অজিৎ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অজিত বৰুৱাৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
অজিৎ বৰুৱা

অজিৎ বৰুৱা, ২০১‍১ চন
জন্ম ১৯ আগষ্ট, ১৯২৬
নলবাৰী, অসম
মৃত্যু ৩ এপ্ৰিল, ২০১৫
যোৰপুখুৰী, গুৱাহাটী
ৰাষ্ট্ৰীয়তা  ভাৰত
বংশদ্ভূত অসমীয়া
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ
শিক্ষানুষ্ঠান কটন কলেজিয়েট হাইস্কুল

কটন কলেজ
কলিকতা বিশ্ববিদ্যালয়
গুৱাহাটী বিশ্ববিদ্যালয়

আন্তঃৰাষ্ট্ৰীয় লোক প্ৰশাসন বিদ্যালয়, পেৰিছ
পেচা সাহিত্যিক,প্ৰশাসনিক বিষয়া
সক্ৰিয় হৈ থকা সময় ১৯৩৯-২০১০
প্ৰভাৱিত কৰিছে আধুনিকতাবাদ
দাম্পত্যসঙ্গী কৃষ্ণা দাস (১৯৫৬-৭৬)
সন্তান পৰ্জন্য বৰুৱা (জন্ম: ১৯৫৭, মৃত্যু: ২০‍০৯)
পাৰমিতা বৰুৱা মোহনচন্দ্ৰ (জন্ম: ১৯৫৮)
আত্মীয়-স্বজন হলীৰাম ডেকা ভিনিহিয়েক,প্ৰণৱজ্যোতি ডেকা ভাগিনিয়েক
বঁটা, সন্মান, পুৰস্কাৰ আদি ভাৰতীয় ভাষা পৰিষদ বঁটা (১৯৮৮)
সাহিত্য অকাডেমি বঁটা (১৯৯১)
অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা(১৯‍৯৩)
অসম উপত্যকা সাহিত্য বঁটা (১৯‍৯‍৯)
অমূল্য কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী বঁটা (২০‍০২)
নিজৰা কবি শৈলধৰ ৰাজখোৱা স্মৃতি বঁটা(২০‍০৭-০৯)
গণেশ গ‍গৈ বঁটা (২০১০)
পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ (২০১০)
স্বাক্ষৰ

অজিৎ বৰুৱা (ইংৰাজী: Ajit Barua; ১৯ আগষ্ট ১৯২৬—৩ এপ্ৰিল ২০১৫) এজন অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামী। প্ৰধানকৈ সাহিত্যিক হিচাপেই তেওঁ জনাজাত আছিল। একাধাৰে কবি, গীতিকাৰ, ঔপন্যাসিক, সমালোচক, অনুবাদক, ৰম্য ৰচনাকাৰ আদি হিচাপে তেওঁ অসমীয়া সাহিত্যলৈ অৰিহণা যোগাইছিল। তেওঁক ‘জেংৰাই কবি’ অভিধাৰে জনা যায়। সামগ্ৰিকভাৱে অজিৎ বৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী যথাৰ্থ আধুনিকতাবাদী কবি হিচাপে অভিহিত কৰা হয়।[1] কবি কুশল দত্তৰ মতে “অধ্যয়নৰ ব্যাপ্তি, বোধৰ সামুদায়িক দৃষ্টি, জগত আৰু জীৱনক বুজি উঠা আৰু তাক অতি ওখ খাপৰ শিল্পৰূপে স্থাপত্যসিদ্ধ কৰি তোলাৰ সাধনাই অজিৎ বৰুৱাৰ সৃষ্টিক একক আৰু অনন্যৰূপে অসমীয়া তথা ভাৰতীয় সাহিত্যত সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।”[2]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

অজিৎ বৰুৱাৰ জন্ম ১৯২৬ চনৰ ১৯ আগষ্টত অসমৰ গুৱাহাটীত। তেওঁৰ পিতৃ চান্দকুছিৰ মল্ল বুজৰবৰুৱা বংশৰ প্ৰয়াত চিত্ৰমল্ল বৰুৱা। এই বংশৰ এটা ঠালৰপৰাই ১৭৯৫ চনৰ দন্দুৱা দ্ৰোহৰ নায়ক হৰদত্ত আৰু বীৰদত্তৰ জন্ম হৈছিল। তেওঁলোক বৰুৱাৰ অষ্টম পূৰ্বপুৰুষ কল্যাণমল্ল বৰুৱাৰ ভায়েক ছত্ৰপতি বৰুৱাৰ নাতি। চিত্ৰমল্ল বৰুৱা বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আছিল। মাতৃ আছিল উত্তৰ গুৱাহাটীৰ মজিন্দাৰ বৰুৱাৰ বংশৰ (পাছলৈ ডিব্ৰুগড়ৰ) পদ্মলতা বৰুৱা। তেখেত মহাপণ্ডিত আনন্দৰাম বৰুৱাৰ ভতিজা জীয়ৰী আছিল[3]

