আইদেউ সন্দিকৈ
| আইদেউ সন্দিকৈ | |
|---|---|
জয়মতী বোলছবিৰ এটি দৃশ্যত আইদেউ সন্দিকৈ | |
| জন্ম | ২৭ জুন, ১৯১৫ পানী-দিহিঙীয়া গাঁও, গোলাঘাট জিলা |
| মৃত্যু | ১৭ ডিচেম্বৰ, ২০০২ কমাৰগাঁও, গোলাঘাট |
| পিতৃ-মাতৃ | নীলাম্বৰ সন্দিকৈ আৰু মালক্ষ্মী |
আইদেউ সন্দিকৈ (ইংৰাজী: Aideu Nilambar Handique; জন্ম: ২৭ জুন, ১৯১৫ - মৃত্যু: ১৭ ডিচেম্বৰ, ২০০২)[1] অসমীয়া চলচ্চিত্ৰৰ ইতিহাসৰ পাত লুটিয়ালেই যিগৰাকী মহিয়সী নাৰীৰ নাম স্বৰ্ণাক্ষৰেৰে জিলিকি উঠে, তেখেতেই হ’ল প্ৰথম গৰাকী মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈ। জ্যোতিপ্ৰসাদ আগৰৱালা ৰ দ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া বোলছবি "জয়মতী"ত (১৯৩৫) নামভূমিকাত অভিনয় কৰি তেখেতে অসমীয়া সংস্কৃতিলৈ যি অৱদান আগবঢ়াইছিল, তাৰ তুলনা বিশ্বৰ ইতিহাসতো বিৰল। উক্ত বোলছবিত এগৰাকী সহ-অভিনেতাক 'বঙহৰদেউ' (স্বামী) বুলি সম্বোধন কৰা বাবে তেখেত চিৰজীৱন আবিয়ৈ হৈ থাকিবলগীয়া হয়।
জন্ম আৰু শৈশৱ
[সম্পাদনা কৰক]আইদেউ সন্দিকৈৰ জন্ম হৈছিল ১৯১৫ চনত গোলাঘাট জিলাৰ মহুৰা মৌজাৰ পানীদিহিঙীয়া গাঁৱত। তেওঁৰ দেউতাকৰ নাম আছিল নীলাম্বৰ সন্দিকৈ আৰু মাকৰ নাম মা-লক্ষী সন্দিকৈ। এখন সাধাৰণ আৰু অতিকৈ ৰক্ষণশীল গাঁৱলীয়া সমাজত জন্মগ্ৰহণ কৰা আইদেউ সন্দিকৈয়ে আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হৈছিল। সৰুৰে পৰাই তেখেত ঘৰুৱা কাম-কাজ আৰু শিপিনী হিচাপে পাকৈত আছিল। তেওঁৰ তিনিজন ভায়েক আছিল। ডিম্ব গোহাঁই আছিল ছোৱালীজনীৰ সম্বন্ধীয়া ককায়েক। ডিম্ব গোহাঁয়ে আইদেউ সন্দিকৈক পানীত চলাচল কৰা জাহাজ দেখুৱাম বুলি মনে মনে ঘৰৰ পৰা লৈ আহিছিল। কিন্তু জাহাজত উঠাৰ পিছত যেতিয়া জাহাজখন চলিবলৈ আৰম্ভ কৰিছিল তেতিয়া আইদেউ সন্দিকৈয়ে কান্দিবলৈ আৰম্ভ কৰিছিল। এইদৰে এটা সময়ত তেওঁ গৈ ভোলাগুৰি চাহ বাগিচা পাইছিল আৰু তাত দেউতাকৰ অনুমতি লৈ ‘জয়মতী’ চৰিত্ৰত অভিনয় কৰিছিল।
জয়মতী
[সম্পাদনা কৰক]১৯৩৩ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বোলছবিৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰে। তেখেতে বোলছবিত সহ-অভিনয়ৰ যোগেদি নাৰী চৰিত্ৰ ৰূপায়ণৰ কথা ভাবিছিল। নাম-ভূমিকাৰ বাবে তেখেতে বাতৰি-কাকতত বিজ্ঞাপনো দিছিল। কিন্তু সেই বিজ্ঞাপনৰ কোনো ফল নধৰিলে। তাৰ মাজতে আইদেউ সন্দিকৈৰ সম্বন্ধীয় এজনে যিয়ে জ্যোতিপ্ৰসাদক চিনি