সমললৈ যাওক

ব্ৰজেন বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ব্ৰজেন বৰুৱা
জন্ম ২৭ ফেব্ৰুৱাৰী, ১৯২৫
গুৱাহাটী, অসম
মৃত্যু ২৮ জুন, ১৯৭২ (৪৭ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, অভিনেতা, কণ্ঠশিল্পী, গীতিকাৰ, চিত্ৰনাট্যকাৰ
সন্তান মনজ্যোতি বৰুৱা (পুত্ৰ)
মনানী বেজবৰুৱা (কন্যা)

ব্ৰজেন বৰুৱা (ইংৰাজী: Brajen Baruah, চমুকৈ ব্ৰজ; ২৭ ফেব্ৰুৱাৰী, ১৯২৫ – ২৮ জুন, ১৯৭২)[1] অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰোধা ব্যক্তি আছিল। তেখেত আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ। তদুপৰি তেখেতে গুৱাহাটীৰ বিভিন্ন মঞ্চত অৰ্কেষ্ট্ৰা পৰিচালনা কৰাৰ উপৰিও মঞ্চ আৰু অনাতাঁৰ কেন্দ্ৰত গীতো গাইছিল। তেখেত মুঠ ৫খন চলচ্চিত্ৰৰ পৰিচালক আৰু ৮খন চলচ্চিত্ৰৰ সঙ্গীত পৰিচালক আছিল। আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰা তেখেতৰ ডক্তৰ বেজবৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক মাইলৰ খুঁটিস্বৰূপ।[2][3][4]

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

কামৰূপ জিলাৰ বিহদিয়া গাঁৱৰ চন্দ্ৰনাথ বৰুৱা গড়কাপ্তানি বিভাগৰ চাব ডিভিজনেল অফিচাৰ আছিল। তেখেতে একে জিলাৰ কৰৰা গাঁৱৰ জোনপ্ৰভা বৰুৱাক বিয়া কৰাইছিল। চাকৰি সংক্ৰান্তত বিভিন্ন ঠাইত ঘূৰি পকি অৱশেষত গুৱাহাটীৰ লতাশিলত নিজাকৈ এটা ঘৰ নিৰ্মাণ কৰে। এই ঘৰটিতে চন্দ্ৰনাথ বৰুৱাৰ ঔৰষত আৰু জোনপ্ৰভাৰ গৰ্ভত ১৯২৫ চনৰ ২৭ ফেব্ৰুৱাৰীত ব্ৰজেন বৰুৱাৰ জন্ম হৈছিল। বৰুৱা দম্পতীয়ে নজন পুত্ৰ সন্তান আৰু চাৰিজনী কন্যা সন্তান জন্ম দিছিল। পুত্ৰ সন্তান কেইজন আছিল ক্ৰমে দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, দ্বিবন বৰুৱা, গিৰীণ বৰুৱা, ৰমেন বৰুৱা, নিৰেণ বৰুৱা আৰু দ্বিপেন বৰুৱা। কন্যা সন্তানকেইজনীৰ নাম আছিল পদ্মাৱতী দাস, ৰম্ভাৱতী বৰুৱা, প্ৰতিভা দাস আৰু বিভা নবীস। এই আটাইকেইজন ভাই-ভনীয়ে পিছলৈ কম-বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল[5][2]

অসমীয়া চলচ্চিত্ৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা এই বৰুৱা পৰিয়ালত এক সাংস্কৃতিক পৰিবেশ বিৰাজ কৰিছিল। সন্ধিয়া আটাইকেইজন ভাই-ভনী চৰাঘৰৰ মজিয়াত বহে, যেন সঙ্গীতৰহে আসৰ। ঘৰখনত এটা পুৰণি হাৰমনিয়াম আছিল। সকলোৱে হাৰমনিয়ামত স্বৰ টানিবলৈ চেষ্টা কৰে। নিপ বৰুৱাই বাঁহী, দ্বিবন বৰুৱাই তবলা বজায়; ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাই গীত গায়। এটা শুৱলা কণ্ঠস্বৰৰ গৰাকী ব্ৰজেন বৰুৱাৰ মাতৃয়ে ভাত ৰান্ধোঁতে, বাচন ধোওঁতে, চোতাল সাৰোঁতে, তাঁত বওঁতে অনবৰত কিবা এটা গীত গুণগুণাই থাকে। পিছলৈ বৰুৱাই মাতৃৰ মুখত শুনা "ও প্ৰাণগোপাল পাতিলা মায়াৰে খেলা" শীৰ্ষত লোকগীতটো মুকুতা ছবিখনত অন্তৰ্ভুক্ত কৰে।[5]

