সমললৈ যাওক

পুলক গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পুলক গগৈ

মমতাজ ছবিৰ বাবে ভিভেল প্ৰথম ফিল্মফেয়াৰ পূব বঁটা গ্ৰহণ কৰা অৱস্থাত
জন্ম ১৯৩৮
অসম
মৃত্যু ১২ নৱেম্বৰ ২০২২
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা কাৰ্টুনিষ্ট, চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক[1]
পিতৃ-মাতৃ সোণেশ্বৰ গগৈ
গুণমালা গগৈ
সন্তান অমিতাভ গগৈ, গীতিমা
বঁটা, সন্মান, পুৰস্কাৰ আদি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

পুলক গগৈ (ইংৰাজী: Pulak Gogoi; ১৯৩৮-২০২২) অসমৰ এগৰাকী চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক তথা প্ৰযোজক। আমেৰিকাৰ ৱাশ্বিংটনত তেখেতৰ চিত্ৰশিল্পৰ প্ৰদৰ্শনী হৈছিল।[1] ছবি বিক্ৰী কৰা পইচাৰে ড॰ ভূপেন হাজৰিকাৰ পৰামৰ্শক্ৰমে তেওঁ চলচ্চিত্ৰ নিৰ্মাণলৈ মন মেলে আৰু ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত খোজ নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি গগৈয়ে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। তেওঁৰ পৰিচালনাত মুক্তি পোৱা ৰেলৰ আলিৰ দূবৰি বন নামৰ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল[2]। তেওঁ মুঠতে ৯খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। ইয়াৰ ভিতৰত খোজ, শ্ৰীমতী মহিমাময়ী, সেন্দূৰ, সূৰুজ, মমতাজ আদি চিনেমা উল্লেখযোগ্য।[1] চলচ্চিত্ৰত জড়িত হোৱাৰ আগতে তেওঁ কাৰ্টুনিষ্টৰ কাম কৰিছিল[3]। ২০২২-ৰ ১২ নবেম্বৰত বাৰ্দ্ধক্যজনিত ৰোগত তেওঁৰ মৃত্যু হয়।[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

এজন চিত্ৰশিল্পী হিচাপে গগৈৰ কৰ্মজীৱন আৰম্ভ হৈছিল। তেওঁ মুম্বাইৰ বান্দ্ৰা স্কুল অৱ আৰ্টচ আৰু বষ্টন মিউজিয়াম অৱ ফাইন আৰ্টছত আনুষ্ঠানিকভাৱে ছবি অঁকা শিকিছিল। তেওঁ পেন্‌ছিলভানিয়া একাডেমী অব্‌ ফাইন আৰ্টছলৈও গৈছিল।[1] মুম্বাইৰ জাহাঙ্গীৰ আৰ্ট গেলাৰী, ৱাশ্বিংটন আদি কৰি বিভিন্ন ঠাইত তেওঁৰ চিত্ৰ প্ৰদৰ্শনী হৈছিল।[5][6]

আছাম ট্ৰিবিউনত তেওঁ কাৰ্টুনিষ্টৰ চাকৰি কৰিছিল। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যনৱযুগ আলোচনী উলিওৱাত তালৈ গুছি আহিল। ১৯৬৬ চনত নৱযুগ বন্ধ হৈ যোৱাত কলিকতালৈ যায় আৰু পত্নীৰ সোণৰ গহনা বন্ধক থৈ কাৰ্টুনৰ এখন আলোচনী উলিয়ায়। তেতিয়া তেওঁ যথেষ্ট আৰ্থিক অনাটনৰ মাজত কটাবলগীয়া হৈছিল। ভূপেন হাজৰিকাই কথাটো গম পাই কিছু আৰ্থিক সকাহ দিবলৈ ৰাজশ্ৰী প্ৰডাকচনৰ তকদীৰৰ পৰা অসমীয়ালৈ ডাবিং কৰি থকা ভাগ্য নামৰ চিনেমাখনৰ কামত সহায় কৰি দিবলৈ কৈছিল।[5][6]

