সমললৈ যাওক

দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প  

দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্পৰ বেটুপাত
লেখক দীনেশ চন্দ্ৰ গোস্বামী
শিৰোনাম দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ কল্পবিজ্ঞান
প্ৰকাশক নেশ্যনেল বুক ট্ৰাষ্ট,ইণ্ডিয়া
প্ৰকাশ ২০০
মিডিয়া প্ৰকাৰ মুদ্ৰণ ( কেঁচাবন্ধা)
পৃষ্ঠা সংখ্যা ২০০
আই.এচ.বি.এন. 978-81-237-4382-0

দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প হ'ল দীনেশ চন্দ্ৰ গোস্বামী বিৰচিত অসমীয়া কল্পবিজ্ঞান গল্পৰ এক সংকলন। এই সংকলনখনিত জনপ্ৰিয় বিজ্ঞানৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত লেখকগৰাকীৰ[1] কুৰিটা কল্পবিজ্ঞান গল্প অন্তৰ্ভুক্ত কৰা হৈছে। অসমৰ বিভিন্ন কাকত আলোচনীত প্ৰকাশিত গল্পসমূহৰ এই সংকলনটিৰ প্ৰকাশক হ'ল "নেশ্যনেল বুক ট্ৰাষ্ট,ইণ্ডিয়া"।

লেখকৰ পৰিচয়

[সম্পাদনা কৰক]

দীনেশ চন্দ্ৰ গোস্বামীয়ে কঁকাল (দৈনিক অসম,১৯৭০) নামৰ এটি গল্পেৰে অসমীয়া কল্পবিজ্ঞান জগতত প্ৰৱেশ কৰে।[2] তাৰ পিছৰে পৰা তেওঁ বিভিন্ন কল্পবিজ্ঞান কাহিনী,জনপ্ৰিয় বিজ্ঞান ৰচনা,প্ৰাপ্তবয়স্ক আৰু চেমনীয়া উভয়ৰে উপযোগী গল্প,নাটিকা,অনুবাদ, বিভিন্ন বিজ্ঞান স্তম্ভ,বিজ্ঞানীৰ জিৱনী আদি ৰচনা কৰি আহিছে। ইতিমধ্যে তেওঁৰ দ্বাৰা ৰচিত ৪০০ৰো অধিক অনাতাঁৰ কথিকা প্ৰচাৰিত হৈছে।[2] তদুপৰি দুমহীয়া বিজ্ঞান আলোচনীৰ "দৃষ্টি"ৰো তেওঁ সম্পাদক। ড০ গোস্বামীৰ ইতিমধ্যে ৫০খনতকৈও অধিক বিজ্ঞান বিষয়ক আৰু বিজ্ঞান ভিত্তিক পুথি প্ৰকাশিত হৈছে। তেওঁ তিনিবাৰ অসম সাহিত্য সভা বঁটা[2] আৰু এবাৰ(১৯৮০ চনত) "মানুহ আৰু মহাকাশ" পুথিৰ বাবে "শিশু সাহিত্যৰ ৰাষ্ট্ৰীয় বঁটা" লাভ কৰে।[2] ১৯৯৭ চনত তেওঁ বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে।[1] অসমীয়া ভাষাত তেওঁৰ চাৰিকুৰিতকৈও অধিক কল্পবিজ্ঞান গল্প আৰু চাৰিখন কল্পবিজ্ঞান উপন্যাস সৃষ্টি কৰিছে । ৃটি আলোচনিৰ সম্পাদক আছিল

