সমললৈ যাওক

জুবলী বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুবলী বৰুৱা
জন্ম অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা গায়িকা, অভিনেত্ৰী

জুবলী বৰুৱা (ইংৰাজী: Zublee Baruah) এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী বিখ্যাত গায়িকা, গীতিকাৰ আৰু সুৰকাৰ। তেখেতে বৰ্তমানলৈ বহুকেইটা জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। গান গোৱাৰ উপৰিও তেখেতে অসমীয়া ভাষাচলচ্চিত্ৰ আৰু ছুটি ছবি আৰু ধাৰাবাহিকটো অভিনয় কৰি আহিছে৷ "জন্ম" তেখেতৰ একক কণ্ঠৰ এক এলবাম৷

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

জুবলী বৰুৱা ৰ জন্ম গুৱাহাটীত হয়। তেখেতৰ দেউতাকৰ নাম নৱ কুমাৰ বৰুৱা আৰু মাতৃৰ নাম মাধুৰীমা বৰুৱা।

জুবলীয়ে প্ৰাথমিক আৰু প্ৰৱেশিকা শিক্ষা "হোলী চাইল্ড স্কুল, গুৱাহাটী" ৰ পৰা লাভ কৰে।

ইয়াৰ পিছত উচ্চতৰ মাধ্যমিক আৰু স্নাতক শিক্ষা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা লাভ কৰে। তেখেতে ইংৰাজী বিষয়ত স্নাতক লাভ কৰে।

পৰৱৰ্তী পৰ্যায়ত জুৱলীয়ে গুৱাহাটী ৰ চান্দমাৰী স্থিত "জগন্নাথ আইন মহাবিদ্যালয়(JB Law College)"ৰ পৰাও আইনৰ স্নাতক (LLB) লাভ কৰে।[1]

কণ্ঠদান

[সম্পাদনা কৰক]

চলচ্চিত্ৰ সংগীত

[সম্পাদনা কৰক]
গানচলচ্চিত্ৰবৰ্ষসংগীত পৰিচালকভাষা
"শীতল শীতল"জেতুকা পাতৰ দৰে২০১১পলাশ গগৈঅসমীয়া
"তুমি দিয়া"ৰামধেনু২০১১যতীন শৰ্মাঅসমীয়া
"তুমি ৰ'দালি"গানে কি আনে২০১৫জুবিন গাৰ্গঅসমীয়া
"দিন জ্বলে ৰাতি জ্বলে"মিছন চাইনা২০১৭জুবিন গাৰ্গঅসমীয়া
"ধূলিকণা"কাঞ্চনজংঘা২০১৯জুবিন গাৰ্গঅসমীয়া
  • জন্ম
  • গান
  • নাহৰ
  • মায়া মাথো মায়া
  • মাটি ১
  • মাটি ২
  • তাণ্ডৱ

অসমীয়া চলচ্চিত্ৰ

[সম্পাদনা কৰক]

টিভি ধাৰাবাহিক

[সম্পাদনা কৰক]

পুৰস্কাৰ

[সম্পাদনা কৰক]
  1. ড॰ ভূপেন হাজৰিকা বঁটা, শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পী ২০১২
  2. "অসমৰ শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পী", ১৯৯৭ (ইউনেস্কৰ দ্বাৰা)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Zublee Baruah". biographyinsider.com. Archived from the original on April 30, 2021. https://web.archive.org/web/20210430195453/https://biographyinsider.com/zublee-baruah/ আহৰণ কৰা হৈছে: May 01, 2021.
  2. "আৰ্কাইভ কপি". Archived from the original on 2013-01-14. https://web.archive.org/web/20130114080932/http://www.zublee.com/bio.html আহৰণ কৰা হৈছে: 2013-01-24.