শৈক্ষিক জীৱন[সম্পাদনা কৰক]

স্কুল পৰিদৰ্শক দেউতাকৰ চাকৰিৰ হেতু অজিৎ বৰুৱাৰ কৈশোৰকাল অবিভক্ত অসমৰ বিভিন্ন ঠাইত অতিবাহিত হৈছিল। ১৯৩‍৩ চনত চান্দকুছি মজলীয়া বিদ্যালয়ত তেওঁ শৈক্ষিক জীৱনৰ পাতনি মেলে। ইয়াৰ পাছত নলবাৰী প্ৰাথমিক বিদ্যালয়, যোৰহাট গৱৰ্নমেণ্ট হাইস্কুল, বৰপেটা গৱৰ্নমেণ্ট হাইস্কুল, গোৱালপাৰা গৱৰ্নমেণ্ট হাইস্কুল, শ্বিলং গৱৰ্নমেণ্ট হাইস্কুল আৰু নলবাৰী গৰ্ডন হাইস্কুলত প্ৰাথমিক, মজলীয়া আৰু হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি ১৯৪৩ চনত কটন কলেজিয়েট হাইস্কুলৰপৰা  ষ্টাৰ মাৰ্কসহ অসমৰ ভিতৰত তৃতীয় স্থানেৰে মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়। সেই বছৰ‍তে তেতিয়াৰ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনস্থ কটন কলেজত আই.এছ-চি.ত নামভৰ্তি কৰি ১৯৪৫ চনত কটন কলেজৰপৰাই আই.এছ-চি. পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ পাছত কটন কলেজতে স্নাতক মহলাত ইংৰাজী বিষয়ত নামভৰ্তি কৰি ১৯৪৭ চনত অনাৰ্ছসহ বি.এ. পাছ কৰে আৰু কলিকতা বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী সাহিত্যত সুখ্যাতিৰে দ্বিতীয় শ্ৰেণীৰ তৃতীয় বিভাগ লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

পাছলৈ তেওঁ কৰ্মজীৱনৰ মাজতো ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৩ চনত ফ্ৰান্স চৰকাৰৰ জলপানি লাভ কৰি দুবছৰৰ বাব পেৰিছৰ আন্তঃৰাষ্ট্ৰীয় লোক প্ৰশাসন বিদ্যালয়ত (I.I.A.P) অধ্যয়নৰ সুবিধা লাভ কৰি ১৯৭৫ চনত লোক প্ৰশাসন বিষয়ত ডিগ্ৰী লাভ কৰে। কলিকতাত অসম চৰকাৰ‍ৰ বাণিজ্য উপদেষ্টাৰূপে কৰ্মৰত হৈ থাকোঁতে (১৯৬৮-৭১ চন) তেওঁ কলিকতাৰে আলিয়াঁচ ফঁচেজত ফৰাচী ভাষা অধ্য‍য়নো কৰিছিল।[4]

১৯৫৬ চনত অজিৎ বৰুৱা

চাকৰি কাল[সম্পাদনা কৰক]

১৯৫০ চনত নগাঁও মহাবিদ্যালয়ত অধ্যাপক হিচাপে অজিৎ বৰুৱাই কৰ্মজীৱনৰ পাতনি মেলে। ইয়াৰ পাছতে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয় আৰু কটন মহাবিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে যদিও ১৯৫২ চনত অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাত কলেজৰ অধ্যাপকৰ চাকৰি ত্যাগ কৰে আৰু সেই বছৰতে এ.চি.এছ.(প্ৰথম শ্ৰেণী) বিষয়াৰূপে নিৰ্বাচিত আৰু নিযুক্ত হয়। একে বছৰতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাতো উত্তীৰ্ণ হৈ তেওঁ ভাৰতীয় ৰাজস্ব সেৱা (আই.আৰ.এছ)ত প্ৰথম অসমীয়া হিচাপে নিযুক্তি লাভ কৰে।

