৩১ অক্টোবৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
৩১ অক্টোবৰ (ইংৰাজী: 31 October) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৪ তম (অধিবৰ্ষত ৩০৫ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬১টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৮৩৫ খ্ৰীষ্টাব্দৰ এই দিনটোতে প্ৰখ্যাত জাৰ্মান বিজ্ঞানী যোহান ফ্ৰেডেৰিক উইলহেম আডলফৰ জন্ম হয়।
- ১৮৭৫ চনৰ এই দিনটোতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, লৌহ মানৱ, স্বাধীন ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম হয়। তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে এই দিনটোক ভাৰতৰ ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়।
- ১৮৯১ চনৰ এই দিনটোতে জাপানত হোৱা প্ৰবল ভূমিকম্পৰ ফলত তিনি সহস্ৰাধিক লোকৰ মৃত্যু হয়।
- ১৯২০ চনৰ এই দিনটোতে ভাৰতৰ প্ৰথম শ্ৰমিক সংগঠন নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ প্ৰতিষ্ঠা কৰা হয়।
- ১৯২৬ চনৰ এই দিনটোতে হাংগেৰীৰ বিশ্বখ্যাত যাদুকৰ হেৰী হুডিনিৰ মৃত্যু হয়।
- ১৯৩০ চনৰ এই দিনটোতে কলকাতাত বেজবৰুৱা সমিতিৰ প্ৰথম অধিবেশন আৰম্ভ হয়। ১৯৩০ চনত স্থাপিত এই অনুষ্ঠানটো ১৯৩৩ চন মানলৈকে এৰা-ধৰাকৈ সক্ৰিয় হৈ আছিল।
- ১৯৬৬ চনৰ এই দিনটোতে ভাৰতীয় সাঁতোৰবিদ মিহিৰ সেনে পানামা খাল সাঁতুৰি অতিক্ৰম কৰে। সাঁতুৰি পাৰ হোৱা তেৱেই প্ৰথম ভাৰতীয়।
- ১৯৭৫ চনৰ এই দিনটোতে বিংশ শতাব্দীত ভাৰতীয় বাংলা গানৰ কিংবদন্তীতূল্য আৰু জনপ্ৰিয় সঙ্গীত শিল্পী শচীন দেৱবৰ্মণৰ মৃত্যু হয়।
- ১৯৮৪ চনৰ এই দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী নতুন দিল্লীৰ নিজ বাসভৱনত দুজন শিখ নিৰাপত্তা ৰক্ষী সতৱন্ত সিং আৰু বিয়ন্ত সিংৰ গুলীত নিহত হয়।
- ১৯৯৯ চনৰ এই দিনটোতে আটলাণ্টিক মহাসাগৰৰ ওপৰত ইজিপ্তৰ বিমান ব'য়িং ৭৬৭ ধ্বংস হয় আৰু ২১৪ জন যাত্ৰী নিহত হয়।
- ২০০১ চনৰ এই দিনটোতে কূটনীতিজ্ঞ, গুজৰাট আৰু অসমৰ প্ৰাক্তন ৰাজ্যপাল ব্ৰজকুমাৰ নেহৰুৰ মৃত্যু হয়।
- ২০০৫ চনৰ এই দিনটোতে পদ্মশ্ৰী সন্মান লাভ কৰা দেশৰ প্ৰথম গৰাকী মহিলা প্ৰসিদ্ধ সাহিত্যিক অমৃতা প্ৰীতমৰ মৃত্যু হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৩১ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|