জাল কটা জুই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাল কটা জুই  
লেখক নয়নজ্যোতি শৰ্মা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ গল্প-সংকলন
প্ৰকাশ ডিচেম্বৰ, ২০২২, প্ৰথম প্ৰকাশ (প্ৰকাশক: পূৰ্বায়ণ)
মিডিয়া প্ৰকাৰ মুদ্ৰণ
আই.এচ.বি.এন. 978-81-960230-1-0

জাল কটা জুই হৈছে গল্পকাৰ নয়নজ্যোতি শৰ্মাৰ এখন গল্প সংকলন।[1] ২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশিত তেওঁৰ এই গল্প সংকলনখনত চৈধ্যটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই সংকলনখনে ২০২৩ চনত মুনীন বৰকটকী বঁটা লাভ কৰে।[2] গ্ৰন্থখনিৰ প্ৰথম সংস্কৰণৰ বেটুপাতৰ শিল্পী সৌৰিশ মিত্ৰ।[1]

গল্পকাৰৰ চমু পৰিচয়[সম্পাদনা কৰক]

নয়নজ্যোতি শৰ্মা একাধাৰে এজন গল্পকাৰ, চিকিৎসক। কৰ্মসূত্ৰে বৰ্তমান তেওঁ নলবাৰীৰৰ শুশ্ৰূষা চিকিৎসালয়ৰ এজন চিকিৎসক।

বিৱৰণ[সম্পাদনা কৰক]

সংকলনটিত মুঠ চৈধ্যটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই গল্পসমূহৰ বেছিভাগেই দৈনিক অসম, প্ৰকাশ, সাতসৰী, অন্যযুগ, সাপ্তাহিক জনমভূমি, গৰীয়সী, হৃদয় আদি বিভিন্ন কাকত-আলোচনীত পূৰ্বে প্ৰকাশিত। গল্পসমূহ গল্পকাৰে ২০১৬ চনৰ পৰা আৰম্ভ কৰি ২০২২ চনৰ ভিতৰত ৰচনা কৰা বুলি উল্লেখ কৰি প্ৰাক্-কথনত লিখিছে-

"গল্প এটাই সম্পূৰ্ণ কৰিবলগীয়া বৃত্তাকাৰ পৰিক্ৰমা হয়তো এই গল্পসমূহে আয়ত্ত কৰিব পৰা নাই। হয়তো সিহঁত কিছুমান অসম্পূৰ্ণ জ্যামিতিক আকাৰ হৈ ৰৈছে, আৰু কিছুমান হৈ পৰিছে নিষ্প্ৰয়োজন আঁক-বাঁক। তথাপি পাঠকৰ হাতত এই সংকলনটি তুলি দিয়াৰ আঁৰত এই সময়খিনিৰ এক অভিলেখ সংৰক্ষণ কৰাৰ এটি গোপন উদ্দেশ্য নিহিত হৈ আছে।"

গল্পসমূহ[সম্পাদনা কৰক]

সংকলনটিত অন্তৰ্ভুক্ত গল্পবোৰ হৈছে[1] -

  • অপৰিগ্ৰহ
  • বে-ঘ-নী-সে-হা-সু-ৰ
  • হাড়ত গজা সেউজ বন
  • এখন নৰ্মেল পৃথিৱীৰ কাহিনী
  • জাল কটা জুই
  • কাঁথিৰ মালিতা
  • এটা ডিছটোপিয়ান সাধু
  • মাটিৰ মানুহ
  • বিনিময়
  • নৈ আৰু মৰিশালি
  • শেষ গাড়ী
  • বধ্যভূমি
  • অবাক চহৰ সবাক চহৰ
  • বোধিসত্ত্ব

বঁ‌টা আৰু সন্মান[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 শৰ্মা, নয়নজ্যোতি (ডিচেম্বৰ, ২০২২). জাল কটা জুই. পূৰ্বায়ণ. ISBN 978-81-960230-1-0. 
  2. 2.0 2.1 "ডাঃ নয়নজ্যোতি শৰ্মালৈ মুনীন বৰকটকী সাহিত্য বঁ‌টা". দৈনিক অসম.