আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড
Jump to navigation
Jump to search
আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড | |
---|---|
![]() আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড | |
জন্ম | ৩০ আগষ্ট, ১৮৭১ খ্ৰীষ্টাব্দ ব্ৰাইটৱাটাৰ, টাচমান জিলা, নিউজিলেণ্ড |
মৃত্যু | ১৯ অক্টোবৰ,১৯৩৭ খ্ৰীষ্টাব্দ কেমব্ৰিজ, ইংলেণ্ড |
বাসস্থান | New Zealand, United Kingdom |
নাগৰিকত্ব | New Zealand, United Kingdom |
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান |
কৰ্মস্থান | মেকগিল বিশ্ববিদ্যাকয় মানচেষ্টাৰ বিশ্ববিদ্যাকয় |
শিক্ষানুষ্ঠান | University of Canterbury কেমব্ৰিজ বিশ্ববিদ্যালয় |
জনা যায় | Father of nuclear physics Rutherford model Rutherford scattering Rutherford backscattering spectroscopy Discovery of proton Rutherford (unit) Coining the term 'artificial disintegration' |
প্ৰভাৱান্বিত কৰিছে | Henry Moseley Hans Geiger Albert Beaumont Wood |
উল্লেখনীয় বঁটা | Rumford Medal (1905) Nobel Prize in Chemistry (1908) Elliott Cresson Medal (1910) Matteucci Medal (1913) Copley Medal (1922) Franklin Medal (1924) |
স্বাক্ষৰ![]() |
আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড(৩০ আগষ্ট, ১৮৭১ খ্ৰীষ্টাব্দ-১৯ অক্টোবৰ,১৯৩৭ খ্ৰীষ্টাব্দ) নিউজিলেণ্ডত জন্ম গ্ৰহণ কৰা এজন প্ৰসিদ্ধ ব্ৰিটিছ পদাৰ্থবিদ। আণৱিক পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা মহত্বপূৰ্ণ অৱদানৰ বাবে তেওঁ বিখ্যাত। এনচাইক্লোপিডিয়া ব্ৰিটানিকাই তেওঁক মাইকেল ফেৰাডেৰ পিছতেই সৰ্বশ্ৰেষ্ঠ গৱেষক হিচাপে উল্লেখ কৰিছে।
প্ৰথম পৰ্যায়ত তেওঁ তেজষ্ক্ৰিয় পদাৰ্থসমূহৰ অৰ্ধ-জীৱন (half-life) কালৰ বিষয়ে আৱিষ্কাৰ কৰিছিল, যিয়ে তেজষ্ক্ৰিয় মৌলবোৰ বিকিৰণৰ দ্বাৰা এটাৰ পৰা কম ভৰৰ আন এটা মৌললৈ পৰিৱৰ্তিত হোৱাটো প্ৰমাণ কৰিলে। আৰু লগতে তেওঁ আলফা আৰু বিটা ৰশ্মি বিকিৰণকো পৃথক কৰি নামকৰণো কৰিছিল। কানাডাৰ মেকগিল বিশ্ববিদ্যালয়ত কৰা এই গৱেষণাৰ বাবে ১৯০৮ চনত তেওঁক ৰসায়নৰ ন'বেল বঁটা প্ৰদান কৰা হৈছিল।