১২ জুলাই
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২২ |
১২ জুলাই (ইংৰাজী: 12 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৩তম (অধিবৰ্ষত ১৯৪তম) দিন। বছৰ শেষ হ'বলৈ ১৭২ দিন বাকী থাকে।
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৮২৩ - প্ৰথমখন বাষ্পচালিত জাহাজে কলকাতা বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে। উল্লেখ্য যে এই জাহাখন ভাৰতত নিৰ্মিত হৈছিল আৰু ইয়াৰ নাম আছিল ডায়ানা।
- ১৯৭৯ - গ্ৰেট ব্ৰিটেইনৰ পৰা কিৰবিটিয়ে স্বাধীনতা লাভ কৰে।
- ১৯৮০ - SLV-3ৰ জৰিয়তে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ ৰোহিনীৰ মহাকাশলৈ নিক্ষেপ কৰা হৈছিল।
- ১৯৯১ - ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান দিয়া হয়।
- ২০০২ - ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে এ পি জে আব্দুল কালামলৈ সমাজবাৰ্দী পাৰ্টীয়ে সমৰ্থন আগবঢ়ায়।
- ২০০৪ - অসমৰ হোৱা প্ৰবল বানপানীৰ ফলত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
- ২০০৫ - সুদীৰ্ঘ পাঁচ বছৰ ধৰি চলা গোচৰৰ অন্তত অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি অহা বিতৰ্কিত আৰু বৈষম্যমূলক আই এম ডি টি আইন উচ্চতম ন্যায়ালয়ৰ এক ৰায় যোগে বাতিল কৰা হয়।
জন্ম[সম্পাদনা কৰক]
- ১০১ খ্ৰীষ্টপূৰ্ব - জুলিয়াছ চিজাৰ, ৰোমান সেনানায়ক।
- ১৮৫৪ - জৰ্জ ইষ্টমেন, ফট’গ্ৰাফিৰ ৰোল ফ্লিমৰ আৱিষ্কাৰক। তেখেতৰ আমেৰিকাত জন্ম হৈছিল।
- ১৮৬৩ - এলৰ্বাট কামেটে, যক্ষ্মা ৰোগৰ প্ৰতিষেধক চিটা আৱিষ্কাৰক। তেখেতে ফ্ৰান্সত জন্ম লাভ কৰিছিল।
- ১৯০৪ - নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাট' (পাবলো নেৰুদা), ১৯৭১ চনৰ সাহিত্যৰ ন'বেল বিজয়ী, চিলিৰ (Chilean) কবি-কুটনীতিবিদ তথা ৰাজনেতা।
- ১৯৭৭ - ব্ৰ'ক লেছনাৰ, ইউ এফ চি (ইংঃ UFC) আৰু ডব্লিউ ডব্লিউ ইৰ (ইংঃ WWE) পেছাদাৰী মল্লযুজাৰু।
- ১৯৯১ - জেমছ ৰ'ড্ৰিগুয়েজ, কলম্বিয়াৰ ফুটবল খেলুৱৈ।
- ১৯৯৭ - মালালা ইউছুফজাই, পাকিস্তানৰ মহিলা শিক্ষাৰ সমাজকৰ্মী আৰু আটাইতকৈ কম বয়সীয়া শান্তিৰ ন'বেল বঁটা বিজয়াী (২০১৪)।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৯৩ - কৰুণাভিৰাম বৰুৱা, অসমৰ প্ৰথম শিশু আলোচনী 'ল'ৰাবন্ধু'ৰ প্ৰতিষ্ঠাপক সম্পাদক।
- ১৯৯৯ - ৰাজেন্দ্ৰ কুমাৰ, হিন্দী চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা।
অনান্য[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১২ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|