সমললৈ যাওক

কৰুণাভিৰাম বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৰুণাভিৰাম বৰুৱা
জন্ম ২ জুন, ১৮৭৪
নগাওঁ
মৃত্যু ১২ জুলাই, ১৮৯৩
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পিতৃ-মাতৃ গুণাভিৰাম বৰুৱা (পিতৃ)
বিষ্ণুপ্ৰিয়া দেৱী (মাতৃ)

কৰুণাভিৰাম বৰুৱাৰ (২ জুন ১৮৭৪ - ১২ জুলাই ১৮৯৩) জন্ম হৈছিল নগাঁৱতগুণাভিৰাম বৰুৱা আৰু বিষ্ণুপ্ৰিয়া দেৱীৰ বৰপুত্ৰ আছিল। তেওঁৰ জ্যেষ্ঠ ভগ্নী আছিল স্বৰ্ণলতা বৰুৱা আৰু কণিষ্ঠ ভ্ৰাতৃ আছিল জ্ঞানদাভিৰাম বৰুৱা

সাহিত্যিক জীৱন

[সম্পাদনা কৰক]

১৮৮৫ চনত আসাম বন্ধু আলোচনীৰ প্ৰথম ভাগৰ সপ্তম আৰু অষ্টম সংখ্যাত ধাৰাবাহিক ভাৱে তেওঁৰ 'প্ৰমীলা ' নামৰ উপন্যাস এখন প্ৰকাশ পাইছিল। সেই শাওন আৰু ভাদ মাহৰ দুটা সংখ্যাত 'ঘোৰ নিশা'[1] আৰু 'ঘৰতে বন্দী'[2] নামৰ অধ্যায় দুটা প্ৰকাশ পাই উপন্যাসখন বন্ধ হৈ গৈছিল। তেওঁ এইখনক 'সামাজিক নৱন্যাস' বুলিছে আৰু তাৎপৰ্যপূৰ্ণ ভাৱে অসমীয়া সাহিত্যত ' উপন্যাস ' শব্দটো প্ৰমীলা ৰ প্ৰসংগতে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।[3]

তেওঁ 'ল'ৰাবন্ধু' নামে ১৮৮৮ চনত প্ৰকাশ পোৱা এখন শিশু আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। 'ল'ৰাবন্ধু' অসমৰ প্ৰথম শিশু আলোচনী।[4]

তথ্য সমল

[সম্পাদনা কৰক]
  1. শইকীয়া, ড° নগেন (১৯৮৪). আসাম বন্ধু (সংকলন). অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ২৪৪. 
  2. শইকীয়া, ড° নগেন (১৯৮৪). আসাম বন্ধু (সংকলন). অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ২৫৬. 
  3. হাজৰিকা, পৰীক্ষিত (২০০০). "অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব." নগেন ঠাকুৰ (সম্পা.), এশ বছৰৰ অসমীয়া উপন্যাস , পৃ. ২৮.
  4. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৬