স্বৰূপম পুৰকায়স্থ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্বৰূপম পুৰকায়স্থ
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম স্বৰূপম পুৰকায়স্থ
জন্ম ১৫ ছেপ্টেম্বৰ, ১৯৮৯ (৩৪ বছৰ)
গুৱাহাটী, অসম, ভাৰত
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী সোঁহতীয়া অফ-ব্ৰেক
ভূমিকা অল-ৰাউণ্ডাৰ
ঘৰুৱা দলৰ তথ্য
বছৰ দল
২০০৮–বৰ্তমান অসম
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা প্ৰথম শ্ৰেণী লিষ্ট এ টি২০
মুঠ খেল ১২ ১১
ৰাণ ৪৯১ ১৩৪ -
বেটিং গড় ২৮.৮৮ ১৬.৭৫ -
শতক/অৰ্ধশতক ১/২ ০/১ -/-
সৰ্বোচ্চ ৰাণ ১০৮* ৬০ -
বল ১,৫০৮ ৪১৭ ৬৪
উইকেট ৪৪
বলিং গড় ১৪.০২ ১২৪.৬৬ ২০.৫০
এটা ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট n/a n/a
শ্ৰেষ্ঠ বলিং ৮/২৯ ২/৫৮ ২/২৫
কেচ্চ/ষ্টাম্পিং ৬/- ২/- ২/-
উৎস: ক্ৰিকইনফ', ২ ফেব্ৰুৱাৰী ২০১৫

স্বৰূপম পুৰকায়স্থ (জন্ম ১৫ চেপ্তেম্বৰ ১৯৮৯) এজন ভাৰতীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত তেওঁ অসমৰ হৈ খেলে। বলিং অল-ৰাউণ্ডাৰ পুৰকায়স্থ এজন সোঁহতীয়া বেট্‌ছমেন আৰু সোঁহতীয়া অফ ব্ৰেক বলাৰ। অসম দলৰ হৈ তেওঁ অনুৰ্দ্ধ-১৪, অনুৰ্দ্ধ-১৬ আৰু অনুৰ্দ্ধ-১৯ দলৰ হৈ খেলাৰ পাছত ২০০৮ চনত তেওঁৰ প্ৰথম শ্ৰেণী ক্ৰিকেটত অভিষেক ঘটে। ২০০৮ চনৰপৰা ২০১০ চনলৈকে তেওঁ ছখন প্ৰথম শ্ৰেণী খেল, আঠখন লিষ্ট এ খেল আৰু চাৰিখন টুৱেণ্টি২০ খেলত অংশ লয়। তাৰ পাছৰ চাৰিবছৰ তেওঁক কোনো শীৰ্ষপৰ্যায়ৰ খেলত দেখা নগ'ল।

২০১৪ চনৰ নৱেম্বৰ মাহত বিজয় হাজাৰে ট্ৰফীত তেওঁৰ অসম দললৈ প্ৰত্যাৱৰ্তন ঘটে আৰু ২০১৪-১৫ বৰ্ষৰ ৰঞ্জি ট্ৰফীতো তেওঁ অসম দলৰ হৈ খেলাৰ সুবিধা লাভ কৰে। ৰঞ্জি ট্ৰফীত প্ৰথমখন খেলত তেওঁ উইকেট লাভ নকৰে আৰু দ্বিতীয়খনত চাৰ্ভিচেজ দলৰ বিৰুদ্ধে প্ৰথম ইনিংছত তেওঁ বলিং নকৰে যদিও দ্বিতীয় ইনিংছত ২৯ ৰাণত ৫ উইকেট দখল কৰে।[1] হায়দৰাবাদত অনুষ্ঠিত তৃতীয়খন খেলত হায়দৰাবাদৰ বিৰুদ্ধে তেওঁৰ বলিং প্ৰদৰ্শন আছিল প্ৰথম আৰু দ্বিতীয় ইনিংছত ক্ৰমে ৫/৫৯ আৰু ৮/২৯। এয়া আছিল তেওঁৰ প্ৰথম দহ বা ততোধিক উইকেট দখল আৰু অসমে ইনিংছ ব্যৱধানত জয়লাভ কৰে। এই প্ৰদৰ্শনৰ বাবে তেওঁ 'মেন অৱ দ্য মেচ' সন্মান লাভ কৰে।[2] 'পৰ্ভৰিম'ত অনুষ্ঠিত চতুৰ্থখন খেলত গোৱাৰ বিৰুদ্ধে তেওঁৰ বলিং প্ৰদৰ্শন প্ৰথম আৰু দ্বিতীয় ইনিংছত ক্ৰমে ৫/৬৯ আৰু ৬/৭৬। অসমে এইখন খেলত ১০ উইকেটত জয়লাভ কৰে আৰু পুৰকায়স্থই দ্বিতীয়বাৰৰ বাবে 'মেন অৱ দ্য মেচ' সন্মান লাভ কৰে।[3] পঞ্চমখন খেলত অন্ধ্ৰ প্ৰদেশৰ বিৰুদ্ধে পুৰকায়স্থই নিজৰ অল-ৰাউণ্ড প্ৰদৰ্শনেৰে (৩/৩৫, ১০৮*, ৩/৬৯) একেলেথাৰিয়ে তৃতীয়বাৰৰ বাবে 'মেন অৱ দ্য মেচ' সন্মান লাভ কৰে আৰু অসমে পুনৰ ১০ উইকেটত জয়লাভ কৰে।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

সাঁচ:অসম ক্ৰিকেট দল