শিক্ষা আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

ঐক্যতান বাদন বা অৰ্কেষ্ট্ৰা লক্ষীৰাম বৰুৱায়ো ৰচনা আৰু পৰিচালনা কৰিছিল বুলি উল্লেখ পাইছো। ...জ্যোতিপ্ৰসাদ আগৰৱালাই হেনো তেজপুৰৰ বান ষ্টেজত নাট অভিনয় উপলক্ষে কিছুমান মনোৰম অৰ্কেষ্ট্ৰা সৃষ্টি কৰিছিল। ... মই জনাত অসমত সৰ্বপ্ৰথম একোটা বিষয়-বস্তু আশ্ৰিত (thematic) ঐক্যন বাদন বা অৰ্কেষ্ট্ৰাৰ ৰচনা আৰু প্ৰচলন কৰে ব্ৰজেন বৰুৱাই। ব্ৰজেন বৰুৱাই তেওঁৰ অৰ্কেষ্ট্ৰাবোৰত প্ৰায়ে পশ্চিমীয়া 'হাৰ্মনি'ৰ প্ৰয়োগ কৰিছিল। মই নিজে তেওঁ ৰচনা আৰু পৰিচালনা কৰা এনে ধৰণৰ তিনিটা অৰ্কেষ্ট্ৰা শুনিছিলো। তাৰে দুটাৰ নাম আছিল 'যুদ্ধ আৰু শান্তি' (War and Peace বুলি ইংৰাজী নাম দিছিল) আৰু 'এটা শিশুৰ জন্ম'।

ব্ৰজেন বৰুৱাই গুৱাহাটীত স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ চিটি কলেজত নাম লগায়। কিন্তু ১৯৪৬ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত উভতি আহি কটন কলেজত বি.এচ.চি. পৰ্যন্ত পঢ়ে যদিও উপাধি ল'ব নোৱাৰিলে। তেওঁ জনস্বাস্থ্য বিভাগৰ চাকৰিয়াল হিচাপে শ্বিলঙত আৰু পিছত চৰকাৰৰ ধান সংগ্ৰহকাৰী বিষয়া হিচাপে জামুগুৰিহাটত কিছুকাল চাকৰি কৰিছিল। কিন্তু সোনকালেই চাকৰি এৰি সংস্কৃতিৰ সাধনাত লাগে।

নিচেই কম বয়সৰেপৰা তেখেতে গীতত সুৰ দিবলৈ লয়। ছাত্ৰাৱস্থাতে অজিৎ বৰুৱা, কেশৱ মহন্ত আদিৰ গীতত সুৰাৰোপ কৰিছিল। ১৯৪৪ চনত কলিকতাত বহা নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনত সংগীত পৰিচালকৰূপে যোগ দিছিল। গুৱাহাটীৰ বিভিন্ন মঞ্চত গীত পৰিবেশন কৰিবলৈ লোৱা বৰুৱা অসমত অৰ্কেষ্ট্ৰাৰ অন্যতম প্ৰৱৰ্তক। 'ছয় ঋতু', 'যুদ্ধ আৰু শান্তি', 'এটি শিশুৰ জন্ম' আদি তেওঁৰ এই সম্পৰ্কীয় উল্লেখযোগ্য সৃষ্টি। ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ মুকলি কৰা হয়। প্ৰথমে অনাতাঁৰ কেন্দ্ৰৰ কাৰ্যালয় আৰু ষ্টুডিঅ' আছিল লতাশিলত, বৰুৱা পৰিয়ালৰ নিচেই ওচৰত। ব্ৰজেন বৰুৱাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত এজন সুৰকাৰ আৰু কণ্ঠশিল্পী ৰূপে পদাৰ্পন কৰে। পঞ্চাছৰ দশকৰ আৰম্ভণিৰ পৰা বৰুৱাই ৰেডিঅ'ৰ সীমাবদ্ধ পৰিসৰৰ পৰা ওলাই চলচ্চিত্ৰৰ সঙ্গীত ৰচনা আৰু পৰিচালনাত মনোনিবেশ কৰে।[6]