পাইছিল, আইদেউৰ আলোক ছবি জ্যোতিপ্ৰসাদক দেখুৱাইছিল। জ্যোতিপ্ৰসাদে সেই ছবি চাই আইদেউক জয়মতীৰ চৰিত্ৰৰ বাবে উপযুক্ত হ'ব বুলি ধাৰণা কৰে। সেই সম্বন্ধীয় ব্যক্তিজনে জাহাজ দেখুওৱাৰে চলেৰে আইদেউক ভোলাগুৰি চাহ-বাগিচাত অস্থায়ী ভাৱে নিৰ্মিত জ্যোতি চিত্ৰবনলৈ লৈ আনে। তাতেই জ্যোতিপ্ৰসাদে জয়মতী চৰিত্ৰৰ বাবে আইদেউকে নিৰ্বাচন কৰে।[1]
প্ৰথমে আইদেউ সন্দিকৈয়ে বোলছবিত অভিনয় কৰিবলৈ মান্তি হোৱা নাছিল যদিও, পাছলৈ দেউতাকৰ সন্মতি ক্ৰমে ছবিত অভিনয় কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতক অভিনয়ৰ কলা-কৌশল শিকাই লৈছিল। জয়মতীৰ অভিনয় কালত আইদেউ প্ৰায় ষোল্ল বছৰীয়া আছিল।[2]
'জয়মতী'ৰ পাছত
[সম্পাদনা কৰক]'জয়মতী' বোলছবিখন মুক্তি দিয়া হয়, ১৯৩৫ চনত।[1] ব্যৱসায়িক ভাৱে ছবিখন সফল হোৱা নাছিল। বোলছবিখন নিৰ্মাণ হোৱাৰ পাছত আইদেউ সন্দিকৈ আকৌ পানীদিহিঙীয়া গাঁৱলৈ উভতি যায়। কিন্তু তেখেতক আৰু পৰিয়ালক সমাজে এঘৰীয়া কৰে। বোলছবিত অভিনয় কৰাটোক সেই সময়ত এটা লাজ লগা কথা বুলি গণ্য কৰা হৈছিল। এমাহে ঘৰৰপৰা বাহিৰত বিভিন্ন মানুহৰ লগত একেটা 'কেম্প'তে থকাটোকো পাপ কাম বুলি গণ্য কৰা হৈছিল। তদুপৰি জয়মতী-ৰ চৰিত্ৰ ৰূপায়ণ কৰোঁতে জয়মতীৰ স্বামী গদাপানিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক 'বঙহৰদেউ', অৰ্থাৎ 'মৰমৰ স্বামী' বুলি সম্বোধন কৰাটোও এটা দোষৰ কথা বুলি গণ্য কৰা হৈছিল।[2][3]।
পৰিয়ালটোৱে ৰাজহুৱাকৈ ক্ষমা খোজাৰ পাছতো গাঁৱৰ ৰাইজে পৰিয়ালটোক এঘৰীয়া কৰাৰপৰা নিস্কৃতি দিয়াৰ পাছত, আইদেউ সন্দিকৈক পৰিয়ালে মূল ঘৰৰ বাহিৰত বেলেগ ঘৰ সাজি দিছিল। তেখেতৰ খোৱা-পানীৰ পুখুৰী বেলেগ আছিল আৰু আন কোনেও সেই পুখুৰীৰ পানী নাখাইছিল। তেখেতক বিয়া কৰাবলৈও কোনো আগবাঢ়ি অহা নাছিল।[1]
সমাজে এলাগী কৰা আইদেউ সন্দিকৈৰ পাছৰ খবৰ জ্যোতিপ্ৰসাদে ৰখা নাছিল। 'জয়মতী' বোলছবিখন মুক্তি দিওঁতেও তেখেতৰ খবৰ লোৱা হোৱা নাছিল। আইদেউ সন্দিকৈয়ে ১৯৮৫ চনতহে নিজৰ অভিনীত 'জয়মতী'ৰ অংশ দেখিবলৈ পায়[1]। অসম চৰকাৰে আয়োজন কৰা অসমীয়া চলচ্চিত্ৰৰ পঞ্চাছ বছৰীয়া জয়ন্তীৰ সময়ত তেখেতে 'জয়মতী'ৰ ৰৈ যোৱা কেইটামান ৰীল দেখিবলৈ পাইছিল। সেই সময়তে অসম চৰকাৰে তেখেতক মাহে ১০০০ টকাকৈ এটা পেন্সন দিয়াৰ ব্যৱস্থাও কৰি দিয়ে।[2][3]। ১৯৯১ চনত তেখেতৰ গাঁৱত আইদেউৰ সন্দিকৈ মধ্য ইংৰাজী বিদ্যালয় নামেৰে এখন বিদ্যালয় স্থাপন কৰা হয়।