১৯৫৮ চনত অজিৎ বৰুৱাই ভাৰতীয় ৰাজস্ব সেৱাৰ পদ ত্যাগ কৰি পুনৰ অসম প্ৰশাসনীয় সেৱাৰ প্ৰথম শ্ৰেণীৰ বিষয়াৰূপে যোগদান কৰে। এ.চি.এছ. বিষয়াৰূপেই তেওঁ ১৯৬৩ চনত উদ্যোগ বিভাগৰ উপ-সচিব আৰু ১৯৬৮ চনত অসম চৰকাৰৰ কলিকতাৰ কাৰ্যালয়ত বাণিজ্য উপদেষ্টাৰূপে নিয়োজিত হয়। ১৯৭১ চনত অজিৎ বৰুৱাক ভাৰতীয় প্ৰশাসনীয় সেৱা (আই.এ.এছ.)লৈ পদোন্নতি দিয়া হয়। তাৰ পাছত তেওঁ ক্ৰমে অসম চৰকাৰৰ উদ্যোগ বিভাগৰ নিৰ্দেশক, উদ্যোগ বিভাগৰ সচিব, ৰাজস্ব বিভাগৰ সচিবৰূপে নিযুক্ত হৈ ১৯৮৪ চনত ৰাজস্ব বিভাগৰ আয়ুক্ত-সচিব হিচাপে দায়িত্ব‍ভাৰ গ্ৰহণ কৰে।[4]    

১৯৮৪ চনত সাময়িকভাৱে অসম ৰাজস্ব ব'ৰ্ডৰ অধ্যক্ষ হিচাপেও তেওঁক দায়িত্বভাৰ দিয়া হৈছিল। সমান্তৰালভাৱে ১৯৮৩ চনত নামনি অসমৰ আয়ুক্ত হিচাপে তেওঁ যোগদান কৰে আৰু এই পদতে থাকি ১৯৮৬ চনৰ ৩০ নৱেম্বৰত চৰকাৰী চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে।[5]

পাৰিবাৰিক জীৱন[সম্পাদনা কৰক]

১৯৫৬  চনত ডিব্ৰুগড়ৰ মদন মোহন দাসৰ জীয়ৰী কৃষ্ণা দাসৰ স'তে অজিৎ বৰুৱা বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুটি সন্তান - পুত্ৰ পৰ্জন্যৰ জন্ম ১৯৫৭ চনত আৰু কন্যা পাৰমিতাৰ জন্ম ১৯৫৮ চনত হয়। পুত্ৰ পৰ্জন্য বৰুৱা কটন কলেজৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপক পদত অধিষ্ঠিত আছিল যদিও ২০‍০৯ চনত আকস্মিকভাৱে দেহাৱসান ঘটে। ১৯৭৬ চনত কৃষ্ণা দাসৰে আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ ঘটে অজিৎ বৰুৱাৰ।

সাহিত্যিক অৱদান[সম্পাদনা কৰক]

চল্লিশৰ দশকত প্ৰায় তেৰ বছৰ বয়সতে লিখা ‘মন মোৰ নাথাকে ইয়াত’ কবিতাৰে অজিৎ বৰুৱাই সাহিত্যিক জীৱনৰ পাতনি মেলিছিল।[6] তাৰ পাছত ১৯৪২ চনত ধীৰেন্দ্ৰ নাথ দত্ত সম্পাদিত ‘অভিযান’ আলোচনীত তেওঁৰ কবিতা ‘তাজমহল’ প্ৰকাশ পায়। সংখ্যাত কবিতা তাকৰ আছিল যদিও বহু চৰ্চিত আৰু পঠিত ‘ব্ৰহ্মপুত্ৰ’, 'জেংৰাই ১৯৬৩', 'চেনৰ পাৰত' আদি কবিতাই তেওঁক অসমীয়া সাহিত্যৰ জগতত প্ৰতিষ্ঠা কৰে। ১৯৬০ চনৰপৰা ১৯৮৯ চনলৈকে সুদীৰ্ঘ ২৯ বছৰ কাল সাধনা কৰি তেওঁ তেওঁৰ প্ৰখ্যাত 'ব্ৰহ্মপুত্ৰ' কবিতাটো সম্পূৰ্ণ কৰিছিল। কবিতাটোত তেওঁ ব্ৰহ্মপুত্ৰকেন্দ্ৰিক অসমীয়া জাতীয় জীৱনৰ ইতিহাস ৰূপায়ণ কৰিছে।

