১০ অক্টোবৰ (ইংৰাজী : 10 October ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৮৩তম (অধিবৰ্ষ ত ২৮৪তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮২টা দিন বাকী থাকে।
আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
১৯৪২ - শঙ্কৰ বৰুৱা , সুৰেন ফুকন আৰু বৈকুণ্ঠ সিং ৰ নেতৃত্বত পুৱতি নিশা কিছুমান লোকে গোলাঘাট জিলাৰ সৰুপথাৰৰ ওচৰত ৰেলপথৰ কেইটামান ৰে'লৰ চিৰি আঁতৰাই ৰে'ল দূৰ্ঘটনা ঘটায়। এই দূৰ্ঘটনাত বহুতো ব্ৰিটিছ আৰু আমেৰিকান সৈন্যই প্ৰাণ হেৰুৱাইছিল। এই দূৰ্ঘটনাৰ বাবে ব্ৰিটিছ আৰক্ষীয়ে কুশল কোঁৱৰ ক মুখ্য ষড়যন্ত্ৰকাৰী বুলি অভিযোগ তোলে আৰু পিছত গ্ৰেপ্তাৰ কৰে। [ 1]
১৯৫৭ - ইংলেণ্ডৰ কুম্ব্ৰিয়াৰ ৱিণ্ডস্কেল পাৰমাণৱিক প্ৰকল্পত সংঘটিত অগ্নিকাণ্ড বিশ্বৰ প্ৰথম বৃহৎ পাৰমাণৱিক দুৰ্ঘটনা হিচাপে পৰিণত হয়।
১৯৬২ - অসম বিধানসভাত চৰকাৰী ভাষা আইন ( Official Language Act XXIII, 1960 ) উত্থাপন কৰা হয়।
১৯৬৪ - টকিঅ'ত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়।
১৯৭০ - ফিজি য়ে স্বাধীনতা লাভ কৰে।
১৯৯২ - হুগলী নদীৰ ওপৰত দ্বিতীয় দলং বিদ্যাসাগৰ সেতু উদ্বোধন কৰা হয়।
১৯৯৯ - বিজেপি তথা আন কেইটামান দলৰ মিত্ৰজোঁটৰ কেন্দ্ৰত চৰকাৰ গঠন কৰে। অটল বিহাৰী বাজপেয়ী পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী।
১৭৩১ - হেনৰী কেভেণ্ডিছ , ইংৰাজ বিজ্ঞানী, হাইড্ৰ'জেনৰ (Hydrogen) আৱিষ্কাৰক।
১৮৬১ - ফ্ৰিডটজফ নানছেন ( Fridtjof Nansen), নৰৱেৰ অভিযাত্ৰী, বিজ্ঞানী আৰু মানৱতাবাদী, ন'বেল বঁটা বিজয়ী। (মৃঃ ১৯৩০)
১৮৯৭ - লক্ষ্মীধৰ শৰ্মা , অসমীয়া সাহিত্যিক, দেশপ্ৰাণ।
১৯০৬ - আৰ কে নাৰায়ণ , ভাৰতীয় ঔপন্যাসিক।
১৯০৯ - ৰমা দাশ , অসমীয়া সাহিত্যিক।
১৯২৪ - বলবীৰ সিং , ভাৰতৰ প্ৰসিদ্ধ হকী খেলুৱৈ।
১৯৩৬ - গেৰহাৰ্ড এৰ্টল , জাৰ্মান পদাৰ্থবিজ্ঞানী আৰু ৰসায়নবিদ, ন'বেল বঁটা বিজয়ী।
১৯৫৪ - ৰেখা , ভাৰতৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী।
১৯৫৬ - গজেন্দ্ৰ চৌহান , ভাৰতীয় অভিনেতা, দূৰদৰ্শনৰ 'মহাভাৰত' ধাৰাবাহিকৰ যুধিষ্ঠিৰ চৰিত্ৰৰ অভিনেতা।
১৯৯০ - ৰকুল প্ৰীত সিং , ভাৰতীয় অভিনেত্ৰী।
১৯ - জাৰ্মাণিকাছ , ৰোমান সেনাপতি। (জঃ ১৫ খ্ৰীষ্টপূৰ্ব)
১৬৫৯ - এবেল তাচমান , ডাচ নাৱিক আৰু অভিযাত্ৰী (তাচমেনিয়া, নিউজিলেণ্ড আৰু ফিজি দেখা প্ৰথম ইউৰোপীয়ান), প্ৰায় ৫৫ বছৰ বয়সত মৃত্যু বৰণ কৰে।
১৯২৯ - এলিজা মেককয় , কানাডিয়ান-আমেৰিকান উদ্ভাৱক আৰু অভিযন্তা (৫৭টা পেটেণ্ট আছিল), ৮৬ বছৰ বয়সত মৃত্যু হয়।
১৯৬৪ - গুৰু দত্ত , প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা।
১৯৬৬ - চাৰ্লট কুপাৰ ((Charlotte Cooper), ব্ৰিটিছ টেনিছ খেলুৱৈ আৰু প্ৰথম মহিলা অলিম্পিক টেনিছ চেম্পিয়ন (১৯০০)।
১৯৯৭ - মাইকেল জে এছ দেৱাৰ , ভাৰতত জন্ম হোৱা আমেৰিকান তাত্ত্বিক ৰসায়নবিদ, যি দেৱাৰ-চেট-ডানকানচন মডেল বিকশিত কৰিছিল। (জঃ ১৯১৮)
২০০০ - শ্ৰীমাভো বন্দৰনায়ক , শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী, তেখেত বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল।
২০০৪ - ক্ৰিষ্টোফাৰ ৰিভ , আমেৰিকান অভিনেতা।
২০১১ - জগজিৎ সিং , প্ৰসিদ্ধ গজল গায়ক।
২০১৫ - মনোৰমা , ভাৰতীয় (তামিল) অভিনেত্ৰী। (জঃ ১৯৩৭)
২০২২ - মুলায়েম সিং যাদৱ , সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। [ 2]
বিশ্ব মানসিক স্বাস্থ্য দিৱস ।[ 3]
বিশ্ব মহাকাশ সপ্তাহৰ অন্তিম দিন। (৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)
বিশ্ব মৃত্যুদণ্ড বিৰোধ দিৱস।
ৰাষ্ট্ৰীয় ডাক দিৱস। (ভাৰত)