জ্ঞানদাভিৰাম বৰুৱা
জ্ঞানদাভিৰাম বৰুৱা | |
---|---|
জন্ম | ১৯ আগষ্ট ১৮৮০ ফৌজদাৰীপট্টী, নগাঁও, অসম |
মৃত্যু | ২৭ জানুৱাৰী ১৯৫৫ |
পেচা | শিক্ষক, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
জ্ঞানদাভিৰাম বৰুৱা (ইংৰাজী: Gyandabhiram Baruah) অসমৰ এজন লেখক, শিক্ষাবিদ আৰু অভিনেতা। ভেনিচৰ সাউদ, পঞ্চৰত্ন, দদাইৰ পঁজা আদি বিভিন্ন গ্ৰন্থেৰে তেখেতে অসমীয়া সাহিত্যলৈ বৰঙনি আগবঢ়াই গৈছে। ১৯১৪ চনত গুৱাহাটীত আইন মহাবিদ্যালয় স্থাপন হোৱাৰ পিছত তেখেতে তাৰ অধ্যক্ষ নিযুক্ত হৈছিল। বৰুৱাই ১৯৩৩ চনৰ উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্দশ অধিবেশনৰ সভাপতিত্ব কৰিছিল।[1]
চমু জীৱনী[সম্পাদনা কৰক]
জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]
জ্ঞানদাভিৰাম বৰুৱাৰ জন্ম হয় ১৮৮০ চনৰ ১৯ আগষ্টত নগাঁৱৰ ফৌজদাৰীপট্টীত। তেখেতৰ শিশুকাল নগাঁৱত, চেমনীয়া কাল কলিকতাত আৰু যৌৱন কালছোৱা লণ্ডনত আতিবাহিত কৰিছিল।[2] জ্ঞানদাভিৰাম বৰুৱাৰ পিতৃৰ নাম আছিল গুণাভিৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল বিষ্ণুপ্ৰিয়া দেৱী। স্বৰ্ণলতা বৰুৱা আৰু কৰুণাভিৰাম বৰুৱাৰ কনিষ্ঠ ভাতৃ জ্ঞানদাভিৰাম বৰুৱাৰ পত্নীৰ নাম আছিল লতিকা দেৱী। তেখেতৰ তিনিপুত্ৰ আৰু এগৰাকী জীয়াৰী আছিল, তেওঁলোক ক্ৰমে--মনোভিৰাম,নয়নাভিৰাম, চিত্তাভিৰাম আৰু জীয়াৰী শ্ৰীমতী ইৰা। জ্ঞানদাভিৰাম বৰুৱাৰ এগৰাকী জীয়েকক ঠাকুৰ পৰিয়ালৰ এজন ইঞ্জিনিয়াৰৰ সৈতে বিয়া দিছিল। তেওঁলোকৰে সন্তান বিখ্যাত চলচ্চিত্ৰাভিনেত্ৰী শৰ্ম্মিলা টেগৰ।[3]
শিক্ষাজীৱন[সম্পাদনা কৰক]
জ্ঞানদাভিৰাম বৰুৱাৰ বয়স মাথোঁ ১৪ বছৰ হওঁতেই পিতৃ গুণাভিৰাম বৰুৱাৰ মৃত্যু হয় আৰু তাৰ আগতেই মাতৃ বিষ্ণুপ্ৰিয়াৰো মৃত্যু হৈছিল। সেয়েহে তেওঁৰ শিক্ষা-দীক্ষাৰ দায়িত্ব পিতৃৰ বন্ধু আৰু আত্মীয়ই মুৰপাতি লৈছিল। এই দায়িত্ব লোৱা সকলৰ ভিতৰত ১৮৯৮ চনত মাদ্ৰাজত বহা কংগ্ৰেছ অধিবেশনৰ সভাপতি আনন্দমোহন বসুও এগৰাকী আছিল। নগাঁও চৰকাৰী হাইস্কুলত সপ্তম মানলৈকে পঢ়াৰ পাছত তেওঁক ১৮৯৬ চনত মাত্ৰ ১৬ বছৰ বয়সতে বিলাতলৈ পঢ়িবলৈ পঠোৱা হয়। কলিকতাত স্কুলীয়া শিক্ষা পৰবৰ্তী শ্ৰেণীসমূহ শেষ কৰি উচ্চশিক্ষাৰ বাবে লণ্ডনলৈ গৈছিল আৰু তাৰ পৰাই বেৰিষ্টাৰী পৰীক্ষাত উৰ্ত্তীন হৈছিল। তেখেত কাশীত থকা কালত অসমীয়া ছাত্ৰসকলৰ মাজত বেৰিষ্টাৰ জে বৰুৱা ৰূপে জনপ্ৰিয় আছিল আৰু অসমীয়া ছাত্ৰসকলে প্ৰায়ে তেওঁক দেখা কৰিবলৈ গৈছিল।[3]
