ৰঞ্জি ট্ৰফী
| ৰঞ্জি ট্ৰফী | |
|---|---|
| দেশ | |
| প্ৰসাশক | ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড |
| ধৰণ | প্ৰথম শ্ৰেণী ক্ৰিকেট |
| প্ৰথম প্ৰতিযোগিতা | ১৯৩৪ |
| প্ৰতিযোগিতাৰ ধৰণ | ৰাউণ্ড ৰবীন তাৰ পিছত নকআউট |
| দল সংখ্যা | ৩৮ |
| বৰ্তমানৰ চেম্পিয়ন | সৌৰাষ্ট্ৰ (১) |
| সৰ্বাধিক সফল | মুম্বাই (৪১) |
| সৰ্বাধিক ৰাণ | ৱাছিম জাফৰ (১২,০৩৮) ১৯৯৬-২০২০ |
| সৰ্বাধিক ৱিকেট | ৰাজিন্দৰ গয়েল (৬৪০) ১৯৫৮-১৯৮৫ |
ৰঞ্জি ট্ৰফী ভাৰতৰ এক ঘৰুৱা প্ৰথম শ্ৰেণীৰ ক্ৰিকেট প্ৰতিযোগিতা। বিভিন্ন ৰাজ্য, অঞ্চল, চহৰ আৰু সংস্থাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ইংলেণ্ডৰ কাউণ্টি চেম্পিয়নশ্বিপ বা অষ্ট্ৰেলিয়াৰ শ্বেফিল্ড শ্বিল্ডৰ সমকক্ষ এই প্ৰতিযোগিতাটিৰ নামকৰণ হৈছে নৱানগৰৰ জাম চাহিব শ্ৰী ৰঞ্জিতসিংজিৰ নামেৰে, যি ৰনজি নামে পৰিচিত আছিল। প্ৰতিযোগিতাটিত বৰ্তমান ৩৮টা দলে অংশ গ্ৰহণ কৰে।
ইতিহাস
[সম্পাদনা কৰক]প্ৰতিযোগিতাখন প্ৰথম অনুষ্ঠিত হৈছিল ১৯৩৪ চনত দ্য ক্ৰিকেট চেম্পিয়নশ্বিপ অব ইণ্ডিয়া নামেৰে। ৰঞ্জি ট্ৰফীৰ ইতিহাসৰ প্ৰথম মেচখন ১৯৩৪ চনৰ ৪ নৱেম্বৰত মাদ্ৰাজ আৰু মাইচুৰৰ মাজত চীপকত অনুষ্ঠিত হৈছিল।[1]প্ৰতিযোগিতাখনৰ প্ৰথম চেম্পিয়ন হৈছিল বোম্বাই যিয়ে চূ্ড়ান্ত মেচ খনত উত্তৰ ভাৰতক পৰাজিত কৰিছিল। প্ৰতিযোগিতাৰ সৰ্বাধিক সফল দলো মুম্বাই (পূৰ্বৰ বোম্বাই)। মুম্বাইয়ে বৰ্তমানলৈকে ৪১ বাৰ খিতাপ দখল কৰিছে।

বৰ্তমানৰ দলসমূহ
[সম্পাদনা কৰক]বৰ্তমানৰ ৩৮টা দল হৈছে:
- অন্ধ্ৰপ্ৰদেশ
- অৰুণাচল প্ৰদেশ
- অসম
- বৰোদা
- বংগ
- বিহাৰ
- চণ্ডীগড়
- ছত্তীছগঢ়
- দিল্লী
- গোৱা
- গুজৰাট
- হাৰিয়ানা
- হিমাচল প্ৰদেশ
- হাইদৰাবাদ
- জম্মু কাশ্মীৰ
- ঝাৰখণ্ড
- কৰ্ণাটক
- কেৰালা
- মধ্য প্ৰদেশ
- মহাৰাষ্ট্ৰ
- মণিপুৰ
- মেঘালয়
- মিজোৰাম
- মুম্বাই
- নাগালেণ্ড
- উৰিষ্যা
- পঞ্জাব
- পণ্ডিচেৰী
- ৰেলৱে
- ৰাজস্থান
- সৌৰাষ্ট্ৰ
- চাৰ্ভিচেজ
- ছিক্কিম
- তামিল নাডু
- ত্ৰিপুৰা
- উত্তৰাখণ্ড
- উত্তৰ প্ৰদেশ
- বিদৰ্ভ
বহিঃসংযোগ
[সম্পাদনা কৰক]- Crichome - News, discussions on T20 World Cup, Indian Premier League, Ashes and much more Archived 2010-12-26 at the Wayback Machine
- The Ranji Trophy - Cricinfo
- Ranji Super League Scorecards 2007-08 Archived 2009-11-13 at the Wayback Machine
- Indian Domestic Tournaments Archived 2009-02-23 at the Wayback Machine