১৯৭১-৭২ চন মানত গগৈয়ে আমেৰিকাৰ ৱাশ্বিংটনৰ এখন চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ গৈছিল। তাত চল্লিশখনমান ছবি বিক্ৰি হোৱাত ভালেমান ধন গোট খালে। এয়াৰ ইণ্ডিয়াৰ বিমানত ঘূৰি আহোঁতে ফ্ৰেংকফুৰ্টত তেওঁৰ চুটকেছটো থাকি আহিল। সেয়েহে বিমান কৰ্তৃপক্ষই চুটকেছটো ঘূৰি নহালৈকে পাঁচদিন মুম্বাইৰ হোটেলত থকাৰ ব্যৱস্থা কৰি দিলে। পিছে হোটেলত থাকি আমনি পোৱাত তেতিয়া বলীউডৰ চলচ্চিত্ৰত কাম কৰি থকা বিজয় চৌধুৰী আৰু পীযুষ কান্তি ৰায়ৰ ওচৰলৈ তেওঁ গুচি গ'ল। তালৈ ভূপেন হাজৰিকাও আহিল। তাতেই সকলোৱে তেওঁক চিনেমা এখন কৰিবলৈ প্ৰস্তাৱ দিলে। ছবি বিক্ৰী কৰি পোৱা যথেষ্ট ধন হাতত আছেই। ভূপেন হাজৰিকাই ছবিৰ সঙ্গীত কৰি দিম বুলি গাত ল’লে। তেনেকৈ গগৈয়ে খোজ নিৰ্মাণ কৰি চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিলে। ছবিখন অৱশ্যে ফ্লপ হৈছিল।[5][6]

তেওঁ মুঠ নখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি নিৰ্মাণ কৰিছে। ইয়াৰে ছখনৰ প্ৰযোজনা নিজৰ। তেওঁৰ দ্বিতীয় ছবি শ্ৰীমতী মহিমাময়ীয়ে লাভৰ মুখ দেখুৱাইছিল। সেন্দূৰ আৰু সূৰুয চুপাৰহিট ছবি আছিল। ৰেলৰ আলিৰ দূবৰি বনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় বঁটা পাইছিল। কিন্তু ছবিখন চিনেমাগৃহত মুক্তি দিয়া নহ’ল। অৱশ্যে বঁটা-বাহন, দূৰদৰ্শনৰ প্ৰদৰ্শন আদিৰ যোগে ছবিখনে প্ৰযোজকক প্ৰায় পাঁচলাখ টকাৰ লাভ দিছিল।[5][6]

পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ উপৰিও গগৈয়ে বহুকেইখন চুটিছবি আৰু টেলিফিল্ম নিৰ্মাণ কৰিছিল।[5]

পৰিচালিত চলচ্চিত্ৰ

[সম্পাদনা কৰক]

পুলক গগৈয়ে মুঠতে ৯খন ছবি পৰিচালনা কৰিছিল[2]

ক্ৰমিক
নং
ছবিৰ নামবৰ্ষ
খোজ১৯৭৫
শ্ৰীমতী মহিমাময়ী১৯৭৯
সাদৰী১৯৮২
সেন্দুুৰ১৯৮৪
সূৰুজ১৯৮৫
ৰেলৰ আলিৰ দূবৰি বন১৯৯২
মৰম নদীৰ গাভৰু ঘাট১৯৯৯
পত্নী২০০৩
মমতাজ২০১৩

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 ভট্টাচাৰ্য, অতনু (২০১৯). বাৰ্তালাপ ১. আঁক-বাক. পৃষ্ঠা. ১১-২৪. ISBN ৯৩-৮২৭২৬-৯০-২.
  2. 1 2 "Film Directors". enajori.com. 2013-01-22. Archived from the original on 2015-09-12. https://web.archive.org/web/20150912143940/http://enajori.com/film-directors/ আহৰণ কৰা হৈছে: 2013-01-30.
  3. "Pulak Gogoi". nthwall.com. Archived from the original on October 8, 2013. https://web.archive.org/web/20131008232453/http://www.nthwall.com/as/5678900169 আহৰণ কৰা হৈছে: February 14, 2013.
  4. 1 2 "Eminent Artist-Filmmaker Pulak Gogoi No More". Pratidin Time Online Edition. 12 November 2022. https://www.pratidintime.com/latest-assam-news-breaking-news-assam/pulak-gogoi-dead আহৰণ কৰা হৈছে: 12 November 2022.
  5. 1 2 3 4 5 অতনু ভট্টাচাৰ্য (ফেব্ৰুৱাৰী ২০১৮). "মোৰ ইচ্ছামৃত্যু হ'ব যেন লাগে". সাতসৰী.
  6. 1 2 3 4 চন্দন কুমাৰ. "পুলক গগৈৰ সৈতে মুক্তচিন্তাৰ সাক্ষাৎকাৰ". http://muktosinta.org/. http://muktosinta.org/pulakgogoi/ আহৰণ কৰা হৈছে: 23 July 2020.
  7. "40th National Film Festival, PDF Page 58, 156". https://www.dff.nic.in/images/Documents/77_40thNfacatalogue.pdf.
  8. "The winners of Vivel Filmfare Awards East.". Filmfare. 31 March 2014. http://www.filmfare.com/news/winners-of-vivel-filmfare-awards-east-5742.html আহৰণ কৰা হৈছে: 12 April 2014.