সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম
অৱয়ব
| খেলপথাৰৰ তথ্য | |||
|---|---|---|---|
| স্থাপন | TBA | ||
| আসন সংখ্যা | ৩০,০০০ | ||
| স্বত্বাধিকাৰী | শিলচৰ জিলা ক্ৰীড়া সন্থা | ||
| ব্যৱহাৰ কৰোঁতা | অসম ক্ৰিকেট দল | ||
| অন্তিম নাম | |||
| n/a n/a | |||
| আন্তঃৰাষ্ট্ৰীয় খেলৰ তথ্য | |||
| একমাত্ৰ মহিলাৰ এদিনীয়া ক্ৰিকেট | 7 December 2005: | ||
| দলৰ তথ্য | |||
| |||
| 8 December 2019 তাৰিখৰ তথ্য উৎস: Cricketarchive | |||
সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম (ইংৰাজী: Satindra Mohan Dev Stadium) হৈছে এখন বহুমুখী ষ্টেডিয়াম৷ ষ্টেডিয়ামখন অসমৰ শিলচৰত অৱস্থিত৷ পূৰ্বতে ইয়াক জিলা ক্ৰীড়া সন্থা ষ্টেডিয়াম বুলি জনা গৈছিল৷ আভ্যন্তৰীন ব্যৱস্থা আৰু আন্তঃগাঁঠনিৰ ব্যাপক উন্নতি সাধন কৰাৰ পাছত ইয়াক সন্তোষ মোহন দেৱৰ পিতৃৰ নামেৰে নামকৰণ কৰা হয়৷ ষ্টেডিয়ামখনত প্ৰধানকৈ ফুটবল আৰু ক্ৰিকেট খেল খেলা হয়৷ বৰ্তমান ইয়াৰ আসনৰ সংখ্যা হৈছে ৩০,০০০৷[1] এইখন ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত এখন এদিনীয়া ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল৷[2] ইয়াৰ লগতে এইখন ষ্টেডিয়ামত ৰঞ্জি ট্ৰফী আৰু দুলীপ ট্ৰফীৰ খেলো অনুষ্ঠিত হৈছিল৷ ষ্টেডিয়ামৰ ফ্লাডলাইটবোৰ ২০০৮ চনত ভাৰত হেভী ইলেক্ট্ৰিক লিমিটেড-এ সংযোজিত কৰিছিল৷ [3]
এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল
[সম্পাদনা কৰক]| ক্ৰমাংক | দল (A) | দল (B) | বিজেতা | ব্যৱধান | বৰ্ষ |
|---|---|---|---|---|---|
| ১ | দহ উইকেটৰ ব্যৱধানত | ২০০৫ |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Bhattacharya, Satananda (5 December 2008). "Match to inaugurate floodlights - New cricket pavilion to be opened to public q International players to attend". The Telegraph (India). https://www.telegraphindia.com/1081205/jsp/guwahati/story_10206194.jsp। আহৰণ কৰা হৈছে: 19 July 2018.
- ↑ Women's ODI
- ↑ Silchar stadium ready for ODIs as floodlights worth Rs 5 crore installed
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]স্থানাংক: 24°49′47.12″N 92°47′55.91″E / 24.8297556°N 92.7988639°E