বিষ্ণুপ্ৰিয়া দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিষ্ণুপ্ৰিয়া দেৱী
জন্ম বিষ্ণুপ্ৰিয়া দেৱী
মৃত্যু ২২ মাৰ্চ, ১৮৯২
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
উল্লেখযোগ্য কৰ্ম নীতিকথা (গ্ৰন্থ)
দাম্পত্যসঙ্গী পৰশুৰাম বৰুৱা (প্ৰথম স্বামী)
গুণাভিৰাম বৰুৱা (দ্বিতীয় স্বামী)
পিতৃ-মাতৃ লম্বোদৰ কটকী (পিতৃ)
সন্তান স্বৰ্ণলতা বৰুৱা
কৰুণাভিৰাম বৰুৱা
জ্ঞানদাভিৰাম বৰুৱা


বিষ্ণুপ্ৰিয়া দেৱী হৈছে প্ৰাক্-জোনাকী যুগৰ এগৰাকী বিশিষ্ট কবি। তেওঁ গুণাভিৰাম বৰুৱাৰ দ্বিতীয়া ভাৰ্য্যা আছিল। ১৮৮৪ চনত শিশু আৰু চেমনীয়াসকলৰ বাবে নীতিকথা নামৰ এখন অমূল্য গ্ৰন্থ ৰচনা কৰিছিল। এই গ্ৰন্থখনত অনেক সাৰগৰ্ভ নীতিবচন আছে। তেওঁ অসমত নাৰীক শিক্ষিত কৰি তুলিবলৈ তেওঁ বিশেষ যত্ন কৰিছিল।

চমু জীৱনী[সম্পাদনা কৰক]

বিষ্ণুপ্ৰিয়া দেৱীৰ পিতৃৰ নাম হৈছে লম্বোদৰ কটকী। বিষ্ণুপ্ৰিয়া এগৰাকী বিদূষী আৰু সাহসী মহিলা আছিল। সমাজসেৱাতো বিষ্ণুপ্ৰিয়া সদায় আগৰণুৱা আছিল।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

লম্বোদৰ কটকীৰ কন্যা বিষ্ণুপ্ৰিয়াৰ প্ৰথম বিবাহ হৈছিল ১৮৫৩ চনত পৰশুৰাম বৰুৱাৰ লগত। পৰশুৰাম বৰুৱাৰ অকাল মৃত্যু আৰু গুণাভিৰাম বৰুৱাৰ প্ৰথমা পত্নীৰ বিয়োগৰ পিচত অসমত সেই সময়ত বিধৱা বিবাহ প্ৰথা নিষিদ্ধ থকা সত্বেও ১৮৭০ চনত বিষ্ণুপ্ৰিয়াৰ সন্মতিসাপেক্ষে গুণাভিৰাম বৰুৱা আৰু বিষ্ণুপ্ৰিয়াৰ বিবাহ সম্পন্ন হৈছিল। ১৮৭২ চনত বিবাহ পঞ্জীয়ন আইন অনুসৰি পঞ্জীয়নভুক্ত এইখনেই অসমৰ প্ৰথম পঞ্জীয়নভুক্ত বিবাহ।[উদ্ধৃতিৰ প্ৰয়োজন]

মৃত্যু[সম্পাদনা কৰক]

১৮৯২ চনৰ ২২ মাৰ্চত বিষ্ণুপ্ৰিয়া দেৱীৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]