অসম ক্ৰিকেট দল
অৱয়ব
অসম ক্ৰিকেট দল | |||
অধিনায়ক: | অমিত সিনহা | ||
---|---|---|---|
প্ৰশিক্ষক: | অজয় ৰাট্ৰা | ||
স্বত্বাধিকাৰী: | অসম ক্ৰিকেট সন্থা | ||
প্ৰতিষ্ঠা: | ১৯৬০ | ||
ঘৰুৱা খেলপথাৰ: | অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম | ||
সামৰ্থ্য: | ৪০,০০০ | ||
ৰঞ্জি ট্ৰফী বিজয়: | ০ | ||
বিজয় হাজাৰে ট্ৰফী বিজয়: | ০ | ||
চৈয়দ মুস্তাক আলী ট্ৰফী বিজয়: | ০ |
অসম ক্ৰিকেট দল অসম ৰাজ্যৰ ক্ৰিকেট দল। অসম ক্ৰিকেট সন্থাই দলটো পৰিচালনা কৰে। অসম ক্ৰিকেট দলটোৱে ২০০৯-১০ ৰ ৰঞ্জি ট্ৰফীত প্লেট গ্ৰুপৰ শীৰ্ষ স্থান দখল কৰি ছুপাৰ লীগলৈ অগ্ৰসৰ হৈছিল। তাৰ পিছৰ ছিজন সমূ্হত অসমৰ প্ৰদৰ্শন নিৰাশাজনক আছিল আৰু পুনৰ প্লেট গ্ৰুপলৈ অৱনমিত হৈছিল। ২০১২-১৩ ৰ বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত দলটোৱে অতি সুন্দৰ প্ৰদৰ্শন কৰি ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিছিল।[1] ২০১৪-১৫ ৰ ৰঞ্জি ট্ৰফিত অসমে পুনৰ আকৰ্ষণীয় দলীয় প্ৰদৰ্শনেৰে গ্ৰুপ এ লৈ অগ্ৰসৰ হয়।[2] ২০১৫-১৬ ৰ ৰঞ্জি ট্ৰফিত দলটোৱে উজ্জীৱিত প্ৰদৰ্শনেৰে পোন প্ৰথম বাৰৰ বাবে ছেমি ফাইনেললৈ উন্নীত হৈছিল। [3]
ঘৰুৱা খেলপথাৰ
[সম্পাদনা কৰক]- অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম, গুৱাহাটী
- নেহৰু ষ্টেডিয়াম, গুৱাহাটী
- আমিনগাঁও ক্ৰিকেট গ্ৰাউণ্ড, আমিনগাঁও
- উত্তৰ-পূব সীমান্ত ৰেলৱে ষ্টেডিয়াম, মালিগাঁও, গুৱাহাটী
- সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম, শিলচৰ
- জালান আউটড'ৰ ষ্টেডিয়াম, ডিব্ৰুগড়
বিখ্যাত খেলুৱৈ
[সম্পাদনা কৰক]- অনুপ ঘটক
- হেমাংগ বৰুৱা
- ৰাজেশ বৰা
- গৌতম দত্ত
- পৰাগ দাস
- শুভ্ৰজিৎ শইকীয়া
- জাভেদ জামান
- চৈয়দ জাকাৰিয়া জুফ্ৰী
- মুন্না কাকতি
- অৰ্লেন কোঁৱৰ
- জাহিৰ আলম
বৰ্তমান দলটো
[সম্পাদনা কৰক]নং | নাম | জন্ম তাৰিখ | বেটিং শৈলী | বলিং শৈলী | টোকা | |
---|---|---|---|---|---|---|
বেট্ছমেন | ||||||
ঋষভ দাস | ১৬ ডিচেম্বৰ, ১৯৮৯ (৩৪ বছৰ) | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰে'ক | |||
পল্লৱ কুমাৰ দাস | ১৭ জানুৱাৰী, ১৯৯০ (৩৪ বছৰ) | বাওঁহতীয়া | সোঁহতীয়া মেডিয়াম | |||
পাৰভেজ আজিজ | ৮ ডিচেম্বৰ, ১৯৮৭ (৩৬ বছৰ) | বাওঁহতীয়া | বাওঁহতীয়া শ্ল' | |||
অমিত সিনহা | ২৬ নৱেম্বৰ, ১৯৮৮ (৩৫ বছৰ) | সোঁহতীয়া | লেগ ব্ৰে'ক | অধিনায়ক | ||
গকুল শৰ্মা | ১৫ ফেব্ৰুৱাৰী, ১৯৮৬ (৩৮ বছৰ) | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰে'ক | |||
