ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ভাষাৰে মানুহে মনৰ ভাৱ প্ৰকাশ কৰে

মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা (ইংৰাজী: Language) বুলিব পাৰি। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ্বনি-সঙ্কেত বুজাসকলকে এক ভাষাভাষী বোলা হয়।

'ভাষা' শব্দটি সংস্কৃতৰ 'ভাষ' ধাতুৰ পৰা উৎপত্তি হৈছে। 'ভাষ' ধাতুৰ ব্যুৎপত্তিগত অৰ্থ হ'ল 'ব্যক্তবাণী', যাৰ অৰ্থ হ'ল 'স্পষ্ট আৰু পূৰ্ণ অভিব্যঞ্জনা।'[1][2] আনহাতে, ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Language'। যাৰ অৰ্থ 'the faculty of speech' অৰ্থাৎ 'ব্যক্তবাণীৰ দক্ষতা'। 'ভাষা' শব্দটো কেৱল মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য।[2] মানুহৰ বাগিন্দ্ৰীয়ৰদ্বাৰা সীমিত সংখ্যকহে বাগধ্বনি সৃষ্টি হয়। সেই সীমিত বাগধ্বনিকে স্ব-ইচ্ছাৰে প্ৰণালীবদ্ধভাৱে সজাই ভাষাৰ মাধ্যমেৰে মনৰ ভাৱ প্ৰকাশ কৰে।

ভাষাৰ সৃষ্টি আৰু ভাষাৰ সৃষ্টিত অৰিহণা যোগোৱা উপাদান[সম্পাদনা কৰক]

জীৱশ্ৰেষ্ঠৰূপে পৰিগণিত মানুহৰ অন্তঃজগত আৰু বহিঃজগতত অহৰ্নিশে চলি থকা ভাৱ-চিন্তা বা অনুভূতিবোৰক প্ৰকাশ কৰিবলৈ মানুহে বাগিন্দ্ৰীয়ৰ জৰিয়তে উচ্চাৰণ কৰা কিছুমান ধ্বনি প্ৰতীকৰ সহায় লয়। এই ধ্বনি প্ৰতীকৰ সমষ্টিয়ে যেতিয়া স্বয়ংসম্পূ্ৰ্ণ অৰ্থ প্ৰকাশ কৰে তেতিয়াই ভাষাৰ সৃষ্টি হয়। ধ্বনিতত্ত্ব আৰু ভাষাবিজ্ঞানত এই ধ্বনিসমূহৰ বিষয়ে আলোচনা কৰা হয়।

ভাষা সৃষ্টিত চাৰিটা উপাদানে সহায় কৰে। সেইকেইটা হ'ল: আত্মা, বুদ্ধি, মন আৰু বায়ু। ভাষাৰ সৃষ্টিৰ বাবে প্ৰথমে প্ৰথমে চেতনাৰ প্ৰয়োজন। অচেতন বস্তুৱে একো নুবুজে আৰু একো ক'বও নোৱাৰে। দ্বিতীয়তে প্ৰয়োজন হয় বুদ্ধি। চেতনা, বুদ্ধি থাকিলেও যদি ক'বলৈ ইচ্ছা নাথাকে, তেন্তে ভাষা সৃষ্টি নহয়। আনহাতে, কথা ক'বলৈ ইচ্ছা কৰিলেও ভিতৰৰৰ শ্বাস-বায়ুক বাহিৰলৈ ওলাবলৈ নিদিলে ধ্বনি উৎপন্ন নহয়। ধ্বনি উৎপন্ন নহ'লে ধ্বনি আৰু ধ্বনি সংযোগৰ ফলত মনোভাৱ ব্যক্ত নহয়। গতিকে স্পষ্টভাৱে ক'ব পাৰি যে ভাষা সৃষ্টিৰ বাবে আত্মা, বুদ্ধি, মন আৰু বায়ুৰ নিতান্ত আৱশ্যক। এই চাৰিটা উপাদানৰে সমৃদ্ধ একমাত্ৰ জীৱ হৈছে মানুহ। সেইবাবেই মানুহ বাক্-অধিকাৰী।

সংজ্ঞা[সম্পাদনা কৰক]

সৰ্বসন্মত এটি সংজ্ঞা ভাষাৰ ওপৰত পোৱা নাযায়। ভাষাৰ কামলৈ লক্ষ্য কৰি ভাষাবিজ্ঞানী, দাৰ্শিনক, সমালোচক তথা লেখকসকলে ভিন্ন ভিন্ন ধৰণে ভাষাৰ সম্পৰ্কে সংজ্ঞা আগবঢ়াইছে। তাৰে কিছুমান লোকৰ সংজ্ঞা তলত উদ্ধৃত কৰা হ'ল:

  • ষ্টুৰ্টেভাণ্টৰ মতে, "ভাষা হ'ল যাদৃচ্ছিক বাক্-ধ্বনি প্ৰতীকৰ এটা পদ্ধতি, যাৰ যোগেদি এখন সমাজৰ মানুহে সহযোগ কৰে আৰু পাৰস্পৰিক কাম-কাজ চলায়।"[3]
  • হেনৰী লী স্মিথৰ মতে, "ভাষা হ'ল আয়ত্ত কৰা, পাৰস্পৰিক আৰু যাদৃচ্ছিক আৰু ধ্বনি প্ৰতীকৰ এনে এক পদ্ধতি যাৰ দ্বাৰা একে ভাষা সম্প্ৰদায় অথবা উপসংস্কৃতিৰ মানুহবোৰে কাৰ্যনিৰ্বাহ কৰে আৰু সামূহিক সাংস্কৃতিক অভিজ্ঞতা আৰু প্ৰত্যাশাৰ ক্ষেত্ৰত ভাৱ বিনিময় কৰে।"[3]
  • ব্লুছ আৰু ট্ৰেগাৰৰ মতে, "সমাজত বাস কৰা কোনো জনসমষ্টিয়ে পৰস্পৰৰ মাজত যোগাযোগ স্থাপনৰ কাৰণে প্ৰণালীবদ্ধভাৱে প্ৰয়োগ কৰা যাদৃচ্ছিক মৌখিক ধ্বনি গুচ্ছই হৈছে ভাষা।"[2][3]
  • নৰ্মান এ. মেককুৱনৰ মতে, "ভাষা হ'ল প্ৰধান আহিলা যাৰ জৰিয়তে মানুহে চিন্তা কৰে আৰু যিহৰ যোগেদি মানুহে অভ্যন্তৰীণ আৰু বাহ্যিকভাৱে ক্ৰিয়াশীল ব্যক্তি আৰু সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে সমাজত নিজকে একিভূত কৰে। ভাষাই প্ৰধান আহিলা যাৰ যোগেদি এজন ব্যক্তিয়ে স্বকীয় আৰু সামাজিক সংহতি, উৎকৰ্ষিত আচৰণ আদি সতি-সন্ততিলৈ বিস্তৃত কৰায় আৰু লগৰীয়াবোৰক সেই সংস্কৃতিৰ অংশীদাৰ-ভাগী হৈ তেওঁৰে সৈতে সামাজিক গোট সৃষ্টি কৰিবলৈ প্ৰভাৱিত কৰে।"[3]
  • এৰিষ্ট'টলৰ মতে, "ভাষাই মনৰ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰে।"[3][2]
  • ছাপিৰৰ মতে, "ভাষা হৈছে মানৱীয় আৰু স্বভাৱ বহিভূৰ্ত পদ্ধতি যাৰ দ্বাৰা মানুহে নিজ ইচ্ছাৰ দ্বাৰা উচ্চাৰিত ধ্বনি প্ৰতীকৰ সহায়ত ভাৱ, অনুভূতি আৰু বাসনা প্ৰকাশ কৰিব পাৰে।"[3][2]
  • ৰবিন্সৰ মতে, "ভাষা মূলতঃ যাদৃচ্ছিক ধ্বনি প্ৰতীকৰ এটা পদ্ধতি। বক্তৃতাই আৱশ্যক অনুযায়ী আৰু অৱস্থানভেদে ইয়াক সংশোধন কৰিব পৰে।"[2]
  • এনচাইক্ল'পেডিয়া ব্ৰিটেনিকাৰ অনুসৰি, "ভাষা হৈছে কথিত বা লিখিত ৰূপত পৰস্পৰ যোগসূত্ৰ স্থাপন কৰিব পৰা এটা পদ্ধতি। যাৰ দ্বাৰা এখন সমাজৰ মানুহে আৰু অংশগ্ৰহণকাৰীসকলে সাংস্কৃতিক আদান-প্ৰদানৰ ক্ষেত্ৰত ভাৱ বিনিময় কৰে।"[2]
  • পতঞ্জলিৰ মতে, "মুখেৰে উচ্চাৰণ কৰা ধ্বনিৰ সহায়ত মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰা আহিলাই হৈছে ভাষা।"[3][2]
  • উপেন্দ্ৰনাথ গোস্বামীৰ মতে, "কোনো জন-সমষ্টিয়ে প্ৰণালীবদ্ধ আৰু যাদৃচ্ছিক স্পষ্ট ধ্বনি প্ৰতীকৰ দ্বাৰা পৰস্পৰে সহযোগিতা কৰি দৈনন্দিন জীৱনৰ কাৰ্য চলোৱা প্ৰথাৰ নাম ভাষা।"[1][3]
  • গোলোকচন্দ্ৰ গোস্বামীৰ মতে, "ভাষা মানুহৰ মনৰ ভাব আদান প্ৰদানৰ উদ্দেশ্যে বাগিন্দ্ৰীয়ৰে উচ্চাৰণ কৰা সুসংগঠিত, সুপৰিকল্পিত ধন্যাত্মক সংকেতবিশেষ। মানুহৰ মনৰ ভাব আৰু চিন্তাৰ শ্ৰূয়মাণ প্ৰতীকেই ভাষা।"[3]