তেওঁৰ সাহিত্যিক অৱদানসমূহ তলত উল্লেখ কৰা হ'ল:[4][3][6]

কবিতা[সম্পাদনা কৰক]

  1. কিছুমান পদ্য আৰু গান (প্ৰথম প্ৰকাশ : ১৯৮২ চন, প্ৰকাশক: অজিৎ বৰুৱা; দ্বিতীয় প্ৰকাশ : ১৯৯২ চন, বনলতা। )
  2. ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য (প্ৰথম প্ৰকাশ : আগষ্ট ১৯৮৯ চন, অজিৎ বৰুৱা; দ্বিতীয় প্ৰকাশ: জানুৱাৰী ১৯৯২ চন, বনলতা। )
  3. গছ প্ৰেমৰ পদ্য (ৰাজ কুমাৰ মজিন্দাৰৰ চিত্ৰ সম্বলিত) (প্ৰথম প্ৰকাশ : ২০০০ চন, অজিৎ বৰুৱা। )
  4. আৰু কিছুমান পদ্য আৰু গান (প্ৰথম প্ৰকাশ : ২০০১ চন, ষ্টুডেণ্ট ষ্ট'ৰ্‌ছ। )
  5. অজিৎ বৰুৱা কবিতা সমগ্ৰ (প্ৰথম প্ৰকাশ: ২০১৫, সম্পাদনা : কুশল দত্ত, ভৱানী বুকছ। )

উপন্যাস[সম্পাদনা কৰক]

  1. এখন প্ৰেমৰ উপন্যাস (প্ৰথম প্ৰকাশ :১৯৯২, কথা পাব্লিশ্বাৰ্জ; দ্বিতীয়: ১৯৯৭, বনলতা। )

প্ৰবন্ধ-সাহিত্য আৰু সমালোচনামূলক লেখা[সম্পাদনা কৰক]

  1. সাহিত্যৰ বিষয়ে  (প্ৰথম প্ৰকাশ : ১৯৯১ চন, হীৰেন ভট্টাচাৰ্য। )
  2. কাব্য আৰু অন্যান্য (প্ৰথম প্ৰকাশ: ১৯৯৩ চন, কথা পাব্লিশ্বাৰ্জ। )
  3. পদ্যৰ পাছৰ কাব্য (প্ৰথম প্ৰকাশ: ডিচেম্বৰ ১৯৯৪ চন, ষ্টুডেণ্ট ষ্ট'ৰ্‌ছ। )
  4. বিভিন্ন প্ৰবন্ধ (প্ৰথম প্ৰকাশ: ১৯৯৯ চন, শৰাইঘাট প্ৰকাশন। )
  5. Essays on T.S. Eliot (প্ৰথম প্ৰকাশ : ২০০২ চন, আৰ্কাইভ। )

অনুবাদ সাহিত্য[সম্পাদনা কৰক]

