তিলক হাজৰিকা
অৱয়ব
তিলক হাজৰিকা | |
---|---|
জন্ম | ৩ অক্টোবৰ, ১৯২১ কলিয়াবৰ, অসম |
মৃত্যু | ২২ অক্টোবৰ, ২০১৬ (৯৫ বছৰ) গুৱাহাটী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | সাংবাদিক, সাহিত্যিক |
তিলক হাজৰিকা অসমৰ এজন আগশাৰীৰ সাংবাদিক আৰু সাহিত্যিক। তেখেতে প্ৰায় ৬০ বছৰ ধৰি সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছিল।
জন্ম আৰু বাল্যকাল
[সম্পাদনা কৰক]তেখেতৰ জন্ম হয় ১৯২১ চনৰ ৩ অক্টোবৰত, অসমৰ নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰী গাঁৱত। পিতৃৰ নাম ঈশধৰ হাজৰিকা।[1]
শিক্ষাজীৱন
[সম্পাদনা কৰক]১৯৪১ চনত কলিয়াবৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে নগাঁও মহাবিদ্যালয়ত নাম ভৰ্তি কৰে আৰু তাৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]স্নাতক হৈয়েই হাজৰিকা দেৱে নগাৱৰ কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে। ১৯৫১ চনত তেখেতে নতুন অসমীয়া কাকতত উপ-সম্পাদক হিচাপে যোগদান কৰি, তাৰ পাছত ক্ৰমান্বয়েঅসম বাণী, সাদিন, প্ৰতিদিন আদি কাকত সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰে।
সাহিত্য কৃতি
[সম্পাদনা কৰক]- আড্ডা -১৯৫৮ ( হাস্যৰসাত্মক)
- কত কথা - ১৯৬০
- আবেলিৰ ছাঁ- ২০০০ ( আত্মকথা)
সন্মান
[সম্পাদনা কৰক]- "ফণীশ্বৰ নাথ ৰেণুৰ শ্ৰেষ্ঠ কাহিনী"-ৰ বাবে ১৯৯৬ চনত সাহিত্য অকাডেমিৰ অনুবাদ বঁটা[1]
মৃত্যু
[সম্পাদনা কৰক]২০১৬ চনৰ ২২ অক্টোবৰ তাৰিখে গুৱাহাটীৰ জিএনআৰচি চিকিৎসালয়ত পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।