আধুনিকতাবাদ
![]() | এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
আধুনিকতাবাদ (ইংৰাজী: Modernism) হৈছে বিংশ শতিকাৰ প্ৰথম দশকৰ পৰা ষষ্ঠ দশকৰ সময়ছোৱাত পশ্চিমৰ শিল্প আৰু সাহিত্যত এক বিশিষ্ট ৰাজনৈতিক, সামাজিক আৰু বৌদ্ধিক পটভূমিত ঐতিহ্যৰ পৰা বিছিন্ন হৈ গঢ় লৈ উঠা এটা অন্তৰ্মুখী, ব্যক্তিনিষ্ঠ আন্দোলন৷ এই আন্দোলনে জীৱন সম্পৰ্কীয় কিছু মৌলিক প্ৰশ্ন আৰু সন্দেহ উত্থাপন কৰিছিল৷ ঊনবিংশ শতিকাৰ শেষৰফালে সাহিত্যত এটা ঐতিহ্য বিছিন্ন নতুন ধাৰাৰ আৰম্ভ হৈ বিংশ শতিকাত পূৰ্ণ বিকাশ ঘটিল৷ ভাৱ, বিষয়, ৰূপ, আবেদনৰ ঐতিহ্যনুগ সকলো ধাৰণা আৰু মূল্যৰ পৰা বিছিন্ন হৈ বিকশিত এই ধাৰাটো এটা সাহিত্য আন্দোলনত পৰিণত হ'ল আৰু ই পাছত আধুনিকতাবাদী ধাৰা হিচাপে পৰিগণিত হ'ল৷ ইউৰোপৰ পৰা এই ধাৰা সমাজবাদী ৰাষ্ট্ৰসমূহৰ বাহিৰে বিংশ শতিকাৰ সমগ্ৰ বিশ্বলৈ বিয়পি পৰিছিল৷
পটভূমি[সম্পাদনা কৰক]
ঊনবিংশ শতিকাটোক মানৱ সভ্যতাৰ ইতিহাসৰ এটা জলচ্ছেদ বুলিব পাৰি৷ আপেক্ষিছকতাবাদৰ জন্মদাতা এলবাৰ্ট আইনষ্টাইন, কোৱান্টাম সূত্ৰৰ প্ৰতিষ্ঠাতা মেক্স প্লেংক, পৰমাণু তত্ত্বৰ প্ৰতিষ্ঠাতা আৰ্নেষ্ট ৰাডাৰফ'ৰ্ডৰ আৱিষ্কাৰ আৰু বৈজ্ঞানিক চিন্তাই জীৱন আৰু জগতৰ প্ৰতি মানুহৰ দৃষ্টিভংগীক পৰিৱৰ্তন কৰে৷ চিগ্মণ্ড ফ্ৰয়েডৰ The Interpretation of Dreams-ৰ দৰে গ্ৰন্থত কৰা স্বপ্নতত্বৰ ব্যাখাই মানুহৰ পাপ-পূণ্য, উচিত-অনুচিত সম্পৰ্কীয় নৈতিক আৰু সামাজিক মূল্যবোধক আঘাত দিলে৷ চাৰ্লছ ডাৰউইনৰ ক্ৰমবিকাশ তত্ত্ব (Theory of Evolution)-ই জীৱ সৃষ্টিৰ ৰহস্যক ঐশ্বৰিক ধাৰণাৰ পৰা মুক্তি দিলে৷ কাৰ্ল মাৰ্ক্সৰ বস্তুবাদী দৰ্শনৰ ব্যাখাই ইশ্বৰৰ অস্তিত্বকেই নাকচ কৰিলে৷ ফ্ৰেডৰিখ নিৎসেই ইশ্বৰৰ মৃত্যু হৈছে বুলি ঘোষণা কৰিলে৷ অন্যহাতে, দুখন বিশ্বযুদ্ধ আৰু পুজিবাদী অৰ্থনীতিৰ সম্প্ৰসাৰণে বিশ্বক জোকাৰি গ'ল৷ অৰ্থাৎ বিজ্ঞান, প্ৰযুক্তি, যুক্তিবাদ, জীৱবিজ্ঞান, মনোবিজ্ঞান আদিৰ বিকাশে ৰোমান্টিক যুগৰ ধ্যান-ধাৰণা, বিশ্বাস, সংস্কাৰ-এই আটাইবোৰৰ সামৰণি ঘোষণা কৰিলে৷ এই যুগান্তকাৰী পৰিৱৰ্তনৰ দিশ আছিল দুটা: এহাতে দ্ৰুত নগৰীকৰণ, আনহাতে ব্যক্তিবমনৰ সংকুচিত ৰূপ, এহাতে নৱ নৱ বৈজ্ঞানিক আৱিষ্কাৰ, আনহাতে যুদ্ধৰ সৰ্বগ্ৰাসী ৰূপ, এহাতে প্ৰসাৰিত যোগযোগ ব্যৱস্থাৰ ফলত জনসংযোগ, আনহাতে মানুহৰ নিসংগতাবোধ৷ আধুনিক জীৱনে আনি দিয়া এনে হতাশা, অনিশ্চয়তা, অনিৰাপত্তাৰ ভেটিতে আধুনিকতাৰ জন্ম আৰু বিকাশ৷
সাহিত্যত আধুনিকতাবাদৰ বিকাশ[সম্পাদনা কৰক]
আধুনিকতাবাদৰ জন্ম হৈছিল চিত্ৰশিল্পৰ যোগেদি৷ চিত্ৰশিল্পৰ প্ৰতীতিবাদ, উত্তৰ প্ৰতীতিবাদ, অভিব্যক্তিবাদ, কিউবিকবাদ আদিৰ মাজেদি প্ৰকাশিত মানুহৰ মনোজগতৰ দ্বন্দ্ব, নৈৰাশ্য, অনুশাসনহীনতা, ব্যক্তিকেন্দ্ৰিকতা, অসহায়তা কেৱল চিত্ৰশিল্পৰ মাজতে সীমাবদ্ধ নাথাকি জ্ঞানৰ সকলো ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হ'ল৷ যাময়াতিনে (Yevgeny Zamyatin) লিখা On Literature, Revolution, Entropy, and Other Matters (১৯২৩)-ত আধুনিকতাবাদৰ বীজ ৰোমান্টিক আন্দোলনৰ ভেটিতেই প্ৰতিষ্ঠা হৈছিল বুলি বহুতে ক'ব খোজে৷
আধুনিক যুগৰ লক্ষণ সম্পৰ্কে আৰ্ভিং হৱে (Irving Howe) তিনিটা স্তৰ নিৰ্দেশ কৰিছে:
- প্ৰথম স্তৰ: ব্যক্তিৰ ব্যক্তিগত মনৰ স্ফীতি সাধন৷
- দ্বিতীয় স্তৰ: বৰ্হিজগতৰ পৰা অন্তৰ্জগতলৈ প্ৰৱেশ৷
- তৃতীয় স্তৰ: জীৱন আৰু কৰ্মৰ সাৰশূণ্যতাৰ স্তৰ৷
দৰাচলতে আধুনিকতাবাদ উল্লিখিত পটভূমিত জন্ম হোৱা বিভিন্ন মতবাদৰ সমষ্টি স্বৰূপ৷ আধুনিকতাবাদৰ সৈতে জডি়ত আন কিছুমান ধাৰণা বা মতবাদ হৈছে প্ৰকৃতিবাদ (Naturalism), প্ৰতীকবাদ (Symbolism), বাস্তৱবাদ (Realism), প্ৰতীতিবাদ (Impressionism), চিত্ৰকল্পবাদ (Imagism), অভিব্যক্তিবাদ (Expressionism), অধিবাস্তৱবাদ (Surrealism) আদি৷
১৯৩০ চনৰ ডিচেম্বৰৰ আশে-পাশে মানৱ প্ৰকৃতিৰ পৰিৱৰ্তন ঘটি আধুনকিতাবাদী আন্দোলনৰ সূচনা হোৱাৰ কথা ভাৰ্জিনিয়া উল্ফে (Virginia Woolf) ক'ব বিচাৰিছে৷ কিন্তু জোচেফ কনৰাড (Joseph Conrad)-ৰ Heart of Darkness-ৰ দৰে গ্ৰন্থত ১৯০২ চনতে আধুনিকতাবাদী দৃষ্টিভংগীৰ উপস্থিতি লক্ষ্যণীয়৷ এবচাৰ্ড নাটক (Absurd Theatre) আদি ইয়াৰ পূৰ্বতে আৰম্ভ হৈছিল৷ সাহিত্যত জেমচ্ জয়চ (James Joyce)-ৰ চেতনাস্ৰোত (Stream of Consciousness)-ৰ ধাৰণাটো আধুনিকতাবাদৰ সূচনাত এটা মাইলৰ খুঁটি৷ ইন্টিৰিয়ৰ মন'লগ (Interior Monologue) শৈলিত তেওঁ ইউলিছিছ (Ulysses, ১৯২২) খন লিখিছিল৷ যুদ্ধোত্তৰ যুগৰ হতাশা, অৱক্ষয় আৰু মোহভংগৰ শক্তিশালী উপস্থাপনেৰে লিখা টি এছ ইলিয়টৰ 'দ্য ৱেষ্টলেণ্ড' (The Wasteland)-ৰ দৰে কবিতাৰ জৰিয়তে আধুনিকতাবাদী কবিতাৰ সূচনা হয়৷ উইলিয়াম ফকনাৰ (William Faulkner), অ'নীল (Eugene O'Neil), জন ষ্টেইনবকে (John Steinbeck), বাৰ্টুল ব্ৰেখট (Bertolt Brecht), চেমুৱেল বেকেট (Samuel Backett) আদি এই যুগৰ প্ৰতিনিধি৷ বিশ্বসাহিত্যক ঢৌৱাই যোৱা এই আধুনিকতাবাদী আন্দোলন প্ৰতীতিবাদতেই আৰম্ভ হৈ অস্তিত্ববাদতে সামৰণি বুলিব পাৰি৷
হৱে (Irving Howe) আধুনিকতাবাদৰ কেইটামান লক্ষণ নিৰ্দেশ কৰিছে: (১) এক বিশেষ সম্প্ৰদায় হিচাপে আভা গাৰ্ডৰ বিকাশ, (২) বিশ্বাসৰ সংকট, (৩) সাহিত্যকৰ্মৰ আত্মপৰ্যাপ্তিৰ ওপৰত দিয়া গুৰুত্ব, (৪) নন্দনতাত্বিত ক শৃংখলত পৰিৱৰ্তন, (৫) সাহিত্যৰ পৰা প্ৰকৃতিৰ অপসাৰণ কৰাৰ পৰিচয়, (৬) আকস্মিকতা, অভিঘাত, উত্তেজনা, সন্ত্ৰাসৰ লগত মুখামুখি, (৭) আদিমতাৰ প্ৰতি আকৰ্ষণ, (৮) উপন্যাসত চৰিত্ৰ আৰু গঠনশৈলীক সম্পূৰ্ণ ঐতিহ্য বিছিন্ন কৰি তোলা, (৯) নৈৰাজ্যবাদ কেন্দ্ৰীয় শক্তিত পৰিণত হোৱাৰ লক্ষণ৷
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত আধুনিকতাবাদ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Ballard, J.G., on Modernism.
- Denzer, Anthony S., PhD, Masters of Modernism.
- Hoppé, E.O., photographer, Edwardian Modernists.
- Malady of Writing. Modernism you can dance to An online radio show that presents a humorous version of Modernism
- Modernism Lab @ Yale University
- Modernism/Modernity, official publication of the Modernist Studies Association
- Modernism vs. Postmodernism
- Pope Pius X's encyclical Pascendi, in which he defines Modernism as "the synthesis of all heresies".