জ্ঞানদাভিৰাম বৰুৱাই অসমীয়া, ইংৰাজী আৰু বাংলা এই তিনিওটা ভাষা নিখুঁত আৰু বিশুদ্ধৰূপত ক'ব পাৰিছিল। তেখেতে মিহলি ভাষা কোৱাটো বেয়া পাইছিল।[3]
কৰ্ম জীৱন[সম্পাদনা কৰক]
লণ্ডনৰ পৰা ঘূৰি আহি কিছুদিন কলিকতাত ওকালতি কৰিছিল যদিও ১৯০১ চনত অসমত প্ৰথম উচ্চ শিক্ষানুষ্ঠান কটন কলেজ স্থাপন কৰাৰ পাছত দ্বিতীয়খন উচ্চ শিক্ষাৰ অনুষ্ঠান তথা নতুনকৈ প্ৰতিষ্ঠা হোৱা প্ৰথমখন আইন শিক্ষাৰ কেন্দ্ৰ আৰ্ল ল কলেজৰ অধ্যক্ষৰূপে যোগদান কৰে। ১৯১৪ চনত গুৱাহাটীলৈ আহে আৰু তাৰ পাছত গুৱাহাটীলৈ আহি অসম চিভিল ছাৰ্ভিচৰ চাকৰিত যোগদান কৰি পাছত হাকিম হয়গৈ। কুখ্যাত কাৰ্ণিংহাম চাৰ্কুলাৰ প্ৰস্তুত কৰা এই গৰাকী ব্যক্তিয়ে অসমৰ শিক্ষাজগতলৈ যথেষ্ট বৰঙনি যোগাই থৈ গৈছে।
মৃত্যু[সম্পাদনা কৰক]
১৯৫৩ চনত জ্ঞানদাভিৰাম বৰুৱাৰ টান নৰিয়া (গ্ৰহণী ৰোগত আক্ৰান্ত) হয়। একেৰাহে তেওঁ ১০মাহ নৰিয়া পাটীত পৰি থাকি শেষত ১৯৫৫ চনৰ ২৭ জানুৱাৰীত ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ তিনিগৰাকী পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ যায়।
সাহিত্যিক অৱদান[সম্পাদনা কৰক]
জ্ঞানদাভিৰাম বৰুৱাই ১৯৩৩ চনত অসম সাহিত্য সভাৰ উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত অধিবেশনত সভাপতিত্ব কৰিছিল[4]। নগাঁৱত অনুষ্ঠিত হোৱা অষ্টম সাহিত্য সভাৰ অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপেও কাৰ্য-নিৰ্বাহ কৰিছিল জ্ঞানদাভিৰাম বৰুৱাই।[2]। .
ৰচনাৱলী[সম্পাদনা কৰক]
প্ৰবন্ধ সংকলন
|
প্ৰকাশিত পুথি
অনুবাদ
|
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ সমীন কলিতা (২০০১). শতাধিক অসমীয়া সাহিত্যিক. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ্ ষ্ট'ৰচ্.
- ↑ 2.0 2.1 গ্ৰন্থ :এহেজাৰ বছৰৰ এশ গৰাকী অসমীয়া, লিখক :হেমন্ত কুমাৰ ভৰালী, প্ৰকাশক : অনন্ত হাজৰিকা, বনলতা,পৃষ্ঠা:২৫৩-২৫৭,
- ↑ 3.0 3.1 3.2 বিপিনলাল দাস (২০১৬). জীৱনৰ বাটে বাটে. মেডিয়াহাইপ. ISBN ৯৭৮-৮১-২০২-৮৮২৮-৭.
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
সহায়ক গ্ৰন্থ[সম্পাদনা কৰক]
- গ্ৰন্থ :পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ, লিখক :ত্ৰিদিপ গোস্বামী, প্ৰকাশক : অনন্ত হাজৰীকা, বনলতা,পৃষ্ঠা:৫০,৫১,৫২,৫৩।