দীনেশ চন্দ্ৰ গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
দীনেশ চন্দ্ৰ গোস্বামী
জন্ম ১৮৪৯, ১ মাৰ্চ
নলবাৰী জিলা, উলুবাৰী সত্ৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অধ্যাপক, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, বিজ্ঞান লেখক
পিতৃ-মাতৃ অনন্তনাথ গোস্বামী, গিৰিবালা গোস্বামী
বঁটা, সন্মান, পুৰস্কাৰ আদি শিশু সাহিত্যৰ ৰাষ্ট্ৰীয় বঁটা
অসম সাহিত্য সভা বঁটা
বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ
অসম প্ৰকাশন পৰিষদৰ 'জীৱনজোৰা সাধনা বঁটা'

ড° দীনেশ চন্দ্ৰ গোস্বামী (ইংৰাজী: Dr Dinesh Chandra Goswami ) অসমৰ এগৰাকী ঔপন্যাসিক, নাট্যকাৰ আৰু ঘাইকৈ বিজ্ঞান আৰু কল্পবিজ্ঞান লেখক। সীমিত সংখ্যক লেখকৰ সীমিত ৰচনাৰে গঠিত অসমীয়া ভাষাৰ বিজ্ঞান আৰু কল্পবিজ্ঞান জগতত ড° দীনেশ চন্দ্ৰ গোস্বামী এক চিনাকি নাম। ড° গোস্বামী যোৰহাট আঞ্চলিক গৱেষণাগাৰ বিজ্ঞানী আৰু সঞ্চালকৰ উপদেষ্টা হিচাবে অৱসৰ লাভ [1]

শিক্ষা আৰু কৰ্ম জীৱন[সম্পাদনা কৰক]

দীনেশ চন্দ্ৰ গোস্বামীৰ পিতৃ চাকৰি সূত্ৰে বিভিন্ন ঠাইলৈ বদলি হ’বলগীয়া হৈছিল। সেয়েহে তেখেতে বিভিন্ন ঠাইত শিক্ষাগ্ৰহণ কৰিবলগীয়া হয়। গোস্বামীৰ শিক্ষা নলবাৰী জিলাৰ অন্তৰ্গত তেখেতৰ নিজৰ গাঁও উলুবাৰী সত্ৰৰ দাহুদি প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হয়। কিন্তু কেইদিনমান যোৱাৰ পাছতে দেউতাকৰ লগত থাকিবলগীয়া হোৱাত দক্ষিণ শালমৰালৈ যায়; তাৰ পিছত মঙ্গলদৈত পঢ়ে। তাতে প্ৰাথমিক শিক্ষা শেষ হ’ল। উচ্চ মাধ্যমিক শিক্ষা মঙ্গলদৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰঙিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত লাভ কৰে। তেখেতে গুৱাহাটীকটন মহাবিদ্যালয়ত বিজ্ঞান বিষয়ত প্ৰাক্ বিশ্ববিদ্যালয় আৰু স্নাতক মহলা (১৯৬৭) সমাপ্ত কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শিক্ষা (১৯৬৯) গ্ৰহণ কৰে। তাৰ পাছত কলিকতাৰ সাহা ইন্সটিটিউট অফ নিউক্লিয়াৰ ফিজিক্সত এবছৰীয়া স্নাতকোত্তৰ ডিপ্লোমা কৰি চাকৰিত যোগদান কৰে। চাকৰি কৰি থকা অৱস্থাতে ১৯৭৬ চনত তেখেতে ড০ কিশোৰী মোহন পাঠকৰ তত্বাৱধানত মহাজাগতিক ৰশ্মিৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট উপাধি লাভ কৰে আৰু ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত ফৰাচী ভাষাত পাৰদৰ্শিতাৰ ডিপ্লোমা পাঠ্যক্ৰম এটা কৰে। তেখেতে কৰ্মজীৱন আৰম্ভ কৰিছিল বি. বৰুৱা মহাবিদ্যালয়ত, তাত দুবছৰ চাকৰি কৰাৰ পাছত কটন মহাবিদ্যালয়ত চাৰি বছৰ চাকৰি কৰে। শিক্ষকতা বাদ দি তেখেতে প্ৰথমে দিল্লী আৰু শেষত যোৰহাটত আঞ্চলিক গৱেষণা কেন্দ্ৰৰ পৰা বিজ্ঞানী জি আৰু সঞ্চালকৰ উপদেষ্টা হিচাবে অৱসৰ লাভ কৰে ।[2] তেওঁ নতুন দিল্লীত চি এছ আইৰ মুখ্য কাৰ্যালয়ৰ বিজ্ঞানী হিচাপেও কাম কৰে৷ [3]