চলচ্চিত্ৰ জগতত

[সম্পাদনা কৰক]

আলোক আৰু শব্দ গ্ৰহণৰ বাবে এদল থলুৱা কাৰিকৰী লোক সৃষ্টি কৰিব পৰাটো সহজ কাম নাছিল। ই একপ্ৰকাৰ Mission-য়েই আছিল। ব্ৰজেনদাৰ জৰিয়তে একালৰ বঙ্গদেশৰ পৰা অহা কাৰিকৰী লোকৰ পৰিৱৰ্তে এইসকল কাৰিকৰী লোকৰ সৃষ্টি হোৱাটোৱো জানো এক গভীৰ জাতীয়তাবোধৰ কথা নহয়।

—ঈশান বৰুৱা[2]

১৯৫৬ চনত মুক্তিপ্ৰাপ্ত ভ্ৰাতৃ নিপ বৰুৱাৰ প্ৰথম কথাছবি 'স্মৃতিৰ পৰশ'ৰ সঙ্গীত পৰিচালক আৰু অভিনেতা ৰূপে ব্ৰজেন বৰুৱাই অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। এই ছবিখনত দুটা হিন্দী গীতো সংযোগ কৰা হয়। গীত দুটাৰ এটা লিখিছিল ড॰ বীৰেন্দ্ৰনাথ দত্তই আৰু আনটো লেখিছিল এ,গৌতমে। ছবিখনৰ গীতে জনপ্ৰিয়তা লাভ কৰে। তেখেতৰ সঙ্গীত পৰিচালনা কৰা আন এখন ছবি 'মাক আৰু মৰম'তো দুটা হিন্দী গীত অন্তৰ্ভুক্ত কৰা হয়। সম্ভৱতঃ সেই সময়ত হিন্দী ছবিৰ জনপ্ৰিয়তালৈ চাই ব্যৱসায়িক দৃষ্টিভঙ্গীৰে এনে কৰা হৈছিল। তেখেতে মুঠ নিজে পৰিচালনা কৰা ছবিকে ধৰি মুঠ আঠখন ছবিৰ সঙ্গীত পৰিচালনা কৰে। 'এই মাটিতে মৰো যদি' (লাচিত বৰফুকন), 'ওপজা সোণৰ মাটি' (লাচিত বৰফুকন), 'এই জোন জোনালী থুপি থুপি তৰালি' (আমাৰ ঘৰ), 'চঞ্চল অনুৰাগে' (ভক্ত প্ৰহ্লাদ), 'সুন্দৰ শ্যাম' (নৰকাসুৰ), আদি ব্ৰজেন বৰুৱাই সুৰাৰোপ আৰু সঙ্গীত পৰিচালনা কৰা কথাছবিৰ গীতবোৰৰ মাজেদি তেখেতৰ সঙ্গীতৰ বৈচিত্ৰ্য আৰু আধুনিক গঠন অনুভৱ কৰিব পাৰি। কথাছবিৰ আৱহ সঙ্গীত ৰচনা কৰাৰ ক্ষেত্ৰত তেখেতে গতানুগতিকতাৰ পৰা আঁতৰি গৈ নাটকীয় পৰিস্থিতিসূচক ভিন্নসুৰী সঙ্গীত প্ৰয়োগ কৰিবলৈ যত্নৱান হৈছিল[6]