গল্পসমূহ

[সম্পাদনা কৰক]
ক্ৰম গল্পৰ নাম পূৰ্বতে প্ৰকাশ পোৱা আলোচনী
অভিন্ন হৃদয়বিজ্ঞান জেউতি,জুন জুলাই,১৯৯৭
পৰিব্ৰাজকবিজ্ঞান প্ৰৱাহ,১৯৭৪
অৰ্ধ সাহায্যআজিৰ অসম,শাৰদীয় পৰিপূৰিকা১৯৯৪
ভদ্ৰতামাপক যন্ত্ৰসুন্দৰম,ৰঙালী বিহু সংখ্যা,১৯৭৭
নিস্পৃহকটনিয়ান,১৯৭৪
গৱেষণাঅপৰূপ পূজা বিশেষ সংখ্যা,১৯৮০
বেডৰুম এনাৰ্জিঅসম বাণী,বিহু সংখ্যা,১৯৮৫
বাৰ্নাডৰ তৃতীয় গ্ৰহতআকাশী,১-১৫ নৱেম্বৰ,১৯৮৪
আলফা স্পন্দনপ্ৰান্তিক,১-১৫ জুন ১৯৮৪
১০অকালপক্কসাদিন,বসন্ত সম্ভাৰ,১৯৯৮
১১এক তৰংগৰ দৰেআমাৰ প্ৰতিনিধি,পূজা সংখ্যা,১৯৭৯
১২প্ৰাকৃতিক-অতিপ্ৰাকৃতিকঅসমীয়া প্ৰতিদিন,পূজা সংখ্যা,১৯৯৮
১৩আলস্যআজিৰ অসম,শাৰদীয় সংখ্যা,ছেপ্টেম্বৰ,১৯৯০
১৪আলোকসংবেদীৰংপুৰ,ৰঙালী বিহু বিশেষ সংখ্যা,১৯৯৩
১৫সংক্ৰমণশিলাজুৰিৰ শিলাজতু,অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনৰ প্ৰকাশন,১৯৯৪
১৬জৈৱিকদৈনিক জনমভূমি,পূজা সংখ্যা,১৯৯৮
১৭শেষ প্ৰস্তুতিবিস্ময়,আগষ্ট,১৯৮৭
১৮দা হেয়াৰ টাইমাৰবিস্ময়,শাৰদীয় সংখ্যা, ছেপ্টেম্বৰ,১৯৮৮
১৯পোৰ্টেবল স্মেল এবজৰ্বাৰঅসম বিজ্ঞান সমিতিৰ বৰপেটা অধিৱেশনৰ স্মৃতিগ্ৰন্থ,১৯৭৪
২০যুগসন্ধিদৈনিক অসম পূজা সংখ্যা,১৯৭২

সৌৰভ কুমাৰ চলিহাৰ মতে গোস্বামীৰ গল্প সমূহৰ জনপ্ৰিয়তাৰ কাৰণ সমূহ হ'ল- গল্পবোৰত যৌনতা বা ছেক্সৰ প্ৰাচূৰ্য্য,গল্পসমূহত হাস্যৰসৰ ফল্গুপ্ৰৱাহ,লিখনিত প্ৰয়োগ কৰা কিছুমান সুতীক্ষ্ম মনস্তাত্ত্বিক আলোকপাত,গল্পবোৰত বৈজ্ঞানিক শব্দাৱলীৰ পয়োভৰ,গল্পবোৰৰ বিস্ময়কৰ বিষয় বৈচিত্ৰ্য আদি। যদিও দুটামান গল্পত একেটা বিষয়ৰে পুনৰাবৃত্তি ঘটা যেন লগা বুলিও তেওঁ কৈছে।[3] এই গল্পসমূহত মানৱীয় প্ৰমূল্য আৰু মানৱীয় আবেগে ৰসসিক্ত কৰা একোখন কল্পজগতৰ চিত্ৰ ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে। বিজ্ঞান কাহিনীসমূহৰ কেন্দ্ৰবিন্দু ঠিকেই কিন্তু সেইবোৰ কাহিনীৰ চৰিত্ৰই বিজ্ঞান প্ৰযুক্তিৰ প্ৰত্যাহ্বানতো মানৱ অনুভুতিক বিষৰ্জন দিয়া নাই।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 সৌৰভ কুমাৰ চলিহা. আগকথা,দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প,পৃষ্ঠা xi.
  2. 1 2 3 4 সৌৰভ কুমাৰ চলিহা. আগকথা,দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প,পৃষ্ঠা ix.
  3. সৌৰভ কুমাৰ চলিহা. আগকথা,দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প,পৃষ্ঠা xiii.
  4. বেটুপাতৰ চতুৰ্থ পৃষ্ঠা,দীনেশ চন্দ্ৰ গোস্বামীৰ স্বনিৰ্বাচিত গল্প.