১০ অক্টোবৰ
Jump to navigation
Jump to search
১০ অক্টোবৰ (ইংৰাজী: 10 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ২৮৩তম (অধিবৰ্ষত ২৮৪তম) দিন। বছৰ শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮২ দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনা[সম্পাদনা কৰক]
- ১৮৯৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ জন্ম হয়।
- ১৯০৯ চনৰ আজিৰ দিনটোতে সাহিত্যিক ৰমা দাশৰ জন্ম হয়।
- ১৯৬২ চনৰ আজিৰ দিনটোতে অসম বিধানসভাত চৰকাৰী ভাষা আইন ( Official Language Act XXIII, 1960 ) উত্থাপন কৰা হয়।
- ১৯৯৯ চনৰ আজিৰ দিনটোতে বিজেপি তথা আন কেইটামান দলৰ মিত্ৰজোঁটৰ কেন্দ্ৰত চৰকাৰ গঠন কৰে। অটল বিহাৰী বাজপেয়ী পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী।
- ১৭৩১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী হেনৰী কেভেণ্ডিছৰ জন্ম হয়।
- ১৮৮৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে আমেৰিকান কবি এজৰা পাউণ্ডৰ জন্ম হয়।
- ১৯৬৪ চনৰ আজিৰ দিনটোতে টকিঅ'ত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়।
- ২০০০ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী শ্ৰীলংকাৰ শ্ৰীমাভো বন্দৰনায়কৰ মৃত্যু হয়।
- ১৯৭০ চনৰ আজিৰ দিনটোতে ফিজিয়ে স্বাধীনতা লাভ কৰে।
দিৱস[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Jenkins, Rachel; Lynne Friedli; Andrew McCulloch; Camilla Parker (2002). Developing a National Mental Health Policy. Psychology Press. পৃষ্ঠা. 65. ISBN 1-84169-295-6.
![]() |
ৱিকিমিডিয়া কমন্সত ১০ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|