ডক্তৰ বেজবৰুৱা ছবিখনৰ পোষ্টাৰ

১৯৬৩ চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া কমেডী ছবি ইটো সিটো বহুতো ছবিখনৰ যোগেদি বৰুৱাই পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। এই ছবিখনত চাৰ্লি চেপলিন শৈলীৰ প্ৰভাৱ পৰিছিল[3]। তেখেতৰ দ্বিতীয় ছবি ডাক্তৰ বেজবৰুৱা। সেই সময়ত অসমীয়া কথাছবি কলকাতাৰ ষ্টুডিঅ'ত নিৰ্মাণ কৰা হৈছিল। বৰুৱাৰ প্ৰথম ছবিখনো কলকাতাৰ ষ্টুডিঅ'ত নিৰ্মাণ কৰা হৈছিল যদিও তেখেতে জ্যোতিপ্ৰসাদৰ নিচিনা অসমতে ইনডোৰ শ্বুটিং কৰি ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিলে। পৰিকল্পনা অনুসৰি তেখেতে 'ডাক্তৰ বেজবৰুৱা'ৰ চিত্ৰনাট্য যুগুত কৰি উলিয়ালে। তেখেতে এই চিত্ৰনাট্যখন ৩৭জন ব্যক্তিক পঢ়ি শুনাইছিল আৰু সকলোৰে লগত আলোচনা কৰি চিত্ৰনাট্যখনৰ পৰিমাৰ্জন কৰিছিল[2]। কলকাতাৰ কলা-কুশলীৰ সলনি তেখেতে স্থানীয় মঞ্চ আৰু অন্যান্য অনুষ্ঠানত কাম কৰি থকা কিছুমান ডেকাল'ৰাক শিকাই বুজাই ছবিখনৰ বিভিন্ন দায়িত্ব অৰ্পণ কৰিলে। বৰুৱাৰ এই দুটা বৈপ্লৱিক সিদ্ধান্তৰ বাবেই পৰৱৰ্তী পৰ্যায়ত কোনো অসমীয়া প্ৰযোজক-পৰিচালক অসমীয়া ছবিৰ ইনডোৰ শ্বুটিঙৰ বাবে কলকাতালৈ যোৱা নাই আৰু অসমীয়া ছবি জগতত স্থানীয় কলা-কুশলীক লৈ ছবি নিৰ্মাণ কৰাৰ প্ৰথা আৰম্ভ হয়। ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰা ছবিখনৰ গীতবোৰো যথেষ্ট জনপ্ৰিয় হয়। মুক্তিৰ লগেলগে ছবিখন চাবলৈ অভিলেখ সংখ্যক দৰ্শকে চিত্ৰগৃহত ভিৰ কৰে। ছবিখনে অসমীয়া বিনোদন ছবিৰ ভেটী শক্তিশালী কৰিলে। সেয়েহে ডাক্তৰ বেজবৰুৱা অসমীয়া ছবিজগতত এটা মাইলৰ খুটি ৰূপে চিহ্নিত হৈ ৰ’ব[2][3]

ওপজা সোণৰ মাটি ছবিখনৰ পোষ্টাৰ

'ডাক্তৰ বেজবৰুৱা'ৰ যোগেদি অসমৰ দুগৰাকী সংগীত প্ৰতিভাৰ উন্মেষ ঘটিছিল। তাৰে এগৰাকী হ'ল সংগীত পৰিচালক ৰমেন বৰুৱা আৰু আনগৰাকী হ'ল অসমীয়া ছবিৰ সৰ্বশ্ৰেষ্ঠ নেপথ্য গায়ক দ্বীপেন বৰুৱা। দুয়োগৰাকী তেখেতৰ ভাতৃ। দ্বীপেন বৰুৱাৰ আৱিষ্কাৰ হৈছিল নাটকীয়া ভাবে। দ্বীপেন আছিল এগৰাকী ক্ৰিকেট খেলুৱৈ। তেওঁ কোচবিহাৰ ট্ৰফি, ৰঞ্জি ট্ৰফি খেলিছে। ইফালে ব্ৰজেন বৰুৱা 'ডাক্তৰ বেজবৰুৱা'ৰ গীত গাবৰ বাবে এগৰাকী নতুন গায়কৰ সন্ধানত। এদিন দ্বীপেনে গা ধুই থাকোঁতে গীত গোৱা শুনিলে ব্ৰজেন বৰুৱাই। লগেলগে তেখেতে সিদ্ধান্ত ললে ভায়েকৰ হতুৱাই 'ডাক্তৰ বেজবৰুৱা'ৰ গীত গোৱাব[2][5]

