লাচিত বৰফুকন
লাচিত বৰফুকন | |
---|---|
![]() | |
জন্ম | লা-চিত ২৪ নৱেম্বৰ, ১৬২২ ছেং-লুঙ-মুঙ, চে-ৰাই-ডয়, অসম |
মৃত্যু | ২৫ এপ্ৰিল, ১৬৭২ |
সমাধিস্থল | হোলোঙাপাৰ, যোৰহাট, অসম |
স্মৃতিচিহ্ন | লাচিত বৰফুকন সহিতে আহোম সৈন্যৰ প্ৰতিমূৰ্তি |
ৰাষ্ট্ৰীয়তা | অসমীয়া |
বংশদ্ভূত | টাই আহোম |
পেচা | ফুকনলুং |
জনা যায় | শৰাইঘাটৰ যুদ্ধ |
উল্লেখযোগ্য কৰ্ম | ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্যৰ বৰফুকনৰ দায়িত্ব লৈ মোগল সৈন্যক পৰাস্ত কৰিছিল |
গৃহস্থান | চে-ৰাই-ডয় |
পদবী | ফু-কন লুং |
ধৰ্ম | আহোম ধৰ্ম[1][2] |
দাম্পত্যসঙ্গী | নাঙ ছেংধৰা আইদেউ নাং গোঁহাই আইদেউ (আতন বুঢ়াগোহাঁইৰ জীয়েক) |
পিতৃ-মাতৃ | ম'ছাই ছেং কালুক (ছেঙ-লুঙ-মুঙীয়া মহন ফৈদ) নাং কুন্তী মৰাণ[3] |
সন্তান | চ্যাও চেঙ-ডাম চ্যাও আই-ধাঙ চাও ইঃ-ধাঙ |
আত্মীয়-স্বজন | ভাতৃ: চাও মাই-চেও চাও ত্যাও ম্যুং ছেঙ চাও ম'বাও-লাও চাও লাপেট-লাও, ভগ্নী: নাং লাইছেং ককা বা প'-থাও:ম'ছাই কাছেংডাম [4] |
লাচিত বৰফুকন বা চাও লাচিত ফুকনলুং (ইংৰাজী: Lachit Borphukan) আছিল অসম ৰাজ্য বা মু'ঙ দন চ'ণ খামৰ নৱমজন বৰফুকন বা ফুকনলুং। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল।[5] শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।
পৰিয়াল
লাচিত বৰফুকনৰ বংশ সম্পৰ্কে লাইলিত বুৰঞ্জী আৰু চকৰী ফেঁটী বুৰঞ্জীত কিছু তথ্য পোৱা যায়। তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে চে-ৰাই-ডয় চহৰৰ ছেং-লুঙ-মুঙত হয়। তেওঁৰ পিতৃৰ নাম আছিল ম'ছাই ছেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল তেওঁৰ সপ্তম পুত্ৰ (চতুৰ্থজন জীৱিত সন্তান)৷[6] তেখেতৰ ভাতৃ সমুহৰ নাম চাও মাই-চেও ,চাও ত্যাও ম্যুং ছেঙ,চাও ম'বাও-লাও আৰু চাও লাপেট-লাও, তেখেতৰ ভগ্নীৰ নাম নাং লাইছেং , তেঁওৰ নামৰে চেৰাইডয়ৰত লাইছেং গাওঁ নামাকৰণ কৰা হৈছিল আৰু লাচিতৰ বংশধৰ সকল এতিয়া লাইছেং গাওঁ,দক্ষিণ মৰাণজান,জজলী লেচাই হাবি গাঁওত বাস কৰে।[7] জন্মসূত্ৰে তেওঁৰ নাম লা-চিত৷ তেখেতৰ পত্নী সকলৰ নাম আছিল নাঙ ছেংধৰা আইদেউ আৰু আতন বুঢ়াগোহাঁইৰ জীয়েক নাং গোঁহাই আইদেউ। তেখেতৰ বৰ পুত্ৰ চ্যাও চেঙ-ডাম আছিল নাং গোঁহাই আইদেউৰ ফালৰ সন্তান। নাঙ ছেংধৰা আইদেউৰ ফালৰ পৰা তেঁওৰ দুজন পুত্ৰ সন্তান চাও আই-ধাঙ আৰু চাও ইঃ-ধাঙ আছিল।
লাচিতৰ শিক্ষা গ্ৰহণ
ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিৱেশত হোৱা বাবে কৰ্তব্যপৰায়ণতা, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা বিখ্যাত ফৈদ হ’ল বিখ্যাত লান ফিমা বংশ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।
লাচিতে একেদিনাই ফুকনলুঙৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে চাওফা চুপুংমুংৰ ফুকনলুং হৈছিল।
দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা চাওফাৰ চকুত পৰে। এদিনাখনৰ কথা- দোলাত বহি থকা চাওফাই লাচিতক মাতি আনি ক’লে- “বঙাল শত্ৰু কাষতে আছে, কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাক ধৰিব পাৰি।” লাচিতে উত্তৰ দিলে- “চাওফাৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। চাওফা আদেশ দিবহে লাগে।”[8]