  1. From The Assamese : Translation of Ajit Barua's Assamese Verse (কবিৰ কবিতাৰ স্ব-কৃত ইংৰাজী অনুবাদ সংকলন) [প্ৰথম প্ৰকাশ : ছেপ্টেম্বৰ ১৯৯০ চন, অজিৎ বৰুৱা। ]
  2. ব্ৰহ্মপুত্ৰ, স্কিৎজোফ্ৰেনিয়া ইত্যাদি (কবিৰ কবিতাৰ স্ব-কৃত বঙালী অনুবাদ সংকলন) [প্ৰথম প্ৰকাশ: জানুৱাৰী ১৯৯১ চন, অজিৎ বৰুৱা। ]
  3. ন্যায়-নিষ্ঠা (আলবে'ৰ ক্যেমুৰ Les Justes নাটৰ ফৰাচী মূলৰপৰা অনুবাদ) [প্ৰথম প্ৰকাশ: ১৯৯২ চন, অজিৎ বৰুৱা, পৰিৱেশক: বনলতা। ]
  4. গঁড় (প্ৰথম প্ৰকাশ : ১৯৯৩ চন, বাণী প্ৰকাশ। )
  5. প্লেগ (প্ৰথম প্ৰকাশ : গুৱাহাটী গ্ৰন্থমেলা, ১৯৯৪ চন; দ্বিতীয় প্ৰকাশ: ছেপ্টেম্বৰ ২০০৮ চন, ষ্টুডেণ্ট ষ্ট'ৰ্ছ। )
  6. মানুহৰ স্থিতি ( প্ৰথম প্ৰকাশ : ১৯৯৮ চন, জাৰ্ণাল এম্প'ৰিয়াম। )
  7. ছন মাটি (টি.এছ. এলিয়টৰ 'দ্য ৱেইষ্ট ল্যাণ্ড'ৰ অনুবাদ) [প্ৰথম প্ৰকাশ : অক্টোবৰ ১৯৯৮ চন, জাৰ্ণাল এম্প'ৰিয়াম। ]
  8. নিৰ্বাচিত ফৰাচী কবিতা (দ্বাদশ শতিকাৰপৰা বিংশ শতিকালৈ নিৰ্বাচিত ফৰাচী কবিতাৰ ফৰাচী মূলৰপৰা অনুবাদ) [প্ৰথম প্ৰকাশ: জানুৱাৰী ১৯৯৯ চন, শৰাইঘাট প্ৰকাশন। ]
  9. মপাছাঁৰ গল্প (গ্যী দু মপাছাঁৰ নিৰ্বাচিত চুটিগল্পৰ ফৰাচী মূলৰপৰা অনুবাদ) [প্ৰথম প্ৰকাশ : ডিচেম্বৰ ১৯৯৯ চন, শৰাইঘাট প্ৰকাশন। ]
  10. নিৰ্বাচিত আধুনিকতাবাদী আমেৰিকান কবিতা (প্ৰথম প্ৰকাশ : ফেব্ৰুৱাৰী ২০০২, ষ্টুডেণ্টছ ষ্ট'ৰ্ছ। )
  11. Poems of Nirmal Prabha Bardoloi (ড॰ নিৰ্মলপ্ৰভা বৰদলৈৰ অসমীয়া কবিতাৰ ইংৰাজী অনুবাদ সংকলন), [প্ৰথম প্ৰকাশ : ২০০৬ চন, সাহিত্য অকাডেমি]

আত্মজৈৱনিক ৰচনা[সম্পাদনা কৰক]

  1. স্মৃতিকথা ( প্ৰথম প্ৰকাশ:২০০৮ চন, বৃষ্টি প্ৰকাশন)

সম্পাদনা[সম্পাদনা কৰক]

  1. চান্দকুছীয়া বুজৰবৰুৱা বংশাৱলী, (প্ৰথম প্ৰকাশ: ২০০২ চন, অজিৎ বৰুৱা)

গীত-আবৃত্তিৰ কেছেট[সম্পাদনা কৰক]

  1. স্মৃতি বীণাৰ তাঁৰ (সুৰ : ব্ৰজেন বৰুৱা আৰু অজিৎ বৰুৱা, সংগীত : ৰমেন বৰুৱা; কণ্ঠ: পুলক বেনাৰ্জী, দ্বীপেন বৰুৱা, বনজ্যোৎস্না মহন্ত বৰুৱা, মনজ্যোৎস্না মহন্ত গোস্বামী আৰু বীণাপাণি ভূঞা), পল্লৱী এণ্টাৰপ্ৰাইজ; ১৯৮৯ চন।
  2. স্ব-কণ্ঠ, পাঠ আৰু সংগীত পৰিকল্পনা : অজিৎ বৰুৱা, প্ৰযোজনা : হীৰেন ভট্টাচাৰ্য, সংগীত : তৰুণ কলিতা, ১৯৯৫ চন।

অপ্ৰকাশিত[সম্পাদনা কৰক]

  1. হ্যাম্‌লেট (শ্বেইক্সপিয়েৰৰ নাটক 'হ্যাম্‌লেট'ৰ অনুবাদ। 'গৰীয়সী'ত ধাৰাবাহিকভাৱে প্ৰকাশিত)

বঁটা/সন্মান[সম্পাদনা কৰক]

অজিৎ বৰুৱাৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে বিভিন্ন অনুষ্ঠানে বিভিন্ন সময়ত তেখেতক সন্মান যাচি আহিছে। তাৰে ভিতৰত উল্লেখযোগ্য কেইটিমান হ'ল[6]:-

