সমললৈ যাওক

অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা ২০২১ চনলৈ মুঠ ৬০ গৰাকী সাহিত্যিকে লাভ কৰিছে।[1] এই বঁটা প্ৰদান কৰে ১৯৫৪ চনত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ভাৰতীয় সাহিত্যৰ উন্নয়ন কল্পে গঠন কৰা সাহিত্য অকাডেমি নামৰ অনুষ্ঠানটোৱে।[2] এই অনুষ্ঠানটোৱে ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমি বঁটা ১৩টা ভাষাৰ ১৩ গৰাকী সাহিত্যিকক প্ৰদান কৰিছিল। এই ১৩ গৰাকী সাহিত্যিকৰ ভিতৰত অসমীয়া ভাষাৰ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ নামো অন্তৰ্ভুক্ত হৈছিল। অসমীয়া ভাষাত ২০১৭ চনলৈ মুঠ ১৮ গৰাকী সাহিত্যকে উপন্যাসত, ১৩ গৰাকীয়ে কাব্যগ্ৰন্থত, ৯ গৰাকীয়ে চুটিগল্পত, ২ গৰাকীয়ে স্মৃতিকথা বিষয়ক গ্ৰন্থত, ১ গৰাকীয়ে জীৱনী গ্ৰন্থত আৰু ৭ গৰাকীয়ে সাহিত্য-সংস্কৃতি আদি বিষয়ক গ্ৰন্থত লাভ কৰে। ড॰ কৃষ্ণকান্ত সন্দিকৈ, স্নেহ দেৱী আৰু কবীন ফুকনক মৰণোত্তৰভাৱে অকাডেমি বঁটা প্ৰদান কৰা হয়। সাহিত্য অকাডেমিৰ অসমীয়া ভাষালৈ অনুবাদ কৰা গ্ৰন্থৰ বাবেও ১৯৯০ চনৰ পৰা সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰদান কৰি আহিছে।

সাহিত্য অকাডেমি বঁটা বিজয়ীসকল

[সম্পাদনা কৰক]
বৰ্ষ বিজয়ী গ্ৰন্থ প্ৰকাৰ
১৯৫৫যতীন্দ্ৰ নাথ দুৱৰাবনফুলকবিতা সংকলন
১৯৫৬বঁটা প্ৰদান কৰা হোৱা নাই
১৯৫৭বঁটা প্ৰদান কৰা হোৱা নাই
১৯৫৮বঁটা প্ৰদান কৰা হোৱা নাই
১৯৫৯বঁটা প্ৰদান কৰা হোৱা নাই
১৯৬০বেণুধৰ শৰ্মাকংগ্ৰেছৰ কাঁচিয়লি ৰ'দতস্মৃতিকথা
১৯৬১বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যঈয়াৰুইঙ্গমউপন্যাস
১৯৬২বঁটা প্ৰদান কৰা হোৱা নাই
১৯৬৩বঁটা প্ৰদান কৰা হোৱা নাই
১৯৬৪বিৰিঞ্চি কুমাৰ বৰুৱাঅসমৰ লোক-সংস্কৃতিগদ্য (লোক-সংস্কৃতি বিষয়ক)
১৯৬৫বঁটা প্ৰদান কৰা হোৱা নাই
১৯৬৬অম্বিকাগিৰি ৰায়চৌধুৰীবেদনাৰ উল্কাকবিতা সংকলন
১৯৬৭ত্ৰৈলোক্য নাথ গোস্বামীআধুনিক গল্প সাহিত্যগদ্য (সাহিত্য সমালোচনা)
১৯৬৮নলিনীবালা দেৱীঅলকানন্দাকবিতা সংকলন
১৯৬৯অতুল চন্দ্ৰ হাজৰিকামঞ্চলেখাগদ্য (অসমীয়া মঞ্চ-নাট বিষয়ক)
১৯৭০লক্ষ্মীনাথ ফুকনমহাত্মাৰ পৰা ৰূপকোঁৱৰলৈস্মৃতিকথা
১৯৭১বঁটা প্ৰদান কৰা হোৱা নাই
১৯৭২চৈয়দ আব্দুল মালিকঅঘৰী আত্মাৰ কাহিনীউপন্যাস
১৯৭৩বঁটা প্ৰদান কৰা হোৱা নাই
১৯৭৪সৌৰভ কুমাৰ চলিহাগোলামগল্প সংকলন
১৯৭৫নৱকান্ত বৰুৱাককাদেউতাৰ হাড়উপন্যাস
১৯৭৬ভবেন্দ্ৰ নাথ শইকীয়াশৃংখলগল্প সংকলন
১৯৭৭আনন্দ চন্দ্ৰ বৰুৱাবকুল বনৰ কবিতাকবিতা সংকলন
১৯৭৮হোমেন বৰগোহাঞিপিতা-পুত্ৰউপন্যাস
১৯৭৯ভবেন বৰুৱাসোণালী জাহাজকবিতা সংকলন
১৯৮০যোগেশ দাসপৃথিৱীৰ অসুখগল্প সংকলন
১৯৮১নীলমণি ফুকনকবিতাকবিতা সংকলন
১৯৮২মামণি ৰয়ছম গোস্বামী (ইন্দিৰা গোস্বামী)মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাসউপন্যাস
১৯৮৩নিৰ্মলপ্ৰভা বৰদলৈসুদীৰ্ঘ দিন আৰু ঋতুকবিতা সংকলন
১৯৮৪দেবেন্দ্ৰ নাথ আচাৰ্যজংগমউপন্যাস
১৯৮৫কৃষ্ণকান্ত সন্দিকৈdaggerকৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰগদ্য (সাহিত্য সমালোচনা)
১৯৮৬তীৰ্থনাথ শৰ্মাবেণুধৰ শৰ্মাজীৱনী
১৯৮৭হৰেকৃষ্ণ ডেকাআন এজনকবিতা সংকলন
১৯৮৮লক্ষ্মীনন্দন বৰাপাতাল ভৈৰৱীউপন্যাস
১৯৮৯হীৰেন গোহাঁইঅসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰাগদ্য
১৯৯০স্নেহ দেৱীdaggerস্নেহ দেৱীৰ একুঁকি গল্পগল্প সংকলন
১৯৯১অজিৎ বৰুৱাব্ৰহ্মপুত্ৰ ইত্যাদি পদ্যকবিতা সংকলন
১৯৯২হীৰেণ ভট্টাচাৰ্যশ‍ইচৰ পথাৰ মানুহকবিতা সংকলন
১৯৯৩কেশৱ মহন্তমোৰো যে কিমান হেঁপাহকবিতা সংকলন
১৯৯৪শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী)মধুপুৰ বহুদূৰগল্প সংকলন
১৯৯৫চন্দ্ৰপ্ৰসাদ শইকীয়ামহাৰথীউপন্যাস
১৯৯৬নিৰুপমা বৰগোহাঞিঅভিযাত্ৰীউপন্যাস
১৯৯৭নগেন শইকীয়াআন্ধাৰত নিজৰ মুখগল্প সংকলন
১৯৯৮অৰুণ শৰ্মাআশীৰ্বাদৰ ৰংউপন্যাস
১৯৯৯মেদিনী চৌধুৰীবিপন্ন সময়উপন্যাস
২০০০অপূৰ্ব শৰ্মাবাঘে টাপুৰ ৰাতিগল্প সংকলন
২০০১মহিম বৰাএধানী মাহীৰ হাঁহিউপন্যাস
২০০২নলিনীধৰ ভট্টাচাৰ্যমহৎ ঐতিহ্যগদ্য
২০০৩বীৰেশ্বৰ বৰুৱাঅনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতাকবিতা সংকলন
২০০৪হীৰেন্দ্ৰ নাথ দত্তমানুহ অনুকূলেকবিতা সংকলন
২০০৫য়েছে দৰজে ঠংচিমৌন ওঁঠ মুখৰ হৃদয়উপন্যাস
২০০৬অতুলানন্দ গোস্বামীচেনেহ জৰীৰ গাঁঠিগল্প সংকলন
২০০৭পূৰবী বৰমুদৈশান্তনুকুলনন্দনউপন্যাস
২০০৮ৰীতা চৌধুৰীদেও লাংখুইউপন্যাস
২০০৯ধ্ৰুৱজ্যোতি বৰাকথা ৰত্নাকৰউপন্যাস
২০১০কেশদা মহন্তঅসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰিগদ্য (সাহিত্য বিষয়ক)
২০১১কবীন ফুকনdaggerএই অনুৰাগী এই উদাসকবিতা সংকলন
২০১২চন্দনা গোস্বামী[3]পাটকাইৰ ইপাৰে মোৰ দেশউপন্যাস
২০১৩ৰবীন্দ্ৰ সৰকাৰধূলিয়ৰি ভৰিৰ সাঁচকবিতা সংকলন
২০১৪অৰূপা কলিতা পটংগীয়ামৰিয়ম আষ্টিন অথবা হীৰা বৰুৱাগল্প সংকলন[4]
২০১৫কুল শইকীয়াআকাশৰ ছবি আৰু অন্যান্য গল্পগল্প সংকলন[5]
২০১৬জ্ঞান পূজাৰীমেঘমালাৰ ভ্ৰমণকবিতা সংকলন[6]
২০১৭জয়ন্ত মাধৱ বৰামৰিয়াহোলাউপন্যাস
২০১৮সনন্ত তাঁতিকাইলৈৰ দিনটো আমাৰ হ'বকবিতা সংকলন[7]
২০১৯জয়শ্ৰী গোস্বামী মহন্তচাণক্যউপন্যাস[8]
২০২০অপূৰ্ব কুমাৰ শইকীয়াবেংছতাচুটিগল্প সংকলন[9]
২০২১অনুৰাধা শৰ্মা পূজাৰীইয়াত এখন অৰণ্য আছিলউপন্যাস[10]
২০২২মনোজ কুমাৰ গোস্বামীভুল সত্যগল্প সংকলন[11]
২০২৩প্ৰণৱজ্যোতি ডেকাড॰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্পগল্প সংকলন[12]
২০২৪সমীৰ তাঁতীফৰিংবোৰে বাটৰ কথা জানেকবিতা সংকলন
২০২৫ দেৱব্ৰত দাস কড়ি খেলাৰ সাধু উপন্যাস
dagger এই চিহ্নই মৰণোত্তৰভাৱে প্ৰদান কৰা সূচাইছে

অনুবাদ বঁটা বিজয়ীসকল

[সম্পাদনা কৰক]

অসমীয়া ভাষালৈ অনুবাদ কৰা গ্ৰন্থৰ বাবে তলত উল্লিখিত লেখকসকলক সাহিত্য অকাডেমিয়ে অনুবাদ সাহিত্যিৰ বঁটা প্ৰদান কৰিছে:[13]

বৰ্ষ বিজয়ী গ্ৰন্থ মূল গ্ৰন্থ মূল লেখক মূল ভাষা প্ৰকাৰ
১৯৯০নৰেন্দ্ৰনাথ শৰ্মাআত্মজীৱন চৰিতএন অটোবায়'গ্ৰাফীজৱাহৰলাল নেহৰুইংৰাজীআত্মজীৱনী
১৯৯১ৰাধিকামোহন ভাগৱতীআমাৰ বাতৰি কাকতৰ কাহিনীদ্য ষ্টৰি অৱ আৱাৰ নিউজপেপাৰচচঞ্চল সৰকাৰইংৰাজী
১৯৯২বিমল ভাগৱতীযযাতিযযাতিবিষ্ণু সখাৰাম খাণ্ডেকাৰমাৰাঠীউপন্যাস
১৯৯৩ফণী তালুকদাৰঅঘৰী অৱতাৰআৱাৰা মচিহাবিষ্ণু প্ৰভাকৰহিন্দীউপন্যাস
১৯৯৪বসুন্ধৰা শইকীয়াদত্তাদত্তাশৰৎচন্দ্ৰ চট্টোপাধ্যায়বঙালীউপন্যাস
১৯৯৫কুলনাথ গগৈঅৰণ্যৰ অধিকাৰঅৰণ্যেৰ অধিকাৰমহাশ্বেতা দেৱীবঙালীউপন্যাস
১৯৯৬তিলক হাজৰিকাফণীশ্বৰনাথ ৰেণুৰ শ্ৰেষ্ঠ কাহিনীফণীশ্বৰনাথ ৰেণু কি শ্ৰেষ্ঠ কাহানীয়াফণীশ্বৰনাথ ৰেণুহিন্দীচুটি গল্প সংকলন
১৯৯৭কীৰ্তিনাথ হাজৰিকাগান্ধী: জীৱন কথাগান্ধী: এ লাইফকৃষ্ণ কৃপালানীইংৰাজীজীৱনী
১৯৯৮গৌৰীশংকৰ ভট্টাচাৰ্য্যস্বাধীনতাৰ ৰাজ-বিচাৰট্ৰায়েলচ্ অফ ইন্দিপেণ্ডেচ্বি আৰ আগৰৱালাইংৰাজীৰচনা
১৯৯৯নিৰুপমা ফুকনগোদানগোদানমুন্সী প্ৰেমচন্দহিন্দীউপন্যাস
২০০০তীৰ্থ ফুকনতমশতমশভীমশেন চাহানীহিন্দীউপন্যাস
২০০১শুচিব্ৰতা ৰায়চৌধুৰীবৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি আৰু বিকাশঅৰিজিন এণ্ড ডেভেলপমেণ্ট অৱ ৱৈষ্ণৱিজমএচ জয়চৱালইংৰাজী
২০০২প্ৰভাত চন্দ্ৰ শৰ্মাকাদম্বৰীকাদম্বৰীবাণভট্টসংস্কৃতকাল্পনিক লেখ
২০০৩ৰাজেন শইকীয়াপুতলা নাচৰ ইতিহাসপুতুল নাচেৰ ইতিকথামানি‍ক বন্দ্যোপাধ্যায়বঙালীউপন্যাস
২০০৪প্ৰীতি বৰুৱাৰথচক্ৰৰথচক্ৰশ্ৰীপাদ নাৰায়ণ পেণ্ডচেমাৰাঠীউপন্যাস
২০০৫প্ৰফুল্ল কটকীআনটাচেবলচ্আনটাচেবলচ্বনমালী গোস্বামীইংৰাজীউপন্যাস
২০০৬হেমেশ্বৰ দিহিঙীয়াঅভামনিতাৰ আত্মকথাকিচ্চা গুলামৰমেশ চন্দ্ৰ শ্বাহহিন্দীউপন্যাস
২০০৭মলয়া খাউণ্ডদাদীবুঢ়াদাদীবুঢ়াগোপীনাথ মোহান্তিওড়িয়াউপন্যাস
২০০৮মালিনী গোস্বামীহৰ্ষচৰিতহৰ্ষচৰিতবাণভট্টসংস্কৃতজীৱনী
২০০৯যতীন্দ্ৰ কুমাৰ বৰগোহাঞিলোকায়ত দৰ্শনলোকায়ত দৰ্শনদেৱীপ্ৰসাদ চট্টোপাধ্যায়বঙালীসমালোচনা
২০১০অনুপমা দত্ত শইকীয়াওপজা মাটিৰ হাত বাউলীমাৰালি মন্নিগেকে শিৱৰাম কাৰন্তকন্নড়উপন্যাস
২০১১সুৰেশ শৰ্মাঅদম্য শক্তিইন্‌ডমিটেব্‌ল্‌ স্পিৰিটএ পি জে আব্দুল কালামইংৰাজীৰচনা
২০১২পংকজ ঠাকুৰবিদীৰ্ণ বাঘযাইঝাডাঝডতীবিশ্বাস পাটিলমাৰাঠীউপন্যাস
২০১৩দীপিকা চক্ৰৱৰ্তীdaggerসেই সময় (দ্বিতীয় খণ্ড)সেই সময়সুনীল গঙ্গোপাধ্যায়বঙালীউপন্যাস
২০১৪বিপুল দেউৰীদ্য ইম্মৰটেলছ অব্ মেলুহাদ্য ইমৰ্টেলছ অফ মেলুহাঅমিষ ত্ৰিপাঠীইংৰাজীউপন্যাস
২০১৫সুৰেণ তালুকদাৰগণদেৱতাগণদেবতাতাৰাশংকৰ বন্দ্যোপাধ্যায়বঙালীউপন্যাস
২০১৬তপেশ্বৰ শৰ্মাউপনিষদ - পদ্যনুবাদউপনিষদবিভিন্ন লেখকসংস্কৃতকবিতা
২০১৭বাবুল তামুলীএটি কলি দুটি পাতটু লীভ্ছ এণ্ড এ বাডমুল্কৰাজ আনন্দইংৰাজীউপন্যাস
২০১৮পাৰ্থপ্ৰতিম হাজৰিকা[14]ৰামায়ণ: গংগাৰ পৰা ব্ৰহ্মপুত্ৰলৈৰামায়ণ: ফ্ৰম গংগা টু ব্ৰহ্মপুত্ৰমামণি ৰয়ছম গোস্বামীইংৰাজীৰচনা
২০১৯নৱ কুমাৰ সন্দিকৈ[15]ৰাজতৰংগীনিৰাজতৰংগীনিকলহণসংস্কৃতঐতিহাসিক ইতিবৃত্ত
২০২০দিগন্ত বিশ্ব শৰ্মাভাৰতীয় সংস্কৃতিৰ ভিত্তিদ্য ৰেনেছাঁ ইন ইণ্ডিয়া এণ্ড আদাৰ এছেজ অৱ ইণ্ডিয়ান কালচাৰশ্ৰী অৰবিন্দইংৰাজীপ্ৰবন্ধ সংকলন[16]
২০২১পৰী হিলৈদাৰীদাঁতি পাৰৰ মানুহদ্য লেজেণ্ড অফ পেনচামমামাং দাইইংৰাজীউপন্যাস[17]
২০২২জুৰি দত্তকচাৰেথি: আৰায়া নাৰীকচাৰেথিনাৰায়ণমালয়ালমউপন্যাস
২০২৩লক্ষজ্যোতি গগৈ সন্দিকৈমোৰ জীৱনটোওৱান্স আপন ইন লাইফ: বাৰ্ণ্ট কাৰী এণ্ড ব্লাদি ৰেগছটেমচুলা আওইংৰাজীআত্মজীৱনী
dagger এই চিহ্নই মৰণোত্তৰভাৱে প্ৰদান কৰা সূচাইছে

শিশু সাহিত্য পুৰস্কাৰ

[সম্পাদনা কৰক]

২০১০ চনৰ পৰা সাহিত্য অকাডেমিয়ে অসমীয়া ভাষাৰ শিশু সাহিত্যিকসকললৈ শিশু সাহিত্য পুৰস্কাৰ প্ৰদান কৰি আহিছে:[18]

বৰ্ষ বিজয়ী গ্ৰন্থ প্ৰকাৰ
২০১০গগনচন্দ্ৰ অধিকাৰীশিশু সাহিত্যলৈ কৰা সামগ্ৰিক অৱদানৰ বাবে
২০১১বন্দিতা ফুকনসেউজীয়া ধৰণীউপন্যাস
২০১২শান্তনু তামূলীশিশু সাহিত্যলৈ কৰা সামগ্ৰিক অৱদানৰ বাবে
২০১৩তোষপ্ৰভা কলিতাশিশু সাহিত্যলৈ কৰা সামগ্ৰিক অৱদানৰ বাবে
২০১৪দীনেশ চন্দ্ৰ গোস্বামীবিজ্ঞানৰ অনুপম জগতৰচনা
২০১৫এলি আহমেদশিশু সাহিত্যলৈ কৰা সামগ্ৰিক অৱদানৰ বাবে
২০১৬হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিশিশু সাহিত্যলৈ কৰা সামগ্ৰিক অৱদানৰ বাবে
২০১৭হৰেন্দ্ৰ নাথ বৰঠাকুৰশিশু সাহিত্যলৈ কৰা সামগ্ৰিক অৱদানৰ বাবে
২০১৮যুগললোচন দাসসোনবালি বাগিচাৰ ভূতউপন্যাস
২০১৯শ্বামীম নাছৰিণমিলি, অমিয়া আৰু এখন নদীচুটিগল্প সংকলন
২০২০মাধুৰীমা ঘৰফলীয়াফচংচুটিগল্প সংকলন[19]
২০২১মৃণাল কলিতাবকুল ফুলৰ দৰেউপন্যাস
২০২২দিগন্ত ওজাডাঙৰ মানুহৰ সাধু
২০২৩ৰথীন্দ্ৰ নাথ গোস্বামীপোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযানউপন্যাস
২০২৪ৰঞ্জু হাজৰিকাবিপন্ন বিস্ময় খেলউপন্যাস
২০২৫সুৰেন্দ্ৰ মোহন দাসমইনাহঁতৰ পদ্যপদ্য সংকলন

যুৱ পুৰস্কাৰ

[সম্পাদনা কৰক]

২০১১ চনৰ পৰা সাহিত্য অকাডেমিয়ে অসমীয়া ভাষাৰ উদীয়মান যুৱ সাহিত্যিকসকললৈ যুৱ পুৰস্কাৰ প্ৰদান কৰি আহিছে:[20]

বৰ্ষ বিজয়ী গ্ৰন্থ প্ৰকাৰ
২০১১অৰিন্দম বৰকটকীঅনুশীলনৰচনা
২০১২কমল কুমাৰ তাঁতীমাৰাংবুৰু আমাৰ পিতাকবিতা
২০১৩বিজয় শংকৰ বৰ্মনঅশোকাষ্টমীকবিতা
২০১৪মণিকা দেৱীজহৰ-মহৰচুটি গল্প সংকলন
২০১৫মৃদুল হালৈঅকলে আছোঁ কুশলে আছোঁকবিতা
২০১৬প্ৰাৰ্থনা শইকীয়াজঁটাধাৰীউপন্যাস
২০১৭প্ৰতীম বৰুৱাসোধা নহ'ল তোক অ' বকুলকবিতা
২০১৮বিপাশা বৰামৌ-মাখি সাম্ৰাজ্যচুটি গল্প সংকলন
২০১৯সঞ্জীৱ পল ডেকাএইপিনে কি আছে?চুটি গল্প সংকলন
২০২০দ্বিজেন কুমাৰ দাসমেঘ-ঘোঁৰাকবিতা[21]
২০২১অভিজিৎ বৰাডেউকা কোবাই যায়চুটিগল্প সংকলন
২০২২প্ৰদ্যুম্ন কুমাৰ গগৈচকী আৰু অন্যান্য গল্পচুটিগল্প সংকলন
২০২৩জিন্তু গীতাৰ্থমন মৰা তৰাচুটিগল্প সংকলন
২০২৪নয়নজ্যোতি শৰ্মাজাল কটা জুইচুটিগল্প সংকলন
২০২৫সুপ্ৰকাশ ভূঞাকুঁচিয়ানামাচুটিগল্প সংকলন

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
  2. "About Sahitya Akademi". http://sahitya-akademi.gov.in/sahitya-akademi/aboutus/about.jsp আহৰণ কৰা হৈছে: January 18, 2012.
  3. "সাহিত্য অকাডেমি বঁটা ২০১২". সাহিত্য অকাডেমি. ২০ ডিচেম্বৰ, ২০১২. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/sa-award2012.pdf আহৰণ কৰা হৈছে: ২৩ ডিচেম্বৰ, ২০১২.
  4. Assamese and Bodo writers to get the award Times of India অনলাইন, ২০ ডিচেম্বৰ, ২০১৪ | আহৰণ কৰা হৈছে: ৬ জানুৱাৰী, ২০১৫
  5. "Sahitya Akademi Main award - 2015". সাহিত্য অকাডেমিৰ আনুষ্ঠানিক ৱেবছাইট. 17 December 2015. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/sahityaakademiawards2015-e.pdf আহৰণ কৰা হৈছে: 17 December 2015.
  6. "Sahitya Akademi Main award - 2016". অসম ট্ৰিবিউন. 21 December 2016. Archived from the original on 22 December 2016. https://web.archive.org/web/20161222221929/http://www.assamtribune.com/scripts/detailsnew.asp?id=dec2216/at051 আহৰণ কৰা হৈছে: 22 December 2016.
  7. "২০১৮ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা". অসমীয়া প্ৰতিদিন. ৫ জানুৱাৰী ২০১৯. Archived from the original on 2019-12-28. https://web.archive.org/web/20191228082513/https://www.asomiyapratidin.in/2018-sahittya-akademi-prize/ আহৰণ কৰা হৈছে: ৩১ জানুৱাৰী ২০১৯.
  8. শইকীয়া, কল্পজ্যোতি (১৮ ডিচেম্বৰ ২০১৯). "জয়শ্ৰী গোস্বামী মহন্ত আৰু ফুকন চন্দ্ৰ বসুমতাৰীলৈ সাহিত্য অকাডেমী বঁটা". নৰ্থ-ইষ্ট নাও. https://assam.nenow.in/sahitya-academy-award-to-assam-writer-joyshree-goswami-and-phukan-ch-basumatary/ আহৰণ কৰা হৈছে: ১৯ ডিচেম্বৰ ২০১৯.
  9. "সাহিত্য অকাডেমি বঁটা ২০২০". সাহিত্য অকাডেমি. ১২ মাৰ্চ, ২০১২. http://sahitya-akademi.gov.in/pdf/sahityaakademiawards2020.pdf আহৰণ কৰা হৈছে: ১২ মাৰ্চ, ২০১২.
  10. "ভালখবৰ! অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা". News18 Assam-NorthEast. https://assam.news18.com/news/assam/2021-sahitya-akademy-award-to-anuradha-sarma-pujari-hb-183267.html. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; অবৈধ নাম, যেনে- বহুসংখ্যক
  11. Das, Mukut. "Four from Assam, 1 from Manipur selected for Sahitya Akademi". Times of India. https://timesofindia.indiatimes.com/city/guwahati/four-from-assam-1-from-manipur-selected-for-sahitya-akademi-awards/articleshow/96440185.cms আহৰণ কৰা হৈছে: 23 December 2022.
  12. "Sahitya Akademi Awards: Assamese Author Pranavjyoti Deka Bags Prestigious Gong". Pratidin Time. 20 December 2023. https://www.pratidintime.com/national/sahitya-akademi-awards-assamese-author-pranavjyoti-deka-bags-prestigious-gong আহৰণ কৰা হৈছে: 20 December 2023.
  13. "অকাডেমি অনুবাদ বঁটা". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/awards/anuvad_samman_suchi.jsp#ASSAMESE আহৰণ কৰা হৈছে: ৩১ জানুৱাৰী ২০১৯.
  14. "পাৰ্থপ্ৰতিম হাজৰিকালৈ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা". নৰ্থ-ইষ্ট নাও. ২৯ জানুৱাৰী ২০১৯. https://assam.nenow.in/sahitya-akademi-translation-award-for-partha-pratim-hazarika/ আহৰণ কৰা হৈছে: ৩১ জানুৱাৰী ২০১৯.
  15. "নৱ কুমাৰ সন্দিকৈ, গোপীনাথ ব্ৰহ্মলৈ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা". জনসাধাৰণ. ২৫ ফেব্ৰুৱাৰী ২০২০. Archived from the original on 2020-02-26. https://web.archive.org/web/20200226114440/https://janambhumi.in/VGtSRk5FNUVhejA9/%25E0%25A6%25A8%25E0%25A7%25B1-%25E0%25A6%2595%25E0%25A7%2581%25E0%25A6%25AE%25E0%25A6%25BE%25E0%25A7%25B0-%25E0%25A6%25B8%25E0%25A6%25A8%25E0%25A7%258D%25E0%25A6%25A6%25E0%25A6%25BF%25E0%25A6%2595%25E0%25A7%2588,-%25E0%25A6%2597%25E0%25A7%258B%25E0%25A6%25AA%25E0%25A7%2580%25E0%25A6%25A8%25E0%25A6%25BE%25E0%25A6%25A5-%25E0%25A6%25AC%25E0%25A7%258D%25E0%25A6%25B0%25E0%25A6%25B9%25E0%25A7%258D%25E0%25A6%25AE%25E0%25A6%25B2%25E0%25A7%2588-%25E0%25A6%25B8%25E0%25A6%25BE%25E0%25A6%25B9%25E0%25A6%25BF%25E0%25A6%25A4%25E0%25A7%258D%25E0%25A6%25AF-%25E0%25A6%2585%25E0%25A6%2595%25E0%25A6%25BE%25E0%25A6%25A6%25E0%25A7%2587%25E0%25A6%25AE%25E0%25A6%25BF%25E0%25A7%25B0-%25E0%25A6%2585%25E0%25A6%25A8%25E0%25A7%2581%25E0%25A6%25AC%25E0%25A6%25BE%25E0%25A6%25A6-%25E0%25A6%25AC%25E0%25A6%2581%25E0%25A6%259F%25E0%25A6%25BE.html আহৰণ কৰা হৈছে: ২৬ ফেব্ৰুৱাৰী ২০২০.
  16. "দিগন্ত বিশ্ব শৰ্মালৈ সাহিত্য অকাডেমিৰ সন্মানীয় অনুবাদ বঁটা". ৰঙিলী বাৰ্তা. ১৯ ছেপ্টেম্বৰ ২০২১. https://rongilibarta.com/দিগন্ত-বিশ্ব-শৰ্মালৈ-সাহ/ আহৰণ কৰা হৈছে: ৩০ ডিচেম্বৰ ২০২১.
  17. "পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ অনুবাদ সাহিত্যৰ অকাডেমি বঁটা". assam.nenow.in. 24 June 2022. https://assam.nenow.in/2021-sahitya-akademi-prize-for-translation-to-pori-hiloidari/ আহৰণ কৰা হৈছে: 25 June 2022.
  18. "বাল সাহিত্য পুৰস্কাৰ". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/awards/bal%20sahitya%20samman_suchi.jsp আহৰণ কৰা হৈছে: ৩১ জানুৱাৰী ২০১৯.
  19. "সাহিত্য অকাডেমি শিশু সাহিত্য পুৰস্কাৰ ২০২০". সাহিত্য অকাডেমি. ১২ মাৰ্চ, ২০১২. http://sahitya-akademi.gov.in/pdf/Pressrelease_BSP-2020.pdf আহৰণ কৰা হৈছে: ১২ মাৰ্চ, ২০১২.
  20. "যুৱা পুৰস্কাৰ". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/awards/yuva_samman_suchi.jsp আহৰণ কৰা হৈছে: ৩১ জানুৱাৰী ২০১৯.
  21. "সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ ২০২০". সাহিত্য অকাডেমি. ১২ মাৰ্চ, ২০১২. http://sahitya-akademi.gov.in/pdf/Pressrelease_YP-2020.pdf আহৰণ কৰা হৈছে: ১২ মাৰ্চ, ২০১২.