তাৰ পিচতেই লাচিতক ফুকনলুঙৰ ভাৰ দিয়া হৈছিল। ফুকলুং পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল। লাচিতক চাওফাৰ ওচৰলৈ মাতি পঠিওৱা হ’ল। চাওফাৰ সমুখত আঁঠু ল'ব ধৰোঁতেই ক’ৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মূৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল। চাওফাই এইটো পৰিকল্পিতভাৱে কৰোৱাইছিল। লাচিতৰ স্বাভাৱিকতেই খং উঠিল আৰু খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি গ’ল। চাওফাৰ হস্তক্ষেপত লগুৱা বাচিল। লাচিত নিৰ্ভীক আৰু যথেষ্ট সাহসী আছিল ।
সাহসৰ অন্তিম নিদৰ্শন
শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যি কৈছিল, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।” কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।
লাচিত বৰফুকনৰ মৃত্যু
শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত চাওফা উদয়াদিত্য সিংহই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “লাচিত মৈদাম” নিৰ্মাণ কৰে।
লাচিত-দিৱস (বান-লা-চিত)
প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত ফুকনলুঙৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস (বান-লা-চিত) (ইংৰাজী: Lachit Day) হিচাপে পালন কৰা হয়[9]।
আলোকচিত্ৰ
লাচিত বৰফুকনৰ মৈদাম হোলোঙাপাৰত, যোৰহাট
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (এন ডি এ), খদকৱাছলাত লাচিত বৰফুকনৰ মূৰ্তি।[10]
আৰু চাওক
তথ্য সংগ্ৰহ
- ↑ মহাবীৰ লাচিত বৰফুকনৰ জীৱন বুৰঞ্জী আৰু বংশাৱলী,ইন্দ্ৰ মহন বৰুৱা
- ↑ লাই-লিত বুৰঞ্জী, পণ্ডিত ঘিনাই বাণ্টুঙীয়া ম'হুঙ বৰুৱা
- ↑ লাই-লিত বুৰঞ্জী, পণ্ডিত ঘিনাই বাণ্টুঙীয়া ম'হুঙ বৰুৱা
- ↑ মহাবীৰ লাচিত বৰফুকনৰ জীৱন বুৰঞ্জী আৰু বংশাৱলী,ইন্দ্ৰ মহন বৰুৱা
- ↑ "Explained: Ahom warrior Lachit Borphukan and the battles of Alaboi & Saraighat" (en ভাষাত). The Indian Express. 2022-03-03. https://indianexpress.com/article/explained/explained-ahom-warrior-lachit-borphukan-and-the-battles-of-alaboi-saraighat-7791371/। আহৰণ কৰা হৈছে: 2022-07-16.
- ↑ "Vikaspedia". India Development Gateway (InDG)as.vikaspedia.in. http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae.
- ↑ "Vikaspedia". India Development Gateway (InDG)as.vikaspedia.in. http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9ae9ae9ae9ae.
- ↑ ভূঞা, সূৰ্য্য কুমাৰ, ৰায়-বাহাদুৰ, M.B.E.,M.A.,B.L.(কলিকতা), Ph.D. Lachit Barphukan and his times
- ↑ http://www.hvk.org/articles/0801/92.html
- ↑ "Lachit Borphukan : A great 'unknown' Son of Sanatan Dharma | Hindu Human Rights Online News Magazine". Hinduhumanrights.info. 2012-06-10. http://www.hinduhumanrights.info/lachit-borphukan-a-great-unknown-son-of-sanatan-dharma/। আহৰণ কৰা হৈছে: 2013-04-03.
বাহ্যিক সংযোগ
![]() |
ৱিকিমিডিয়া কমন্সত লাচিত বৰফুকন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Emulate the spirit and skill of Lachit Barphukan লিখক: লে. জে. এচ. কে. সিনহা
- Lachit Borphukon লিখক: অজিত বৰুৱা
- http://www.hvk.org/articles/0801/92.html
- http://www.rediff.com/news/2003/jun/06inter.htm
- http://www.hvk.org/articles/0801/92.html
- http://www.hvk.org/articles/0801/92.html