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

১৯৬৬ চনত অসম বাতৰিত সৌৰভ কুমাৰ চলিহাৰ প্ৰথম কল্পবিজ্ঞানৰ সম্পূৰ্ণ চৰিত্ৰ বহন কৰা আৱাজ নামৰ গল্পটি প্ৰকাশ হোৱাৰ পিছত[4] ১৯৭০ চনত দৈনিক অসমত কঁকাল নামৰ এটি গল্পৰ জৰিয়তে দীনেশ চন্দ্ৰ গোস্বামীয়ে কল্পবিজ্ঞান জগতত প্ৰৱেশ কৰে[5]। ব্যংগ ৰচনাৰ আৰ্হিৰ এই গল্পত ড° গোস্বামীয়ে কম্পেক্ট ৰেডিয়েটৰ নামৰ এবিধ যন্ত্ৰৰ আৱিষ্কাৰ বৰ্ণনা কৰিছে। আৰু আৱিষ্কাৰটোৰ অন্তৰ্নিহিত প্ৰণালীটোৰো ইংগিত দিছে,যিটোৰ ভিত্তি এটা সুবিদিত বৈজ্ঞানিক প্ৰক্ৰিয়া আৰু ই কোনো অলীক কল্পনা নহয়। তেখেতে নিজেই কৈছে যে এই কাহিনীবোৰ "প্ৰথমতে কাহিনী,তাৰ পাছতহে বিজ্ঞান....এই কাহিনীও মানুহ বা অন্য কোনো চৰিত্ৰৰ সাফল্য-সংঘাত,হৰ্ষ-বিষাদৰ কাহিনী মাত্ৰ বিজ্ঞানখিনি বা সম্ভাব্য বিজ্ঞানখিনি তাৰ উপজীব্য। তাক বাদ দি কাহিনী হ'ব নোৱাৰে"[5]। তেওঁ বিভিন্ন কল্পবিজ্ঞান কাহিনী,জনপ্ৰিয় বিজ্ঞান ৰচনা,প্ৰাপ্তবয়স্ক আৰু চেমনীয়া উভয়ৰে উপযোগী গল্প,নাটিকা,অনুবাদ, বিভিন্ন বিজ্ঞান স্তম্ভ,বিজ্ঞানীৰ জিৱনী আদি ৰচনা কৰি আহিছে। ইতিমধ্যে তেওঁৰ দ্বাৰা ৰচিত ৪০০ৰো অধিক অনাতাঁৰ কথিকা প্ৰচাৰিত হৈছে। তদুপৰি দুমহীয়া বিজ্ঞান আলোচনীৰ "দৃষ্টি"ৰো তেওঁ সম্পাদক। ড° গোস্বামীৰ ইতিমধ্যে ৫০খনতকৈও অধিক বিজ্ঞান বিষয়ক আৰু বিজ্ঞান ভিত্তিক পুথি প্ৰকাশিত হৈছে[5]অসমীয়া ভাষাত তেওঁৰ ছকুৰি মান গল্প আৰু সাতখন উপন্যাস সৃষ্টি কৰিছে। ইয়াৰ উপৰিও ড° গোস্বামীৰ সম্পাদনাত শৰাইঘাট প্ৰকাশনৰ পৰা "কালজয়ী সাহিত্য" শীৰ্ষক এলানি ইংৰাজী ভাষাৰ বিখ্যাত গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰা হৈছে। তেওঁ ২০১৬ চনত অসম প্ৰকাশন পৰিষদৰ 'জীৱনজোৰা সাধনা বঁটা' লাভ কৰে ।

সাহিত্য সম্ভাৰ[সম্পাদনা কৰক]

উপন্যাস[সম্পাদনা কৰক]