ওপৰৰ সংজ্ঞাসমূহৰ পৰা এটি ধাৰণাৰ কৰিব পাৰি যে- মানুহে নিজ ইচ্ছাৰে বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত কৰা সু-সংগঠিত, সু-পৰিকল্পিত আৰু যাদৃচ্ছিক প্ৰতীকৰ অৰ্থবহ এক পদ্ধতি, যাৰ দ্বাৰা বিশেষ জনসমষ্টিয়ে পৰস্পৰে ভাৱৰ আদান-প্ৰদান কৰি দৈনন্দিন জীৱনৰ কাৰ্য চলায়।

বৈশিষ্ট্য[সম্পাদনা কৰক]

ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল:

  • ভাষা বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি: ভাষাত ব্যৱহৃত ধ্বনিসমূহ মানুহৰ বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি। প্ৰয়োজনানুসাৰে মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি পৰস্পৰে পৰস্পৰৰ লগত সংযোগ কৰিবলৈ ভিন্ন পৰিস্থিতিত ধ্বনিৰ সহায়ত ভিন্ন ভাৱ প্ৰকাশক শব্দ গঠন কৰে।
  • ভাষা প্ৰণালীবদ্ধ: মানুহে বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত অৰ্থবহ ধ্বনি প্ৰতীকসমূহ এক নিৰ্দিষ্ট প্ৰণালীৰ সমাহাৰত মনৰ ভাৱ প্ৰকাশ কৰে। প্ৰত্যেক ভাষাৰে গঠন প্ৰণালী সুকীয়া সুকীয়া।
  • ভাষা যাদিচ্ছিক: প্ৰত্যেক ভাষাৰ শব্দ-অৰ্থৰ সম্পৰ্ক সম্পূৰ্ণ স্বতন্ত্ৰ আৰু পৰম্পৰাগত। প্ৰত্যেকটো ভাষাগোষ্ঠীৰ জনসমষ্টিয়ে বিভিন্ন বস্তু, বিষয়, ঘটনা আদি বুজাব পৰাকৈ নিজস্ব ধৰণে অৰ্থ আৰূপ কৰি লয়। সেয়ে প্ৰত্যেক ভাষাতে যাদিচ্ছিকতা পৰিলক্ষিত হয়।
  • ভাষা পৰম্পৰাগত: ভাষা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈকে পৰম্পৰাগতভাৱে প্ৰৱাহিত হৈ গৈ থাকে। জ্যেষ্ঠসকলে যেনে ধৰণে কয়, নবীন প্ৰজন্মই তেনে প্ৰণালীৰেই ভাষাটো ক'বলৈ আয়ত্ত কৰে নতুবা শিকে। সেয়ে ভাষা পৰম্পৰাগত প্ৰথা।
  • ভাষা সমাজকেন্দ্ৰিক: ভাষা সমাজক কেন্দ্ৰ কৰি বৰ্তি থাকে। সমাজৰ পৰা অৱহেলিত এটি নব শিশোৱে ভাষা আহৰণ কৰিব নোৱাৰে। শিশোৱে নিতৌ সমাজত ব্যৱহৃত হৈ থকা ভাষাক আহৰণ কৰি এদিন নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পৰা দক্ষতা আহৰণ কৰে।
  • ভাষা সৃজনমূলক: মানুহে ব্যক্ত কৰা প্ৰতিটো বাক্যই হুবহু পুনৰুক্তি নঘটে। মানুহে পৰিস্থিতি সাপেক্ষে সদায় নতুন নতুন বাক্য সৃষ্টি কৰি প্ৰয়োগ কৰে। সেয়ে ভাষাক সৃজনমূলক বুলি কোৱা হয়।
  • ভাষা প্ৰতীকধৰ্মী: পৃথিৱীৰ ভিন্ন ভাষাত উচ্চাৰিত হোৱা ধ্বনি সমষ্টিৰ লগত বাহ্যিক জগতৰ বস্তুৰ লগত বা ভাৱৰ মাজত কোনো ধৰা-বন্ধা সম্বন্ধ নাই। ধ্বনি আৰু বস্তুৰ ধাৰণাৰ মাজত চিৰাচৰিত সম্পৰ্ক নথকা বাবেই পৃথিৱীৰ ভাষাবোৰত একোটা বস্তু বুজাবলৈ বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰা হয়। সেয়ে ভাষা প্ৰতীকধৰ্মী।