শিৱশংকৰ ৰয় | ১০ অক্টোবৰ, ১৯৯০ (৩৩ বছৰ) | বাওঁহতীয়া | সোঁহতীয়া অফ ব্ৰে'ক | |||
ৰিয়ান পৰাগ | ১০ নৱেম্বৰ, ২০০১ (২২ বছৰ) | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰে'ক | |||
ৰ'মাৰিঅ' শৰ্মা | ১৯ ডিচেম্বৰ, ১৯৯৪ (২৯ বছৰ) | বাওঁহতীয়া | সোঁহতীয়া অফ ব্ৰে'ক | |||
অল-ৰাউণ্ডাৰ | ||||||
স্বৰূপম পুৰকায়স্থ | ১৫ ছেপ্টেম্বৰ, ১৯৮৯ (৩৪ বছৰ) | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰে'ক | |||
উইকেটৰক্ষক | ||||||
ৱাছিকুৰ ৰহমান | ২৯ ডিচেম্বৰ, ১৯৯৪ (২৯ বছৰ) | সোঁহতীয়া | ||||
কুণাল শইকীয়া | ১৯ জুন, ১৯৮৮ (৩৬ বছৰ) | সোঁহতীয়া | ||||
পেচ বলাৰ | ||||||
আবু নেচিম | ৫ নৱেম্বৰ, ১৯৮৮ (৩৫ বছৰ) | সোঁহতীয়া | সোঁহতীয়া ফাষ্ট-মেডিয়াম | |||
ৰঞ্জিত মালী | ৫ নৱেম্বৰ, ১৯৮৮ (৩৫ বছৰ) | সোঁহতীয়া | সোঁহতীয়া ফাষ্ট-মেডিয়াম | |||
অৰূপ দাস | ২৭ জুলাই, ১৯৯১ (৩৩ বছৰ) | সোঁহতীয়া | সোঁহতীয়া ফাষ্ট-মেডিয়াম | |||
কৃষ্ণ দাস | ১২ অক্টোবৰ, ১৯৯০ (৩৩ বছৰ) | সোঁহতীয়া | সোঁহতীয়া ফাষ্ট-মেডিয়াম | |||
প্ৰীতম দাস | ১৬ অক্টোবৰ, ১৯৮৮ (৩৫ বছৰ) | সোঁহতীয়া | সোঁহতীয়া ফাষ্ট-মেডিয়াম | |||
মৃণ্ময় দত্ত | ২৪ নৱেম্বৰ, ১৯৯৮ (২৫ বছৰ) | বাওঁহতীয়া | বাওঁহতীয়া ফাষ্ট-মেডিয়াম | |||
মুখতাৰ হুছেইন | ১১ জানুৱাৰী, ১৯৯৯ (২৫ বছৰ) | সোঁহতীয়া | সোঁহতীয়া ফাষ্ট-মেডিয়াম | |||
স্পিন বলাৰ | ||||||
ৰাহুল সিং | ১৩ ছেপ্টেম্বৰ, ১৯৯৭ (২৬ বছৰ) | সোঁহতীয়া | বাওঁহতীয়া শ্ল' | |||
জিতুমণি কলিতা | ১০ অক্টোবৰ, ২০০০ (২৩ বছৰ) | সোঁহতীয়া | লেগ ব্ৰে'ক |
বৰ্তমানৰ কাৰিকৰী ষ্টাফ
[সম্পাদনা কৰক]- মুখ্য প্ৰশিক্ষক: অজয় ৰাট্ৰা
- প্ৰশিক্ষক: ষ্টুৱাৰ্ট বিন্নী
- প্ৰশিক্ষক: সলিল সিনহা
- ট্ৰেইনাৰ: ভাস্কৰ বৰা
- ফিজিঅ': কৌস্তভ ভৰদ্বাজ
- ভিডিঅ' এনালিষ্ট: ৰাজেশ শৰ্মা
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Assam reach first Vijay Hazare final". espncricinfo.com. http://www.espncricinfo.com/vijay-hazare-trophy-2013/content/story/623199.html। আহৰণ কৰা হৈছে: 14 October 2015.
- ↑ "Team unity behind Assam's remarkable season". cricbuzz.com. http://www.cricbuzz.com/cricket-news/70150/ranji-trophy-2014-15-team-unity-behind-assams-remarkable-season। আহৰণ কৰা হৈছে: 14 October 2015.
- ↑ "Assam relaxed ahead of maiden semi-final". cricinfo.com. http://www.espncricinfo.com/ranji-trophy-2015-16/content/story/972069.html। আহৰণ কৰা হৈছে: 27 February 2017.