সমললৈ যাওক

অসমীয়া ৱিকিউৎস

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অসমীয়া ৱিকিউৎস
বৰ্তমানৰ ৱিকিউৎসৰ প্ৰতীক
ছাইটৰ প্ৰকাৰ সংকলন
মালিক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
সৃষ্টি কৰা ব্যক্তি ব্যৱহাৰকাৰীসকলৰ দ্বাৰা সংগৃহীত
ৱেবছাইট Wikisource, অসমীয়া ৱিকিউৎস
বাণিজ্যিক নহয়
পঞ্জীয়ন ঐচ্ছিক

অসমীয়া ৱিকিউৎস (ইংৰাজী: Assamese Wikisource) ৱিকিমিডিয়া ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত অসমীয়া ভাষাৰ মুক্ত উৎস পাঠৰ এক ডিজিটেল পুথিভঁৰাল। ইয়াৰ উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি। এই প্ৰকল্পত বৰ্তমান ১০০০ৰো অধিক লিখনি আছে। ২০১৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই নিজা উপ-ড'মেইন লাভ কৰে।

অসমীয়া ভাষাত ৱিকিউৎস ৩ জানুৱাৰী, ২০১১ৰ পৰা সক্ৰিয় কৰা হৈছে। প্ৰথমে ইনকিউবেটৰৰ থকা প্ৰকল্পটোৱে ২০১৩ চনৰ ৪ জানুৱাৰীত নিজা উপ-ড'মেইন লাভ কৰে। বৰ্তমান ইয়াৰ ৱেব ঠিকনা হৈছে www.as.wikisource.org

ল'গ'

অসমীয়া ভাষাৰ ৱিকিউৎস মুকলি কৰাৰ সময়তে ইংৰাজী ৱিকিছ'ৰ্ছৰ ভিত্তিত দুটা ল'গ' প্ৰস্তুত কৰি ৰাইজৰ বিবেচনাৰ বাবে আগবঢ়োৱা হৈছিল। অৱশেষত ৮জন সদস্যৰ মতামতক সন্মান জনাই বৰ্তমানৰ প্ৰতীকটোকেই গৃহীত কৰা হৈছিল।

কৰ্মশালা আৰু সমাৱেশ

[সম্পাদনা কৰক]

অসমীয়া ৱিকিউৎসৰ শেষৰ বৈঠক ২০১২ চনত অনুষ্ঠিত হৈছিল। দীৰ্ঘদিনৰ ব্যৱধানৰ পিছত, ২০১৮ চনৰ ২৪-২৫ নভেম্বৰত কলকাতাত অনুষ্ঠিত ভাৰতীয় ৱিকিউৎস সম্প্ৰদায়িক পৰামৰ্শত ব্যৱহাৰকাৰী Gitartha.bordoloi য়ে গুৱাহাটীত অসমীয়া ৱিকিউৎস সম্প্ৰদায়ৰ বাবে এটা নিৰ্দিষ্ট কৰ্মশালা অনুষ্ঠানৰ অনুৰোধ জনাইছিল।[1]

ইণ্টাৰনেট আৰু সমাজৰ কেন্দ্ৰ-জ্ঞান প্ৰৱেশাধিকাৰ (CIS-A2K) দলে ২০১৯ চনৰ ১১-১২ মে'ত গুৱাহাটীত অসমীয়া সম্প্ৰদায়ৰ বাবে এটা কৰ্মশালা আয়োজন কৰিছিল।[1] এই দুদিনীয়া অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ১ৄ জন স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰিছিল। কলকাতাৰ পৰা জয়ন্ত নাথ আৰু বেংগালুৰুৰ পৰা টিটো দত্তক প্ৰশিক্ষক হিচাপে উপস্থিত কৰা হৈছিল।[2] শিলচৰ ভিত্তিক চিকিৎসক আৰু অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসক গিতাৰ্থ বৰদলৈয়ে এই অনুষ্ঠানৰ সমন্বয় সাধন কৰিছিল।[2]

উদ্দেশ্য আৰু কাৰ্যাৱলী

[সম্পাদনা কৰক]

অসমীয়া ৱিকিউৎসৰ প্ৰধান উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ লিখনিৰ ভাণ্ডাৰ বা সংকলন তৈয়াৰ কৰা, যাতে যিকোনো ভাষাৰ অনুবাদ আৰু অন্যান্য সম্পৰ্কিত বিষয় আদি ইয়াত সন্নিবিষ্ট কৰিব পাৰি।[3] পূৰ্বতে কেৱল গুৰুত্বপূৰ্ণ ঐতিহাসিক পাঠ্যৰ আৰ্কাইভ সৃষ্টিত মনোনিবেশ কৰা এই প্ৰকল্প বিস্তাৰ হৈ সাধাৰণ সমলৰ পৰিসৰলৈকে বিয়পি পৰিছে।[3]

অন্তৰ্ভুক্তিৰ মাপকাঠী

[সম্পাদনা কৰক]

