বাৰ্তা:অজিৎ বৰুৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিৰপে‌ক্ষতা[সম্পাদনা কৰক]

“জীৱন দৰ্শন আৰু অসমীয়া সাহিত্যত প্ৰভাৱ" অংশত টেগ্‌‌ লগোৱা হৈছে। — গীতাৰ্থ বৰদলৈ (talk) 19:14, 5 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

যিটো শিৰোনাম— ‘জীৱন দৰ্শন আৰু অসমীয়া সাহিত্যত প্ৰভাৱ’— সেই শিৰোনামটোৱে কি সূচায়নো? লেখক এগৰাকীৰ বা যিকোনো ব্যক্তি এগৰাকীৰ জীৱন আৰু জগত সম্বন্ধে যি দাৰ্শনিক ধ্যান ধাৰণা— সেয়াই নহয় জানো? যেতিয়া ব্যক্তিজন লেখক হয়— তেতিয়া জীৱন দৰ্শনৰ লগতে সাহিত্য-দৰ্শনৰ প্ৰসংগও অৱধাৰিতভাৱেই আহে৷ অজিৎ বৰুৱাৰ ক্ষেত্ৰতো সেয়াই দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে৷ তেওঁৰ জীৱন দৰ্শনৰ লগতে এই শিতানত তেওঁৰ সাহিত্য দৰ্শনৰো আভাস দিবলৈ প্ৰয়াস কৰা হৈছে৷ আৰু প্ৰতিটো প্ৰসংগই সম্পূৰ্ণ উদ্ধৃতিসহ— ইমানখিনি কৰাৰ পাছত এই অংশৰ নিৰপেক্ষতা সম্পৰ্কে সন্দেহৰ থল অহাত মই আচৰিত। অজিৎ বৰুৱা সম্বন্ধে চৰ্চা কৰা যিকোনো লোকেই অজিৎ বৰুৱাৰ জীৱন দৰ্শন বিষয়ে এই মন্তব্য আগবঢ়াব বুলি মই নিশ্চিত। প্ৰবন্ধটো‍ৰ নিৰপেক্ষতা সম্বন্ধে প্ৰশ্ন উদয় হ'লে প্ৰবন্ধটো‍ত সংলগ্ন উদ্ধৃতিবোৰ তন্ন তন্নকৈ অধ্যয়ন কৰিলে সেই সন্দেহ দূৰ হব বুলি মোৰ বিশ্বাস। ইয়াৰ পিছতো যদি নিৰপেক্ষতাক লৈ সন্দেহৰ থল থাকে তেনেহ'লে প্ৰবন্ধটো‍ৰ সালসলনি ঘটাই আমাৰ বোধগম্য হোৱাকৈ ঠিক কৰি দিবলৈ সদাশয় ব্যক্তিসকলক বিনম্ৰ অনুৰোধ জনালোঁ‍। @Gitartha.bordoloi: হিমানী ওজা ভূঞা (talk) 11:11, 6 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@হিমানী ওজা ভূঞা: অজিৎ বৰুৱাৰ জীৱন-দৰ্শন সম্পৰ্কে মোৰ সন্দেহ নাই, কিন্তু ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ এক নিৰপেক্ষ দৃষ্টিভংগীৰে লিখা হয়। সেইবাবেই প্ৰবন্ধৰ আৰম্ভণিৰ অংশটো অলপ সম্পাদনা কৰিলোঁ। এটা অংশত নিৰপেক্ষতাৰ জাননী লগোৱা মানেই যে প্ৰবন্ধটোক বেয়া আখ্যা দিছোঁ তেনে নহয়। এই বিষয় এতিয়া আলোচনাৰ বাবে মুকলি। ৱিকিপিডিয়ান হিচাপে কোনেও এই কথাটোত আচৰিত হোৱা/ক্ষুণ্ণ হোৱা/বেয়া পোৱা অনুচিত। মই আশা কৰোঁ অভিজ্ঞ সদস্যসকলে নিজৰ মতামত দি প্ৰয়োজনীয় সালসলনি কৰিব বা জাননীখন গুচাই দিব। ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 17:18, 6 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অজিৎ বৰুৱা পৃষ্ঠাটো নতুন ৰূপত সজাই তুলিবলৈ যাওঁতে ইংৰাজী ৱিকিপিডিয়াৰ পৰা ৰবীন্দ্ৰনাথ ঠাকুৰ, ছেক্সপিয়েৰ আৰু মহাত্মা গান্ধী - এই তিনিটা প্ৰবন্ধৰ আলমত লিখা গৈছিল। ভাষাৰ বাচনিৰ ক্ষেত্ৰত এইকেইটা প্ৰবন্ধত ব্যৱহৃত ভাষাৰ মাধুৰ্যক ধ্যানত ৰাখি অজিৎ বৰুৱাৰ প্ৰবন্ধটিতো অনুৰূপ মানক অসমীয়া ভাষাৰ প্ৰয়োগ কৰা হৈছিল। শেহতীয়া সাল-সলনিত সেই ভাষাক সৰল কৰি তুলিবলৈ যাওঁতে আগৰ তুলনাত তৰল ৰূপত প্ৰতিষ্ঠা কৰা যেন ভাব হয়। মানক অসমীয়া ভাষাৰ প্ৰয়োগে এটা প্ৰবন্ধৰ 'নিৰপেক্ষ দৃষ্টিভংগী'ক 'পক্ষপাতমূলক দৃষ্টিভংগী'লৈ পৰিৱৰ্তন নকৰে বুলিও মই ভাবো। আমাৰ বিশ্বাস আছিল যে ইংৰাজী ৱিকিপিডিয়াৰ সমপৰ্যা‍য়ৰ মানলৈ নিবলৈ হ'লে অসমীয়া ৱিকিপিডিয়াটো ভাষাৰ প্ৰয়োগত নিম্নতম মাধুৰ্যৰ ব্যৱহাৰ কাম্য ত‍থা অপৰিহাৰ্য। ৱিকিপিডিয়া সময়ৰ লগে লগে আগবাঢ়ি যায়। সময়ৰ লগত খোজ মিলাবলৈ এনেবোৰ দিশত মন কৰিবৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ ৱিকিপিডিয়ান,অভিজ্ঞ ৱিকিপিডিয়ান আৰু ৱিকিপিডিয়াৰ বিষয়ব‍বীয়াসকলক আহ্বান জনালো। অজিৎ বৰুৱাদেৱৰ প্ৰবন্ধটি পূৰ্বৰ পৰ্যা‍য়লৈ নিবৰ বাবে আপোনালোক সকলোৰে পৰামৰ্শ কামনা কৰাৰ লগতে সৰ্বসন্মতিক্ৰমে বিষয়টোৰ সমাধান হ'ব বুলি আশা কৰিলো। @Gitartha.bordoloi: @JyotiPN: @Ani ttbr: @Nayan j Nath: @দিব্য দত্ত: হিমানী ওজা ভূঞা (talk) 06:40, 7 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]