ৰাষ্ট্ৰসংঘৰ স্বীকৃত ভাষা[সম্পাদনা কৰক]

ৰাষ্ট্ৰসংঘই ৬টা ভাষাক চৰকাৰী ভাষাৰূপে স্বীকৃতি দিছে। সেইকেইটা হ'ল: আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰুছ আৰু স্পেনীছ। ৰাষ্ট্ৰসংঘ গঠনৰ সময়তেই ইয়াৰে পাঁচটা ভাষাক নিৰ্বাচিত কৰা হৈছিল (ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ দেশীয় ভাষাসমূহৰ লগতে স্পেনীছ ভাষাক)। আৰবী ভাষাক ১৯৭৩ চনত যোগ কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ কামকাজত ইংৰাজী আৰু ফৰাচী, এই দুটা ভাষাক ব্যৱহাৰ কৰা হয়। ৰাষ্ট্ৰসংঘৰ কাৰ্য্যালয়ৰ স্বীকৃত ভাষাৰ সংখ্যা কমাব লাগে নে (উদাহৰণ স্বৰূপে, কেৱল ইংৰাজী) বঢ়াব লাগে তাক লৈ সঘনাই বিবাদ হৈ থাকে। ২০০১ চনত স্পেনীছ ভাষা অধ্যুষিত ৰাষ্ট্ৰসমূহে স্পেনীছ ভাষাই ইংৰাজী ভাষাৰ সমপৰ্য্যায়ৰ মৰ্য্যদা নোপোৱা বুলি অভিযোগ তুলিছিল। হিন্দী ভাষাক ৰাষ্ট্ৰসংঘৰ সপ্তম চৰকাৰী ভাষাৰূপে স্বীকৃতি দিব লাগে বুলিও দাবী তোলা হৈছে। ইংৰাজী ভাষাৰ বাবে ৰাষ্ট্ৰসংঘই ব্ৰিটিছ ব্যৱহাৰ আৰু অক্সফ'ৰ্ডৰ দ্বাৰা অনুমোদিত মান্য বানানক অনুসৰণ কৰে।

ভাৰতৰ ভাষা[সম্পাদনা কৰক]

বৰ্ণ[সম্পাদনা কৰক]

যি সঙ্কেতৰ দ্বাৰা একোটা ধ্বনি প্ৰকাশ কৰা যায়, তাকে বৰ্ণ বোলে। বৰ্ণৰ সমষ্টিয়েই বৰ্ণমালা। বৰ্ণ কৰ্ণেন্দ্ৰিয়বেদ্য। বৰ্ণৰ চাক্ষুষ ৰূপেই অক্ষৰ বা আখৰ। অৱশ্যে বৰ্ণ আৰু আখৰ দুয়োতাকে প্ৰায় একে অৰ্থত ব্যৱহাৰ কৰা দেখা যায়। বৰ্ণ ধ্বনিৰ একোটা গোট। বৰ্ণ উচ্চাৰণ নহয়। বৰ্ণৰ অন্তৰ্গত ধ্বনিবোৰহে উচ্চাৰণ হয়। বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত যাদৃচ্ছিক প্ৰতীকেই হ’ল ধ্বনি। বৰ্ণৰ চাক্ষুষ ৰূপেই হ’ল আখৰ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 ড॰ উপেন্দ্ৰনাথ গোস্বামী (২০১৫). ভাষা-বিজ্ঞান. পৃষ্ঠা. ১৩, ১৫. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 ড॰ অপৰ্ণা কোঁৱৰ (২০১৫). ভাষাবিজ্ঞান উপক্ৰমণিকা. পৃষ্ঠা. ৩, ৭, ১১. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 ড॰ কৰবী গগৈ, ড॰ দীপালি গগৈ, ed (২০১৬). ভাষাবিজ্ঞানৰ পৰিচয়. পৃষ্ঠা. ১১. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]