  • ১৯৮৮ চনত 'কিছুমান পদ্য আৰু গান'ৰ বাবে ভাৰতীয় ভাষা পৰিষদ প্ৰদত্ত ভাৰতীয় ভাষা পৰিষদ পুৰস্কাৰ,
  • ১৯৯১ চনত 'ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য'ৰ বাবে  সাহিত্য অকাডেমি প্ৰদত্ত অসমীয়া ভাষাত সাহিত্য অকাডেমি পুৰস্কাৰ,[3]
  • ১৯৯৩ চনত সাহিত্যৰ বিষয়ৰ বাবে অসম সাহিত্য সভা প্ৰদত্ত অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা,
  • ১৯৯৯ চনত জীৱনজোৰা সাহিত্য সাধনাৰ বাবে উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাস প্ৰদত্ত অসম উপত্যকা সাহিত্য বঁটা[4],
  • ২০০৭-০৯ চনত জীৱনজোৰা সাহিত্য সাধনাৰ বাবে অসম সাহিত্য সভা প্ৰদত্ত নিজৰা কবি শৈলধৰ ৰাজখোৱা স্মৃতি বঁটা[5],
  • ২০০২ চনত অনুবাদ সাহিত্যৰ বাবে অমূল্য কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী ন্যাস প্ৰদত্ত অমূল্য কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী বঁটা,
  • ২০১০ চনত জীৱনজোৰা কাব্য সাধনাৰ বাবে অসম চৰকাৰ প্ৰদত্ত গণেশ গগৈ বঁটা,
  • ২০১০ চনত জীৱনজোৰা সাহিত্য সাধনাৰ বাবে ৰমানাথ ভট্টাচাৰ্য ফাউণ্ডেচন, মুম্বাই প্ৰদত্ত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ।

মৃত্যু[সম্পাদনা কৰক]

২০১৫ চনৰ ১২ মাৰ্চত নিউম'নিয়া ৰোগৰ বাবে অজিৎ বৰুৱাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। এসপ্তাহৰ পিছত স্বাস্থ্যৰ কিছু উন্নতি হোৱাত তেওঁ ঘৰলৈ যায়। কিন্তু ২ এপ্ৰিলৰপৰা পুনৰ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ৩ এপ্ৰিলৰ নিশা গুৱাহাটীৰ যোৰপুখুৰীৰ নিজা বাসভৱনত তেওঁ দেহাৱসান ঘটে।[7]

অজিৎ বৰুৱাৰ জীৱন দৰ্শন আৰু অসমীয়া সাহিত্যত প্ৰভাৱ[সম্পাদনা কৰক]

অজিৎ বৰুৱাৰ হাতৰ আখৰ‍ৰ নমুনা (জেংৰাই কবিতা)