বৰুৱাই মুঠতে ৫খন ছবি পৰিচালনা কৰিছিল। তেখেতৰ শেষ পৰিচালিত ছবি ওপজা সোণৰ মাটি। কিন্তু তেখেতে এই ছবিখন শেষ কৰিবলৈ নাপালে। ছবিখন পাচত সম্পাদনা কৰে নীপ বৰুৱাই লক্ষীমপুৰত ওপজা সোণৰ মাটিৰ শ্বুটিং শেষ কৰি তেওঁ নলীন দুৱৰা পৰিচালিত মমতা ছবিৰ এটি গীতৰ দৃশ্যত অংশগ্ৰহণ কৰে, শ্বুটিং শেষ হোৱাৰ নিশাই তেও অসুস্থ হয় আৰু চিকিৎসালয়ত ভৰ্তি হয় আৰু তাতে তেখেতৰ মৃত্যু হয়। তেখেতে পৰিচালনা কৰা মুকুতা আৰু ওপজা সোণৰ মাটিখনো ব্যৱসায়িক ভাবে সফল ছবি। তেখেতে পৰিচালনা আৰু সঙ্গীত পৰিচালনাৰ উপৰিও ছবি প্ৰযোজনা, অভিনয়, গীত ৰচনা, কণ্ঠদান আৰু কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছিল। তেখেতে পৰিচালনা কৰা আটাইকেইখন ছবিত তেখেতে নিজে অভিনয় কৰিছিল।[2][5][3]

ব্ৰজেন বৰুৱাই চলচ্চিত্ৰ সম্পৰ্কীয় কোনো প্ৰশিক্ষণ গ্ৰহণ কৰা নাছিল, কিন্তু তেখেতে ব্যৱসায়িক সফল ছবি নিৰ্মাণৰ কৌশলসমূহ সহজে আয়ত্ত কৰিছিল। দৰ্শকৰ ৰুচিৰ উমান পায়ে তেখেতে অসমীয়া ছবিত হিন্দী গীতৰ প্ৰয়োগ কৰিছিল। যদিও তেখেতে ব্যৱসায়িক কৌশলসমূহ আয়ত্তৰ কৰাৰ বাবে মাজে মাজে হিন্দী ছবিৰ অনুসৰণ কৰিছিল, তথাপি তেখেতৰ ছবিসমূহ আছিল অসমৰ মাটিৰ সুবাসেৰে সুবাসিত। বৰুৱাই এবাৰ আলোকচিত্ৰ শিল্পী অমূল্য মান্নাৰ আগত প্ৰকাশ কৰিছিল যে দৰ্শকে তেখেতৰ অভিনয়ত নতুনত্ব বিচাৰি পাওক বুলিয়ে 'ডাক্তৰ বেজবৰুৱা'ত তেখেতে দুটা চিগাৰেট একেলগে জ্বলাই হুপিছিল।[7]

চলচ্চিত্ৰপঞ্জী[4]

[সম্পাদনা কৰক]

পৰিচালিত চলচ্চিত্ৰ

[সম্পাদনা কৰক]
ছবিৰ নাম বৰ্ষ টোকা
ইটো সিটো বহুতো১৯৬৩প্ৰথম অসমীয়া কমেডী ছবি
ডক্তৰ বেজবৰুৱা১৯৬৯
মুকুতা১৯৭০
ললিতা১৯৭২
ওপজা সোণৰ মাটি১৯৭২