অসমীয়া ৱিকিউৎসত যিকোনো প্ৰকাশিত কাম-কাজ যোগ কৰিব পাৰি, যিবোৰৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে বা তেওঁৰ লেখাবোৰ পাব্লিক ড'মেইনৰ আওতালৈ আহিছে।[3] ইয়াত এনে যিকোনো গান, কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ, নিবন্ধ, ভ্ৰমণ কাহিনী, চিঠি পত্ৰ, দলিল, পুৰাণ, ভাওনা, ধৰ্মীয় গ্ৰন্থ, গুৰুত্বপূৰ্ণ ভাষণ আদি যোগ কৰিব পাৰে। মূল লেখা অসমীয়া ভাষাত নহ'লেও অসমীয়ালৈ অনুবাদ কৰা সামগ্ৰীও গ্ৰহণযোগ্য।[3]

ৱিকিউৎসৰ সমল

[সম্পাদনা কৰক]

ৱিকিউৎস ৱেবছাইটত পূৰ্বে প্ৰকাশিত যিকোনো গুৰুত্বপূৰ্ণ লিখনি সংগ্ৰহ কৰি ডিজিটেল ৰূপত প্ৰকাশ কৰা হয়। সমস্ত সংগৃহীত লিখনি কপিৰাইটমুক্ত অথবা জিএফডিএল (GFDL-GNU Free Documentation License) লাইচেন্সৰ আওতাত থাকে। ইয়াৰ মাজৰ কিছুমান হৈছে গল্প-উপন্যাস, চিঠি, ভাষণ, ধৰ্মীয় সংকলন, সাংবিধানিক আৰু ঐতিহাসিক দলিল আদি, আইন আৰু অনান্য দলিল আদি। ভাৰতীয় কপিৰাইটৰ নীতি মতে, যিবোৰ লিখনিৰ স্ৰষ্টাজনৰ মৃত্যু ৬০ বছৰ পাৰ হৈছে তেওঁৰ লেখাবোৰ পাব্লিলিক ড’মেইনৰ ভিতৰত পৰে। মূল লেখা অসমীয়া ভাষাত ন’হলেও ইয়াত অসমীয়া অনুবাদ ইয়াত যোগ দিব পাৰি।

সাম্প্ৰতিক অৱস্থা

[সম্পাদনা কৰক]

এই প্ৰকল্পত বৰ্তমান ১০০০ৰো অধিক লিখনি আছে।[4] অসমীয়া ৱিকিউৎসত প্ৰকাশিত সামগ্ৰীসমূহ শ্ৰেণীবদ্ধভাৱে সজোৱা হৈছে আৰু ব্যৱহাৰকাৰীসকলৰ বাবে সহজে অভিগম্য কৰা হৈছে।

লিখন সঁজুলি অনুকলন

[সম্পাদনা কৰক]

অসমীয়া ৱিকিউৎসত বৰ্তমান লিপ্যন্তৰ, অভ্ৰ, বৰ্ণনা আৰু ইন্‌স্ক্ৰিপ্ট টাইপিঙৰ সুবিধা আছে। তদুপৰি "লোহিত অসমীয়া" ফ'ণ্ট অসমীয়া ৱিকিপিডিয়াৰ ডিফল্ট ৱেব ফ'ণ্ট হিচাপে সংযোগ কৰা হয়। লগতে বৰ্ণাশুদ্ধি নিবাৰক হিচাপে Lachit SpellChecker ও আছে।

প্ৰযুক্তি আৰু প্লেটফৰ্ম

[সম্পাদনা কৰক]

অসমীয়া ৱিকিউৎসে ৱিকি প্ৰযুক্তি ব্যৱহাৰ কৰে, যি ব্যৱহাৰকাৰীসকলক সহজে সম্পাদনা কৰাৰ সুবিধা প্ৰদান কৰে। ই মিডিয়াৱিকি চফ্টৱেৰৰ ওপৰত ভিত্তি কৰি নিৰ্মিত আৰু ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ চাৰ্ভাৰত হ'ষ্ট কৰা হৈছে।

সমস্যা আৰু প্ৰত্যাহ্বান

[সম্পাদনা কৰক]

অসমীয়া ৱিকিউৎসে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে, য'ত সক্ৰিয় অৰিহণাকাৰীৰ অভাব অন্যতম। অসমীয়া ভাষাৰ ডিজিটেল সামগ্ৰীৰ ক্ষেত্ৰত সজাগতাৰ অভাৱো এক প্ৰত্যাহ্বান। তথাপি, বিভিন্ন কৰ্মশালা আৰু প্ৰচাৰৰ জৰিয়তে এই প্ৰকল্পে নতুন অৰিহণাকাৰী আকৰ্ষণৰ চেষ্টা কৰি আছে।

ভৱিষ্যতৰ পৰিকল্পনা

[সম্পাদনা কৰক]

অসমীয়া ৱিকিউৎসৰ সম্প্ৰদায়ে অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ অধিক সম্পদ ডিজিটেল প্ৰপঞ্চত সংৰক্ষণৰ লক্ষ্য ৰাখিছে। বিভিন্ন শিক্ষানুষ্ঠান আৰু সাংস্কৃতিক সংস্থাৰ সৈতে সহযোগিতাৰ জৰিয়তে প্ৰকল্পৰ বিস্তাৰৰ পৰিকল্পনা আছে।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Assamese Wikisource Workshop, Guwahati". Meta-Wiki. https://meta.wikimedia.org/wiki/Assamese_Wikisource_Workshop,_Guwahati। আহৰণ কৰা হৈছে: ২০২৫-০৮-১৬. 
  2. 2.0 2.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; nenow2019 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  3. 3.0 3.1 3.2 3.3 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; community নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; aswiki নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই