নয়নজ্যোতি শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নয়নজ্যোতি শৰ্মা
জন্ম ৩ জুন, ১৯৯৩ (৩০ বছৰ)
নলবাৰী
পেচা চিকিৎসক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ (শল্য তন্ত্ৰ)
মাতৃশিক্ষায়তন চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়
বিষয় গল্পকাৰ, চিকিৎসক
উল্লেখনীয় কৰ্মৰাজি জাল কটা জুই (চুটিগল্পৰ সংকলন)
উল্লেখযোগ্য বঁটা মুনীন বৰকটকী বঁটা (২০২৩)

নয়নজ্যোতি শৰ্মা (ইংৰাজী: Nayanjyoti Sarma) একাধাৰে গল্পকাৰ, ৱিকিমিডিয়ান তথা চিকিৎসক। কৰ্মসূত্ৰে বৰ্তমান তেখেত নলবাৰীৰৰ শুশ্ৰূষা চিকিৎসালয়ৰ এজন চিকিৎসক।[1] তেখেতে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহত 'জাল কটা জুই’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰে।[2] ২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ হোৱা এই গল্প সংকলন খনেই তেখেতৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ।[1] তদুপৰি ২০২৩ বৰ্ষত ২৯ চেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱত তেখেতক প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁ‌টা-২০২৩ প্ৰদান কৰা হৈছে।[3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 নয়নজ্যোতি শৰ্মা (২০২২). জাল কটা জুই. পূৰ্বায়ণ প্ৰকাশন. ISBN 978-81-960230-1-0. 
  2. "ডাঃ নয়নজ্যোতি শৰ্মালৈ মুনীন বৰকটকী সাহিত্য বঁ‌টা". দৈনিক অসম. 
  3. "কাইলৈৰ পৰা গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ". প্ৰতিদিন. 28-09-2023.