ৱিক্স্যনেৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱিক্সনেৰীৰ পৰা পুনঃনিৰ্দেশিত)
ৱিক্স্যনেৰী
Wiktionary logoWiktionary logo soft2i
ইউ আৰ এল www.wiktionary.org
শ্লোগান মুক্ত অভিধান
বাণিজ্যক নহয়
প্ৰকাৰ অনলাইন অভিধান
পঞ্জীয়ন বৈকল্পিক
ভাষা বহুভাষিক (১৭০ৰো বেছি) es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন
সৃষ্টিকৰ্তা জিম্মী ৱেলছ আৰু ৱিকিমিডিয়া সমাজ
মুকলি ১২ ডিচেম্বৰ ২০০২; ২১ বছৰ আগত (2002-12-12)
এলেক্সা স্থান positive decrease ৫২৬ (July 2017)[1]
বৰ্তমান স্থিতি সক্ৰিয়

ৱিক্স্যনেৰী বা ৱিকি অভিধান এক বহুভাষিক, ৱেবভিত্তিক প্ৰকল্প য'ত সকলো ভাষাৰ সকলো শব্দৰে এখন মুক্ত অভিধান সজাৰ প্ৰয়াস কৰা হয়। এটা ৱিকিৰ জৰিয়তে ইয়াত সহযোগিতামূলক সম্পাদনা কৰা হয়। wiki আৰু dictionary শব্দ দুটাৰ পৰা ইয়াৰ নামটো লোৱা হৈছে। ১৭১টা ভাষা আৰু সৰল ইংৰাজীত এই প্ৰকল্প উপলব্ধ। ইয়াৰ ভগ্নী প্ৰকল্প ৱিকিপিডিয়াৰ দৰে ৱিক্স্যনেৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যনে পৰিচালনা কৰে আৰু স্বেচ্ছাসেৱীসকলে সহযোগিতাৰে লিখে। ইয়াৰ ৱিকি ছফ্টৱেৰ মিডিয়াৱিকিৰ জৰিয়তে ইণ্টাৰনেট সংযোগ থকা যিকোনো লোকে ৱিক্স্যনেৰীত সৃষ্টি আৰু সম্পাদনা কৰিব পাৰে।

ছপা মাধ্যমৰ সীমাবদ্ধতা নথকাৰ বাবে ৱিক্স্যনেৰীৰ বেছিভাগ ভাষাৰ সংকলনত বহু ভাষাৰ শব্দৰ সংজ্ঞা আৰু অনুবাদ অন্তৰ্ভুক্ত কৰা হয়। কিছুমান সংকলনত Thesaurus আৰু lexicon-ত পোৱা অতিৰিক্ত তথ্যও সন্নিৱিষ্ট কৰা হয়।

ইতিহাস আৰু বিকাশ[সম্পাদনা কৰক]

ডেনিয়েল এষ্টনৰ প্ৰস্তাৱ আৰু ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক লেৰী ছেংগাৰৰ এটা ধাৰণাৰ আঁত ধৰি ২০০২ চনৰ ১২ ডিচেম্বৰত [lower-alpha 1] ৱিক্স্যনেৰীৰ আৰম্ভণি হয়। ২০০৪ চনৰ ২৮ মাৰ্চত ফৰাচী আৰু প'লিচ ভাষাত ৱিক্স্যনেৰীৰ কাম আৰম্ভ হয়। তাৰ পাছত বহু ভাষাত ৱিক্স্যনেৰী আৰম্ভ কৰা হৈছে। ২০০৪ চনৰ ১ মে'লৈকে এটা অস্থায়ী ড'মেইন নামত (wiktionary.wikipedia.org) ৱিক্স্যনেৰীৰ কাম চলোৱা হৈছিল আৰু ইয়াক বৰ্তমানৰ ড'মেইন নামলৈ [lower-alpha 2] অনা হয়। ২০১৬ চনৰ নৱেম্বৰৰ তথ্য অনুসৰি ৱিক্স্যনেৰীত ২.৫৯ কোটি অন্তৰ্ভুক্তি আছে।[2] ৬৬ লাখৰো অধিক অন্তৰ্ভুক্তিৰে ইংৰাজী ৱিক্স্যনেৰীয়েই সকলোতকৈ ডাঙৰ সংকলন। বৰ্তমান ৪১খন ৱিক্স্যনেৰী সংকলনত এক লাখৰো বেছি অন্তৰ্ভুক্তি আছে। [lower-alpha 3]

টোকা[সম্পাদনা কৰক]

  1. Wikipedia mailing list archive discussion announcing the opening of the Wiktionary project – Retrieved May 3, 2011
  2. Wiktionary's current URL is www.wiktionary.org.
  3. Wiktionary total article counts are here. Detailed statistics by word type are available here [1].

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • Krizhanovsky, Andrew (2010). "Transformation of Wiktionary entry structure into tables and relations in a relational database schema". arXiv:1011.1368Freely accessible [cs]. 
  • Krizhanovsky, Andrew (2010). "The comparison of Wiktionary thesauri transformed into the machine-readable format". arXiv:1006.5040Freely accessible [cs]. 
  • Lin, Feiyu; Krizhanovsky, Andrew (2011). "Multilingual ontology matching based on Wiktionary data accessible via SPARQL endpoint". Proc. of the 13th Russian Conference on Digital Libraries RCDL'2011. প্ৰকাশক Voronezh, Russia. pp. 19–26. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]