  • জোনাকীৰ জিলিকনি ( চন্দ্ৰ প্ৰকাশ, ১৯৯২)
  • শব্দ, নিৰন্তৰ শব্দ (লয়াৰ্ছ বুক ষ্টল, ১৯৯২)
  • উষ্ম প্ৰৱাহ (পূৰ্বাঢ্চল প্ৰকাশ, ১৯৯৩)
  • অতি-বিশিষ্ট সমাজ (ষ্টুডেন্টছ ষ্টৰচ, ২০০৪)
  • আত্মজীৱনীৰ প্ৰয়াস (লয়াৰ্ছ বুক ষ্টল,২০০৭)
  • দিব্য উপবন (কিৰণ প্ৰকাশন, ২০০৯)
  • আত্মজীৱনীৰ দ্বিতীয় প্ৰয়াস (লয়াৰ্ছ বুক ষ্টল,২০১৪)

গল্প[সম্পাদনা কৰক]

  • ভদ্ৰতামাপক যন্ত্ৰ (চাৰু প্ৰকাশ, ১৯৮৫)
  • পোৰ্টেবল স্মেল এবজৰ্বাৰ (অনন্ত প্ৰকাশ,১৯৮৬)
  • এক তৰংগৰ দৰে (চাৰু প্ৰকাশ, ১৯৯৫)
  • অভিন্ন হৃদয় (বাণী মন্দিৰ,২০০৪)
  • কল্পজগত (ষ্টুডেন্টছ ষ্ট’ৰ্ছ, ২০০৪)
  • দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প (এন.বি.টি. ২০০৫)
  • অন্তৰ্ৱাহী (জ্যোতি প্ৰকাশন,২০১১)
  • দীনেশ চন্দ্ৰ গোস্বামী সাহিত্য সমগ্ৰ খণ্ড-১ (গল্প সমগ্ৰ, ভৱানী বুকছ, ২০১৪)
  • নতুন শতিকাৰ কল্প বাস্তৱ (অসম বুক ট্ৰাষ্ট, ২০১৬)

অনুবাদ গ্ৰন্থ[সম্পাদনা কৰক]

  • পৰমাণুৰ কথা (নেছনেল বুক ট্ৰাষ্ট, ১৯৭৪)
  • দানাপানী (নেছনেল বুক ট্ৰাষ্ট, ১৯৭৯)
  • শিক্ষকৰ হাতপুথি ১ম খণ্ড (এন.ছি, আৰ.টি, ১৯৭৪)
  • শিক্ষকৰ হাতপুথি ২য় খণ্ড (এন.ছি, আৰ.টি, ১৯৭৪)
  • সাগৰৰ তলিয়েদি কুৰি হাজাৰ লিগ (অসম প্ৰকাশন পৰিষদ, ১৯৮২)
  • ছি.ভি.ৰামণ (নেছনেল বুক ট্ৰাষ্ট, ১৯৮৪)
  • মহাজাগতিক উপহাৰ (নেছনেল বুক ট্ৰাষ্ট, ১৯৮৫)
  • গৰুগাড়ীৰ পৰা উপগ্ৰহলৈ (নেছনেল বুক ট্ৰাষ্ট, ১৯৮৫)
  • পানী (নেছনেল বুক ট্ৰাষ্ট, ১৯৮৮)
  • টেলিভিছন (অসম শিশু সাহিত্য ন্যাস, ১৯৮৯)
  • টেলিভিছন (অসম শিশু সাহিত্য ন্যাস, ১৯৯২)
  • কাইলৈ এনে ঘটিছিল (নেছনেল বুক ট্ৰাষ্ট, ১৯৯৬)
  • ২০০১—এখন মহাকাশ অ’ডিছি (লয়াৰ্ছ বুক ষ্টল, ১৯৯৬)
  • মহাকাশচাৰী (শৰাইঘাট প্ৰকাশন, ১৯৯৯)
  • পৃথিৱীৰ কেন্দ্ৰলৈ অভিযান (শৰাইঘাট প্ৰকাশন, ২০০০)
  • কেপ্টেইন গ্ৰেন্টৰ সন্তান (শৰাইঘাট প্ৰকাশন, ২০০৫)
  • শ্বাৰলক হ'মছৰ ৰহস্য কাহিনী (৩) (যোগেশ দাস আৰু সোনেশ্বৰ শৰ্মাৰ সৈতে) (শৰাইঘাট প্ৰকাশন, ২০০৪)
  • নোমৰ দেশ (শৰাইঘাট প্ৰকাশন, ২০১২)
  • দেৱদূত চয়তান আৰু বিজ্ঞান (এন.বি.টি. ২০১২)
  • ২০০১-এখন মহাকাশ অ'ডিছি(প্ৰান্তিকত ধাৰাবাহিকভাৱে প্ৰকাশিত)

