৰশুৰামে আনন্দৰামৰ ইংৰাজীত শিক্ষা গ্ৰহনত আপত্তি কৰিছিল। কিন্তু সেই আপত্তিক নেওচি খুড়াক যজ্ঞৰামৰ উদ্যোগত ১৮৩৭[1] চনত তেখেতে গুৱাহাটীৰ প্ৰথমখন 'ইংৰাজী বিদ্যালয়'ত (Gauhati English School) ভৰ্তি হয়। 'জেম্‌ছ মেথিউ' আৰু 'জেন্‌কিন্স'-ৰ তত্বাৱধানত তেখেত ইংৰাজী অধ্যয়ন কৰিছিল।

১৮৪১ চনত এই দুগৰাকী ব্ৰিটিছ বিষয়াই খৰছ বহন কৰি তেখেতক ইংৰাজীৰ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ পঠিয়ায়[1]। সেই সময়ত ভাপ-নাও, বা ৰেল-গাড়ী নাছিল বাবে ঢেকিয়াল ফুকনে বঠা মৰা নাৱেৰে ২৫ দিনীয়া নৌ-যাত্ৰা কৰি কলিকতালৈ গৈছিল। সংৰক্ষণশীল পৰিয়ালৰ লোক হোৱা হেতুকে তেওঁ লগত ৰান্ধনী আৰু লগুৱাও লৈ গৈছিল। কলিকতাৰ কালুতলা পথত ঘৰ এটা ভাৰালৈ লৈ তেখেতে হিন্দু কলেজত নামভৰ্তি কৰে। তেওঁ দুবছৰ অধ্যয়ন কৰি ১৮৪৪ চনত গুৱাহাটীলৈ উভতি আহে। উভতি আহিও তেখেতে সুধী বৃন্দৰ লগতে ইংৰাজী ভাষাৰ অধ্যয়ন চলাই যোৱাৰ লগতে, উৰ্দু আৰু ফাৰ্চী ভাষাৰো শিক্ষা গ্ৰহন কৰে।

বিবাহ আৰু কৰ্মজীৱন[সম্পাদনা কৰক]

১৮৪৬ চনত গুৱাহাটীলৈ উভতি আহি ঢেকিয়াল ফুকন বিবাহ পাশত আবদ্ধ হয়। পত্নী আছিল পশুপতি ফুকনৰ জীয়ৰী, মাহেন্দ্ৰী দেৱী। ঢেকিয়াল ফুকনে গুৱাহাটীতে আইনৰ অধ্যয়ন আৰম্ভ কৰে আৰু প্ৰথম অসমীয়া আলোচনী 'অৰুণোদই'ত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰে।

১৮৪৭ চনত ঢেকিয়াল ফুকনক খাটা পৰগণাৰ Settlement Officer নিয়োগ কৰা হয়। পাছৰ বছৰত তেখেতক মুন্সিফ পদলৈ পদোন্নতি দি নলবাৰীলৈ বদলি কৰা হয়। নলবাৰীত থকা কালতে তেখেতে 'ইংলেণ্ডৰ বুৰঞ্জী' (The History of England) নামৰ পুথি এখন প্ৰকাশ কৰে।

১৮৪৯ চনত তেখেতে 'সহকাৰী আয়ুক্ত'ৰ (Assistant Commissionership) পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 'বিজনী ৰাজ এষ্টেট'ৰ (Bijni Raj Estate) 'দেৱান' পদত নিযুক্তি পায়। সেই পদত থাকোঁতেই তেখেতে 'Estate Administration' নামৰ পুথি এখন ৰছনা কৰে। ইয়াৰ পাছত তেখেতে নগাঁও আৰু গোৱালপাৰা জিলাৰ সদৰৰ 'উপ-সহকাৰী আয়ুক্ত' (Sub-Assistant Commissioner) হিচাপে কাম কৰে। এই কালচোৱাত ৰছনা কৰে, 'সদৰেৰ মামলাৰ নিষ্পত্তি'। ১৮৫১ চনত বিজনীৰ ৰজাৰ আৰ্জি লৈ কলিকতালৈ যায়। ১৮৫২ চনত তেখেতক স্থায়ী ভাৱে বৰপেটাৰ 'উপ-সহকাৰী আয়ুক্ত' আৰু 'উপায়ুক্ত' (Deputy Collector) নিযুক্তি দিয়া হয়। তেখেতে ১৮৫২ চনত নগাৱঁত কিছুকাল এক্সট্ৰা এছিষ্টেন্ট কমিছনাৰ হিচাপে কটায় । ১৮৫২ চনত 'কলিকতা নিউ প্ৰেছ' নামেৰে কলিকতাত এটা প্ৰেছ বহুৱায় আৰু সম্পৰ্কীয় খুৰাক গুণাভিৰাম বৰুৱাক প্ৰেছত পৰিচালনাৰ দায়িত্ব দিয়ে[1]

১৮৫৩ চনত ঢেকিয়াল ফুকনে মি. এ. জে. মোফাট মিল্‌ছ (Mr. A.J. Moffat Mills) চাহাবলৈ দেশৰ প্ৰশাসন উন্নত কৰাৰ বাবে কেবাটাও পৰামৰ্শ আগবাঢ়ায়। ইয়াৰ পাছতে তেখেতক পদোন্নতি দি নগাঁও-ৰ 'উপায়ুক্ত' (Deputy Commissioner) পদলৈ বদলি কৰা হয়। ১৮৫৫ চনত তেখেতৰ 'দেৱানী মামলাৰ নিস্পত্তি' (Essence of Dewani Cases) প্ৰকাশিত হয়।

একে সময়তে তেখেতে এখন অসমীয়া অভিধান প্ৰনয়নৰ আঁচনি কৰে। আৰু ৰচনা কৰে 'A few remarks on the Assamese Language' নামৰ গ্ৰন্থখন। বেপ্টিষ্ট মিছন প্ৰেছ, শিৱসাগৰৰপৰা প্ৰকাশিত এই গ্ৰন্থখনত অসমত চৰকাৰীভাৱে বঙালী ভাষাৰ প্ৰচলনৰ বিৰোধ কৰি যুক্তি ডাঙি ধৰা হয়।

১৮৫৯ চনত মাত্ৰ ২৯ বছৰ বয়সত তেখেতৰ মৃত্যু হয়।

অসমীয়া ভাষা সাহিত্যলৈ অৱদান[সম্পাদনা কৰক]

১৭ বছৰ বয়সত ঢেকিয়াল ফুকনে প্ৰথমে লিখা-মেলা কৰিবলৈ লয়। তেওঁ প্ৰথমে অৰুণোদই-ৰ বাবে লিখিবলৈ লৈছিল। ইংৰাজী পাঠ্যপুথিৰ আধাৰত তেখেতে লিখিছিল অসমীয়া ল'ৰাৰ মিত্ৰ। এই কিতাপখন শিৱসাগৰত ছপা কৰি অসমৰ বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। তেতিয়া অসমৰ বিদ্যালয়ত শিক্ষাৰ মাধ্যম আছিল বঙালী ভাষা। আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া বিদ্যালয়ত অসমীয়া ভাষা চলোৱাৰ পৃষ্ঠপোষকতা কৰিছিল।

১৮৫৩ চনত ব্ৰিটিছ গৱৰ্নৰ মোফাট মিল্‌ছ চাহাব অসমলৈ আহোঁতে ঢেকিয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি ডাঙি ধৰি আবেদন কৰিছিল। মিল্‌ছ চাহাবে তেখেতৰ যুক্তিক সমৰ্থন জনাইছিল বুলি জনা যায়।

নগাঁৱত চাকৰি কালত, ঢেকিয়াল ফুকন মিছনেৰী ব্ৰন্‌ছন (Bronson) আৰু 'আয়ুক্ত' বাটলাৰৰ (Collector Butler) সংস্পৰ্ষলৈ আহে। ১৮৫৫ চনত তেখেতে লিখি উলিয়ায়, 'A few remarks on the Assamese language, and on the Vernacular education in Assam'. শিৱসাগৰতে এই কিতাপৰ ১০০টা কপি ছপা কৰি, বেংগল চৰকাৰ আৰু ভাৰতৰ অন্যান্য গুৰুত্বপূৰ্ণ চাৰকাৰৰ কাৰ্য্যালয়লৈ পঠিয়ায়। অসমত বঙালী ভাষাৰ বিৰোধীতাৰ আন্দোলন গঢ়ি তোলাত এই পুস্তিকাখনে বিশেষ বৰঙনি আগবঢ়াইছিল। এই পুস্তিকাখনত অসমীয়াৰ উপৰিও বঙালী, হিন্দী আৰু কেইবাটাও ভাৰতীয় ওপৰত থকা তেখেতৰ জ্ঞানৰ চমক দেখিবলৈ পোৱা যায়।

প্ৰকাশিত পুথি[সম্পাদনা কৰক]

  • A few remarks on the Assamese language, and on the Vernacular education in Assam (১৮৫৫ চনত ‘এ নেটিভ’ ছদ্ম নামেৰে এই পুস্তিকা ৰচনা কৰে)
  • অসমীয়া ল’ৰাৰ মিত্ৰ
  • আইন ও ব্যৱস্থা (বঙালী ভাষাত ৰচিত)

অৰুণোদই’ত তেখেতৰ বহু প্ৰবন্ধ প্ৰকাশ হৈছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 শিৱনাথ বৰ্মন, অসমীয়া জীৱনী অভিধান, চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰাঃ লিঃ, ১৯৯২, পৃঃ২৩-২৪
  2. হেমন্ত কুমাৰ ভৰালী (২০০১). এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. প্ৰকাশক গুৱাহাটী: চিত্ৰলেখা পাব্লিকেশ্বনচ্‌. পৃষ্ঠা. ১৬০-১৬৬.