অজিৎ বৰুৱাৰ জীৱন দৰ্শন অত্যন্ত সৰল আছিল। তেওঁ নিজেই উল্লেখ কৰি গৈছে— ‘যি আইনসিদ্ধ, সি নৈতিকতাসিদ্ধও।'[8] সদাবিজ্ঞানমনস্ক লেখকজনাৰ ব্ৰহ্মাণ্ডৰ কোনো সৰ্বোচ্চ ঐশ্বৰিক শক্তিত বিশ্বাস আছিল নে নাছিল সেয়া স্পষ্টকৈ জনা নাযায়; কিন্তু জন্মান্তৰবাদত তেওঁৰ বিশ্বাস নাছিল।[8] অজিৎ বৰুৱাই কৈছিল— ‘‘সকলো লেখাই আত্মজীৱনীৰ অংশ। সাহিত্যৰ নৈৰ্ব্যক্তিকতা এটা বাগাড়ম্বৰ। ভাষাৰ বিষয়ে ভাষিক অৱধাৰণ। “[9] নিজৰ সৃষ্টি সম্বন্ধে তেওঁৰ আছিল ‘চিৰ-অসন্তুষ্টি! ’ ব’দলেৰৰ ভাষাৰে তেওঁ কৈছিল— ‘Sad Non Satiata’।[8] জীৱনৰ কীৰ্তিস্তম্ভ ‘ব্ৰহ্মপুত্ৰ’ কবিতাটো সম্পূৰ্ণ কৰিবলৈ তেওঁ ২৯টাকৈ বছৰ সাধনা কৰিছিল।  সৃষ্টিৰ স্থাপত্যসিদ্ধ শিল্পৰূপৰ বাবে সাধনাৰ বিকল্প নাই বুলিয়ে তেওঁ বিশ্বাস কৰিছিল। তেওঁৰ সাহিত্য-দশৰ্নত সেই সাধনাৰ অন্যতম মাৰ্গ আছিল অধ্যয়ন। অনুবাদ সম্বন্ধে স্বকীয় ধাৰণা পোষণ কৰিছিল অজিৎ বৰুৱাই। তেওঁৰ মতে লক্ষ্যভাষালৈ অনুবাদ হ’ব লাগিব সদায় মূল ভাষাৰপৰা— দ্বিতীয় বা তৃতীয় ভাষাৰ জৰিয়তে নহয়।[8] অভিধান, হাঁহিৰ গল্প, এলিয়টৰ কবিতা, ফৰাচী ভাষা আৰু সাহিত্যৰ অধ্য‍য়ন[10] সৰ্বাধুনিক মননৰ এই লেখকগৰাকীৰ সাহিত্য-দৰ্শনৰ বিশিষ্ট অংগ আছিল। অজিৎ বৰুৱাৰ অধ্যয়নৰ ব্যাপ্তি, বোধৰ সামুদায়িক দৃষ্টি, জগত আৰু জীৱনক বুজি উঠা আৰু তাক অতি ওখ খাপৰ শিল্পৰূপে স্থাপত্যসিদ্ধ কৰি তোলাৰ সাধনা অসমীয়া তথা ভাৰতীয় সাহিত্যত একক আৰু অনন্য।[2]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Litterateurs describe Ajit Barua as first modern Assamese poet : The Hindu". ২০১৬. https://www.thehindu.com/news/national/other-states/litterateurs-describe-ajit-barua-as-first-modern-assamese-poet/article8434457.ece। আহৰণ কৰা হৈছে: ১৮ মে, ২০২০. 
  2. 2.0 2.1 Kushal Dutta (৩ এপ্ৰিল, ২০২০). "AJI PUWA : All India Radio Guwahati". https://www.youtube.com/watch?v=O74AZPgXtgc&feature=youtu.be। আহৰণ কৰা হৈছে: ১৮ মে, ২০২০. 
  3. 3.0 3.1 3.2 সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া, লিখক: সমীন কলিতা (পৃষ্ঠা নং- ১৪৫)
  4. 4.0 4.1 4.2 4.3 সমীন কলিতা (২০০১). শতাধিক অসমীয়া সাহিত্যিক. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ্‌. পৃষ্ঠা. ৩৭৭-৩৮১. 
  5. 5.0 5.1 "জেংৰাইক অমৰ কৰি গুচি গ'ল কবি অজিৎ বৰুৱা". অসমীয়া প্ৰতিদিন. ৪ এপ্ৰিল ২০১৫. পৃষ্ঠা ১, ১৪. 
  6. 6.0 6.1 6.2 অজিৎ বৰুৱা (২০১৫). "অজিৎ বৰুৱা কবিতা সমগ্ৰ". In কুশল দত্ত. ISBN 978-93-81139-86-8. http://bhabanibooks.com/product/ajit-baruah-kabita-samagra/। আহৰণ কৰা হৈছে: ৩ মে', ২০২০. 
  7. "Sahitya Akademi award winning Assamese poet Ajit Barua dead". Business Standard. 3 এপ্ৰিল 2015. http://www.business-standard.com/article/pti-stories/sahitya-akademi-award-winning-assamese-poet-ajit-barua-dead-115040300858_1.html। আহৰণ কৰা হৈছে: 4 এপ্ৰিল 2015. 
  8. 8.0 8.1 8.2 8.3 কুশল দত্ত, ed (২০১৫). অজিৎ বৰুৱা কবিতা সমগ্ৰ. পৃষ্ঠা. ৫২৯-৫৫৩. ISBN 978-93-81139-86-8. http://bhabanibooks.com/product/ajit-baruah-kabita-samagra/। আহৰণ কৰা হৈছে: ২‍২ মে, ২০২০. 
  9. বৰুৱা, অজিৎ (১৯‍৯২). এখন প্ৰেমৰ উপন্যাস. কথা পাব্লিশ্বাৰ্জ. পৃষ্ঠা. পাতনি. 
  10. দত্ত, কুশল (২০‍০১). কথোপকথন (অজিৎ বৰুৱাৰে কুশল দত্তৰ সাক্ষাৎকাৰ). জিজ্ঞাস প্ৰকাশন. পৃষ্ঠা. ৫. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]