সংগীত পৰিচালনা

[সম্পাদনা কৰক]
ছবিৰ নাম পৰিচালক বৰ্ষ টোকা
স্মৃতিৰ পৰশনিপ বৰুৱা১৯৫৬
লখিমীভবেন দাস১৯৫৬
মাক আৰু মৰমনিপ বৰুৱা১৯৫৭
ভক্ত প্ৰহ্লাদনিপ বৰুৱা১৯৫৮
আমাৰ ঘৰনিপ বৰুৱা১৯৫৯ৰমেন বৰুৱাৰ সৈতে যৌথ পৰিচালনা
লাচিত বৰফুকনপ্ৰবীন ফুকন, লক্ষধৰ চৌধুৰী১৯৬১ক্ষীৰদাকান্ত বিষয়াৰ সৈতে যৌথ পৰিচালনা
নৰকাসুৰনিপ বৰুৱা১৯৬১
ইটো সিটো বহুতোব্ৰজেন বৰুৱা১৯৬৩
ছবিৰ নাম পৰিচালক বৰ্ষ টোকা
স্মৃতিৰ পৰশনিপ বৰুৱা১৯৫৬
মাক আৰু মৰমনিপ বৰুৱা১৯৫৭
নৰকাসুৰনিপ বৰুৱা১৯৬২
ইটো সিটো বহুতোব্ৰজেন বৰুৱা১৯৬৩
ডক্তৰ বেজবৰুৱাব্ৰজেন বৰুৱা১৯৬৯
বৰুৱাৰ সংসাৰনিপ বৰুৱা১৯৭০
মুকুতাব্ৰজেন বৰুৱা১৯৭০
ওপজা সোণৰ মাটিব্ৰজেন বৰুৱা১৯৭২

কণ্ঠশিল্পী

[সম্পাদনা কৰক]
ছবিৰ নাম পৰিচালক বৰ্ষ টোকা
ভক্ত প্ৰহ্লাদনিপ বৰুৱা১৯৫৮
আমাৰ ঘৰনিপ বৰুৱা১৯৫৯

গীতিকাৰ

[সম্পাদনা কৰক]
ছবিৰ নাম পৰিচালক বৰ্ষ টোকা
ডক্তৰ বেজবৰুৱাব্ৰজেন বৰুৱা১৯৬৯
মন আৰু মৰমদ্বিবন বৰুৱা১৯৮০

কাহিনী আৰু চিত্ৰনাট্য

[সম্পাদনা কৰক]
ছবিৰ নাম পৰিচালক বৰ্ষ টোকা
ডক্তৰ বেজবৰুৱাব্ৰজেন বৰুৱা১৯৬৯কাহিনী আৰু চিত্ৰনাট্য
ললিতাব্ৰজেন বৰুৱা১৯৭২কাহিনী আৰু চিত্ৰনাট্য
ইটো সিটো বহুতোব্ৰজেন বৰুৱা১৯৭০চিত্ৰনাট্য
মুকুতাব্ৰজেন বৰুৱা১৯৭০চিত্ৰনাট্য
ওপজা সোণৰ মাটিব্ৰজেন বৰুৱা১৯৭২চিত্ৰনাট্য
ৰজা হৰিশ্চন্দ্ৰদ্বিবন বৰুৱা১৯৮০চিত্ৰনাট্য

প্ৰযোজনা

[সম্পাদনা কৰক]
ছবিৰ নাম পৰিচালক বৰ্ষ টোকা
মন আৰু মৰমদ্বিবন বৰুৱা১৯৮০বৰুৱা আৰ্ট প্ৰডাকশ্বনৰ বেনাৰত


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. বৰুৱা, শিৱনাথ. অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, ২০০২, পৃ: ১৬৯-৭০
  2. 1 2 3 4 5 6 7 ঈশান বৰুৱা (জুন ২০০৬). "লতাশিলৰ বৰুৱা পৰিয়াল". অসমীয়া সা ৰে গা মা.
  3. 1 2 3 4 নয়ন প্ৰসাদ (জুন ২০০৬). "লতাশিলৰ বিস্ময়". অসমীয়া সা ৰে গা মা.
  4. 1 2 পবিত্ৰ কুমাৰ ডেকা (জুন ২০০৬). "অসমীয়া চলচ্চিত্ৰ আৰু বৰুৱা পৰিয়াল". অসমীয়া সা ৰে গা মা.
  5. 1 2 3 4 নিভা ৰাণী ৰায় (জুন ২০০৬). "ঐতিহ্যমণ্ডিত সেই ঘৰখন". অসমীয়া সা ৰে গা মা.
  6. 1 2 3 তফজ্জুল আলী (জুন ২০০৬). "সংগীতকাৰ ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱা". অসমীয়া সা ৰে গা মা.
  7. অমূল্য মান্না (জুন ২০০৬). "নায়িকাৰ সন্ধানত". অসমীয়া সা ৰে গা মা.