জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

জানুৱাৰী জুলিয়ান তথা গ্ৰেগৰিয়ান পঞ্জিকাৰ প্ৰথম মাহ। ই ৩১ দিন থকা ৭টা মাহৰ অন্যতম। ১ জানুৱাৰী এই মাহৰ প্ৰথম দিন, আৰু এই দিনক নিউ য়েৰ্ছ দে '(নববৰ্ষৰ দিন) বোলা হয়। সাধাৰণতে এই মাহ পৃথিৱীৰ উত্তৰ গোলাৰ্দ্ধৰ (য'ত ই শীত কালৰ দ্বিতীয় মাহ) আতাইতকৈ ঠাণ্ডা মাহ, আৰু দক্ষিণ গোলাৰ্দ্ধৰ (য'ত ই গ্ৰীষ্ম কালৰ দ্বিতীয় মাহ) আতাইতকৈ গৰম মাহ। দক্ষিণ গোলাৰ্দ্ধৰ জানুৱাৰী বতৰৰ দিশৰ পৰা উত্তৰ গোলাৰ্দ্ধৰ জুলাই মাহৰ সৈতে একেই।

সাধাৰণতে, জানুৱাৰী সেই বাৰতে আৰম্ভ হয়, যি বাৰত অক্টোবৰ আৰম্ভ হয়, পিচে লীপ য়েৰত ই সেই বাৰতে আৰম্ভ হয় যি বাৰত এপ্ৰিল আৰু জুলাই আৰম্ভ হয়। কোনো সাধাৰণ বছৰত, জানুৱাৰী সেই বাৰতে শেষ হয়, যি বাৰত ফেব্ৰুৱাৰী আৰু অক্টোবৰ শেষ হয়, আৰু লীপ য়েৰত, সেই বাৰত শেষ হয় যি বাৰত জুলাই শেষ হয়। প্ৰতি বছৰে, জানুৱাৰী পূৰ্বৰ বছৰৰ মে' আৰম্ভ হোৱা বাৰত আৰম্ভ হয়।

বুৰঞ্জী[সম্পাদনা কৰক]

জানুৱাৰী (লেটিন ভাষাত ইয়ানুৱাৰিয়াছ)ৰ নাম 'আৰম্ভণি'ৰ দেৱতা জানুছৰ নামৰ পৰা লোৱা। এই দেৱতাৰ নাম ৰ'মান বিশ্বাসত পোৱা যায়, যাৰ নাম ইয়ানুৱা, অৰ্থাৎ দুৱাৰৰ পৰা লোৱা। এই মাহক এই নাম হয়টো এই বাবেই দিয়া হ'ল যে ই বছৰৰ দুৱাৰ স্বৰূপ।

আগতে, ৰ'মান পঞ্জিকাত কেৱল ১০টা মাহ আছিলে, বা বছৰত ৩০৪ দিন। শীতকালক মাহ-বিহীন কাল আখ্যা দিয়া হৈছিলে। খ্ৰীষ্টপূৰ্ব ৭১৩ ৰজা নুমা পম্পিলাছে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ যোগ কৰাৰ কথা কোৱা হয়, যাতে বছৰটো চন্দ্ৰীয় পঞ্জিকাৰ সৈতে মিলে (৩৫৪ দিন)। যদিও মাৰ্চক বছৰৰ প্ৰথম মাহ বুলি গণ্য কৰা হৈছিল, ৪৫০ খ্ৰীষ্টপূৰ্বত নুমা অথবা ডেছেম্ভিৰ্ছে জানুৱাৰীক বছৰৰ প্ৰথম মাহৰ স্থান দিলে।

বুৰঞ্জীত এই মাহ ৰ'মান নাম ইয়ানুৱাৰিয়াছ, ছেক্সন নাম ৱুল্ফ মনাথ (কুকুৰনেছিয়া মাহ), ছাৰ্লেমেগ্নেৰ ৱিণ্টাৰ মানথ (শীত মাহ) আদি নামেৰে উল্লেখ আছে। স্লভেনেত এই মাহক পৰম্পৰাগতভাৱে প্ৰছিনেক বোলা হৈছিল, যাৰ অৰ্থ মিলেট ব্ৰেড খোজা, এই কথা প্ৰথম স্কফ্যা ল'কাত লিখা হৈছিল।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Stabej, Jože (1966). "Ob petstoletnici škofjeloškega zapisa slovenskih imen za mesece" [On the 500th Anniversary of the Škofja Loka Recording of Slovene Month Names]. Loški razgledi (in Slovenian) (Muzejsko društvo Škofja Loka [Museum Society of Škofja Loka]) 13. ISSN 0459-8210.