ভাষা, সাহিত্য বিষয়ক গ্ৰন্থ[সম্পাদনা কৰক]


মতামত[সম্পাদনা কৰক]

সৌৰভ কুমাৰ চলিহাৰ মতে দীনেশ চন্দ্ৰ গোস্বামীৰ লিখনিয়ে জনপ্ৰিয়তা লাভ কৰাৰ কাৰণ কেইবাটাও আছে। প্ৰথমতে,গল্পবোৰত যৌনতা বা ছেক্সৰ প্ৰাচূৰ্য্য, দ্বিতীয়তে,গল্পসমূহত হাস্যৰসৰ ফল্গুপ্ৰৱাহ, তৃতীয়তে,লিখনিত প্ৰয়োগ কৰা কিছুমান সুতীক্ষ্ন মনস্তাত্ত্বিক আলোকপাত, চতুৰ্থতে,গল্পবোৰত বৈজ্ঞানিক শব্দাৱলীৰ পয়োভৰ, পঞ্চমতে,গল্পবোৰৰ বিস্ময়কৰ বিষয় বৈচিত্ৰ্য।[6] সাদিনে লিখিছে "বিজ্ঞানৰ প্ৰামাণ্য সত্য এটাক প্ৰাণৱন্ত কাহিনীৰে জগাই তোলাৰ বিৰল দক্ষতা গোস্বামীয়ে প্ৰদৰ্শন কৰি আহিছে। বিজ্ঞান সংবাদকো তেওঁ একে আধাৰতে জীৱন সংবাদ আৰু মানৱ সংবাদ কৰিছে। তেওঁৰ ৰচনা ব্যতিক্ৰম।" উত্‍পল দত্তই কৈছে "তেওঁৰ আটাইবোৰ কাহিনীৰ কেন্দ্ৰবিন্দুত বিজ্ঞান থাকিলেও মানৱ মনৰ অনুভূতিৰ জগতখনৰ বিভিন্ন স্তৰৰ ছবিও সূক্ষভাৱেই অংকিত হৈছে। মানুহ আৰু বিজ্ঞান দুয়োটাৰে সাৰ্থক উপস্থিতিয়ে তেওঁৰ কাহিনীবোৰক মগজু আৰু হৃদয় দুয়োটাৰে ওচৰ কৰি তুলিছে"[7]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অনুবাদ-দীনেশ চন্দ্ৰ গোস্বামী (১৯৯৯). মহাকাশচাৰী. 
  2. http://www.xahitya.org/2014/02/15/বিশিষ্ট-কল্পবিজ্ঞান-লেখক/
  3. name="skc"> পৃষ্ঠা=237,অসমীয়া বিজ্ঞান সাহিত্য. নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন. ISBN 978-81-925881-0-0. 
  4. পৃষ্ঠা-viii,দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প. নেশ্যনেল বুক ট্ৰাষ্ট,ইণ্ডিয়া. ISBN 978-81-237-4382-0. 
  5. 5.0 5.1 5.2 [[আগকথা |সৌৰভ কুমাৰ চলিহা]]. পৃষ্ঠা-ix,দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প. নেশ্যনেল বুক ট্ৰাষ্ট,ইণ্ডিয়া. ISBN 978-81-237-4382-0. 
  6. [[আগকথা |সৌৰভ কুমাৰ চলিহা]]. পৃষ্ঠা xii-xiii,দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প. নেশ্যনেল বুক ট্ৰাষ্ট,ইণ্ডিয়া. ISBN 978-81-237-4382-0. 
  7. [[আগকথা |সৌৰভ কুমাৰ চলিহা]]. পৃষ্ঠা-xi,দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প. নেশ্যনেল বুক ট্ৰাষ্ট,ইণ্ডিয়া. ISBN 978-81-237-4382-0. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

ড° দীনেশ চন্দ্ৰ গোস্বামীৰ সৈতে এটি সাক্ষাৎকাৰ।