জীৱনৰ শেষ সময়
[সম্পাদনা কৰক]আইদেউ সন্দিকৈয়ে জীৱনৰ শেষৰ সময়খিনি ভতিজাকহঁতৰ লগত গোলাঘাটৰ কমাৰগাঁৱত কটায়। "The East Indian Motion Picture Association"-এ লৰচৰ কৰিব নোৱাৰা আইদেউক এখনি হুইল চকী প্ৰদান কৰে। অসম চৰকাৰে তেখেতৰ মাহিলী পেন্সন ১৫০০ টকালৈ বৃদ্ধি কৰে। তেখেতৰ নাম পদ্মশ্ৰী বঁটাৰ বাবেও মনোনীত কৰা হয়, কিন্তু মাত্ৰ এখন ছবিত অভিনয় কৰাৰ অজুহাতত সেই বঁটা প্ৰদান কৰা নহ'ল।[4]
২০০২ চনৰ ১৭ ডিচেম্বৰত আইদেউ সন্দিকৈয়ে মৃত্যুবৰণ কৰে।
আইদেউ সন্দিকৈৰ জীৱন ভিত্তিক অন্যান্য কৰ্ম
[সম্পাদনা কৰক]- 'আইদেউ' ("Aideu - Behind the Screen") ২০০৭ চনত মুক্তিপ্ৰাপ্ত আইদেউ সন্দিকৈৰ জীৱনী-ভিত্তিক এখন কাহিনী চিত্ৰ। চিত্ৰনাট্য আৰু পৰিচালনা অৰূপ মান্নাৰ। নামভূমিকাত অভিনয় কৰে চন্দনা শৰ্মাই। অসম চলচ্চিত্ৰ উৎসৱ, ২০০৭ চনত এই ছবিখন শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ মহিলা অভিনেতাৰ বঁটা লাভ কৰে।[5]
- ২০১৩ চনৰ ২০ আগষ্ট তাৰিখে উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ ছবি ঘৰ আইদেউ টকীজ আইদেউ সন্দিকৈৰ স্মৃতিত জন্ম লাভ কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Aideu Handiqu, by Haresh Pandya, The Guardian, প্ৰকাশ: ১৫ ফেব্ৰুৱাৰী, ২০০৩, আহৰণ: ৩১ আগষ্ট, ২০১১
- ↑ 2.0 2.1 2.2 "The First Lady of Assamese Cinema, by Sabita Goswami, আহৰণ কৰা তাৰিখ ৩১ আগষ্ট, ২০১১". Archived from the original on 2013-04-16. https://web.archive.org/web/20130416032426/http://www.bipuljyoti.in/cinema/aideuhandique.html। আহৰণ কৰা হৈছে: 2011-08-31.
- ↑ 3.0 3.1 "Aideu Handique". Assam info.com. http://www.assaminfo.com/famous-people/33/aideu-handique.htm। আহৰণ কৰা হৈছে: 2012-11-25.
- ↑ "Recognition too late, by Sangeeta Borooah Pisharoty, Hindu প্ৰকাশ: ২৫ মাৰ্চ, ২০০৭, আহৰণ: ৩১ আগষ্ট, ২০১১". Archived from the original on 2008-10-06. https://web.archive.org/web/20081006110613/http://www.hindu.com/mag/2007/03/25/stories/2007032500150500.htm। আহৰণ কৰা হৈছে: 2011-08-31.
- ↑ Remembering Aideu - The first Northeast film fest celebrates the best in regional cinema, by CHANDAN SARMAH, Telegraph India, প্ৰকাশ: ৯ জানুৱাৰী, ২০০৯; আহৰণ:৩১ আগষ্ট, ২০১১
| ||||||||||||||||||||||||||